মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৰ্মৰাজিত এভূমুকি (মৃণালজ্যোতি গোস্বামী)

জ্ঞানপীঠ বঁটাৰে সন্মনিত মামণি ৰয়ছম গোস্বামী অসমীয়া সাহিত্যৰ জগতত এক উজ্বল নক্ষত্ৰ৷ অৱশ্যে তেখেতৰ পিতৃ প্ৰদত্ত নাম আছিল ইন্দিৰা গোস্বামী৷ কামৰূপৰ আমৰঙা সত্ৰৰ সত্ৰাধিকাৰ পৰিয়ালৰ সদস্য উমাকান্ত গোস্বামীৰ দ্বিতীয় পত্নী অম্বিকা দেৱীৰ গভৰ্ত ১৯৪২ চনৰ ১৪ নৱেম্বৰ তাৰিখে ইন্দিৰা গোস্বামীৰ জন্ম ৷ ইন্দিৰা গোস্বামীৰ পিতৃও আছিল এগৰাকী সফল শিক্ষাবিদ৷ উল্লেখযোগ্য যে তেখেত চিলেটৰ ‘মুৰাৰী চান্দ কলেজ’ৰ লগতে অসমৰ ঐতিহ্যমণ্ডিত ‘কটন কলেজ’ত (১৯৩২ চনৰ পৰা) অথৰ্নীতি বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ পৰৱৰ্তী সময়ত, ১৯৫০ চনত তেখেত অবিভক্ত অসমৰ শিক্ষাধিকাৰ ৰূপেও নিযুক্ত হৈছিল৷ জৱাহৰলাল নেহৰুৰ জন্ম দিনটোতে ইন্দিৰা গোস্বামীৰ জন্ম হোৱাত পিতৃয়ে এই নাম প্ৰদান কৰিছিল আৰু মাতৃয়ে চেনেহেৰে ‘মামণি’ বুলি মাতিছিল৷ তেখেতৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল গুৱাহাটীৰ ‘লতাশিল প্ৰাথমিক বিদ্যালয়’ত৷ ১৯৫০ চনত পিতৃ অবিভক্ত অসমৰ শিক্ষাধিকাৰ হিচাপে নিযুক্ত হোৱাত তেখেতসকল শ্বিলঙলৈ যায় আৰু তাৰে ‘পাইন মাউণ্ট স্কুল’ত নামভৰ্তি কৰিছিল৷ ১৯৫৪ চনত তেখেতলোক পুনৰ গুৱাহাটীলৈ ঘূৰি আহে আৰু মামণি গোস্বামীক ‘তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়’ত নামভৰ্তি কৰাই দিয়া হয়৷ এইখন বিদ্যালয়ৰ পৰা ১৯৫৬ চনত মেট্ৰিকুলেশ্বন পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গুৱাহাটীৰে ‘সন্দিকৈ ছোৱালী মহাবিদ্যালয়’ত নামভৰ্তি কৰে৷ অৱশ্যে পৰৱৰ্তী সময়ত ‘কটন মহাবিদ্যালয়’ৰ পৰাহে তেখেত স্নাতক উপাধি লাভ কৰে৷ মহাবিদ্যালয়ত পঢ়ি থকা কালছোৱাতে তেখেতৰ সৃষ্টিশীল মনটো জাগ্ৰত হৈছিল৷ সেই সময়ছোৱাত তেখেতৰ ‘বন হংসিনী’ নামৰ অনাতাঁৰ নাটখন আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে সম্প্ৰচাৰ হৈছিল৷
১৯৫৫ চনৰ পৰা ১৯৬০ চনৰ সময়ছোৱা আছিল মামণি গোস্বামীৰ দুৰ্যোগৰ কাল৷ ১৯৫৫ চনত তেখেতৰ পিতৃ ককৰ্ট ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু মুখত পৰে৷ ১৯৬০ চনত তেখেতৰ প্ৰিয় খুৰাক চন্দ্ৰকান্ত গোস্বামীৰো আকস্মিক বিয়োগ ঘটে৷ এনে বিভিন্ন ঘটনাৰ বাবে অতি সংবেদনশীল তেখেতৰ মনত বাহ লালে নিঃসংগতাবোধে৷ আনকি এই নিঃসংগতাবোধ ইমানে তীব্ৰ হৈ পৰিছিল যে তেখেত আত্মহত্যা কৰিবলৈকো আগবাঢ়িছিল আৰু তাৰ ফলত সম্ভাব্য মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভতি আহিছিল৷ এনে ঘটনাৰ বাবে সমাজত তেখেত সমালোচনাৰ পাত্ৰীও হ’ল৷ সেই দুযোগপূৰ্ণ সময়ছোৱাতে ১৯৬৫ চনত দাক্ষিণাত্যৰ পৰা অসমলৈ অহা তৰুণ অভিযন্তা মাধবেন ৰয়ছম আয়েংগাৰৰ লগত তেখেত বিবাহপাশত আবদ্ধ হয়৷ বিবাহৰ এবছৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ পৰা তেখেত স্নাতকোত্তৰ উপাধি লাভ কৰিছিল৷ বিয়াৰ এবছৰ পাছতে তেখেতৰ জীৱনলৈ আৰু এটা গভীৰ সংকট নামি আহে৷ ১৯৬৭ চনত স্বামী মাধবেন কাশ্মীৰৰ চুইনা একোৱেডাক্টৰ মেনেজাৰ ৰূপে নিয়োজিত হৈ থকা অৱস্থাত উধামপুৰলৈ যাওঁতে মটৰ দুঘৰ্টনাত মৃত্যুক সাবটি লয়৷ স্বামীৰ মৃত্যুৰ পিছত তেখেত অসমলৈ ঘূৰি আহে আৰু গোৱালপাৰাৰ ‘সৈনিক স্কুল’ত শিক্ষক হিচাপে যোগদান কৰে৷ অৱশ্যে বৰ বেছিদিন তেখেত সেই স্কুলত থাকিব নোৱাৰিলে৷ তাৰ পৰা ওলাই আহি ‘তুলসী দাসৰ ৰাম চৰিত মানস আৰু মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ : এটি তুলনামূলক অধ্যয়ন’ শীষৰ্ক বিষয়টি লৈ অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰু তত্ত্বাৱধানত গৱেষণা আৰম্ভ কৰে৷ গৱেষণাৰ কামতে ১৯৬৯ চনত তেখেত বৃন্দাবনলৈ যাত্ৰা কৰিছিল৷ গৱেষণা কৰি থকা কালছোৱাতে, ১৯৭১ চনত তেখেত ‘দিল্লী বিশ্ববিদ্যালয়’ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অসমীয়া বিষয়ৰ অধ্যাপিকা হিচাপে নিযুক্ত হয়৷ ১৯৭৩ চনত তেখেত কৰা গৱেষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে তেখেতক ডক্টৰেট উপাধি প্ৰদান কৰে৷ পৰৱৰ্তী সময়ছোৱাত তেখেত সাহিত্য সংস্কৃতি আৰু বিদ্যায়তনিক বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈ সাফল্য লাভ কৰিছিল আৰু সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিছিল৷ এই গৰাকী কথাশিল্পীয়ে ৭০ বছৰ বয়সত ২০১১ চনৰ ২৯ নৱেম্বৰ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে৷
মামণি ৰয়ছম গোস্বামীয়ে সাহিত্যৰ বিভিন্ন দিশত তেখেতৰ সৃজনী প্ৰতিভাৰ স্বাক্ষৰ ৰাখি হৈ গৈছে৷ তেখেতৰ সাহিত্যকমৰ্সমূহ তলত দিয়া ধৰণে বিভাজিত কৰি উল্লেখ কৰিব পাৰি-
গল্প সংকলন : চিনাকি মৰম, কইনা, হৃদয় এক নদীৰ নাম, মামণি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প, নিৰ্বাচিত গল্প
উপন্যাস : চেনাবৰ সোঁত, নীলকণ্ঠী ব্ৰজ, অহিৰণ, মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস; সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি (এই গ্ৰন্থত এটা গল্প ‘সংস্কাৰ’ আৰু দুখন উপন্যাস— ‘উদয়ভানুৰ চৰিত্ৰ’ আৰু ‘সাপৰ চালৰ জোতা’ সন্নিৱিষ্ট হৈছে); দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ (আত্মজীৱনীমূলক উপন্যাস), ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি (এই গ্ৰন্থত দুটি গল্প দুখন ৰচনা আৰু ইউৰোপ ভ্ৰমণৰ ভেটিত ৰচনা কৰা ‘জখমী যাত্ৰী’ নামৰ উপন্যাসখন সন্নিৱিষ্ট কৰা হৈছে), তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দাশৰথীৰ পুত্ৰৰ খোজ, থেং ফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল, উপন্যাস সমগ্ৰ (তেৰখন উপন্যাসৰ সংগ্ৰহ)৷
গৱেষণামূলক কৃতি : Ramayana from Gonga to Brahmaputra, Ravana in Kandali’s Assamese Ramayana and Tulsi’s Ramcharitra Manas, Comparative Study of the Characters of Ravana and Sita, Bani Kanta Kakati, History of Assamese literature since 1947, Assamese Metres, Assamese Drama, Ramabhakti in Sankardeva, Ankia Nats of Assam, Birendra Kumar Bhattacharya’s novel Mritunjoy.
অনুবাদ কৰ্ম : মুন্সী প্ৰেমচান্দৰ চুটি গল্প, আধা ঘণটা সময় (মালয়ালম উপন্যাস ‘আৰান জল্লিকা নেৰাম’ৰ অসমীয়া অনুবাদ), কলম (হিন্দী, উৰ্দু, পাঞ্জাবী, বাংলা, কাৰ্বি গল্পৰ সংকলন). শৰীষৰূপৰ কথা (শ্ৰীজী টাজিয়া আৰু কেঙুৰ জাপানী গল্পৰ অসমীয়া অনুবাদ), জাতক কথা, আহ্নিক৷
মামণি ৰয়ছম গোস্বামীৰ কেইবাখনো উপন্যাসৰ আধাৰত চলচিত্ৰ তথা কেইবাখনো ধাৰাবাহিক নিৰ্মাণ হোৱাৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বঁটাও লাভ কৰিছে৷ ‘দিল্লী বিশ্ববিদ্যালয়’ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা হিচাপে কমৰ্ৰত ইন্দিৰা গোস্বামীয়ে ভালে সংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কমৰ্শালাত যোগদান কৰাৰ লগতে গৱেষণা পত্ৰ পাঠ কৰিছিল৷ তেখেত মূলতঃ ৰামায়ণী সাহিত্য সম্পৰ্কে গভীৰভাৱে অধ্যয়ন কৰিছিল৷ মামণি ৰয়ছম গোস্বামী ৰাজহুৱা জীৱনতো এগৰাকী সক্ৰিয় ব্যক্তি আছিল৷ বিভিন্ন শৈক্ষিক, সামাজিক, সাহিত্য-সংস্কৃতিৰ লগত জড়িত অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে তেখেতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল৷ আনকি অসমৰ সন্ত্ৰাসবাদী সমস্যাৰ সমাধানৰ বাবেও তেখেত বিশেষভাৱে যত্নপৰ হৈছিল৷
মামণি ৰয়ছম গোস্বামীয়ে তেখেতৰ সাহ্যিত কৃতিৰ বাবে বিভিন্ন সময়ত বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল৷ তাৰে ভিতৰত উল্লেখযোগ্য কেইটিমান হ’ল- ১৯৮৩ চনত ‘মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস’ৰ বাবে সাহিত্য অকাডেমি বঁটা, ১৯৮৮ চনত অসম সাহিত্য সভাৰ পৰা লাভ কৰা ‘বাসন্তী দেৱী সাহিত্য বঁটা’, ১৯৮৯ চনত ‘ভাৰত নিৰ্মাণ বঁটা’, ১৯৯৩ চনত ‘কথা’ পুৰস্কাৰ লাভ, ১৯৯৬ চনত ‘কমল কুমাৰী ফাউণ্ডেচন বঁটা’, ২০০১ চনত ভাৰতীয় সাহিত্যক্ষেত্ৰৰ শ্ৰেষ্ঠতম সন্মান ‘জ্ঞানপীঠ’ বঁটা লাভ কৰে৷ ২০০২ চনত ভাৰত চৰকাৰে তেখেতক ‘পদ্মশ্ৰী’ সন্মান আগবঢাইছিল যদিও ব্যক্তিগত কাৰণত তেখেত সেয়া গ্ৰহণ নকৰিলে৷ ২০০২ চনত তেখেতক ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ে ‘ডিলিট’ উপাধি প্ৰদান কৰে৷ একে বছৰতে অসমৰ আহোম ক’ৰ্টে তেখেতলৈ ‘মহীয়সী জয়মতী বঁটা’ আগবঢ়ায়৷ ২০০৬ চনত দক্ষিণ কোৰিয়াৰ ‘চিউলস্থিত ইণ্টাৰ ৰেলিজিয়াছ এণ্ড ইণ্টাৰনেচনেল ফেডাৰেশ্বন অৱ ৱল্ডৰ্ পিচে’ তেখেতক ‘Ambassador for Peore’ বঁটাৰে সন্মানিত কৰিছিল৷ ২০০৮ চনত ফৰাচী চৰকাৰে তেখেতলৈ Principal Prince Claus Award সন্মান আগবঢ়ায়৷ ২০০৯ চনত তেখেত ‘অশোক মোডী স্মৃতি সমাজ সেৱা’ বঁটাৰ দ্বাৰা সন্মানিত হয়৷ ২০০৯ চনত দিল্লী বিশ্ববিদ্যালয়ে তেখেতক ‘প্ৰফেচাৰ এমেৰিটাছ’ৰ খিতাপ প্ৰদান কৰিছিল৷ এনেদৰে বিভিন্ন বঁটা-বাহনেৰেও মামণি ৰয়ছম গোস্বামী বিভিন্ন সময়ত সান্মনিত হৈছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments