মানৱৰ জন্মস্বত্ব – মানৱ অধিকাৰ -( কৌস্তভমনি শইকীয়া দত্ত )

মানৱৰ জন্মস্বত্ব – মানৱ অধিকাৰ
-( কৌস্তভমনি শইকীয়া দত্ত )


দ্বিতীয় মহাযুদ্ধত কুখ্যাত নাজী বাহিনীৰ নৃশংসতাৰ বিভীষিকা দেখি বিশ্ববাসীয়ে অনুভৱ কৰিছিল, যুদ্ধই কিদৰে মানৱতাৰ স্খলন ঘটায়, কিদৰে বিশাল মাত্ৰাত উলংঘিত হয় মানৱ অধিকাৰ । এই অনুভৱে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ নেতৃত্বক ত্ৰাসিত কৰি তুলিলে । অদূৰ ভৱিষ্যতে যাতে তাৰ পুনৰাবৃত্তি নহয় তাৰবাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাধান সূত্ৰ বিচাৰি উলিওৱাৰ প্ৰয়োজন আহি পৰিল । সেয়ে ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই ‘বিশ্ব মানৱ অধিকাৰ ঘোষণাপত্ৰ‘ (Universal Declaration of Human Rights) সাক্ষৰিত কৰে । এই ঐতিহাসিক ঘটনাই ছটা দশক অতিক্ৰম কৰিলে । এই সময়ছোৱাত মানৱ অধিকাৰ আন্দোলন সমগ্ৰ বিশ্বজুৰি বিয়পি পৰিল । বিশ্বত আগ্ৰাসী ৰূপত দেখা দিয়া নিউক্লিয়েৰ আৰু আন অত্যাধুনিক মৰণাস্ত্ৰৰ ভাবুকি, সন্ত্ৰাসবাদ, শাসকীয় অত্যাচাৰ, প্ৰদূষণ, যুদ্ধ আদিৰ পৰা মানৱ সভ্যতাক ৰক্ষা কৰিবলৈ একমাত্ৰ আশাৰ বাৰ্ত্তাবাহকৰ ৰূপত এই মানৱ অধিকাৰ আন্দোলন অৱতীৰ্ণ হৈছে ।

আচলতে মানৱ অধিকাৰক কোনো ৰাষ্ট্ৰীয় আইনত সীমাবদ্ধ কৰিব নোৱাৰি । কিয়নো মানৱ অধিকাৰ সাৰ্বজনীন, ই কোনো দেশৰ নাগৰিকত্ব, বৰ্ণ, ধৰ্মৰে সীমাবদ্ধ নহয় । ১৯৪৮ৰ ‘Universal Declaration of Human Right’-ৰ পাছত সৰ্বসন্মতভাৱে মানৱ অধিকাৰক আন্তঃৰাষ্ট্ৰীয় আইনৰ বিষয় বুলি পৰিগণিত হয় । শাসকযন্ত্ৰ হিচাপে মানৱ অধিকাৰক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিয়ন্ত্ৰণ কৰাত ৰাষ্ট্ৰসংঘ বহু পৰিমাণে সফল হৈছে ।

মানৱ অধিকাৰ হৈছে সেই অধিকাৰ যাক আমি কেৱল মানৱ হৈ জন্ম হোৱা সূত্ৰেই লাভ কৰিব পাৰো । মানৱ সমাজত এই অধিকাৰসমূহ মৌলিক আৰু অপৰিহাৰ্য । মানৱ অধিকাৰ প্ৰতিজন মানুহে নাগৰিকত্ব, জাতি, ধৰ্ম, বৰ্ণ আৰু লিংগ নিৰ্বিশেষে সমভাৱে লাভ কৰে । মানুহৰ শাৰীৰিক, মানসিক, বৌদ্ধিক উন্নতি সাধি মেধা, বুদ্ধি আৰু বিবেকৰ পূৰ্ণ বিকাশৰ বাবে মানৱ অধিকাৰ অক্ষুণ্ণ থকাৰ অতীৱ প্ৰয়োজন । মৌলিক অধিকাৰ হোৱা হেতুকে মানৱ অধিকাৰক কোনো দেশৰ কোনো আইনে খৰ্ব কৰিব নোৱাৰে । কাৰণ এই অধিকাৰক আন্তঃৰাষ্ট্ৰীয় নীতি অনুসৰি সকলো দেশে নিজ নিজ সংবিধানৰ (সৰ্বোচ্চ আইন ) দ্বাৰা ৰক্ষণাবেক্ষণ দিবলৈ বাধ্য ।

ভাৰতবৰ্ষত মানৱ অধিকাৰক মৌলিক অধিকাৰ ৰূপে গণ্য কৰি ভাৰতীয় সংবিধানৰ ৩য় ভাগত সন্নিবিষ্ট কৰা হৈছে । তদুপৰি মানৱ অধিকাৰৰ অভিযোগসমূহ প্ৰত্যক্ষভাৱে সমাধান কৰিবলৈ প্ৰণয়ন কৰা আইনখন হৈছে ‘Protection of Human Rights Act, 1993‘ । এই আইন অনুসৰি মানৱ অধিকাৰ হৈছে জীৱন, স্বাধীনতা, সমতা আৰু মৰ্যাদাৰ অধিকাৰ, যি সমূহ সংবিধানপ্ৰদত্ত বা আন্তঃৰাষ্ট্ৰীয় চুক্তিত সাক্ষৰিত আৰু যাক ভাৰতীয় আদালতৰ দ্বাৰা কাৰ্যকৰী কৰিব পাৰি । ভাৰতীয় আদালতৰ বিচাৰযোগ্য মানৱ অধিকাৰসমূহক তিনিভাগত বিভক্ত কৰিব পাৰি –

১. তালিকাভূক্ত মৌলিক অধিকাৰ- এই মানৱ অধিকাৰসমূহ আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ দ্বাৰা অন্তৰ্ভূক্ত আৰু ভাৰতীয় সংবিধানৰ ৩য় ভাগত সন্নিবিষ্ট ।
২. অন্যান্য মৌলিক অধিকাৰ- এই মানৱ অধিকাৰসমূহ আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ দ্বাৰা অন্তৰ্ভূক্ত আৰু ভাৰতীয় সংবিধানৰ ৩য় ভাগত সন্নিবিষ্ট নহ’লেও ভাৰতীয় আদালতে এই সমূহক মৌলিক অধিকাৰৰ মৰ্য্যদাই প্ৰদান কৰিছে । উদাহৰণস্বৰূপে ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ, বিদেশ ভ্ৰমণৰ অধিকাৰ, ক্ষতিপূৰণৰ অধিকাৰ ইত্যাদি ।
৩. তালিকা বহিৰ্ভূত অধিকাৰ- এই মানৱ অধিকাৰসমূহ আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ দ্বাৰা অন্তৰ্ভূক্ত যদিও ভাৰতীয় সংবিধানৰ ৩য় ভাগত সন্নিবিষ্ট নহয় আৰু এই পৰ্য্যন্ত ভাৰতীয় আদালতেও এনে অধিকাৰক মৌলিক অধিকাৰৰ মৰ্যাদা দিয়া নাই । কিন্তু ভৱিষ্যতে মানৱতাৰ দাবীত এনে মানৱ অধিকাৰেও মৌলিক অধিকাৰৰ মৰ্যাদা পোৱাৰ সম্ভাৱনা নথকা নহয় ।

উল্লেখযোগ্য যে কোনো এটা অধিকাৰ মানৱ অধিকাৰ ৰূপে স্বীকৃত হবলৈ ই ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই (General Assembly ) ১৯৬৬চনৰ ১৬ ডিচেম্বৰত সম্পন্ন কৰা ‘International Covenant on Civil and Political Rights’ আৰু ‘ International Covenants on Economic, Social and Cultural Rights’ ৰ দ্বাৰা স্বীকৃত অধিকাৰসমূহৰ ভিতৰত পৰিবই লাগিব ।

‘মানৱ অধিকাৰ আইন, ১৯৯৩’-ৰ অধীনত ভাৰতত মানৱ অধিকাৰৰ সুৰক্ষাৰ বাবে আৰু ইয়াৰ অভিযোগৰ নিষ্পত্তিৰ বাবে ‘ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ’, ‘ৰাজ্যিক মানৱ অধিকাৰ আয়োগ’ আৰু ‘মানৱ অধিকাৰ আদালত’সমূহ গঠন কৰা হৈছে । মানৱ অধিকাৰ লংঘন হোৱা ব্যক্তিয়ে নিজে বা তেওঁৰ হৈ আনে আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰে । এই ক্ষেত্ৰত কোনো কৰ্ট মাচুল বা ষ্টাম্পৰ প্ৰয়োজন নহয় । উকীল বন্দোৱস্ত কৰাৰো কোনো প্ৰয়োজন নাথাকে । অৱশ্যে আৱেদনকাৰীয়ে ইচ্ছা কৰিলে উকীলৰ সহায় লোৱাত কোনো বাধা নাই । টেলিগ্ৰাফিক বা ফেক্স যোগে প্ৰেৰণ কৰা অভিযোগো গুৰুত্ব অনুসৰি গ্ৰহণযোগ্য হয় । অনুসন্ধানৰ সময়ত অনুসন্ধানকাৰী বিষয়া বা সংস্থাক চিভিল কৰ্টৰ ক্ষমতা প্ৰদান কৰা হয় । অনুসন্ধানৰ পাছত যদি চৰকাৰী চাকৰীয়ালৰ দ্বাৰা মানৱ অধিকাৰ ভংগ বা মানৱ অধিকাৰ ৰক্ষাত অৱহেলা প্ৰমাণিত হয়, তেন্তে আয়োগে চৰকাৰ বা উপযুক্ত মহলক তেওঁৰ বিপক্ষে গোচৰ ৰজু কৰিবলৈ বা আন শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দ্দেশ দিব পাৰে । অনুসন্ধানত মানৱ অধিকাৰ খৰ্ব হোৱা পৰিলক্ষিত হলে আয়োগে উচ্চ বা উচ্চতম ন্যায়ালয়ত লেখ (Writ) আৱেদনো জনাব পাৰে ।

বৰ্তমান অসমত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (MASS), Regional Human Rights Organization (RHRO)-ৰ দৰে সংগঠন মানৱ অধিকাৰ ৰক্ষাৰ বাবে তত্পৰ হোৱা দেখা গৈছে । পুলিচৰ জিম্মাত হোৱা মৃত্যু আৰু অত্যাচাৰ, যৌতুকজনিত মৃত্যু, চৰকাৰী চিকিত্সালয়ত অৱহেলা, পৰিৱেশ প্ৰদূষণ, অনিয়মিত পানী যোগান, অপহৰণ, সাংবাদিকৰ ওপৰত পুলিচী অত্যাচাৰ, সামৰিক বাহিনীৰ দ্বাৰা মানৱ অধিকাৰ খৰ্বৰ অনেক অভিযোগ আয়োগে লাভ কৰিছে ।

মানৱ অধিকাৰ ৰক্ষাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথা হৈছে জনসাধাৰণক নিজ মৌলিক অধিকাৰ আৰু তাৰ সুৰক্ষা ব্যৱস্থা সম্পৰ্কে শিক্ষিত আৰু সজাগ কৰি তোলাটো । অন্যথা প্ৰৱৰ্তিত আইন সমূহৰ সুপ্ৰয়োগ সম্ভৱপৰ নহ’ব তথা বিশ্বজুৰি বিয়পি পৰা মানৱ অধিকাৰ আন্দোলনৰ সু-প্ৰভাৱেও আমাৰ সামাজিক আৰু ৰাজনৈতিক বাতাৱৰণ বিশুদ্ধ কৰাত ব্যৰ্থ হ’ব ।

–**–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments