মামাথেৰ গাঁওত চুৰৰ বিলে (মিতালী বর্মন)

মামাথেৰ গাঁওত চুৰৰ বিলে
(সম্পূর্ণ নলবৰীয়া ঠাঁচত লিখা এটি কবিতা)
মিতালী বর্মন

মাইৰ মুখত এনাহান
কথা কিছুমান শুনোঁ,
শুনি প’ইহ্লে আমিকেটাই
ভেবকা লাগি থাকোঁ ।

মামাথেৰ গাঁওত বুলে একবাৰ
ৰাজৈহা পালনাম হ’ল,
পালনামত গাজি খাবা পাম বুলি
তিৰি-ছ’লিও মাইল্লাক লৰ ।

নামত উঠিল বিলেইনা
গাজি বিলে আছে,
তাৰে মাজৰ দুটাই দুখুন
পিৰিক-পাৰাককে আছে ।

নামৰ দুইপাচি গুৰাল্লাৰু চুৰ কৰি
তাহুন ক’ইল্লাক কি,
ভাখৰিৰ কাইন্ধাত লুকে থলাক
কলপাতেদি আঁৰাল দি ।

কুম্বা তৰকত ভাখৰিৰ কাইন্ধাইদি
নামৰ চাইট্টামান ভকতো গেল,
বাচাহাঁতৰ দিন বয়া আছিল
ধৰাত পৰি সেন্থোৰ সেহা-বেহা লাগি গেল ।

ৰাইজ মাতি বিচাৰ হ’ল দোউৰে
কুইনো মাৰা-ধৰা নকৰে,
সৈইত কাৰবা লাগবো তাহুন যাই
মানহৰ ঘৰে ঘৰে ।

ইতা কি কৰবো বাচাহাঁতে
তাহাৰো উপাই নাই,
চুৰৰ লাড়ু ভাৰ বান্ধি লৈ
দোউ গাঁও ফুৰবা যায় ।

চুৰৰ লাড়ু ভাগালাক
গটাই গাঁওতে ঘূৰি,
ঘৰে ঘৰে যাই সৈইত কাল্লাক
তাহুনে চুৰ কৰা বুলি ।

“আমি দোউ লোভত পৰি
নামৰ লাড়ু চুৰ ক’ইচ্চু,
দায়-দোষ নধৰিবা আৰ
এনা কাম নকৰু কিত্তেও কিৰা কাৰি কৈছু ।”

এই হল চুৰৰ বিলে
মাই আমাক ক’লাক,
হাঁহি হাঁহি আমাৰো
চুকৰ পানী অল্লাক ।

(শব্দার্থ : বিলে>বিলৈ, এনাহান>এনেধৰণৰ, প’ইহ্লে>পহিলে/প্রথমে, ভেবকা লাগি থাকোঁ>ভেবেকা লাগি থাকোঁ, ৰাজৈহা>ৰাজহুৱা, গাজি>মাহ-প্রসাদ, মাইল্লাক>মাৰিলে, বিলেইনা>বিলনি, দুখুন>দেখোন, গুৰাল্লাৰু>ভজা পিঠাগুড়িৰ লাড়ু, ক’ইল্লাক>কৰিলে, ভাখৰি> ভঁৰাল, কাইন্ধাত>কাষত, আঁৰাল দি থলাক>ঢাকি থলে, চাইট্টামান>চাৰিজনমান, সেন্থোৰ>সিহঁতৰ, কুইনো>কোনো, তাহুন>সিহঁত, মানহৰ>মানুহৰ, দোউ>দুয়ো, গটাই>গোটেই, সৈইত কাল্লাক>সইত কাঢ়িলে, ক’ইচ্চু>কৰিছোঁ, কিত্তেও>কেতিয়াও, কিৰা কাৰি কৈছু> শপত খাই কৈছোঁ, অল্লাক>ওলাল

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক