মা কচম (উজ্জ্বল ফুকন)

“দাৰ্লিং.. আই চ্যুৱেৰ। আই দন্ট ন’ এনিথীং।। গড প্ৰমীজ।” চকুৰ আগৰপৰা দীঘল চুলিখিনি আঁতৰাই ল’ৰাটোৱে ক’লে। অফিছ বাছখনত বহি ৰাজে লৰাটোৰ কাণ্ড কাৰখানা চাই আছে। নতুন জইনী যেন লাগিছে দেখাত। আগতে দেখা মনত নপৰিল ৰাজৰ। সাধাৰণতে অফিছৰ সকলোকে চিনি নাপালেও চকুৰ চিনাকিটো থাকে।
অফিছৰ বাছখন সেইকাৰণে ভাল লাগে ৰাজৰ। বিভিন্ন ৰকমৰ মানুহ দেখা পোৱা যায়। আদহীয়াৰপৰা পিলিঙালৈকে আৰু মেনেজাৰৰ পৰা নতুনকৈ যোগ দিয়া ল’ৰাটোলৈ সকলোৱে ভিন্ন চিন্তা মুখত লৈ একেলগে গৈ থাকে। বাছত বহি থকা প্ৰায় সকলোবোৰেই কাণখন ব্যস্ত কৰি ৰাখে। হেডফ’নবোৰ কাণত লগাই চকু মুদি গৈ থকা এজাকো বাছত দেখা যায়। এইসকল সঙ্গীতৰ একান্ত ভক্ত। আন কিছুমানে কাণখনৰ লগতে মুখখনো সমানে চলাই থাকে। অনৰ্গল ম’বাইলত কলকলাই থকা মতা মানুহ দেখিলে ৰাজে এবাৰ হ’লেও ঘূৰি চাই সেইজনৰ মূৰৰ পৰা ভৰিলৈ। কিয়? ইয়াৰ কাৰণ স্কুলৰ দিনৰ গোহাঁই চাৰৰ চৰটো। চৰটো খোৱাৰ পিছত কেইবাদিনলৈ কাণখনে ‘গুউউউউউ..’ শব্দ এটা কৰি আছিল। কিন্তু সেই আদ্দাৰ লোভ জানো তেতিয়া এৰিব পাৰি। শেষ বেন্সৰ আদ্দাৰ মজাই বেলেগ আছিল। কিন্তু সেইদিনা হয়তো দিনেই বেয়া পৰিছিল সিহঁতৰ। আৰু দীপে আৰম্ভ কৰা কথা জানো কেতিয়াবা সোনকালে শেষ হয়?

“তাৰপিছত কিকিকি হল জাননে নাই?” দীপৰ মাতটো যেন বহু বছৰৰ পিছত সেই চিনাকি বেন্সখনৰপৰা আকৌ ভাঁহি আহিল।
“তাৰ পিছৰখিনি মই কৈ আছোঁ”- গোহাঁই চাৰ পিছপিনৰ পৰা আহি দীপ আৰু ৰাজৰ মূৰ দুটা ঘটালি ক’লে।
“ছোৱালীৰ নিচিনাকৈ কি চেলবেলাই থাক? মতা হোৱাৰ কাৰণে লাজ পাইছ নেকি? থাছছছ থাছছছছ”- গোহাঁই চাৰৰ মাতটোক ৰাজ আৰু দীপৰ গালৰ পৰা ওলোৱা শব্দই ম্লান কৰি পেলালে। ৰাজৰ এটাই ভাল লাগিল যে সি দীপতকৈ এটা চৰ কমকৈ খালে। কিন্তু সেই তৰা দেখি যোৱা চৰকেইটা দুয়োটাৰে হয়তো গোটেই জীৱনলৈ মনত থাকিব। ৰাজে ক’ব নোৱাৰাকৈ হাতখনেৰে গালখন চুই কিবা গৰম অনুভৱ কৰিলে। হয়তো গোহাঁই চাৰৰ প্ৰভাৱ এতিয়াও আছে গালত। চাৰ কাষত থকা হ’লে চাগৈ ক’লেইহেঁতেন- “এটাই মাৰিলো চৰ, গোটেই জীৱন জ্বৰ।”
“দাৰ্লিং.. আই চ্যুৱেৰ। অ’কে অ’কে। মা দূৰ্গা প্ৰমিজ।” ৰাজে পিলিঙাৰ মাতত হাতখন গালৰ পৰা নমাই আনিলে।
“মা দূৰ্গা কচম।” ফোনৰ সিপাৰে বেঙ্গল বিউটি যেন পাইছোঁ। আৰু এইটো কানাড়া পোৱালি যেন লাগিছে। বঙ্গৰ বশীকৰণ মন্ত্ৰৰ কবলত পৰিল বেচেৰা। ইলিছ মাছত বহুত কাইট অ’ জান। সোৱাদ পাবি কিন্তু ডিঙিতো খোঁচ খাবি।” ৰাজে হাঁহি হাঁহি তাৰ ফাললৈ চাই মনে মনে ভাবিলে।

সি কেৰাহিকৈ ৰাজলৈ চাই আকৌ ফোনত কলে “অ’কে অ’কে চক্তি।”

ৰাজে বুজি পালে এইবাৰ ইলিছ মাছে চাগৈ কৈছে “চত্তি বলছি? বল চত্তি।”

আকাশৰপৰা দূৰ্গা মায়েও চাগৈ চুলিৰ জঁট ভাঙি কৈ আছে “হেৰৌ কৈ দে শক্তি বুলি এবাৰ। নহলে দুয়োটাই মিলি এনেকৈ ওলোটা পোলোটা কৰি মাতি থাকিলে মই চুলি নাচোৰাকৈ যাব লাগিব।”

 

দূৰ্গা লক্ষ্মীৰ সৈতে ৰাজৰ মনটো আকৌ পুৰণি দিনবোৰলৈ উৰা মাৰিলে। লাহে লাহে চকুৰ আগত ধূলিৰে পোট খাই থকা এজাক সৰু সৰু ভৰি জিলিকি উঠিল। ভাইটি, মনু, ৰণ্টুকে আদি কৰি এজাক লৰাই চোতালখনত পাৰি থোৱা লাইন এদালৰ পিছপিনে সাজুহৈ আছে।

ৰাজে জুমটোৰ মাজত নিজকো দেখা পালে।

“লাষ্ট” একেলগে পাঁচটামানে চিঞৰি উঠিল।

“লেলেলেলেষ্টি আগ” নাকৰ নিমখীয়া দিখৌ নদীখন জিভাৰে চাফা কৰি দীপে মাত লগালে।

“লেষ্টি আগ” মানে লাষ্টৰ আগৰটো দীপ। আচলতে সিও শেষত মাৰিম বুলিয়েই আৰম্ভ কৰে কিন্তু শব্দ মুখৰ পৰা ওলাওঁতে দেৰি হয় বাবে সি মুখৰ ভিতৰতে ঠিক ঠাক কৰি কয় ‘লেষ্টি আগ।’

ইফালে যুদ্ধ আৰম্ভ হৈ গ’ল ‘লাষ্ট’ কোৱা পাঁচটাৰ মাজত। গোটেই দেৱী-দেৱতা-বসুমতী-মাক সকলোৰে মাজত লৰা ধপৰা লাগিল।

“মা কচম, মই ফাচ কৈছোঁ।” ভাইটিয়ে চিঞৰি উঠিল।

“মিছা কথা নকবি। মা কচম এনেই খাব নাপায়। সৰস্বতী চুই কৈছো মই প্ৰথমে চিঞৰিছোঁ।” ৰন্টুৱে ফেপেৰি পাতি আহিল।

“ভুমি চুই কৈছোঁ। মিছা কলে ফাটি যাব।” মনু নামিল এইবাৰ যুদ্ধত।

ভাইটিয়ে মনুৰ পিছপিনে গৈ চাই কলে- “মিছা কৈছে। সি চোৱাই নাই।”

“ঐ মই বসুমতীৰ কথা কৈছো।”- মনুএ মাটি চুই ক’লে।

ৰণে তেঁতেলি পেকেটৰ লগত পোৱা নকল ১০ টকীয়া নোট এখনত চুই চিঞৰি উঠিল- “লক্ষ্মী কচম। মই ফাচ কৈছোঁ। ”

দীপে বিন্দাছ চাই আছে সিহঁতক। যিমান কাজিয়া লাগ লাগি থাক। কাৰণ সি লেষ্টি আগ।

“ইচ গোটেইজনী সীতা সি। ভূমি ফাটিব সি মিছা ক’লে। মিছা কথা ক’ব লাজ নালাগে তহঁতৰ?”- ৰাজে মনুৰ লগতে গোটেই কেইটাক সাঙুৰি কলে।

“তেন্তে কোন লাষ্ট?” ৰন্টুৱে সুধিলে। গোটেইবোৰ চাপ খাই আহিল।

“মই। তিনি দৌল শপত।” ৰাজে গহীনকৈ দূৰৰ শিৱদৌলৰ কলচীটোলৈ চাই ক’লে।

তিনিটা দৌল মানে শিৱ বিষ্ণু দেৱী সকলোকে লৈ অনিলে ৰাজে। গোটেইকেইটাই মনে মনে চাই আছে তালৈ। কাৰো যেন সাহস নাই তিনি দৌলৰ ওপৰত গৈ আন কিবা শপত খাবলৈ।

“বাবাবাবাৰু বিদ্যা শপত খা।” দীপে শেষ অস্ত্ৰপাট মাৰিলে।

“বিদ্যা শপত।” ৰাজে উত্তৰ দিলে।

“ঠিঠিঠিক আছে তেন্তে। ৰাজ লাচ আৰু মই লেলেলেষ্টি আগ। ভাইটিয়ে ফাচ মাৰ”- দীপে কলে।

ভাইটিয়ে সন্মুখৰ গাঁতটোৰ ফালে মাৰি পঠিয়ালে তাৰ লাইটো মানে তাৰ লক্ষ্মী মাৰ্বলটো।

“ন’ ঘূৰিফুৰি”- ৰাজে চিঞৰি উঠিল।

“আৰু দানত ন’ন’ন’ন’ আহি শাল টোপ আআআৰু ন’ হিলড’ল”- দীপে একেলগে চিঞৰি উঠিল।

বাক্যটো শেষেই নহ’ল পিছপিনৰ পৰা তামুলী চাৰে মাত লগালে- “ন’ হিলড’ল মানে কি অ’?”

সদায় বগা ধুতি পাঞ্জাৱী পিন্ধি থকা তামুলী চাৰক দেখিলে সকলোৱে শ্ৰদ্ধা কৰে। পাঞ্জাৱীৰ জেপত থকা তামোলৰ টেমাটোৰ পৰা টামোল এখন মুখত ভৰাই সিহঁতৰ ফাললৈ চাৰ আগবাঢ়ি আহিল।

 

গোটেইকেইটাই শিল পৰা কপৌৰ দ’ৰে ৰৈ থাকিল। দীপে ভয়ে ভয়ে কলে- “ন’ হিলড’ল মানে লৰচৰ নোহোৱা।”

“ঠিক আছে। এতিয়া তহঁতো লৰচৰ নকৰিবি মানে তহঁতৰ ভাষাত ”ন’ হিলড’ল।”- তামুলী চাৰে ক’লে।

গোটেইকেইটাই তললৈ মূৰ কৰি চাৰৰ কথা শুনি থাকিল।

তহঁতৰ গোটেইকেইটাই ১০ মিনিট মানৰ ভিতৰত বহুত শপত খালি মানে তহঁতৰ ভাষাত ‘কচম’ খালি। মই সকলো শুনি আছিলোঁ। মই যে তহঁতৰ কাষত ৰৈ সকলো শুনি আছিলোঁ তহঁতে গমেই নাপাৱ। মই একো বেয়া পোৱা নাই। তাৰ বিপৰীতে তহঁতৰ এই একাগ্ৰতাক মই সন্মান কৰোঁ। যিয়েই কাম নকৰ সম্পূৰ্ণ মন প্ৰাণ দি কৰিব লাগে। খেলাৰ সময়ত খেল অৰু পঢ়াৰ সময়ত পঢ়। আৰু তহঁতৰ শপতবোৰ মন কৰিছ নে? প্ৰায়ভাগ নাৰীকেন্দ্ৰিক। দূৰ্গা, লক্ষ্মী, সৰস্বতী, বসুমতী আৰু একেবাৰে ওপৰত তহঁতৰ জন্মদাত্ৰী মা। মানে তহঁতে নাৰীক সকলোতকৈ বেছি সন্মান কৰ। আৰু মই ভাবোঁ আগলৈও তহঁতে নাৰীক সন্মান কৰি যাবি। আৰু তহঁতে সদায় মাৰ শপত খাৱ। কিয়? ক’ৰবাত দুখ পালেও ‘অ’ মা’ বুলি চিঞৰি উঠ। কিয়? জীৱনত সকলো মানুহেই বেয়া দিন আহিলে সদায় মাকক আৰু ভগৱানক মনত পেলায়। কাৰণ মা পৃথিৱীত ভগৱানৰ অন্য ৰূপ। ৯ মাহ পেটত ৰাখি তোক পৃথিৱীলৈ অনা মাৰে তই একো নক’লেও তোৰ মনত কি চলি আছে সকলো বুজি পায়। সেইকাৰণে শপত খাইছ খা কিন্তু মাৰক কেতিয়াও দুখ নিদিবি। পত্নী, পুত্ৰ, ভাতৃ, বন্ধু সকলোকে জীৱনত কাষত পাবি কিন্তু মাকৰ দৰে নিস্বাৰ্থভাবে কোনেও তোৰ কথা ভাবিব নোৱাৰে। সেইকাৰনে যিমানেই যি নকৱক লাগে মাৰে কেতিয়াও তোৰ বেয়াটো নাভাবে”।
“পঅঅঅঅঅঅঅঅ পপঅঅঅঅঅঅঅঅঅঅ”

বাছখনৰ হৰ্ণৰ শব্দত ৰাজ আকৌ ঘূৰি আহিল। তাৰ মনত তেতিয়াও তামুলী চাৰৰ শেষৰ বাক্যটো বাজি থাকিল। “মাৰে কেতিয়াও তোৰ বেয়াটো নাভাবে।”

“কথাটো সঁচা। মানুহজনীক বুজাবলৈ দেওবাৰৰ এটা বেলা গুছি যায়। বন্ধুক বুজাবলৈ হয়তো বহুকেইটা ভালুকে একেলগে আত্মহত্যা কৰিব লাগিব। কিন্তু মাক বুজাবৰ প্ৰয়োজন নাই। মাৰ কাষত বহাৰ লগে লগে বা ফ’নত মাতটো শুনিয়েই বুজি পায় মোৰ মনত কি চলি আছে।”- ৰাজে মনে মনে ভাবিলে।

আমি বহুত ডাঙৰ শিক্ষানুষ্ঠানত হয়তো পঢ়িবলৈ সুযোগ নাপালোঁ কিন্তু ভাগ্যৱান আছিলোঁ যে এনেকুৱা কিছুমান শিক্ষাগুৰু লগ পাইছিলোঁ যি আমাক সমাজ আৰু সম্বন্ধৰ বিষয়ে সৰুতেই বুজাই দিছিল। আজি নিউজ চেনেল, বাতৰি কাকত সকলোতে মাকক ৰাজপথত পুতেক বোৱাৰীয়েকে এৰি থৈ যোৱাৰ বাতৰি আহে। বৃদ্ধাশ্ৰমত মানুহৰ সংখ্যা দিনকদিনে বাঢ়ি গৈছে। হয়তো সেই পুতেক বোৱাৰীয়েকৰ নামৰ আগত ডিগ্ৰী বহুত কিন্তু বুনিয়াদী শিক্ষাৰ নামত শূণ্য।
হঠাৎ ৰাজৰ ফ’নটো বাজি উঠিল “মা কলিং” ম’বাইল স্ক্ৰীণত জিলিকি উঠিল।

ফ’নটো কাণত লৈ ৰাজে ক’লে- “মা কচম।”

“কি?” মাকে আচৰিত হৈ সুধিলে।

“নহয় নহয়- মা কোৱাচোন। তোমাৰ কথাই ভাবি আছিলোঁ।”- ৰাজে জিভা কামুৰি ক’লে।

অলপ সময় মাকৰ সৈতে ভাল বেয়া কথা পাতি ৰাজৰো মনটো মুকলি হৈ গ’ল।

বয়সীয়াল মাক দেউতাকক পদে পদে অপদস্থ কৰা মুখ কিছুমান লাহে লাহে ৰাজৰ মনত ভাঁহি আহিল। কিছুমান চিনাকি মুখো আছিল সেইবোৰৰ মাজত।

সিহঁতে যেন একেলগে ৰাজক আক্ৰমণ কৰিব ধৰিলে “আমি হয়তো একেলগে বা একেধৰণৰ শিক্ষাই লৈছিলোঁ কিন্তু আজি আমি ক’ত আৰু তই ক’ত। আজি আমাৰ নিজৰ ফ্লেট আছে, গাড়ী আছে।

“উচ্চ পদবী আছে। বেঙ্ক বেলেন্স আছে। কি আছে তোৰ?” আন এটাই চিঞৰি উঠিল।

 

হঠাৎ যেন সকলো স্তব্দ্ধ হৈ গ’ল। দীৱাৰ চিনেমাখনৰ শশী কাপুৰ নিশব্দে সোমাই আহিল ৰাজৰ মনলৈ। “মেৰে পাচ মা হে।” প্ৰয়োজনতকৈ অলপ জোৰেৰে চিঞৰি উঠিল ৰাজ।

দীৱাৰ চিনেমাখনত ডাইল’গটোৰ পিছতে এখন ট্ৰেইন জোৰেৰে পাৰ হৈ যোৱাৰ শব্দ হয়। ট্ৰেইন নহয় কিন্তু বাছৰ ড্ৰাইভাৰে একো বুজিব নোৱাৰি ‘ক্ৰেছছছছছ’ কৈ ব্ৰেক মাৰি দিলে। বাছত বহি থকা সকলোৱে ৰ লাগি ৰাজলৈ চাব ধৰিলে।

ৰাজে সকলোলৈ চাই হাঁহি এটা মাৰি বাছৰ পৰা নামি গ’ল যদিও তাৰ ষ্টপেজ পাবলৈ তেতিয়াও অলপ দূৰ আছিল।

মনৰ ভিতৰতে ৰাজে হাঁহি হাঁহি ক’লে- “মোৰ কাষত কেৱল মা নহয়, চিনেমাও আছে।”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক