মা- নাজমা বেগম

মোৰ বাবে প্ৰতিটো দিনেই তোৰ
বুকুজুৰি বৈ থকা প্ৰতিটো উশাহ তোৰ,
তোৰ বাবে থকা অলেখ মৰম,
অলেখ চেনেহ,
অলেখ যতন,
বুকুতে কঢ়িয়াওঁ
অনুভৱৰ ৰুৰুৱনিত
প্ৰতিদিনে তোক হেৰুৱাওঁ
তোক বিচাৰি কাতৰ হওঁ
হেঁপাহৰ মাতষাৰ সপোনতো বিচাৰি পাওঁ,
চকামকাকৈ সাৰ পাই চকুলোৰে বাট
নেদেখা হওঁ।
তোক এৰি অহাৰ পৰত
বুকুত এসাগৰ কথা,
ওঁঠৰ কপনিত মাৰ যায়
তই বুজা ভাষা।
চকুলোবোৰ তোৰ,
মৰমবোৰ মোৰ,
মৌনতাত হেৰাই বুকুৰ ভাষাবোৰ।
আমাৰ বাবেই তই জীয়াই থাক ‘মা’
দুখত হাউলি নপৰিবলৈ শিকাবলৈ,
সুখতো উটি নাযাবলৈ শিকাবলৈ!
আমাৰ বাবেই তই সেইডাল বটবৃক্ষ হৈ ৰ’
যাৰ তলত আমি জিৰাম,
যাৰ আঁচলত আমি লুকাম।
মুঠি মুঠিকৈ বুটলিম শৈশৱ,
আজলি পাতি ল’ম তোৰ আব্দাৰ।
আমাৰ বাবে তয়েই উশাহ,
আমাৰ বাবে তয়েই নিশাহ
এটি মাথো শব্দ ‘মা’
সেয়াইতো ডাঙৰ সকাহ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক