মায়াময় লুৰে কেভাৰ্ণচ্ আৰু প্ৰেমৰ নগৰীৰ স্কাইলাইন ড্ৰাইভ – (তিৰুজ্যোতি বৰা দাস)

মায়াময় লুৰে কেভাৰ্ণচ্ আৰু প্ৰেমৰ নগৰীৰ স্কাইলাইন ড্ৰাইভ
– (তিৰুজ্যোতি বৰা দাস)

২৮ মে,২০১১ চন । আমি থকা ঠাই নিউজার্চিৰ চমাৰভিলৰ পৰা আমাৰ যাত্ৰাৰ আর্কষনৰ কেন্দ্ৰবিন্দু ভার্জিনীয়াৰ লুৰে কেভাৰ্ণচলৈ (Luray Caverns) গাড়ীৰে সময় লাগিছিল সম্পূর্ন ৬ ঘন্টা। এই যাত্ৰাৰ সহযাত্ৰী আছিল আমাৰ জীৱনসংগী মানস আৰু কলিকতাৰ এটি পৰিয়াল। পৰিয়ালটোৰ কণমানীজনীৰ নাম জীঞা। ভার্জিনীয়ালৈ কৰা এই যাত্ৰাটোত এই কণমানীজনীৰ কলকাকলিয়ে আমাক জীপাল কৰি ৰাখিছিল প্ৰতিমুহূর্ততে। এলেনটাউন(Allentown), হেৰিচবাগ(Harrisburg), হের্গাচটাউনৰ (Hagerstown) মাজেৰে লুৰে কেভাৰ্ণচলৈ কৰা এই যাত্ৰাত ৰাস্তাৰ মোহনীয় প্ৰাকৃতিক সৌর্ন্দয্যই আমাৰ মন প্ৰাণ ভৰাই তুলিছিল। ঠায়ে ঠায়ে অৰণ্য, ঠায়ে ঠায়ে বিস্তীর্ণ ঘাঁহনি আৰু সৰু বৰ টিলাৰ ওপৰত থকা ঘৰবোৰ ছবিত আঁকি থোৱাৰ দৰেই লাগিছিল। টিলাৰ ওপৰত থকা ঘৰবোৰলৈ উঠি যাবৰ বাবে ব্যৱহাৰ কৰা ৰাস্তাবোৰ, দূৰৰ পৰা অকোৱা পকোৱা এখন কণমানি পাহাৰীয়া নদী যেন অনুভব হৈছিল। সৰুতে অভিনয় কৰা “ৰঙাটিলাৰ ঘৰ” নাটকৰ প্ৰতিচ্ছবি খন যেন এই যাত্ৰাত প্ৰাণৱন্ত হৈ উঠিছিল। দূৰৈৰ ব্লু ৰিডজ পর্বতমালাৰ (Blue Ridge mountain) সেউজ শোভা আৰু চেনান্দহ্ নদীখনৰ (Shenandoah River) কুলু কুলু শব্দই আমাক হাত বাউল দি মাতিছিল। আমাৰ চিলং অথবা জখলাবন্ধাৰ পৰা কহৰাৰ মাজৰ কাজিৰঙাৰ সেউজ সৌন্দৰ্য্যৰ কৰবাত যেন মিল আছে এই ঠাইৰ। এই সাদৃশ্যৰ কথাটো অনুমান কৰি মোৰ মন উৰা মাৰিছিল সাত সাগৰ তেৰ নদীৰ সিটো পাৰে এৰি অহা আপোন ঘৰখনলৈ। কুমলীয়া চাহপাতৰ বুকুলৈকে বৈ পৰা সুগন্ধী, ধনশিৰী নৈৰ কজলা পানীৰ সোঁৱৰণীয়ে মোক যাত্ৰাপথত লগ এৰা দিয়া নাছিল।

আমি দুপৰীয়া এক বজাত লুৰে কেভাৰ্ণচ্ পালোগৈ। লুৰে কেভাৰ্ণচ্ চেনান্দহ ভেলীত (Shenandoah Valley) আছে আৰু এই ঠাই এপালেচিয়ান পর্বতমালাৰ (Appalachian) এলাগেনী অংশৰ (Allegheny range) পূৱ দিশত অৱস্থিত। নিজে ভূগোল বিভাগৰ হোৱা বাবে লুৰে কেভাৰ্ণচৰ প্ৰতি মোৰ আকৰ্ষণৰ অন্ত নাছিল। কিতাপত পোৱা ষ্টেলেকটাইটচ(Stalactites) আৰু ষ্টেলেকমাইটচৰ (Stalagmites) আকাৰ, আকৃতি, ৰং আদি নিজ চকুৰে দেখা পোৱাৰ লগে লগে মই অভিভূত হৈ পৰিছিলো।

লুৰে কেভাৰ্ণচৰ অন্যতম আর্কষণৰ কেন্দ্ৰবিন্দু আছিল দা গ্ৰেট ষ্টেলেকপাইপ অৰগান (The Great Stalacpipe Organ)। দা গ্ৰেট ষ্টেলেকপাইপ অৰগান হৈছে ১৬৪ ফুট মাটিৰ তলত থকা পৃথিৱীৰ সৱাতোকৈ ডাঙৰ সংগীত যন্ত্ৰ (Musical Instrument) যিটো ষ্টেলেকটাইটৰ পৰা সজোৱা হৈছে। ভার্জিনীয়াৰ স্প্ৰিংফিল্ডৰ (Springfield) Mr. Leland W. Sprinkle য়ে এই ষ্টেলেকপাইপ অৰ্গেনটো তৈয়াৰ কৰি উলিয়াইছিল। Mr. Leland W. Sprinkle আছিল এজন গণিতজ্ঞ আৰু বিজ্ঞানী। ৩৬বছৰৰ সাধনা আৰু গৱেষণাৰ অন্তত জন্ম লৈছিল এই বিশাল অৰ্গেনটোৰ। গুহাৰ ভিতৰৰ ভিন ভিন অংশত থকা স্টেলেকটাইট বোৰত যদি টোকৰ মৰা যায় তেতিয়া বিভিন্ন অংশত সংগীতৰ ভিন্ন ৰুপৰ সুৰ বা মূচ্ছর্ণা পোৱা যায়। Leland W. Sprinkle য়ে গুহাৰ ভিতৰত ষ্টেলেকটাইটবোৰৰ সংগীতৰ বিভিন্ন ধ্বনিবোৰ বিচাৰি উলিয়ালে আৰু সেইবোৰ শব্দ পৰিবাহী তাঁৰ বা পাইপৰ সহায়ত এটা ডাঙৰ পি্য়ানোত সংস্থাপনৰ দিহা কৰিলে। তেওঁ পাইপৰ এটা মূৰত rubber mallets (হাতুৰী, যাৰ সন্মুখ অংশত ৰবৰ লগোৱা থাকে ) লগাই সেইটো ষ্টেলেকটাইটৰ বিভিন্ন ধ্বনিবিশিষ্ট অংশত সংস্থাপন কৰিলে আৰু আনটো মূৰ এটা ডাঙৰ আকাৰৰ পিয়ানোৰ কিবোর্ডখনৰ প্ৰতিটো কি(key)তে সংযোগ কৰি দিলে। যাৰ ফলত পিয়ানোৰ কিবোর্ডখনত হাতেৰে চাপ দিলে সিটো মূৰত থকা ভিন ভিন Rubber mallets বোৰে ষ্টেলেকটাইটৰ ওপৰত হেঁচা প্ৰয়োগ কৰি এক মধূৰ মূচ্ছর্ণাৰ সৃষ্টি কৰি তোলে। কোনো ধৰণৰ লাউডস্পিকাৰ ব্যৱহাৰ নকৰাকৈয়ে লুৰে কেভাৰ্ণচৰ সকলো অংশতে এই ষ্টেলেকপাইপ অৰ্গেনৰ সংগীতৰ সুৰ শুনা পোৱা যায়। এই আশ্চৰ্য্যকৰ আৰু মোহনীয় অৰ্গেনটো দেখি মই অভিভূত হৈ পৰিছিলো।

লুৰে কেভাৰ্ণচৰ ভিতৰত ড্ৰিম লেক (dream lake) নামৰ সৰু এটি পানীৰ অংশ আছে। সেই পানীত ষ্টেলেকটাইটৰ প্ৰতিবিম্ব পৰি এক দোধোৰ মোধোৰ অৱস্থাৰ ৰুপ লৈছিল। যদিও পানীত সেইয়া ষ্টেলেকটাইটৰ প্ৰতিবিম্ব আছিল কিন্ত আমাৰ চকুত সেইয়া ষ্টেলেকমাইটৰ ৰুপ লৈছিল। বাৰে বাৰে চাইও প্ৰকৃতিৰ এই অদ্ভূত দোমোজাৰ পৰা মই মুক্ত হ’ব পৰা নাছিলো।

লুৰে কেভাৰ্ণচৰ আন এক চকুত লগা অংশ আছিল Titania’s veil | Titania’s veil বগা উজ্জ্বল বিশুদ্ধ কেলচাইট (calcite) ৰে গঠিত হৈছে আৰু ই লুৰে কেভাৰ্ণচৰ চিলিং আৰু দেৱালত ওলমি থাকি এক অপৰুপ সৌন্দৰ্য্যৰ সৃষ্টি কৰিছিল। Shakespeare ৰ নাটক A Midsummer Night’s Dream ত তিনিগৰাকী বিশেষ চৰিত্ৰৰ fairy Queen আছিল ,তেওঁলোক হৈছে ক্ৰমে Oberon, Titania, and Puck | কথিত আছে যে Titania’s veil নামটো Shakespeare ৰ নাটকৰ fairy Queen গৰাকীৰ নামেৰেই লোৱা হৈছে। ইয়াৰ সুন্দৰ গঠন, চিকমিকাই থকা মোহনীয়তাৰ বাবেই এই নাম ৰখা হৈছে বুলি ধাৰণা কৰিব পাৰি।

লুৰে কেভাৰ্ণচৰ ষ্টেলেকটাইট আৰু ষ্টেলেকমাইট বোৰ লগলাগি বিভিন্ন ধৰণৰ সুন্দৰ সুন্দৰ অবয়বৰ জন্ম হৈছে। সেইবিলাকৰ আকৃতিৰ ভিন্নতাৰ বাবেই তাৰ নামবোৰ বেলেগ বেলেগ। কিছুমান ষ্টেলেকটাইট আৰু ষ্টেলেকমাইটৰ আকৃতি মই নিজৰ চকুত যেনে দৰে ধৰা দিছিল তেনেদৰেই লিখিবলৈ লৈছো। গুহাৰ ভিতৰত দেখা পোৱা বিখ্যাত Frozen fountain ৰ অংশটো মোৰ দৃষ্টিত ধৰা দিছিল আমাৰ ভগৱান গণেশৰ মূর্ত্তিৰ দৰেই। ঠিক সেইদৰেই বহুবোৰ অংশত শিৱলিংগৰ প্ৰতিচ্ছবিও দেখা পাইছিলো। বিভিন্ন ঠাইত যদি ষ্টেলেকটাইট আৰু ষ্টেলেকমাইটবোৰ জৱাফুলৰ দৰে দেখা দিছিল, আন এটা ঠাইত হয়তো হালধীয়া সূৰুজমুখী ফুল এপাহৰ দৰেই লাগিছিল।

ঠিক সেইদৰে লুৰে কেভাৰ্ণচৰ ভিতৰত থকা বিখ্যাত double column ৰ অংশটো আমাৰ নামঘৰত ফুল-লতাৰে খোদিত কৰা লাইখুটাৰ দৰে অনুভব হৈছিল। ষ্টেলেকটাইট আৰু ষ্টেলেকমাইট একেলগে লগলাগি খুটাৰ আকৃতিৰ ৪৭ ফুট ওখকৈ গঠিত হোৱা মোহময় ৰুপটোক নাম দিয়া হৈছে double column | double columnটো লুৰে কেভাৰ্ণচৰ Giant Hall ত আছে। Giant Hall লুৰে কেভাৰ্ণচৰ আটাইতকে ডাঙৰ কোঠা বা অংশ। Giant Hall ৰ চিলিংৰ উচ্চতা হৈছে ৬০ ফুট।

লুৰে কেভাৰ্ণচৰ ভিতৰত fried egg ও বহু অংশত দেখা পোৱা যায়। গুহাৰ ভিতৰত লাইমস্টনৰ অংশবোৰে কণীৰ হালধীয়া কুহুমৰ সৈতে তাৱাত দি ভজা কণীৰ আকাৰ লৈছিল বাবে তাৰ নাম দিয়া হৈছিল fried egg । এই fried egg ৰ ধাৰণাটো ঠিক আমাৰ কচুপাতত জমা হোৱা পানী আৰু কচুপাতখিলাৰ লগত ৰিজাব পাৰি। গুহাৰ ভিতৰত বিভিন্ন অংশত এই fried egg দেখা পোৱা গৈছিল।

এইবিলাকৰ উপৰিও লুৰে কেভাৰ্ণচৰ ভিতৰত ষ্টেলেকটাইট আৰু ষ্টেলেকমাইট ৰ বিভিন্ন আকাৰ ৰ বাবে Totem Poles, Giant’s hall, Pluto’s Chasm, Saracen’s Tent, Empress Column আদি বিভিন্ন নামকৰনেৰে নামাংকৃত কৰা হৈছে।

লুৰে কেভাৰ্ণচৰ কাষতে আছে কাৰ এন্ড কেৰেজ কেৰেভান মিউজিয়াম (Car and Carriage Caravan Museum)। এই মিউজিয়ামটো চাবৰ বাবে শ্ৰীমানৰ আগ্ৰহৰ অন্ত নাছিল। আগৰদিনৰ ঘোঁৰাগাড়ী, গৰুগাড়ীকে আৰম্ভ কৰি সেই যুগৰ বিভিন্ন ডিজাইনৰ গাড়ীবোৰ সুন্দৰকৈ সজাই থোৱা আছিল। এইবিলাকৰ অন্যতম আছিল ১৮৯২ চনৰ বেনজ(Benz), ১৮৪০ চনৰ Conestoga Wagon, ১৯০৮ চনৰ Baker Electric, ১৯১৩ চনৰ Stanley Steamer, ১৯২৫ চনৰ Roll Royce, ১৯১২ ৰ Metz Roadster, ১৯২৫ ৰ Silver Ghost Town Car, ১৯১৫ ৰ Ford Model, ১৯৩১ ৰ Morgan Aero Super Sport ইত্যাদি।

সন্ধ্যা হোৱাৰ আগে আগে আমি ভার্জিনীয়াৰ স্কাইলাইন ড্ৰাইভেৰে আগতেই নিৰ্দিষ্ট কৰি থোৱা হোটেললৈ আগবাঢ়িলো। বেলিটো ইতিমধ্যে ডুবিবলৈ আৰম্ভ কৰিছিল। হেঙুলীয়া আভাৰে মুখৰিত হৈ পৰিছিল ভার্জিনীয়াৰ স্কাইলাইন ড্ৰাইভ। অনুভব হৈছিল দূৰৈৰ ব্লু ৰিড্জ পর্বতমালাৰ কোণত লুকাই লুকাই ৰঙা ফুল এথোপাহে যেন ফুলি উঠিছিল জকমকাই। ফাকুগুড়িৰ দৰে ভিন্ন ৰঙী আকাশখনে আমাক ভার্জিনীয়াৰ ৰাতিৰ অতিথি হ’বলৈ আলফুলে স্বাগতম জনালে। ভার্জিনীয়াৰ স্কাইলাইন ড্ৰাইভে শৰতকালত বৰ মোহনীয় ৰুপ ধাৰণ কৰে। সেই সময়ত মেপল, ওক আদি গছৰ পাতবোৰে নিজৰ ৰং সলাই হালধীয়া, কমলাবুলীয়া অথবা তেজৰঙী হৈ পৰে। বর্ণনাতীত ভাবে সুন্দৰ হৈ উঠে সেই সময়। ফাকুগুড়ি যেন আকাশখন বুকুত লৈ সেউজীয়া নদী এখনৰ মাজেৰে আমি আগবাঢ়িলো হোটেল অভিমুখে, ৰাতিটো কটাই আৰু এটা নতুন যাত্ৰাৰ আৰম্ভনিৰ বাবে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments