মাষ্টৰ — মণ্টু কুমাৰ ডেকা

মাষ্টৰ
–মণ্টু কুমাৰ ডেকা

সৰু বাছখনৰ (আৰ টি পি) পৰা নামিলোহে মাত্ৰ, বৰষুণ জাক আহিলেই৷ কিনকিনিয়া বৰষুণ মোৰ ভাল লাগে৷ তাতোকৈ ভাল লাগে বৰষুণৰ কাৰণে পাগল হোৱা মানুহবোৰ চাই৷ মানুহবোৰে বৰষুণত তিতি ভাল পায়, হিয়া উজাৰি উপভোগ কৰে বৰষুণজাকক৷ পিছে বেছি সময় নাথাকিব, পোন্ধৰ মিনিট মানৰ পাছতেই এৰিব, দিল্লীৰ বৰষুণ৷ বৰষুণত টোপাল কেইটামান মোৰ চছমাৰ গ্লাছত পৰাত চছমাজোৰ খুলি পকেটৰ পৰা ৰুমালখন উলিয়াই আপেলৰ দোকানখনৰ তলতেই ঠিয় হৈ মচি আছো৷ মানুহবোৰ চাইছোঁ৷

: চাৰ আপ? কাহা যা ৰহে হ’?

আঙঠাৰ দৰে কলা, কেঁকুৰা চুলিৰ প্ৰকাণ্ড কৃষ্ণাঙ্গ যুবক এজন৷ উচপ খাই উঠিলোঁ৷
জিলিক-মিলিক টি-চাৰ্ট পিন্ধা কলা ৰঙৰ এডিদাসৰ হাফপেণ্টৰ লগত সেউজীয়া ৰঙৰ জোতাৰ, এওঁ বাৰু কোন? আফ্ৰিকান৷ পিছে কোন? ?

হাঁহি এটা মাৰি কলা শক্তিশালী হাতখন আগবঢ়াই দিলে?

“মণ্টি? ? আপ মণ্টি হে না?”

ভঙা ভঙা হিন্দী৷ ল’ৰাজনৰ সোঁহাতৰ বাহুৰ ফালে লক্ষ্য কৰিলোঁ৷ হাতখন ইফাল সিফাল কৰাত গ্ৰীক শব্দৰে হাতত খোদিত “চাৰভেণ্ট” অৰ্থৰ সেই বিশেষ টাটুটো৷ লগে লগে চকু মুকলি হ’ল৷ ল’ৰাজন দেখোন সেই নাইজেৰিয়ান পৰিয়ালটোৰ সৰু ল’ৰাজন৷ চেম৷ মানে চেমুৱেল৷ সি আঠ নে ন বছৰ থাকোঁতেই মই তাক (টিউচন) পঢ়াইছিলোঁ৷ মোৰ নামটো সি “মণ্টি ” উচ্চাৰণ কৰিছিল৷ বাপেক নাইজেৰিয়ান যদিও এজন ভদ্ৰলোক আছিল৷ সেই সময়ত তাক পঢ়াই পোৱা ধনেৰেই মোৰ দিনবোৰ চলিছিল৷ মই তাক সকলোবোৰ বিষয়েই পঢ়াব লগীয়া হৈছিল৷ তাৰ লগতে পঢ়িবলৈ বহিছিল তাৰ বাইদেউ মানে মাৰ্চি জনী৷ দুয়োকে মাক দেউতাকে আত্মৰক্ষাৰ কাৰণে “কেৰাটে” স্কুলতো নাম লগাই দিছিল৷ সেইটো হেনো তেওঁলোকৰ কালচাৰ৷ এনে ধৰণৰ কিবা এটা আছিল৷ ল’ৰাজন যথেষ্ট উৎপতিয়া ধৰণৰ আছিল৷ ক্লাছৰ আৰম্ভণিতে ফ্ৰীজত পৰি থকা ম’হৰ ভজা মাংসৰ লগতে বগা চুজিৰ দৰে এবিধ নিমখীয়া খাদ্য খাবলৈ দিছিল৷ ম’হৰ মাংস মই নোখোৱাত মাছ আৰু মুৰ্গী ভাজিয়ে স্থান পাইছিল৷ ক্লাছৰ মাজতো সেই নিমখীয়া চুজি আৰু মুৰ্গী ভাজি, অহাৰ সময়তো…৷ এদিনত তিনিবাৰ৷ নাখালে বেয়া পাইছিল৷ এসপ্তাহ চুটি লৈ পেটৰ চিকিৎসা কৰিলোঁ৷ কাৰণটো সোধাত ক’লো, দুখ কৰিলে৷ তাৰপাছত পেপছি আৰু চিপছে স্থান পালে৷ ল’ৰা ছোৱালী পঢ়াৰ সময়ত কাণত ধৰিলে বা দুষ্ট কৰিলে, পিটিলে বহু মাক দেউতাকে বেয়া পায়৷ অভিজ্ঞতা আছে৷ প্ৰথম দিনাখন বাপেক মানে পৌল আংকলে মোক ডাঙৰ এচাৰি এডাল হাতত ধৰাই সিঁহতক পিটিবলৈ অধিকাৰ দিলে৷ মই মৰম কৰা যেন পালে, বা কথা নুশুনিলে মাকে কিটচেনৰ পৰা ওলাই আহি হাতত যি থাকে তাৰে পিটে৷ সেইয়া নিয়ম যেন হ’ল৷ মাৰিব নোৱাৰোঁ৷ কিনো মাৰিম মৰাৰ আগতে সি তাৰ “কেৰাটে” টেকনিক ব্যৱহাৰ কৰি মোৰ পৰা আতঁৰি যায়৷ সদায় মাছ মাংসৰে ভাত খোৱাৰ কাৰণে সিঁহতবোৰ বহুত শক্তিমান৷ মাংস পেশীবোৰো শিলৰ দৰে টান৷ মজবুত৷ বাপেকজন আহিলে বেচি ভয় কৰে৷ ল’ৰাও ল’ৰা সাংঘাতিক দুষ্ট ল’ৰা৷ পঢ়া শুনাতকৈ তাৰ লগত যুঁজিলেহে সি ভাল পায়৷ মোক সি চেলেঞ্জ কৰে, যুঁজিবলৈ৷ দেউতাকে গম পোৱাত খুব পিটিলে, গধূলি ভঙা নাকটো দেখুৱাবলৈ আকৌ চিকিৎসকৰ ওচৰলৈও লৈ গ’ল৷ সিহঁতৰ মতে ল’ৰা-ছোৱালীক সৰুতে এচাৰি নিদিলে ল’ৰা-ছোৱালীৰ প্ৰতি অন্যায় কৰা হয়৷ সিঁহতহালক মৰম কৰে বাবে পিটনো দিয়ে৷ বক্সিং খেলে, দুষ্ট কৰিলে বক্সিং মাৰে, সিঁহতৰ ভাষাত, সিঁহতৰ নিয়ম৷
কথাবোৰ ভাবি থাকোঁতেই কেতিয়া ল’ৰাজনৰ হাতখন মোৰ হাতৰ লগত মিলি গ’ল ক’বই নোৱাৰিলোঁ৷ সি তাৰ শক্তিশালী হাতখনেৰে জোৰকৈ “হেণ্ডচেক” এটা দিলে৷ বিষাই থাকিল৷

বহু সময় কথা পাতিলোঁ৷ সি ডাঙৰ হ’ল৷ হিন্দী ক’ব পৰা হ’ল৷ অহা অক্টোবৰত হেনো সিহঁত ভাৰত এৰি চিৰদিনলৈ নিজৰ দেশলৈ উভতি যাব৷ মনটো সেমেকিল৷

সেমেকা মনেৰে ঘৰলৈ উভতি আহিলোঁ যদিও হাতখন তেতিয়াও বিষায়েই আছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments