মাৰ্ডাৰ -(প্লাৱিতা বৰুৱা)

মাৰ্ডাৰ
-প্লাৱিতা বৰুৱা
“ডে্ড বডিটো কি কৰা যায়?”,- মৃণালৰ কপালত চিন্তাৰ ৰেখা স্পষ্ট হৈ উঠিল।
“তুমি দায়িত্ত্ব ল’ব লাগিব ।”,- বিনীতাৰ চোকা উত্তৰ।
“এই ৰাতিখন… ছেহঃ… তাতে তোমাৰ চিঞঁৰটো কাষৰ ঘৰে শুনিছেই কিজানি !”
“সেইবোৰ মই নাজানো । লৈ যোৱা প্লিজ্ ইয়াৰ পৰা… এতিয়ায়েই ।“
“তোমাৰ কাৰণে হত্যাকাৰী ও হৈ গ’লো মই ! ঠিকেই কয় নাৰী চলনাময়ী ।”
“উফ দাইলগ বন্ধ কৰা । ইমানদিনৰ অশান্তি এটাৰ অন্ত পৰিছে আজি।“
“অলপটো কৃতজ্ঞতা দেখুওৱা, এনেকুৱা এটা অপৰাধ কৰোৱাইছা, আজিলৈকে মাখি এটাও মাৰি নোপোৱা মানুহটোৰ দ্বাৰা ।“
“সেইকাৰনেটো তুমি মোৰ চুপাৰহিৰো, লৈ যোৱানা এতিয়া প্লিজ ।“ (মিচিকিয়াই)
বিনিতাৰ সেই ৰহস্যময়ী হাঁহিটোতেইটো মুগ্ধ হৈছিল সি ।
“এনিঠিং ফৰ্ য়ু ডাৰ্লিং ।“
কাগজখনত মৰা নিগনিটো উঠায় পিছফালে গাতঁত পেলাবালৈ যাঁওতে তাৰ নিজকে কিবা জিম্ কৰ্বেট যেন লাগিল ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments