মাৰ্ক্সৰ ছাঁয়াৰ মায়া: ৰক্তিম গোস্বামী

মাৰ্ক্সৰ ছাঁয়াৰ মায়া

ৰক্তিম গোস্বামী

…হয়, বেছি ভাবি লাভ নাই। কথাটো সহজ। ক’ক’ ক’লাৰ লগত বিলাতী সুৰাৰ আমেজ
লৈ ডাচ্-কাপিটালৰ কথা কোৱা দুমুখীয়া মানুহজনক মই ভাল পাব নোৱাৰোঁ।
লাগিলে যোনেই নহওক। ঘূৰি যাওঁ বুলি ভাবিলোঁ যদিও ন’গলোঁ। অনুশোচনা ভাৱ
অহা নাই যেতিয়া ভুল কৰা নাই। প্রত্যেক সম্বন্ধৰে আয়ুস থাকে।

” ..দেশ ভাগিলে অ’ সমাজখন নেভাগক…” মানুহজনৰ পুৰণা   টেপ ৰেকৰ্ডাৰটোত
গীতটি প্রায় বাজি থাকে। আমাৰ ঘৰৰ গাতে লাগি থকা তেখেতৰ ঘৰ। মই যেতিয়াই
তেখেতৰ ঘৰলৈ গৈছিলোঁ, গীতটি বাজি থকা শুনা পাইছিলোঁ। খুউব বেছিকৈ
মাৰ্ক্স-লেনিনৰৰ প্রতি আকৃষ্ট মানুহজনে মোৰ কুমলীয়া বয়সক আওকাণ কৰি সঘনাই
শ্রেণী সংগ্রামৰ কথা কৈছিলে। মই শুনি গৈছিলোঁ। মানুহজনৰ কথাত এক মোহিনী শক্তি
আছে। এটা এনেকুৱা শ্ৰেণী প্রকৃততে আছে যিয়ে মানুহক ডাঙৰ ডাঙৰ কথাৰে সহজে
মোহিব পাৰে, মন্ত্রমুগ্ধ কৰিব পাৰে। বিশ্ব সাহিত্য, ৰাজনীতি, কলা, বিজ্ঞান সকলো সম্ভৱ
দিশতে বাকপটুতাৰে নিজৰ জ্ঞানৰ চানেকি দিয়ে। প্রতিবাৰেই তেওক লগ পোৱাৰ আশ্বৰ্য্যৰ
নৌ মাৰ যাওতেই মগজুত সদায় এটা প্রশ্নৰ টোকৰ পৰে। ইমান চোকা মানুহজন মানুহৰ
কিয় ইমান অচিনাকি। মানুহজনক ‘প্রচাৰবিমূখ’ বুলিবও নোৱাৰোঁ সঁচা অৰ্থত প্রচাৰবিমুখ
হোৱা হ’লে মোক বা আন কাৰোবাক পালেই তেখেতে সেই কথাবোৰ অৰ্নগল কৈ যাব
নিবিচাৰিলে হয়।

তেখেতে মোক কোলাত লোৱাৰ দিনৰ পৰা পাইছে। মোৰ বাবে তেওঁ আছিল ‘চেনীবিস্কুট খুৰা’।
মানুহৰ ঘৰলৈ কম আহ-যাহ মানুহজনৰ। কিন্তু আমাৰ তালৈ যেতিয়াই আহিছিল মোলৈ
চেনীবিস্কুটৰ পেকেই এটা সদায় আনিছিল। তেওঁ ঘৰলৈ অহা বুলি গম পালেই একেদৌৰে
তেওঁৰ ওচৰ পাইছিলোঁগৈ বিস্কুটৰ আশাত।

মানুহজন দেখি দেখিয়েই ডাঙৰ হ’লোঁ। তেওঁক দেখিলে সময় স্থিৰ হৈ যোৱা যেন লাগে।
বছৰৰ পিছত বছৰ বাগৰি গ’ল তেখেতৰ পৰিষ্কাৰ, ঢকঢকীয়া বগা চুৰীয়া-পাঞ্জাবীজোৰ
যেন সলনি নহ’ল। দেউতায়ে তেখেতৰ কথা সুধিলে কয় “মানুহজন অলপ বেলেগ।
মোৰ ককাইদেউৰ দৰে জ্ঞান কৰোঁ। পঢ়া-শুনা কৰা মানুহ তেওঁ। সংসাৰৰ মায়া মোহৰ
প্রতি আসক্তি নাই তেখেতৰ। জীৱনটো বৰলা হৈয়ে কটালে। তেখেতৰ খং বেছি, খঙটোৰ
পৰা বাচি থাকিবি”। তেখেতৰ জীৱনটো, তেখেতৰ জীৱনশৈলী, তেখেতৰ অবয়ব, তেখেতৰ
টেবুলৰ কিতাপবোৰ, তেখেতৰ কথাবোৰ- এই সকলোবোৰৰ মাজৰ অদৃশ্য কাৰণটোক
যেন লাহে লাহে বুজিবলৈ চেষ্টা আৰম্ভ কৰিলোঁ। মোৰ বয়স বঢ়াৰ লগে লগে মানুহজনক
ভালকৈ জনাৰ হেঁপাহো বাঢ়ি আহিছিল সমানে।

তেখেতে পঢ়া কিতাপবোৰ বিচাৰি পঢ়া আৰম্ভ কৰিলোঁ, এখন দুখনকৈ। মোৰ যেন ত্ৰিনেত্র খোল
খালে। বিদেশত কি কি ঘটি গৈছে!! কি কি ঘটি আছে!! চীন, ৰাচিয়া, সাংস্কৃতিক বিপ্লৱ, বলছেভিক,
মাৰ্ক্স, লেনিণ, ষ্টেলীন, গৰ্কী ইত্যাদি ইত্যাদি। ৱাহ !! আচৰিত আচৰিত ঘটনা, বিশাল ব্যক্তিত্বৰ
মানুহবোৰ। মূৰৰ ওপৰৰ ভূখণ্ডৰ বিষয়ে ইমান জানিব লগীয়া সাংঘাটিক সাংঘাটিক ঘটনাবোৰ
ইমানদিনে জনাই নাছিলোঁ। পৃথিৱীখন অতদিনে ঘৰৰ চোতালৰ পৰা চক্ বজাৰৰ মাজতে সামৰি থৈছিলোঁ। এখন নতুন পৃথিবী আবিষ্কাৰৰ আনন্দৰ বিষয়ে বেলেগে আৰু কি ক’ম। মানুহজনৰ ওচৰত মনে মনে মূৰ দোৱালোঁ। শ্রদ্ধা বাঢ়িল বুজাব নোৱাৰাকৈ। লাহে লাহে মোৰো প্রিয় গীত হৈ পৰিল ” ..দেশ ভাগিলে অ’ সমাজখন নেভাগক…”।

এটা দুটাকৈ তেখেতে কৈ যোৱা কথাবোৰত ভাগ লোৱা আৰাম্ভ কৰিলোঁ। নজনা কথাবোৰ প্রথমে
তেখেতৰ খং নুঠাকৈ ভয় ভয়কৈ সুধিছিলোঁ। পিছলৈ নুবুজা কথাবোৰ তেখেতক সুধি বুজি
উঠিবলৈ কথাবোৰ সহজ হৈ পৰিছিল। তেখেতে এজন বন্ধু আৰু মই এখন মানুহৰূপী এনচাইক্লপিডিয়া পালোঁ। আমাৰ আড্ডা খুব জমিল পিছলৈ। পিছলৈ আড্ডাত মোৰ সমুখত সংকোচ নকৰাকৈ মদ খাবলৈ আৰম্ভ কৰিলে। প্রথমে অলপ অস্বস্তি লাগিছিল যদিও, নিজকে অলপ ডাঙৰ
হোৱা যেন লগা ভাৱটোৰো আমেজ লৈছিলোঁ।

মোৰ গ্রেজুৱেচনৰ ৰিজাল্ট ওলাল। চাওঁতে চাওঁতে ৩ টা বছৰ পাৰ হৈ গ’ল কেৱল কথাৰ মাজত।
পৃথিবীখন বহুত চিনাকি হৈ গ’ল এই ৩ বছৰত। প’ষ্ট গ্রেজুৱেচনৰ বাবে ঘৰ এৰিবলগীয়াত পৰিলোঁ। মানুহজনক এৰি আহিবৰ সময়ত এক বুজাব নোৱাৰা কষ্ট অনুভব কৰিছিলোঁ। মানুহজনে নিজৰ ভাৱবোৰ লুকুৱাবলৈ চেষ্টা কৰি মোক আশীৰ্বাদেৰে বিদায় দিছিল। মই নতুন পৰিবেশৰ লগত ব্যস্ত হৈ পৰিলোঁ কম সময়ৰ ভিতৰত। নতুন হোষ্টেল, নতুন লগৰবোৰৰ লগত দিনবোৰ পলকত পাৰ হোৱা যেন লাগিল।

সেইদিনা দেওবাৰ আছিল। ৰাতিপুৱাই বন্ধু এজনে চিঞৰি কৈ গ’ল -“ঐ ঘৰৰ পৰা ফোন কৰিছে।
ৰৈ আছে। সোণকালে যা”। মই টোপনীৰ জালতে দৌৰাদৰি কৈ গৈ ফোনটো ধৰিলোঁগৈ। মায়ে থুকাথুকি মাতেৰে ভালকৈ একো ক’ব নোৱাৰিলে। খালী ক’লে ‘তই যিমান পাৰ সোনকালে ঘৰলৈ আহ।’ মই একো ধাৰণা কৰিব নোৱাৰি এক অজান আশংকালৈ ঘৰলৈ বুলি বাছত উঠিলোঁ।

…দেউতা বিচনাতে আছে এতিয়াও। দেউতাৰ অবস্থা দেখি আৰু ঘটনাটোৰ
বিষয়ে শুনি মোৰ হিতাহিত জ্ঞান হেৰাল। একেকোৱে মোৰ মৰমৰ ‘চেনীবিস্কুট খুৰা’ৰ ঘৰ পালোঁগৈ। একপ্রকাৰে গুৰিয়াই দোৱাৰখন খুলি সমুখৰ ৰুমতে মদ খাই থকা অবস্থাত তেখেতক পালোঁ। তেওক সেই ৰঙত দেখি মোৰ খং দুগুণে চৰিল। তেখেতে মোক দেখি কি প্রতিক্রিয়া কৰিব বুজিব নোৱাৰি মোলৈ চাই থৰক বৰককৈ থিয় হ’ল। মই ৰখিব নোৱাৰি অনৰ্গল কৈ পেলালোঁ …

“আপুনি কেৱল ভেঁটাখন দিওতে অলপ ইফাল সিফাল হোৱাৰ বাবেই দেউতাক লগত দন কৰিলে। তাতো সন্তুষ্ট নহৈ দেউতাৰ গাত হাত তুলিলে। দুমুখীয়া আপুনি নিজকলৈ অতীষ্ঠ হৈ উৰহৰ খং ভঙা ঠাৰিত উলিয়ালে। দেউতাৰ সহনশীলতাৰ বাবে আপুনি এতিয়া পুলিচৰৰ হাতত পৰাগৈ নাই। সংসাৰৰ মায়া নাই কিন্তু মাটিৰ মায়াত নৰখাদক হ’বলৈয়ো কুন্ঠাবোধ নকৰা এটা ভণ্ড পিশাচ আপুনি। দুখীয়াৰ দুখত ঘৰিয়ালৰ চকুপানী টোকা আপোনাৰ নিচিনা ৰঙা পোচাকী
মানুহবোৰে নিজৰ ভোকত দুখীয়াকে বধি সিহতৰ ৰুটি খাবলৈ কুণ্ঠাবোধ নকৰে। মাৰ্ক্স,
লেনিন নহয় আমাৰ নিজৰ ভাগৱত গীতা পঢ়ক, চৰিত্রৰ সংশোধন হ’ব। মানুহ হৈ মানুৰ
মাজত থাকিব পাৰিব। কমিউনিষ্ট বা কংগ্রেছী নহয় এটা মানুহ হ’বলৈ শিকক।
আপোনাৰ মাৰ্ক্স ‘হেভ’ আৰু ‘হেভনটচ’ৰ লগত একে মাটিতে জাঁহ গ’ল। দুখীয়াৰো
দুখ নগ’ল, ধনীৰো নগ’ল খক ”

একে উশাহতে কথাখিনি কৈ ওলাই আহিছিলোঁ। তেখেতৰ ওপৰত এটা বিৰাট ঘৃণাভাৱে
বাহ লৈছিল মনত। পুৰণা কথাবোৰ এখন ক’লা বগা চিনেমাৰ দৰে চকুৰ আগেদি পাৰ হৈ
গ’ল। মনটো অকস্মাৎ উদং হৈ গৈছিল। ভাৱ হৈছিল মোৰ ঘৰৰ চোতালৰ পৰা চক্ বজাৰৰ মাজৰ
পৃথিবীখন যদি সৰু আছিল কিন্তু ই সুন্দৰ আৰু স্বতঃস্ফূৰ্ত আছিল। ভালটো ভাল বুলি আৰু
বেয়াটো বেয়া বুলি জানিছিলোঁ। আপোনবোৰৰ মাজতে এনেকৈ যে শিখণ্ডীৰ এজাত সুমাই
থাকে মই কেতিয়াও ভাবিব পৰা নাছিলোঁ। দেশ, সমাজ সকলোৰে
আৰম্ভণি নিজৰ পৰাই। এই অকল্পনীয় অভিজ্ঞতাৰ পৰা এটা কথা ভালকৈ
বুজিলোঁ যে এজন মানুহৰ প্রকৃত পৰিচয় তেখেতৰ জ্ঞান বা কৰ্মত নাথাকে,
থাকে জ্ঞান আৰু কৰ্মৰ মাজত পাৰ্থক্যতহে।….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক