মাৰাডোনা হোৱাৰ মোৰ হেঁপাহ আছিল (শ্ৰীমন্ত বৰদলৈ)

মাৰাডোনা হোৱাৰ মোৰ হেঁপাহ আছিল , যদিও মই পাৰ্গত খেলুৱৈ নাছিলোঁ।
ৰাতিপুৱা তেতিয়া চাৰিমান বাজিছিল। ডিব্রুগড়ৰ ব্রহ্মপুত্রৰ ফেৰীঘাটত তেতিয়াও সূৰ্য্যৰ পোহৰ ওলোৱা নাছিল। নৈৰ পাৰত মই ৰৈ আছিলোঁ আৰু মোৰ লগত আছিল ৰাজু হাজৰিকা। মোৰ বয়স তেতিয়া তেৰ – চকুত এক স্বপ্ন লৈ মই হাতেৰে কঢ়িয়াই আনিছিলোঁ তুলী , আঁঠুৱা আৰু গাৰুৰে পৰিপূৰ্ণ “হলডল” এটা। মনত আছিল এক উচ্ছাস আৰু মাৰাডোনা হোৱাৰ সপোন। আমি ওলাইছিলোঁ ধেমাজীলৈ বুলি দেউকন শ্বিল্ড ফুটবল খেলিবলৈ। ডিব্রুগড় গৰ্ভনমেণ্ট স্কুলৰ হৈ গৈছিলোঁ। সেইয়াই মোৰ জীৱনৰ প্রথমবাৰ ঘৰৰ বাহিৰলৈ অকলে ওলোৱাৰ অভিজ্ঞতা। এক অদ্ভুত শিহৰণে মোৰ মনত তোলপাৰ লগাইছিল। গৌৰৱ আৰু উত্তেজনাই মোৰ তেৰ বছৰীয়া মনটোক উত্ৰাৱল কৰি তুলিছিল। যেন পৃথিৱী শিকাৰ বাবে মোৰ এই যাত্ৰা।

আগদিনাখন মোৰ এই যাত্রাৰ বাবে মোৰ ককাইদেউৱে দেউতাৰ সন্মুখত ৰৈ মোক সাহস যোগাইছিল আৰু কৈছিল যে “ভাইটীয়ে যদি ৭০% তকৈ কম নম্বৰ পায় তেতিয়াহ’লে সি কেতিয়াও খেলিবলৈ বাহিৰলৈ নাযায়। তাক যাবলৈ দিয়া” । মই গভীৰ আস্থাৰে সৈতে দেউতাৰ মুখলৈ চাই আছিলোঁ। কিন্তু মই অনুভৱ কৰিছিলোঁ যে ককাইদেউৰ সেই প্রতিশ্রুতিত সোমাই আছে মোৰ বাবে তুমুল প্রত্যাহ্বান – পৰীক্ষাত প্রতিবাৰে ৭০% ৰ অধিক নম্বৰ পোৱা-নোপোৱাই নিদ্ধাৰণ কৰিব মোৰ মাৰাডোনা হোৱাৰ হেঁপাহৰ ভৱিষ্যত। দেউতা মান্তি হৈছিল মোৰ ধেমাজী যাত্রাৰ বাবে। ধেমাজী যাত্রাৰ সেই অভিজ্ঞতাই মোৰ বাবে মুকলি কৰি দিছিল এখন নতুন পৃথিৱী । আত্মপ্রত্যয়েৰে ভৰা পৃথিৱীখনক আৱিস্কাৰ কৰাৰ মোৰ যাত্রাৰ আছিল সেইয়া আৰম্ভণি।
আমাৰ ফেৰী ব্রহ্মপুত্রৰ বুকুৰে আগবাঢ়ি গৈছিল। সোঁতৰ গতিৰ সতে আগুৱাই যোৱা ফেৰীৰ ওপৰত উঠি ৰাতিপুৱাৰ নৈসৰ্গিকত মোৰ মনটোৱে হেপাঁহ পলুৱাই ব্রহ্মপুত্রৰ বিশালতাক প্রথমবাৰৰ বাবে স্পৰ্শ কৰিছিল । পলস , বালি চাপৰিৰ ঝাঁও-কঁহুৱা বনৰ হালি-জালি থকা দৃশ্য , নদীৰ বুকুত মানুহৰ জীৱন-জীৱিকাৰ প্রয়াস মই প্রত্যক্ষ কৰিছিলো । নদীপৰীয়া মিচিং মানুহৰ সতে প্রথমবাৰ মোৰ পৰিচয় হৈছিল ব্রহ্মপুত্রৰ বালি চাপৰিত। মোৰ মাৰাডোনা হোৱাৰ হেঁপাহে এদিন পৰিচয় কৰি দিছিল মোক অসমৰ আৰ্থ সামাজিক দিশৰ এটি নতুন অধ্যায়ৰ স’তে। মোৰ তেৰ বছৰীয়া অপৈনত মনটোক ফুটবলৰ আঁৰে-আঁৰে চিনাকি কৰি দিছিল ব্রহ্মপুত্রৰ উত্তৰ পাৰৰ কিছুমান চিত্রৰ সতে যাক মই আজিও জীৱনৰ পৌঢ়তাত অবতীৰ্ণ হৈয়ো পাহৰিব পৰা নাই । ধেমাজী অভিমুখী যাত্রাই মোক পৰিচিত কৰিছিল বানৰ সংহাৰী ৰূপৰ সৈতে । আমি নাজানিছিলো যে ধেমাজী তেতিয়া বানৰ সংহাৰী ৰূপৰ আগ্রাসনত। হাতত গধুৰ “হলডল” লৈ আগবঢ়া আমি মুখামুখী হৈছিলোঁ বানপানীয়ে উটুৱাই নিয়া গাইনদীৰ দলংৰ । য’ত দলংৰ স্থানত আছিল দুডাল সমান্তৰাল বাঁহেৰে নিৰ্মাণ কৰা অস্থায়ী দলং । আমি অতি সাৱধানে বাঁহত ধৰি ধৰি আগুৱাই গৈছিলো আৰু তলেৰে পাৰ হৈ গৈছিলৰ গাইনদীৰ ফেনেফুটুকাৰে ভৰা পানীৰ উত্তাল গতি। মোৰ মনৰ মাজত ভীষণ শংকাৰ সৃষ্টি হৈছিল। অৰ্থনৈতিক অনগ্রসৰতাৰ চিত্রখনে মোৰ শিশুমনৰ ওপৰত ভীষণ চাপ পেলাইছিল। মানুহৰ অসহায় অৱস্থাই মোৰ মনৰ মাজত সৃষ্টি কৰিছিল বহুতো প্রশ্নৰ। আজি প্রায় ২৫ বছৰৰ পাছতো বানে ব্রহ্মপুত্রৰ উত্তৰপাৰে তাণ্ডৱ চলাই আহিছে – যেন কোনো পৰিবৰ্তন নাই গাইনদীৰ বুকুত দেখি অহা মোৰ শৈশৱৰ সেই চিত্রৰ ।

 

১৯৮৬ চন, মেক্সিকোৰ আজটেক্ ষ্টেডিয়ামত দৰ্শকৰ সমুদ্রৰ মাজেৰে চলিছিল বিশ্বজয়ৰ প্রতিযোগীতা। শ্বাসৰুদ্ধ ফাইনেল খেলখনত বাটিষ্টা,বৰ্ঘী,বুৰুচাগ্গা,ভালদানো,ৰুগেৰীৰে সমৃদ্ধ আৰ্জেন্টিনাৰ মুখামুখী হৈছিল পশ্চিম জাৰ্মানী। বাৰ্লিনৰ দেৱাল তেতিয়াও ভঙা নাছিল। ভয়েলাৰ,লোথাৰ মেথিউজ , ৰূমেনিগেয়ে আৰ্জেণ্টিনাৰ ৰক্ষণবিভাগ তচনচ কৰি দিছিল। উৎকন্ঠাৰে ভৰা খেলখনত শেষ হাঁহি মাৰি আৰ্জেন্টিনা বিশ্বজয়ী হৈছিল। হাতত বিশ্বকাপ লৈ খৰ্বকায় মানুহজনে আঁকি দিছিল বিজয়ৰ চুমা । মোৰ দহবছৰীয়া মনৰ মাজত সেই মানুহজন এক ঐশ্বৰিক পুৰুষ হিচাপে ঠিয় দিছিল। বহুতো খেলুৱৈৰ নাম উচ্ছাৰণ কৰিছিলোঁ – ব্রাজিলৰ জিকো,চক্ৰেটিছ ; ইটালীৰ ৱাল্টাৰ জেংগা , পাউলো ৰুছি ; ফ্রান্সৰ প্লাটিনি ; ইংলেন্ডৰ লিনেকাৰ; স্পেইনৰ এমিলো বুত্রেগুৱেইনোৰো ভৰা এই দীঘলীয়া শাৰীৰ অন্ত নপৰিছিল। কিন্তু মোৰ উশাহ-নিশাহ কাঢ়ি নি উত্তেজনাৰ চৰমবিন্দুত উপনীত কৰিছিল মাথোন এজন খৈলুৱৈয়ে – ডিয়েগো আৰমাণ্ডো মাৰাডোনা ।

 

সেই মাৰাডোনা হোৱাৰ স্বপ্ন খেদি এদিন ফুটবলৰ সতে গঢ়ি তুলিছিলোঁ মোৰ আন্তৰিক সম্পৰ্ক। চৌকিডিঙ্গী খেলপথাৰ, আউটডৰ খেলপথাৰৰ বুকুত দৌৰিছিলোঁ , ঘমাক্ত শৰীৰেৰে নিজকে উজাৰি দিছিলোঁ। সন্ধিয়া পঢ়াৰ মেজত টোপনিৰ স’তে অৱসাদে ভৰা মনটোৰে সংঘৰ্ষ কৰিছিলো। ৰাতিপুৱা চাইকেল চলাই খেলিবলৈ গৈছিলোঁ, তাৰপাছত স্কুল আৰু আকৌ আবেলি উভতি আহি নিজক বিলাই দিছিলোঁ ফুটবলৰ স’তে জড়িত কঠোৰ শ্রমত। মোৰ খীণ-মীণ শৰীৰে সহ্য কৰাৰ সীমা কেতিয়াবা চেৰাই গৈছিল অথচ মাৰাডোনা হোৱাৰ হেপাঁহে মোৰ মাজত সৃষ্টি কৰিছিল আত্মপ্রত্যয়ৰ।

বহু বন্ধুৰ সৃষ্টি কৰিছিলোঁ খেলপথাৰৰ উত্তেজনাৰ মাজত। অপ্রকাশিত শ্রেণীসংগ্রাম দেখিছিলোঁ , ভোক দেখিছিলোঁ, অভাৱ দেখিছিলোঁ, আত্ম পৰিচয় হেৰাই যোৱাৰ প্রৱণতা দেখিছিলোঁ, আনন্দৰ চৰম উত্তেজনা দেখিছিলোঁ , পৰাজয়ৰ গ্লানি দেখিছিলোঁ , ক্রীড়াসুলভ মনোভাৱৰ উত্থান-পতন দেখিছিলোঁ। ফুটবলৰ বহল পথাৰখনত পৃথিৱীখন জিনাৰ প্রয়াসৰ যেন আছিল সেইয়া আদিপাঠ।
মোৰ গৰিষ্ঠসংখ্যক ফুটবলৰ সতীৰ্থ আছিল অৰ্থনৈতিকভাবে পিছপৰা পৰিয়ালৰ পৰা অহা। এজন খেলুৱৈৰ বাবে প্রয়োজনীয় আহিলাবোৰৰ সদায় অভাৱ আছিল সকলোৰে। আমাৰ প্রতিজন খেলুৱৈৰ বুটজোতাবোৰ মেৰামতি কৰিবলগীয়া হৈছিল মুচীৰ ওচৰত। কাৰণ নতুন এযোৰ বুটজোতা কিনাটো আমাৰ বাবে আছিল ভীষণ প্রত্যাহ্বান। সকলোৱে সংঘৰ্ষৰ মাজেৰে ডাঙৰ দীঘল হৈছিল। এজন খেলুৱৈৰ বাবে প্রয়োজনীয় সুষম আহাৰ আছিল অলীক স্বপ্ন। কিন্তু তেনে পৰিবেশৰ পৰা অহা সতীৰ্থসকলৰ শৰীৰৰ দুৰন্ত প্রয়োগ আৰু নিজক উৎসৰ্গা কৰা দৃশ্যই মোৰ সৰুকালৰ মনটোক অতি অভিভূত কৰিছিল। কৰপৰা আহিছিল সেই শক্তি আৰু দৃঢ়তা মোৰবাবে সেইয়া আছিল এক ভীষণ কৌতুহল ।

 

ফুটবলৰ খেলপথাৰত পাইছিলোঁ বহুজন ব্যক্তিক, যাৰ নিজক উৎসৰ্গা কৰাৰ উদাহৰণ আছিল তেনেই বিৰল । এইক্ষেত্রত ডিব্রুগড়ৰ মিলনজ্যোতি সংঘৰ প্রয়াত যদু শ্যামদা আছিল অনন্য। সদায় এচাম সৰু ল’ৰাক ফুটবল শিকাই শিকাই নিজক ফুটবল খেলপথাৰত বিলাই দিয়া চিৰকুমাৰ চিৰহাস্যময় মানুহজনক অদৃশ্যজনে লৈ গ’ল এদিন । চৌকিডিঙ্গী খেলপথাৰখনে হেৰুৱালে চিৰদিনৰ বাবে ফুটবলক অকৃত্রিম ভাবে ভালপোৱা এজন সহজ সৰল মানুহ। শ্যামদা আৰু ডিব্রুগড়ৰ ফুটবলৰ সেই সময়ত যেন সম্পৰ্ক আছিল পৰিপূৰক। সময়ৰ সোঁতত হেৰাই গ’ল সেইজন ব্যক্তি।

 

আগৰেপৰা অসমত ফুটবল খেলুৱৈৰ ভৱিষ্যত আছিল মানুহৰ চকুত অন্ধকাৰ সদৃশ। মই ফুটবলৰ পৃথিৱীৰ অংশীদাৰ হৈ মৰ্মে মৰ্মে অনুভৱ কৰিছিলোঁ – মানুহৰ সচৰাচৰ ধাৰণা আছিল যে একেবাৰে অৰ্থনৈতিকভাবে পিছপৰা আৰু পঢ়াশুনাত কেঁচা লৰাইহে ফুটবল খেলে । ফুটবল খেলুৱৈৰ জীৱিকামুখী স্বপ্ন তেনেই পৰিসীমিত । খুব বেছি অইল ইণ্ডিয়া নতুবা ৰেলৱেত চাকৰি কৰাতেই যেন সীমাবদ্ধ এই স্বপ্ন । যদি সেইয়া হৈ নুঠে , তেতিয়াহ’লে কোনোমতে ঠিকা-ঠুকলি নতুবা তৃতীয় শ্রেণীৰ চাকৰিৰে জীৱিকা নিৰ্বাহ কৰে – সেইয়াই ফুটবলাৰ কেন্দ্ৰিক অসমত সামাজিক দৃষ্টিভঙ্গী। ফুটবলাৰৰ গ্লেমাৰ নাই অসমত কাহানিও – মাথো যেন আমোদৰ অস্থায়ী আহিলা ৯০ মিনিটৰ। ফুটবলাৰ পৰীক্ষাত সদায় অনুত্তীৰ্ণ হয়, নতুবা চুঁচৰি বাগৰি উত্তীৰ্ণ হয় – এনে বিভিন্ন চিন্তা আৰু দ্বন্দ্বই মোৰ দহ-এঘাৰ বছৰীয়া মনটোক বহুবাৰ বিচলিত কৰিছিল, যেন ফুটবল খেলপথাৰ এৰি তথাকথিত ভাল ল’ৰাৰ দৰে কেৱল পঢ়াশুনা কৰি থাকিম। কিন্তু মাৰাডোনা হোৱাৰ তাড়নাই মোক এনে দ্বন্দ্বৰ পৰা আঁতৰাই ফুটবলক প্রত্যাহ্বান হিচাপে ল’বৰ বাবে মোক মানসিকভাবে দৃঢ় কৰি তুলিছিল। মই পৰাভূত কৰিবলৈ সক্ষম হৈছিলোঁ মানুহৰ ফুটবলাৰকেন্দ্রীক সামাজিক ধাৰণাৰ আৰু মই মেট্ৰিক পৰীক্ষাত ষ্টাৰ নম্বৰ পাই কটন কলেজ অভিমুখে যাত্রা কৰিছিলোঁ – এইয়া অহংকাৰ নতুবা আত্মগাঁথা নহয় বৰঞ্চ এক আত্ম-উপলব্ধি মাথোন । এদিন মই সতীৰ্থ খেলুৱৈ ৰাজু , প্রদীপ , লালন , বিজন , আয়ুক্ক্য, হীমেণ, জয়ন্ত , অপূৰ্ব আদি সকলোকে ডিব্রুগড়ৰ খেলপথাৰত এৰি মাৰাডোনা হোৱাৰ স্বপ্ন খেদি জনসমুদ্রত হেৰাই গৈছিলোঁ।

 

বৰদলৈ ট্রফী, স্বাধীনতা দিৱস কাপ, এটিপিএ শ্বিল্ড, ওচমান শ্বিল্ড ইত্যাদি প্রতিযোগীতাবোৰৰ প্রতিটো বাতৰিকাকতৰ খবৰে আনিছিল উত্তেজনা। অনাঁতাৰত ভাঁহি অহা সুৰেণৰাম ফুকনৰ ফুটবল খেলৰ চলন্ত বিৱৰণী শুনিবলৈ উত্রাৱল হৈছিল মন। বাবুল ফুকন, সদা ফুকন, গিলৰ্বাটচন চাংমা, জুৱেল বে ইত্যাদি সেই সময়ৰ প্রসিদ্ধ খেলুৱৈৰ নাম আছিল মুখৰ আগত । খেলপথাৰত আছিল দৰ্শকৰ লানি নিছিগা ভীৰ। খেল চাবলৈ টিকট নাপালে গছৰ ওপৰত উঠি খেল চাবলৈ মানুহ পিছপৰি থকা নাছিল।

 

মোৰ ফুটবলৰ অপেশাদাৰী যাত্রাই অসমৰ বহুতো নজনা কথা, নেদেখা ঠাইৰ বিষয়ে অবগত কৰিলে। ডিব্রুগড় গৰ্ভনমেন্ট স্কুল , ডিব্রুগড় জিলা কনিষ্ঠ (১৪ বছৰ অনুৰ্দ্ধ) ,মিলনজ্যোতি সংঘ, কটন কলেজ , এইচিৰ ফুটবল খেলুৱৈ বন্ধুসকলৰ স’তে হোৱা একাত্ম আত্মীয়তাই অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ বহু জনগোষ্ঠীৰ বিষয়ে মোক পৰিচয় কৰালে। কাৰবি , ডিমাচা, বড়ো, ফাকিয়াল, মিছিং, মণিপুৰী, খাচী, নগা তথা মিজো খেলুৱৈ আছিল মোৰ সতীৰ্থ খেলুৱৈ। সকলোৰে সান্নিধ্যৰে মই অনুভৱ কৰিছিলো সম্প্রীতিৰ এক শক্তিশালী অৰ্থ।

 

মোৰ শৈশৰ মাৰাডোনা হোৱাৰ হেঁপাহে এদিন মোক জীৱন সংগ্রামত লিপ্ত হ’বলৈ প্রয়োজনীয় সাহস যোগালে আৰু আজি উভতি চাই দেখা পাঁও তাহানিৰ সেই স্বপ্ন খেদা সময়ৰ ভঙ্গুৰ চিত্র। আজি চৌকিডিঙ্গী খেলপথাৰত ফুটবল খেলুৱৈৰ ভীৰ নাই, দৰ্শক নাই, উকা ঊকা যেন ফুটবলবিহীন প্রতিখন খেলপথাৰ। মাৰাডোনা হোৱাৰ সপোন নেদেখে কোনেও। মোৰ তাহানিৰ খেলুৱৈ সতীৰ্থসকল আজি জীৱনৰ ধামখুমীয়াত পৰি ব্যস্ত জীৱন সংগ্রামত। ফুটবল এতিয়া মাথোঁ অতীতৰ উত্তেজনা আৰু পাহৰণি পৃথিৱীৰ টুকুৰা খবৰ। আজি অনাঁতাৰৰ চলন্ত বিৱৰণী নাই, ফুটবল খেলুৱৈ হোৱাৰ হেঁপাহ নাই । ফুটবলৰ উত্তেজনা এতিয়া তেনেই নগণ্য খবৰ।

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Ujjal
7 years ago

অতি সুন্দৰ। ভাল লাগিল পঢ়ি। সচাকৈ আজিকালি উকা হৈ থকা খেলপথাৰবোৰ দেখিলে খুবেই বেয়া লাগে। খেলে যুজিবলৈ শিকাই আৰু আত্মবিশ্বাস বঢ়াই যি পিছৰ জীৱনত বহু বেছি সহায় কৰে।