মানৱতা বুটলিব আহিছোঁ (পংকজ কুমাৰ ৰয়)

পংকজ কুমাৰ ৰয়
 
আজি বহুদিনৰ মুৰত 
দোকমোকালিতে উঠিছো
হাতত সাৰে ভৰিত সাৰে
ধৰণীৰ পদুলিৰ ফালে
অতি সন্তৰ্পণে আগ বাঢ়িছোঁ…
মৰতৰ মানৱতা খিনি
শৰতৰ শেৱালিপাহৰ সৈতে
দুৱৰি দৰাৰ ওপৰত
নিয়ঁৰত জিপাল হৈ পৰিছে!
বহু দিনৰে পৰা মনত
অদম্য হেপাহ এটি পুহি ৰাখিছোঁ-
শৰতৰ সৰা শেৱালিপাহৰ সৈতে
গেলি-পচি নিশেষ হোৱাৰ আগেয়ে
মানৱতাখিনি বুটলি আনিম বুলি ভাবিছোঁ!!
একবিঙ্শ শতিকাৰ
প্ৰদূ্ষিত সমাজ ব্যৱস্থাত
সুৰাশিক্ত নিয়ৰকণাৰ সঙযোজনত
মানৱতাত ভেকুৰ লাগিছে
তথাপি
মানৱতাখিনি সাঁচি ৰাখিব খুজিছোঁ
সেয়ে,
উৱলি যোৱাৰ আগেয়ে
আজি দোকমোকালিতে
যথাসম্ভৱ মানৱতা বুটলিব আহিছোঁ…
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments