মাৰ্টিন গডফ্ৰেৰ সন্ধিয়া – অভিজিত দত্ত

১)

কথকতা
——-

আইজনী, মোৰ সাধুটো শুনা৷ তোমালোকে মোৰ বিষয়ে যিখিনি জানিলা, তাতে মোৰ কথাখিনিকো সংযোজন কৰি চোৱাচোন৷ কিবাকিবি কথাবোৰত গত এটাও লাগক৷ এটা পুৰণিকলীয়া কাহিনীৰ জন্ম বৃত্তান্ত এনেদৰেই সাৰ্থক হৈ পৰক৷

২)

পুৰাতনৰ সেই সাধুটো
——-

ৰূপহী, মাছ পালো অ চেপাটোত৷ খেতিৰ পৰা চিধাই চেপা পালোগৈ অ৷ আহ, চাহি মাছ৷

নাই, ভিতৰৰ পৰা কোনো সমিধান নাহিল৷ তাই চাহাবৰ ঘৰৰ পৰা ঘূৰি অহা সময় পাৰ হৈ গৈছে৷ তেনেহলে এই ফূটগধূলি ঘৰখন নিমাওমাও হৈ পৰাৰ কাৰণ কি?

নাই, ৰূপহী আহি পোৱাহি নাই৷ মোৰ মনটো বৰ কেনেবা কৰিলে৷ চিন্তাই মোক দংশিলে অ তেতিয়াই৷ লণ্ঠন এটা জলাই মই চাহাবৰ ঘৰলৈ আগবাঢ়িলো৷ তাইক ঘৰলৈ আনিব লাগিব৷

—-এই হাবিখন মই পাৰ হৈ যাব লাগিব৷ হঠাৎ ঘোঁৰাৰ খটখট শব্দত মই সচকিত হৈ পৰিলো৷ ও, সেইয়া বগা ঘোঁৰাত উঠি হামফ্ৰে ডেভিড মোৰ ফালে আহি আছে৷ মই মাটিত মূৰ থলো৷ এই চাহাবসকলৰ আগত আমি কলা ছালৰ মানুহবোৰে মূৰ তুলিব নোৱাৰো৷ ইহঁতবোৰ আমাৰ বোপা-ককাই কোৱা আহোম স্বৰ্গদেউ সকলৰ দৰে একেবাৰে নহয়৷

কথাবোৰ ভাবি থাকোতেই মই পিঠিত কিবা বিজলুৱা পদাৰ্থৰ উপস্থিতি অনুভৱ কৰিলো৷ পিঠিত সেইয়া হামফ্ৰেৰ থুই৷ ঘৃণা, অপমান আৰু এক নিঃসহায় পৰিবেশে মোক গ্ৰাস কৰিলে ঠিক যেন সৰুতে আইতাই কোৱা সাধুটোৰ অজগৰটোৰ দৰে৷

—-কি ভাবি আছো? ৰূপহীক বিচাৰি আহিছিলো মই৷ আৰু ভাবি আছো হামফ্ৰে ডেভিডহঁতৰ কথা৷

মই খোজ দিলো৷ এইবাৰ অলপ খৰকৈ যাত্ৰা আৰম্ভ কৰিলো৷ মুনিচুনি বেলিৰ বিদায়ৰ পিছে পিছে ময়ো আগবাঢ়িলো চাহাবৰ ঘৰলৈ৷

অ আই, আৰু অকণমান আছে ৰবা মোৰ সাধুটোৰ৷ মাৰ্টিন গডফ্ৰেৰ বাংলোত মই অকণমান সময়ৰ পিছত উপস্থিত হ’লো৷ ঘৰটোৰ পিছফালে থকা লুংলুঙীয়া পথেৰে মই সন্তৰ্পনে আগবাঢ়িলো৷ বাটত যে হাবিখন পাইছিলো, মোৰ সেইসময়তো ৰূপহীৰ চিন্তাই আঁতৰ কৰি দিয়া ভয়টোৱে এতিয়া পিছে মোৰ গাৰ নোম থিয় কৰিলে৷ মোক চাহাবে দেখিলে যে সুদাই নেৰে, সেই চিন্তাই মোৰ খোজৰ গতি স্তব্ধ কৰিলে৷ খুপি খুপি মই ৰান্ধনিশালৰ খোলা খিৰিকীখনৰ ওচৰ চাপিলো৷ আৰু তাৰ পিছতেই মই সেই খিৰিকীৰে যি দেখিলো তাক কবলৈ গৈ মোৰ আকৌ কণ্ঠৰূদ্ধ হৈ পৰিছে৷ ৰান্ধনিশালৰ মজিয়াত তাই ৰূপহী পৰি আছে৷ তুমি বুজি পাবা নিজৰ স্নেহৰ চেনেহীজনী এনেদৰে নিথৰ হৈ পৰি থাকিলে মনৰ গতি কেনে হয়৷ ৰান্ধনিশালৰ পিছফালৰ দুৱাৰত মই জোৰেৰে কৰাঘাত কৰিলো৷ দুৱাৰখন কোনোবাই খুলি দিলে৷ একে উশাহতেই মই তাইৰ ওচৰ চাপিলো৷ ৰূপহীৰ প্ৰায় নিৰাভৰণ দেহটো নিশ্চল হৈ পৰি আছে৷ তাইৰ কাষতেই এখন চকীত চাহাবটো বহি আছে৷ তাৰ কাষতে তাৰ ঘৈণীয়েকে তাক উচ্চস্বৰত সিহঁতৰ ভাষাত কিবা হবপায় গালি পাৰি আছে৷ মোৰ বুজিবলৈ একো বাকী নাথাকিল৷ এক প্ৰচণ্ড জিঘাংসাই মোৰ সত্ত্বাক জোকাৰি গ’ল৷ মাতাল চাহাবৰ ওপৰত মই জপিয়াই পৰিলো৷ ইমান সময় নীৰৱে মাৰ্টিন চাহাবৰ ওচৰত থিয় হৈ থকা তাৰ লগুৱা- আলধৰাই মোক জপটিয়াই ধৰিলে৷
৩)

চিৎকাৰ
——

অন্তৰীপাই হঠাৎ মৰা চিঞৰটোৱে মোক সচকিত কৰি তুলিলে৷

“হেই, কি হ’ল অ৷” বিছনাত বহি লোৱা তাইৰ দেহটো অসাথন হৈ পৰিছে৷ মই তাইক সাৱটি ধৰিলো৷ তাইৰ চুলিৰ মাজেৰে মোৰ হাতখন সুমুৱাই তাইৰ মূৰটো লিৰিকি বিদাৰি থাকিলো কিছুপৰ৷ উচুপি উঠা অন্তৰীপাৰ দুখে মোকো দহি নিলে৷ মাকজনী হৈ মইনো এইৰ এই অৱস্থা কেনেদৰে সহ্য কৰো৷

তাইৰ টোপনি আহিছে৷ মই বেলকনিলৈ ওলালো৷ চকীখনত গাটো এৰি দিলো মই৷

আজি প্ৰায় এবছৰ ধৰি মই বৰ চিন্তাত দিন কটাইছো৷ দেশে- বিদেশে গৱেষণাৰ কামত ঘূৰি ফুৰা মোৰ মাজনীয়ে আজি প্ৰায় এবছৰমানৰ পৰা কিবা অদ্ভুত আচৰণ কৰিবলৈ আৰম্ভ কৰিছে৷ তাইৰ অধ্যয়নৰ একোটা চৰিত্ৰই তাইৰ সপোনত থিতাপি লয়৷ সিহঁতে একোটা নতুন কাহিনী হৈ পৰে সেই সময়ত৷ সিহঁতে জলাই মাৰে মোৰ মাজনীক৷

মই মুক্ত আকাশলৈ চালো৷

“তুমিও মোক এৰি গ’লা৷ মাজনীৰ কথাটোৰ কি কৰো কোৱাচোন৷ বৰ অসহায় হৈ পৰিছো তোমাৰ অবিহনে৷”

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক