মা অহাৰ সময় -মাধুৰীমা ঘৰফলীয়া

মই যেতিয়া চকু মেলিছিলোঁ মায়ে সেইসময়ত বিস্কুট এখন খাই আছিল আৰু মোৰ গাতে গা লাগি শুই থকা বাকী ভাই-ভনীকেইটাই টোপনিতে কেৰমেৰাই আছিল। মোক চকু মেলা দেখা পাই মায়ে বিস্কুটখন এৰি মোৰ মুখলৈ চালে। তাৰপাছত মৰমৰে মোৰ গাটো চেলেকিবলৈ ধৰিলে।
আমাৰ মা আগতেও বহুকেইটা সন্তানৰ মাতৃ হৈছিল। আমাৰ সেই ককাইদেউ-বাইদেউবোৰ এতিয়া সংসাৰী হ’ল। কিছুমানে মাক বাটত দেখিলেও নামাতে, ওলোটাই কিছুমানে যুঁজিবলৈ খেদিহে আহে। তথাপি মায়ে কাকো বেয়া নাপায়। কাৰণ তেওঁ যে মাক। আৰু এতিয়া আমাকো একেই মাতৃৰ আকুলতাৰে সাৱটি ধৰিছে।

মোৰ ভাই-ভনীকেইটাই পাছবেলালৈ চকু মেলি অলপ টনটনীয়া হ’ল। সিহঁতে চকু মেলাৰ লগে লগে মোৰ যেনেকৈ খেলাৰ লগ বাঢ়িল তেনেকৈ মাৰ কামো বাঢ়িল।
-ঐ টুকলু সেইফালে নাযাবি।
-ভুকু,তই পেনেৰীৰ গাত নুঠিবি। তাই বৰ দুৰ্বল।
-মলু,তই ইহঁতক অলপ চাবি। মই কিবা এটা বিচাৰি যাওঁ।
মলু মোৰ নাম। মায়ে হেনো আমি গৰ্ভত থাকোঁতে কোনোবা ফেঁচা এটাক কপাল দেখুৱাইছিল। সেই ফেঁচাটোৱেই মাক মোৰ নাম মলু ৰাখিবলৈ কৈছিল। মোৰ ওপৰত হেনো এটা সময়ত বহু দায়িত্ব আহি পৰিব। এইবোৰ মায়ে তেওঁৰ লগৰী এজনীৰ আগত কৈ থাকোঁতে শুনিছিলোঁ।
-মলু মই আহিলোঁ।
মায়ে সদায় এইদৰে মোক ভাই-ভনীকেইটাক চাবলৈ দি ক’ৰবাত খোৱা বস্তু বিচাৰি যায়। তাৰবাবে আমি মাক বেয়া নাপাওঁ। কাৰণ আমি ভালদৰেই জানো মায়ে যদি পেট ভৰাই খাবলৈ নাপায় আমি গাখীৰ ক’ৰপৰা খাবলৈ পাম। পিছে অশান্তি হয় আন কাৰণতহে। খেলি থাকোঁতে কেতিয়াবা কোনোবাটো গৈ আলিৰ মাজ পাওঁগৈ। এদিনটো ভুকু গৈ গাড়ী এখনৰ চকাৰ তলত সোমাইছিলেই। ভাগ্যে চালকজন অভিজ্ঞ আছিল, ভুকু কোনোমতে ৰক্ষা পৰিল। মায়ে সেইদিনা ৰাতি কথাষাৰ গম পাই কেউটাকে মৰিয়াইছিল। বহুদেৰি গাখীৰ খাবলৈও দিয়া নাছিল। পাছত যেনিবা আমাৰ কান্দোন শুনি মন কুমলিল।
-মোৰ সোনকেইটা,খেলিবলৈ মন গলে এই খালী ঠাই টুকুৰাতে খেলিবি, আলিলৈ নাযাবি দেই। তহঁতৰ কাৰোবাৰ কিবা এটা হ’লে মই অকলশৰীয়া মাকজনীয়ে বাৰু কি কৰিম?
অকলশৰীয়া মাক! এৰা আন কুকুৰৰ দৰে আমাৰ গৰাকী হিচাপে কোনো মানুহ নাই। চৌপাশে থকা আট্টালিকাবোৰৰ মাজৰ এই ঠাই টুকুৰা খালী হৈ পৰি আছে।  হওঁতে এটা চুকত জুপুৰি এটা আছে, পিছে সেই জুপুৰিটোত থকা সকলো আমাৰ গৰাকী নহয়। আমাৰ দেউতাৰ বিষয়েও আমি নাজানো। মাক সোধাও নাই। মাথো কেতিয়াবা দূৰৈৰ আট্টালিকা এটালৈ চাই মায়ে খঙৰে মাজে মাজে ভুকি থকাৰ পৰা অনুমান কৰোঁ আমাৰ দেউতা চাগৈ সেই আট্টালিকাটোৰ ভিতৰতে ক’ৰবাত থাকে।
-মলু ইহঁতক চাবি।
গধূলি-বেলিকা আনদিনাতকৈ সোনকালে মা ওলাই গ’ল।মই পাছফালৰ পৰাই মালৈ চালো। ছটাকৈ সন্তানক পেট ভৰাই গাখীৰ খুৱাবলৈ চেষ্টা কৰোঁতে মাজনী খীণাই গৈছে। মই ডাঙৰ হলে মাক অলপ হলেও সুখত ৰাখিবলৈ চেষ্টা কৰিম।
-মলু, মাই দেখোন আজি বহুত দেৰী কৰিছে?
মাজৰাতি হ’ল । খেলি খেলি আমনি লগাত ভুকুৱে আলিলৈ চকু দি মোক সুধিলে। মইনো তাক কি উত্তৰ দিম। অথনিৰে পৰা ময়ো ভাবি আছোঁ মায়ে ইমান দেৰি কৰিছে কিয়? আনকালেতো মায়ে ইমান দেৰি নকৰে। আমাৰ পিয়াহ লাগিছিল। পেনেৰি এনেই কান্দুৰি এতিয়া পিয়াহত ৰ’ব নোৱাৰি তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। সন্ধিয়া ল’ৰা এটাই আমাক বিস্কুট খাবলৈ দিছিল। মই মোৰ ভাগৰখন নাখায় মাৰ বাবে লুকুৱাই থৈছিলোঁ। পেনেৰিক সেইখনকে উলিয়াই দিলোঁ। বিস্কুটখন পাই তাই অলপ সময় মনে মনে থাকিল। তাৰপাছত আকৌ চিঞৰ-বাখৰ।
ৰাতি পুৱাবৰ হ’ল। অ’ত ত’ত দুই এজনী চৰায়ে কিচিৰ-মিচিৰ কৰিছে। মা নাহিল।  ভুকুহঁত কান্দি কান্দি শুই পৰিল। মই কন্দা নাই। মায়ে কৈছিল তই ডাঙৰ হয়, তই যিকোনো সময়তে ধৈৰ্যৰে থাকিবলৈ শিক। তেতিয়াহে বাকীকেইটাই সেয়া অনুসৰণ কৰিব। সেইবাবেই মই কন্দা নাই। কিন্তু কান্দোন এটাই বাৰে বাৰে আহি মোৰ ডিঙিত খুন্দা মাৰি ধৰিছেহি। মা কিয় অহা নাই? মাৰ কিবা অঘটন ঘটা নাইতো? নাই,মাকবোৰৰ একো অঘটন নঘটে। মায়ে কৈছিল মাকবোৰে নিজৰ সন্তানক ইমান বেছি ভালপায় যে সেই ভালপোৱাই তেওঁলোকক সকলো বিপদৰ পৰা আঁতৰাই ৰাখে। মাৰ একো হোৱা নাই। কাৰণ মাই আমাক ভালপায়। মা ঘুৰি আহিবই।

উপসংহাৰ: আবেলি দোকানখনত সোমাবলৈ লৈ সমুখৰ আলিটোলৈ চাই মানুহজনে চিঞৰি উঠিল
-আৰে..অমৃত সেই কুকুৰজনীক কোনেও নিয়া নাই?
-নাই নিয়া। কুকুৰজনীৰ পোৱালী আছিল যেন লাগিছে।
-পোৱালী থাকক বা নাথাকক সেইবোৰ বিচাৰ কৰা আমাৰ দৰকাৰ নাই। কুকুৰজনীক এতিয়াও জাবৰ নিয়া মানুহে কিয় নাই নিয়া! অলপ পাছত গোন্ধালে দোকানত বহিবি আৰু। যাচোন যা কোনোবা এটাক বিচাৰি আন।
মানুহজনৰ কথাত অমৃত বোলাজনে দোকানৰ পৰা ওলাই ইফালে সিফালে চাই মানুহ বিচাৰিবলৈ ধৰিলে। ৰাতিয়েই কাৰোবাৰ গাড়ীয়ে খুন্দিয়াই চেপেটা কৰি পেলোৱা কুকুৰজনী দেহত ইতিমধ্যে দুই এজনী ভেনা মাখিয়ে কুন-কুনাবলৈ আৰম্ভ কৰিছিল। আৰু সেই কুন-কুননীয়ে ঢুকি নোপোৱা দূৰত্বত এটি কুকুৰ পোৱালীয়ে তাৰ ভাই-ভনীকেইটাক সাৱটি ধৰি বাটলৈ চাই আছে।

তাৰ মাক আহিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক