মালা (সুজাতা হাতীবৰুৱা)

Sujata Hatibaruah-mala

মালাৰ কথা মনলৈ আহিলেই প্রথমে মনত পৰে তাইৰ হাঁহিটোলৈ ৷ গাৰ ছালখনৰ কৃষ্ণবৰ্ণৰ সম্পূৰ্ণ ওলোটা তাইৰ বগা চকচকীয়া ডালিমগুটিয়া দাঁতেৰে মনৰ ভিতৰৰ পৰা মৰা খিল-খিল হাঁহিটো ৷ পৃথিৱীৰ সমস্ত দুখ-কষ্টক উফৰাই পেলাব পৰা শক্তি আছিল যেন তাত ৷ ভাবিছিলো এই শক্তি তাই ক’ৰ পৰা পাইছিল? হয়তো জনা হোৱাৰে পৰা জীৱনৰ প্রতিটো দিনেই নিজে নিবিচৰাকৈও উপযাচি কঢ়িয়াই অনা দুখৰ অভিজ্ঞতাবোৰকে চেকি লৈ শক্তি হিচাপে জমা কৰিছিল ৷
স্নাতকোত্তৰৰ দুটা বছৰ এটা পেয়িং গেষ্টত আছিলো ৷ মালা আহিছিল আণ্টি, মানে গৰাকীক পাকঘৰত লাচনি-পাচনি কৰি দিবলৈ কোনোবা এটা মাহত ৷ ঘৰ যে ক’ত আছিল ভালকৈ সোধা নহ’ল ৷ কেৱল কোৱা মনত পৰে কেইবছৰমান আগতে বড়ো উগ্ৰবাদীৰ অত্যাচাৰত নিজৰ ঘৰ এৰি পলোৱাৰ কথা ৷ খুউব সম্ভৱ ওডালগুৰি বা বাক্সাৰ কোনোবা এখিনি ঠাইৰ হ’ব ৷
পাকঘৰত সহায় কৰিবলৈ আহিছিল যদিও মালাক চতুৰ (আৰু সময়ত ভাবিব নোৱাৰাকৈ নিষ্ঠুৰো ) আণ্টিয়ে আন সকলো কামতে লগাইছিল । চাৰিমান বজাতে উঠি কাম আৰম্ভ কৰা মালাই আমাক ৮.৩০ মান বজাত গৰম গৰম পুৱাৰ আহাৰ যতনাই দিলেও নিজে কিন্তু দুখন বিস্কুট আৰু একাপ ৰঙা চাহেৰেই তিনি মান বজালৈকে থাকিব লাগিছিল ৷ আণ্টিৰ গালি আৰু মাৰ-পিটৰ মাজেৰে বাচন ধোৱা, কাপোৰ ধোৱা (কি কাৰণে যে তাই থকা মাহকেইটাত সপ্তাহৰ অন্তৰে অন্তৰে আণ্টিয়ে সমস্ত পৰিয়ালটোৰ প্রকাণ্ড কম্বলবোৰ তাইৰ হতোৱাই হাতেৰে ধুৱাইছিল বুজি নাপাওঁ ), প্রকাণ্ড ঘৰটো প্রতিদিন সৰা-মচা, পাকঘৰত সহায় কৰা কামবোৰৰ পৰা মালাই আহৰি পাইছিল ৰাতি ১১.৩০ মানত ৷ ৰাতি শুইছিল ঠাণ্ডা দিনতো পাতল কাপোৰ এখন পাৰি মাৰ্বলৰ মজিয়াত ৷
সেই অপাৰ কষ্ট আৰু ব্যস্ততাৰ মাজতো অকণমান সময় পালেই আণ্টিৰ কাঢ়া চকুৰ পৰা আঁতৰি তাই আমাৰ সৈতে কথা পাতিছিল ৷ কৈছিল তাই মাক-দেউতাকক প্রাণভৰি ভালপোৱাৰ কথা, তাইৰ প্রেমিকজন (নামটো পাহৰিছো) ৰ কথা, যাৰ লগত তাই পূজা চাবলৈ যায়, ঝুমুৰ নাচে, গায় ৷ তাই যেতিয়া ঝুমুৰ গীতবোৰ আত্মহাৰা হৈ গাইছিল সঁচাকৈ বুজি উঠিছিলো গান গাব পৰাটো জন্মগত প্রতিভা ৷ খহটা অথচ মিঠাসুৰীয়া তাইৰ কণ্ঠ সঁচাকৈয়ে ঝুমুৰ গীতৰ বাবেই ৷ ক’লেই তাইৰ কি যে লাজ লাজ ভৰা অথচ খোলা হাঁহি ! মাজে মাজে আমাৰ পৰা কাগজ কলম লৈ স্কুলত শিকি অহা নামটো পাহৰি নাযাবলৈ লিখি থাকিছিল ।

পঢ়া-শুনাৰ প্রতি মালাৰ আগ্রহ আছিল ৷ তাইৰ ভনীয়েক জোনালীৰ আৰু বেছি আছিল ৷ মালা অহাৰ এমাহমানৰ পাছত তাইৰ ভনীয়েককো মাকে আণ্টিৰ হাতত গতাই থৈ গৈছিল । ন-দহবছৰীয়া জোনালীয়ে কেইবছৰমান ডাঙৰ বায়েকৰ দৰেই এটা জীৱনৰ বাবে নিশ্চয় সাজু নাছিল ৷ চতুৰ্থ শ্রেণীৰ আটাইবোৰ কিতাপ বেগত লৈ আনিছিল তাই, গুৱাহাটিত ভালদৰে পঢ়িবলৈ পাব বুলি ৷ পিছত যেতিয়া গম পালে আণ্টিৰ ভায়েকৰ ঘৰত বায়েকৰ দৰেই কাম কৰিবগৈ লাগিব বুলি, মালাৰ লগত থকা দুটা দিন তাই বুকুত কিতাপখিনি লৈ চকুপানী উলিয়াই কান্দিয়েই থাকিলে ৷ ইমান দিনে গল্প-উপন্যাসত পঢ়িবলৈ পোৱা কামকৰা ল’ৰা-ছোৱালীয়ে পঢ়িবলৈ ইচ্ছা কৰা, দুখ কৰা কাহিনীবোৰ লেখকসকলৰ কৃত্ৰিম বা অতিৰঞ্জিত কল্পনা বুলিয়ে ভাবিছিলো ৷ কিন্তু নিজে তেনে এক দৃশ্য দেখিও একো কৰিব নোৱাৰাত নিজৰ হাত-ভৰি বান্ধি থোৱা যেন লাগিছিল৷
মাজতে মোৰ কোঠাটোত এমাহমান বাকী দুটা ছীট খালি থকাত আণ্টিক কৈ মেলি তাৰে এখন বিছনাত মালাৰ ৰাতি শুৱাৰ ব্যৱস্থা কৰিছিলোঁ । ৰাতি বাৰ বজাৰ আগে আগে ভাগৰত লেবেজান মালা শুবলৈ আহে ৷ আহিয়েই টোপনি যায় ৷ শোৱাৰ এক ডেৰঘণ্টামানৰ পাছত বিছনাখনত উঠি বহি থাকে জঠৰ হৈ আৰু প্রায় এক ঘণ্টা ৷ তাৰপাছত পুনৰ শুই পৰে ৷ দুদিন মান লক্ষ্য কৰি সুধিলো কথাটো কি বুলি ৷ পিঠিৰ বিষ হেনো ৷ বিষত শুব নোৱাৰে ৷ মালিচ কৰি দিব লাগিব নেকি সোধাত ক’লে নাই নাই পুৰণা হাড়ৰ বিষ ৷ মালিচ কৰিলে ভাল নহয়। দেউতাকে মদ খাই আহি সন্ধ্যা ঘৰত সদায় মাৰপিট কৰেহি ৷ মাককো, ছোৱালীকেইজনীকো ৷ এবাৰ মালাৰ সাত-আঠবছৰমানতে দেউতাকে দা এখন তাইৰ পিঠিৰ মাজতে গেমেহকৈ বহুৱাই দিছিল ৷ কথমপি প্রাণ বাচিছিল তাইৰ সেইবাৰ । হস্পিতেলত পৰি আছিল বোলে এমাহমান ৷ ভালহৈ ঘৰলৈ আহোঁতে দেউতাকে দেখি পুনৰ মাৰ-পিট কৰাত দহদিনমানৰ বাবে আকৌ হস্পিতেল পাব লগা হৈছিল ৷ অথচ সেই দেউতাকজনক সকাহ দিবলৈকে তাই ঘৰে ঘৰে কাম কৰি ফুৰিছিল ৷ নিজৰ টকাৰে তাই কেনেকৈ ঘৰখনৰ উন্নতিৰ নামত অলপতে এটা ডেক্ কিনি দিছে আৰু কিনি দিছে সৰু ভায়েকৰ বাবে ভাল কাপোৰ, বেগ আৰু জোতা-মোজা, আমাৰ আগত বেছ গৌৰৱ কৰিয়েই কৈছিল ৷
মালা বেছি কেইমাহ থকা নাছিল। আণ্টিৰ দিনে দিনে বাঢ়ি অহা শাৰীৰিক-মানসিক অত্যাচাৰৰ বাবেই তাইৰ মুখখন কঠোৰ হৈ এদিন ঘৰলৈ কাম এৰি যাবলৈ সিদ্ধান্ত ল’লে ৷ নাথাকিলে পাবলগা টকা পূৰাকৈ নিদিয়াৰ আগে-পাছে দি থকা ভাবুকিবোৰ আওকাণ কৰি জোনালীৰ হাতত ধৰি এদিন মালা যাবলৈ ওলাল। যোৱাৰ সময়ত মাত দিবলৈ আহি তাই মোক টুপুককৈ সেৱা এটা কৰিলে ৷ কেনেকুৱা যে লাগিছিল !মোক তেতিয়ালৈকে কোনেও ভৰিত ধৰি পোৱা নাছিল ৷ যোৱাৰ সময়ত নগদ টকা নলয় তাই ৷ প্রচণ্ড আত্মাভিমানী ৷ কিন্তু মইতো তাইক এযোৰ নতুন কাপোৰ দিব পাৰিলোহেঁতেন অথবা জোনালীক ! ভাবিবলৈ সময়ে নাপালোঁ ৷ তাই যিকেইটা মাহ আছিল মোক তাই বৰ ভাল লগা মূহুৰ্ত্ত কিছুমান দি থৈ গৈছিল । অথচ মই তাইক যাবৰ পৰত শুভেচ্ছাৰ বাদে একো দিব নোৱাৰিলোঁ ৷ থকা সময়খিনিতো সুবিধাবাদৰ নামত তাইৰ হৈ আণ্টিক টানকৈ এষাৰ কথা ক’ব নোৱাৰিলোঁ ৷ মনত পৰিলেই খুব বেয়া লাগে । যাওঁতে ঘৰ পাই মোক ফোন কৰিব বুলি তাই কৈ থৈ গ’ল ৷
কেইমাহমানৰ পাছত এপ্রিল মাহত এদিন তাই ফোন কৰিলেও ৷ মহা উৎসাহেৰে তাই জনালে তাইকে ধৰি লগৰ আৰু কেইজনীমান ছোৱালী লগহৈ পিছদিনা দিল্লীলৈ কাম কৰিবলৈ যোৱাৰ কথা ৷ কাম? কি কাম? কাৰ লগত যাব? নাৰী ব্যৱসায়ী চক্রবোৰৰ কথা মনত পৰিয়েই ভালকৈ সুধিছিলোঁ ৷ তাইৰ পিছে হাতত সময় আৰু ধৈৰ্য কম আছিল ৷ যাব আৰু চিনাকী দাদা এজনৰ লগত আৰু দিল্লী গৈ পায়ে মোক ফোন কৰিব বুলি কৈ পিচিঅ’ৰ পৰা কৰা ফোনটো কাটি দিলে ৷ তাৰ ঠিক দুদিনৰ পিছত মালাৰ ফোন ৷ উধাতু খাই ধৰিলোগৈ ৷ একেবাৰে জহি-খহি যোৱা মালাৰ মাত । তাই ক’ত আছে, কেনে আছে সুধোতে ক’লে, “বাইদেউ, তাত বৰ কষ্ট ৷ ঘৰলৈ ঘূৰি আহিলো” ৷ মাত্র এদিন আগতে দিল্লীলৈ বুলি যাত্রা কৰি, গৈ পাই, কষ্ট দেখি ঘূৰি আহি ২৪ ঘন্টাৰ ভিতৰতে কেনেকৈনো ঘৰ পালেহি ওপৰা-ওপৰিকৈ সুধোতে তাই মাথো, “বাইদেউ, পিছত কথা পাতিম ৷ এতিয়া মোৰ গোটেই গাতে বিষ” বুলি কৈ ফোন থৈ দিলে ৷

নাজানো, মালা এতিয়া ক’ত আছে, কেনেকৈ আছে ৷ ফোন কৰিম বুলি ক’লে কৰা ছোৱালীজনীৰ ফোন এটাৰ বাবে তাত থকা আৰু এটা বছৰ বাট চালোঁ ৷ কিন্তু তাই আৰু দুনাই ফোন নকৰিলে ৷ আণ্টিহঁতেও নাজানিছিল মালাৰ ঘৰ ক’ত ৷ মোৰো যে এই কথাটোকে সোধা নহ’ল ৷ সাত বছৰ হ’বৰ হ’ল ৷ এতিয়াও ভাবো, আশা কৰোঁ তাই যেন ঘৰতে কুশলে আছে ৷ কিন্তু এই কেইদিনৰ ঘটনাবোৰে আকৌ মনটো অশান্ত কৰি ৰাখিছে ৷ মালা, জোনালীহঁত আছেনে নিৰাপদে? নে সিহঁতে এতিয়াও প্রাণ বচাবৰ বাবে সহিছে কষ্ট ? যোৱা তিনিদিন টেলিভিছনৰ বাতৰি বন্ধ কৰি থৈছো ৷ নিহত-আহতৰ মাজত মালাহঁতৰ বা সিহঁতৰ দৰে আন কাৰোৰে মুখ দেখা পাবলৈ মন আৰু নাই ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments