মা…(প্ৰাণজিৎ বৰুৱা)

মোৰহে বুকুত বিষ,
গোটেই ৰাতি তেওঁৰ বিচনাত উচ পিছ …
মা …
মোৰহে তপত কপাল,
চিন্তাতে তেওঁৰ দেখোন টোপনি ঢুকাল …
মা …
মোৰহে পৰীক্ষা ,
তেওঁৰ গোটেই দিন জোৰা ইমান উৎকন্ঠা !
মা …
মোৰ টোপনি অহা নাই,
তেওঁ নিচুকনি গায় …!
মা …
মোৰ পেটে ভোকত কলমলাই,
তেওঁ আগতীয়াকৈয়ে সকলো যতনাই ।
মা …
আৰু বিশেষ ক’ব লগা নাই,
মৰম নামৰ নদী এখন হৈ,
সকলো দুখ বুকু পাতি লৈ…
বুকুৱেদি উজাই ভটিয়াই ,
মা
এনেকৈ নিৰৱেই
বৈ যায় বৈ যায় বৈ যায় …!!!

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
3 years ago

ভাল লাগিল কবিতাটো পঢ়ি