‘মা’ৰ কেৰাহীটো – জিতু দত্ত

 আঞ্জা বনাবলৈ আমাৰ ঘৰত দুটা কেৰাহী আছিল৷ এটা ডাঙৰ আৰু আনটো সৰু৷ ডাঙৰ কেৰাহীটোত মায়ে এদিন মাছৰ জোল বনাই থাকোতে দেখিলে যে আঞ্জাবোৰ লাহে লাহে নোহোৱা হৈ আছে৷ ভালকৈ চাই দেখিলে যে তলেৰে এটোপ এটোপকৈ সৰি সৰি জুইত পৰি আছে৷ মানে কেৰাহীটো ফুটিল৷ পিতায়ে কেৰাহীটো আছুতীয়াকৈ এঠাইত ৰাখি থৈ দিলে৷ ঠাণ্ডাৰ দিন আহিল৷ পিতায়ে সেই কেৰাহীটোত জুই ধৰাৰ ব্যৱস্থা কৰিলে৷ ৰাতি আমিও ভাত খাই উঠি সেই জুইকুৰাত হাত সেকি শুবলৈ যাও৷ জুইকুৰাত গাটো সেক দি দি পিতাই এদিন সিপুৰীলৈ যাত্ৰা কৰিলে৷

ইয়াৰ পিছতো মায়ে কেৰাহীটো ধুনীয়াকৈ ৰাখি সেই একেদৰেই ঠাণ্ডাৰ দিনৰ জুই পুওৱাৰ কামত ব্যৱহাৰ কৰিবলৈ ধৰিলে৷ ঠাণ্ডাৰ দিনত দিনৰ ভাগতে মায়ে খৰি বিচাৰি আনি চোতালৰ এচুকত থকা কেৰাহীটোৰ ওচৰত জমা কৰি থয়৷ খৰিখিনি ইমান হিচাপত মায়ে যোগাৰ কৰে যে সেইখিনি খৰিৰে সন্ধিয়া ছয় বজাৰ পৰা ৰাতি বাৰ বজালৈকে জুই পুৱাব পাৰি৷ কেতিয়াবা কোনোবাই খৰিখিনি বেলেগ কামত খৰচ কৰিলে মাৰ বৰ খং উঠে আৰু গালি দিয়ে৷ মায়ে জুইকুৰা ধৰাৰ লগে লগে ওচৰ চুবুৰীয়া দুই এজন আহিও গোট খায়৷ বিভিন্ন ধৰণৰ মেল বহে৷ শুনি ভাল লাগে৷ কেতিয়াবা ওচৰত আমাকো বহাই লয়৷ পুৰণি কথাবোৰ কয়৷ পিতাৰ কথা, আতা আবুহতৰ কথা৷ মাৰ মুখৰ পৰা অতীতবোৰ ৰোমণ্ঠন কৰি বৰ ভাল লাগে৷ সুখ দুখবোৰ আমাৰ আগত বিলাই মায়ো এক তৃপ্তি লাভ কৰে৷

মুখত তামোল চোবাই চোবাই প্ৰতিটো কথাতে মায়ে আমাক এটা নীতিশিক্ষা দিবলৈ যত্ন কৰে৷ নিয়ৰৰ তলত বহি জুই পুৱাই থাকিলে আমি ভিতৰলৈ যোৱাৰ কথা কলে মায়ে তেনেকৈ জুই পুৱাইহে ভাল লাগে বুলি কয়৷ আচল কথা ঘৰটো ধোঁৱাই নষ্ট কৰিব বুলি মায়ে সেই চোতালৰ চুকটোহে পচন্দ কৰে৷

মাৰ বেমাৰ হোৱাৰ পিছত মই ৰুম হিটাৰ এটা কিনি দি মাক কৈছিলো, “তই এতিয়া ইমান ঠাণ্ডাত চোতালত নিয়ৰৰ তলত জুই পুৱাই থকাতকৈ এইটো লাইনৰ লগত সংযোগ কৰি দিলে কোঠাটো গৰম হৈ যাব৷ জুই নুপুৱালেও হব৷ ভাল টোপনিও আহিব৷ মায়ে নামানে আৰু কয়, “ইমান টকা ভৰি তই এই হিটাৰ নে ফিটাৰ কিয় আনিব লাগে? মই সেইবিলাক একো নাজানোও৷ কেতিয়াবা চৰ্ট খাইহে মৰিম৷ নালাগে, তই এইটো ঘুৰাই দিবি৷ খৰিৰ জুইকুৰাই মোৰ কাৰণে ভাল৷

মায়ে এনেকৈয়ে এটা মৃদু ধমক দিয়ে৷

মাৰ অন্তিম সময়ত সৰু ভাইটিয়ে যেতিয়া সেই হিটাৰটো কোঠাটো গৰম হোৱাকৈ মাৰ বিছনাৰ তলত থৈ দিছিল, লাহেকৈ মাতি নি তাক প্ৰায়েই কয়, “বিল বহুত উঠিব অ’৷ সেইটো বন্ধ কৰ৷ কেৰাহীটোত মোক কেইটামান আঙঠা দি থলেও হব৷

এদিন এনেকৈয়ে মায়ে চকু মুদিছিল —
সিদিনা ঘৰলৈ গৈ ভাইটিক কেৰাহীটোৰ কথা সুধিলো৷

: “কেৰাহীখন ধুই মেলি ভালদৰে শুকাই কাগজত মেৰিয়াই ভালদৰে থৈ দিছো৷ নহলে মা’লৈ বৰকৈ মনত পৰি থাকে অ’৷ তাতে আকৌ ঠাণ্ডাৰ দিন যে৷

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক