মা (অনিন্দিতা কলিতা)

মা
নীলকণ্ঠী হৈ পান কৰ
তই প্ৰত্যহৰ গৰল
জীৱন বাঁহীৰ ছিদ্ৰময় দুখতো
অনায়াসে তুলিব পাৰ
সুখৰ ধ্ৰুপদী ৰাগ
তই মদৰূৱা জীৱনৰ
পনিয়লী ওঁঠ
তোৰ আঁচলৰ ছাঁত নিৰ্ভয়ে পাৰ কৰোঁ
বৰদৈচিলা ৰাতি
তোৰ চেনেহ জৰীৰে
অমৃতময় মোৰ
এঙেৰুৱা কলিজাটি
মধুৰতম ‘মা’ পৰিচয়ৰ বাবে
প্ৰয়োজন জানো হ’বলৈ
মোৰ পিতাইৰ তই অংক-লক্ষ্মী?
অযোনিসম্ভূত হ’লেও
‘বাসু’ যশোদানন্দন
যিদৰে মমতাময়ী ‘এগ্নেছ’ৰ বাবে
সৰ্বসাধাৰণ
তোৰ বৰ্তমানৰ জলাঞ্জলিত
সাজো আমি ভৱিষ্যতৰ সৌধ
মৌ বৰষা কণ্ঠত
পাহৰো যন্ত্রণাৰ বিভূতি
মা, মোৰ মনাকাশ উজলাই থকা
তই এটি জোনাকী শৰ্বৰী ৷
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক