মামাথেৰ গাঁওত চুৰৰ বিলে (২) (সম্পূর্ণ নলবৰীয়া ঠাঁচত লিখা) (মিতালী বৰ্মন)

মামাথেৰ গাঁওত চুৰৰ বিলে (২)

(সম্পূর্ণ নলবৰীয়া ঠাঁচত লিখা)মিতালী বৰ্মন

লাৰু চুৰৰ কথা শুনি আৰু আকদিন মাইক ধোইল্লু টানি ৷

আৰু এটা ক’চুন মা, মামাথেৰ গাঁউৰ চুৰৰ কাহিনী ৷৷

মাই ক’লাক শুন তেইতাহ’লি আৰু এটা কাহিনী ৷

আমাৰ গাঁউৰ চুৰৰ কাহিনী এটাতকে এটা জমেনী ৷৷

মামাথেৰ গাঁউত নামঘৰৰ কাইন্ধ্যাত আছিল এটা ৰাজৈহা পুখৰী ৷

এনাই পুখৰীৰ মাছ কায়ো নাখোই বিহুদ্দিনা খাই মিলিজুলি ৷৷

হ’লিও বুলে নামঘৰৰ কান্ধ্যাৰ কুমবা মানহে ৷

ৰাতি হ’লি পুখৰীটুত জাল মাৰা শুনে ৷৷

কিহে বা ৰাতি মাছ মাৰে, ইতাহে লাগিল লেঠা ৷

গাউৰ পুখৰীত ঘৰাপাক অলচি বুলি মানহে কৰে গুণা-গাঁথা ৷৷

মানহুগিলাইও কি কৰবোঁ আৰ ঘৰাপাকৰ ভয়তে ৷

কাইণ সাঁজতে ভাত খাই কানি-কাঁথা লৈ ঘুমে থাকে ৷৷

গাঁউতে আছিল চাইট্টামান মহা ধুৰন্ধৰ ছ’লি ৷

আকদিন ৰাতি চুপ পাইতলাক ঘৰাপাক চাম বুলি ৷৷

অলপ পাচোত আহিল ঘৰাপাক কান্ধোত জাল লৈ ৷

এহুন তাৰ পিচ ধ’ইল্লাক হাতত দা লৈ ৷৷

ই…য়া…ই… বধ্ধুইছু ! ঘৰাপাকে দুখুন জালখান থৈ বিড়ি টাইনবা ধোচ্ছি ৷

ঘৰাপাকেও জানে নিকি বিড়িৰ টেষ্ট, আক্কাবাৰে বান্দাৰ বিড়িত ধোচ্ছি ৷৷

যেই ঘৰাপাকে মাইল্লাক জাল এন্থে ধোল্লাক তাক গবৰা মাৰি ৷

ল’ৰবা নৰাকে ঘৰাপাকক বাইন্ধলাক পাঘাইদি পেৰি পেৰি ৷৷

গটাই ৰাতি তাতে পৰ্দ্দিলাক ৰাতিও পহৰ হ’ল ৷

পুৱা ছ’লিকেটাৰ ঘৰাপাকক দেখি মুখৰ মাত নল’ হ’ল ৷৷

ৰাইজো আহিল বিচাৰো হ’ল এই ঘৰাপাক আৰ কুনো নহয় ৷

গাঁউৰ গভাইত মদন চুৰ বুলি হাতে-লাতে প্ৰমাণ হ’ল ৷৷

মদন চুৰে সিদ্না ৰাতি পাইছিল এটা মস্ত চিতল ৷

মাছৰ খখোত পৰি ইতা তাৰ হ’ব হান পাইছু পিঠি বহল ৷৷

গাঁওবুঢ়ায়ো বিচাৰ ক’ইল্লাক মাৰা-ধৰা কৰি লাভ নাই ইয়াক ৷

সেই কাৰণে গাঁওবুঢ়া আতাই অন্য শাস্তিৰ কথাহে ভাইবলাক ৷৷

পঞ্চায়তে বিচাৰ কোইল্লাক ৷

আমাৰ ৰাইজেও হৰিবোল দিলাক ৷৷

মদন চুৰোক আগত লৈ গটাই গাঁউতে মস্ত এটা প্ৰচেচন হ’ল ৷

কপলোত বাচাৰ চূণৰ ফঁটা দি বথ্থোউগাকে মেক-আপো ক’ইদ্দে হ’ল ৷৷

আৰু বাচাৰ অলংকাৰ কৰি চিতলটুকে গলত দিলাক আলে ৷

ছলিমাখাই ঢেমা-টিং বাজে তাক লৈ গেল গাঁউৰ ফালে ৷৷

ঘৰোৰ পে তিৰি-ছ’লিও অলে আহি মদন চুৰক চালাক ৷

তাৰে মাজতে কুমবা-কানি তাক ‘মান্নাইমাৰা’ বুলি গালিও পাল্লাক ৷৷

আমাৰো মাইহাঁতে বাটক লোগি আহি ঘৰাপাক মদনক চালাক ৷

ছ’লি মাখাইও চাঞ্চ পাই মদন ঘৰাপাকক টানি ধুহি মাইল্লাক ৷৷

চেৰেং-বেৰেং ৰ’দত প্ৰচেচন কৰি ঘৰাপাক প’ইল্লাক বাগাৰ খাই ৷

আৰ কিত্তেও চুৰ নকৰু বুলি সঁইত সঁইত কাৰি তিনি সঁইত খাই ৷৷

এই হ’ল চুৰৰ বিলে মাই আমাক ক’লাক ৷

হাঁহি হাঁহি আমাৰো চকুৰ পানী অল্লাক ৷৷

(শব্দার্থ : ধোইল্লু -> ধৰিলোঁ,  তেইতাহ’লি -> তেনেহ’লে, কাইন্ধ্যাত -> কাষত, ৰাজৈহা পুখৰী -> ৰাজহুৱা পুখুৰী,  কায়ো -> কোনেও,  কুমবা মানহে -> কোনোবা মানুহে,  ইতাহে -> এতিয়াহে, ঘৰাপাক -> বাক,  অলচি -> ওলাইছে,  মানহুগিলাইও -> মানুহবোৰেও,  কাইণ সাঁজতে -> ফুট গধূলিতে,  ঘুমে থাকে -> শুই থাকে,  চাইট্টামান -> চাৰিজনমান,  আকদিন -> এদিন,  এহুন -> ইহঁত,  পাচ ধ’ইল্লাক -> পাচ ল’লে, আক্কাবাৰে -> একেবাৰে,  এন্থে -> ইহঁতে, পৰ্দ্দিলাক -> পৰ দিলে,  মাত নল’ হ’ল -> মাত নোলোৱা হ’ল, সিদ্না-> সিদিনা,  কোইল্লাক -> কৰিলে,  কপলোত -> কপালত,  ফঁটা -> ফোঁট, বথ্থোউগাকে -> বৰ ধুনীয়াকৈ,  ক’ইদ্দে হ’ল -> কৰি দিয়া হ’ল, পাল্লাক-> পাৰিলে,  প’ইল্লাক -> পৰিলে,  আৰ কিত্তেও -> আৰু কেতিয়াও,  ক’লাক -> ক’লে,ৱ,  অল্লাক -> ওলাল,

“ই…য়া…ই… বধ্ধুইছু!” নামনি অঞ্চলৰ মহিলা সমাজৰ মাজত অতিকৈ জনপ্রিয় বাক্যাংশ ।)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক