মাৰ্ক টোৱেইনৰ পাঁচটি আৰ্শীবাদ – লম্বোদৰ গগৈ

 

(আমেৰিকান কথা সাহিত্যিক মাৰ্ক টোৱেইনক নতুনকৈ পৰিচয় কৰি দিয়াৰ কোনো দৰকাৰ নাই৷ মাৰ্ক টোৱেইন ছদ্মনামৰ আঁৰৰ প্ৰকৃত মানুহজনৰ নাম হল চেমুৱেল লেংহৰ্ন ক্লীমেঞ্চ৷ যিয়ে “এডভেঞ্চাৰ অব

হাকলবেৰী ফিন“ আৰু “এডভেঞ্চাৰ অব টম চয়াৰ“ পঢ়িছে তেওঁলোকৰ ওচৰত তেখেতৰ পৰিণত বয়সৰ এই গল্পটো অলপ অন্যধৰণৰ এক অনুভৱ হ’ব৷ )

(এক)

এদিন পুৱাই এগৰাকী জলপৰী আহি দৰজাত কৰাঘাত কৰিলে৷ জলপৰীৰ হাতত আছিল এটি পাত্ৰ, ক’লে, “এয়া লোৱা উপহাৰ, যিকোনো এটি পছন্দ কৰি বাকীবোৰ ৰাখি দিয়া৷ তুমি যিটো লোৱা ভালকৈ জানি
শুনিহে বাছি ল’বা, কাৰণ ইয়াৰ ভিতৰত মাত্ৰ এটি উপহাৰহে মূল্যবান৷ “
পাত্ৰটিত আছিল- ’সন্মান’, ’ভালপোৱা’, ’সম্পদ’, ’আনন্দ’ আৰু ’মৃত্যু’- এই পাঁচটি উপহাৰ৷ যুৱকজনে আগ্ৰহেৰে সৈতে ক’লে, “ইয়াত বিচাৰ বিবেচনা কৰাৰ কোনো প্ৰয়োজনেই নাই“ বুলি
তেওঁ ’আনন্দ’ক বাছি ললে৷ তেওঁ বাহিৰৰ পৃথিৱীলৈ গল, যৌৱনৰ আনন্দত মত্ত হৈ উঠিল৷ কিন্তুু সকলো আনন্দই তেওঁৰ ওচৰত ক্ষণস্থায়ী, অপ্ৰত্যাশিত আৰু সৰ্বশেষত অৰ্থহীন প্ৰতীয়মান হল৷ যুৱকজনে মনে মনে
ভাবিলে, ‘এই বছৰ বিলাক অযথাকৈয়ে নষ্ট হ’ল৷ যদি আকৌ সুযোগ পোৱা যায়, তেতিয়া মই বিচাৰ-বুদ্ধি কৰি বাছি ললোহেঁতেন৷’
(দুই)
এদিন এই জলপৰীটি আকৌ আহিল আৰু কলে, “আৰু চাৰিটি উপহাৰ বাকী আছে, খুব সাৱধানে বাছি লোৱা আৰু মনত ৰাখিবা কেৱল এটিহে ইয়াত খুব মূল্যবান৷ “
মানুহজনে এইবাৰ বহুসময় ধৰি ভাবিলে আৰু বাছি ললে “ভালপোৱা“৷ জলপৰীৰ চকুত জলমল কৰি উঠা অশ্ৰুকণাবোৰ তেওঁৰ চকুতেই নপৰিল৷
বহুবছৰৰ পিছত শূন্য ঘৰৰ এটি কফিনৰ কাষত মানুহজন বহি আছে৷ আৰু নিজকে কৈছে, “এজন এজনকৈ ইহঁত সকলোৱেই গুচি গল, এতিয়া আটাইতকৈ প্ৰিয় আৰু সৰ্বশেষজনো ইয়াত শুই আছে৷ কেৱল হাহাকাৰ
আৰু হাহাকাৰ কৰিয়েই মোৰ জীৱন গ’ল, ভালপোৱাৰ বিশ্বাসঘাটকতাই মোক কঙাল কৰি পেলাইছে৷ ভালপোৱা, মই অভিশাপ দিছো তোক৷ “
(তিনি)
“বাছি লোৱা“, জলপৰীয়ে ক’লে, “এই বছৰবোৰে তোমাক জ্ঞান দিছে, সেয়ে দিয়া উচিত৷ তিনিটা উপহাৰ বাকী আছেগৈ৷ মনত ৰাখিবা যে কেৱল এটিহে মূল্যবান, গতিকে ভালদৰে বাছি লোৱা৷
বহুসময় চাই চাই লোকজনে বাছি ল’লে ’সন্মান’, জলপৰীয়ে দীৰ্ঘশ্বাস এৰি নিজৰ বাটেৰে গুচি গ’ল৷ আৰু কিছুবছৰ অতিক্ৰম কৰিলে৷ যেতিয়া ম্লান হৈ অহা এটা দিনৰ অন্ততঃ লোকজনে চিন্তা কৰি আছে
তেতিয়াই জলপৰীটি আহি লোকজনৰ ওচৰত ৰ’লহি৷ জলপৰীয়ে জানে তেওঁ কি ভাবি আছে!
এই পৃথিৱীক মোৰ নামে পূৰ্ণ কৰিছে, সকলোৰে মুখেমুখে মোৰেই নাম৷ অৱশ্যে কিছুসময়ৰ বাবে এয়া দেখিবলৈ ভালেই লাগিছে৷ কিন্তুু কিমান ক্ষুদ্ৰতম আছিল সেই সময়কণ৷ ইয়াৰ পিছে পিছেই আহিল ঈৰ্ষা,
বিভ্ৰান্তি, ঘৃণা, আৰু নানা অভিযোগ৷ ইয়াৰ পিছত সেই পৰিহাসৰ পুনৰাবৃত্তি৷ সৰ্বশেষত আহিল সেই কৰুণা যিয়ে সন্মানক ধূলিস্যাৎ কৰি পেলালে৷
(চাৰি)
“আকৌ বাছি লোৱা“ আকৌ সেই জলপৰীৰ কণ্ঠস্বৰ৷ দুটা উপহাৰ এতিয়াও বাকী আছে৷ একো আপচোচ নকৰিবা, আৰম্ভণিতে যিদৰে এটি মাত্ৰ মূল্যবান উপহাৰ আছিল সেয়া এতিয়াও আছে৷ “
“সম্পদ, যাৰ মানে হল ক্ষমতা৷ কিযে অন্ধ আছিলো মই! এতিয়াহে জীৱনটো অৰ্থপূৰ্ণ হ’ব৷ “ কৈ উঠিল লোকজনে৷ এই পৃথিৱী এতিয়া মোৰ কথাত উঠ-বহ কৰিব, মই সমস্ত বিত্ত, বৈভৱ, প্ৰাচুৰ্য আৰু সকলো
আনন্দ, সন্মান, প্ৰভুত্ব সকলো মই কিনি লম৷ এতিয়ালৈকে মই ভুল উপহাৰহে বাছি লৈ আছিলো৷ “
তিনিটা ক্ষুদ্ৰ বছৰ অতিবাহিত হল৷ এদিন লোকজনে এটি সাধাৰণ জুপুৰি ঘৰত বহি কঁপি আছে, তেওঁ আছিল অস্থি-চৰ্মসাৰ, চকু গাঁতত সোমাই পৰিছে৷ শুকান স্বৰেৰে তেওঁ বিৰবিৰ কৰিছে, অভিশাপ দিছে পৃথিৱীৰ
সমস্ত উপহাৰক, পৰিহাসক আৰু সজোৱা মিথ্যাবাদক৷ এইবোৰ কোনো উপহাৰ নাছিল৷ বিয়াগোম “দুখ“ হে আছিল৷ আনন্দ, ভালপোৱা, সন্মান, সম্পদ- সকলোবোৰেই ইমান ক্ষণস্থায়ী যে সকলো শেষ হয় যন্ত্ৰণা,
লজ্জা, আৰু দৈন্যৰ মাজত৷ জলপৰীয়ে ঠিকেই কৈছিল যে এটি মাত্ৰ উপহাৰহে মূল্যবান আছিল৷ মই অনেক শ্ৰান্ত, ক্লান্ত, মই বিশ্ৰাম বিচাৰো“
(পাঁচ)

জলপৰীটি আকৌ আহিল চাৰিটি উপহাৰ লৈ, কিন্তুু “মৃত্যু“ বাদ দি৷ জলপৰীয়ে পুনৰ ক’লে, “মই সেইটো অন্য এজনক দি আহিছো, সি আছিল উপেক্ষিত কিন্তু তেওঁ মোক বিশ্বাস কৰিছিল, মোক কৈছিল
পছন্দ কৰি দিবলৈ৷ তুমিতো কেতিয়াও মোক পছন্দ কৰি দিবলৈ কোৱা নাছিলা? “
লোকজনে ক’লে, “এতিয়া আৰু কি বাকী থাকিল মোৰ বাবে? “
জলপৰীয়ে উত্তৰ দিলে, “বৃদ্ধকালৰ লাঞ্ছনা“– যাৰ যোগ্যও তুমি নোহোৱা৷ “

(গল্পটি কিছু পৰিমানে সংক্ষেপিত৷ অলপ নৈৰাশ্যবাদী, মাৰ্ক টোৱেইনৰ এনে ৰূপ আগতে কেতিয়াও দেখা নাই৷ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments