মামৰ – নীলাভ সৌৰভ

সদায় উৰি থকা ধূলিবোৰ আহি বন্ধ কোঠাত সোমায়,
প্ৰত্যেক স্থিত সামগ্ৰীৰ পিঠিত লিপিট খাই ধৰে৷

কৃষ্ণগহ্বৰৰ কণিকা এটা টাইম ট্ৰেভেল কৰি ঘুৰি আহোতে
আজোককা-আইতাক যেন সুধি আহিছিল,
ৰেকৰ্ড প্লেয়াৰটোৰ গাতে পৰিব নে?

এনে কল্পনাৰ সৈতে কোৱান্টাম তত্ত্ব আৰু ৱাৰ্মহ’লৰ কোনো সম্পৰ্ক নাই৷

বৰ্তমান এটা কাল যাক কোনেও সঠিক সময়ত সঠিক স্থানত নেদেখে বুলি আদিত্যই ক’লে৷

খোপাকে ফেনেকি কেলেণ্ডাৰত বিহু আহে,
ঈশ্বৰৰ জন্ম, মৃত্যু, ভ্ৰমণ আৰু যুদ্ধ জয়ৰ ইতিহাস ৰোমন্থনো৷

বাকী মামৰে ধৰিছে মাতত,
বাকী মামৰে ধৰিছে ভাতত৷

মাতটো আছিল আমি ঠিক কৰি লোৱা
তুমি মোক কোৱা আনে বুজি নোপোৱা
ভিতৰুৱা কথা

আৰু পোছাক আৰু নৃত্য
আমি আমাক চিনি পোৱা,

আনক কটা আমাৰ ৰজাৰ
নাক কটা আমাৰ নাৰীৰ

গছপাত আৰু জুই আমাৰ,
মাটি আৰু ধুলি আমাৰ,
বতাহ আৰু আকাশ আমাৰ,
পানী আৰু ডাৱৰ আমাৰ৷

ড্ৰয়িং ৰুম আমাৰ,
আমি অতীজৰ আটাইতকৈ পুৰণি মানুহ এজাক৷

এতিয়া আমাৰ গতিশীল জীৱনত মামৰ!

মা মৰ৷
মা মৰ৷
মা মৰ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক