মা (ৰঞ্জিত কুমাৰ বৰা)

‘কেঁচুৱাটোক কোলাত ল’ব পাৰো নে?’—সদ্যমাতৃ এগৰাকীয়ে প্ৰথমবাৰৰ বাবে নিজৰ সন্তানক কোলাত লোৱাৰ উত্তেজনা, আনন্দখিনিক ঢাকিব নোৱাৰি ডাক্তৰৰ পৰা অনুমতি বিচাৰিলে।

‘কিন্তু এয়া কি!’ সন্তানক কোলাত লোৱাৰ লগে লগে অবাধ্য অশ্ৰুধাৰাই দুগাল তিয়াই দিলে মাতৃগৰাকীৰ। কেঁচুৱাটো স্বাভাৱিক হ’লেও দুয়োখন কাণ নাছিল।

কেইবাবছৰ পাৰ হৈ গ’ল। কাণ দুখনৰ বাহ্যিক অৱয়ব নাথাকিলেও স্বাভাৱিক জীৱন-যাত্ৰাত শিশুটিৱে কোনো অসুবিধা পোৱা নাছিল। শিশুৰ পৰা কিশোৰ হোৱা পুত্ৰই এদিন স্কুলৰ পৰা ঘৰলৈ আহি ইনাই-বিনাই কান্দিবলৈ ধৰিলে। স্কুলত সকলোৱে তাক হেনো ‘কৰ্ণবিহীন দানৱ’ বুলি জোকায়। পুত্ৰৰ কথা শুনি মাকৰ হিয়াখন ভাগি যোৱা যেন লাগিল। মাকেও হুকহুকাই কান্দিবলৈ ধৰিলে।

আৰু কিছু দিন গ’ল। সীমিতসংখ্যক বন্ধুৰ সৈতে কিশোৰৰ জীৱন আগুৱাই গৈ থকিল। স্কুলত ৰিজাল্টো ভাল হৈ গৈ থাকিল।

এদিন ঘৰুৱা চিকিৎসকজনে এটা সুখবৰ দি ক’লে—সুস্থ মানুহৰ কাণ যোগাৰ কৰিব পাৰিলে পুত্ৰৰ শৰীৰত কাণ প্ৰতিষ্ঠাপন কৰিব পৰা যায়। বহু বিচাৰ-খোঁচাৰ চলিল। কিন্তু দাতা এজনো নোলাল। এদিন দেউতাকে পুত্ৰক মাতি সুখবৰটো দিলে। চৰ্ত আছিল মাথোঁ এটাই, দাতাৰ পৰিচয় গোপনে ৰাখিব লাগিব। দাতাৰ নাম পুত্ৰকো নক’লে। আনন্দিত পুত্ৰই লগে লগে অপাৰেচনৰ বাবে সাজু হ’ল। কাণৰ প্ৰতিষ্ঠাপন হ’ল। কিশোৰজন অকল্পনীয় সুখত বুৰ গ’ল। কিন্তু কেইদিন পিচতে তেওঁৰ মনত এটা প্ৰশ্নই কুটি কুটি খাবলৈ ধৰিলে—‘কোন সেই মহান ব্যক্তি, যাৰ বাবে আজি ইমান সুখ ভোগ কৰিবলৈ সক্ষম হৈছো?’ তেওঁক এবাৰ কৃতজ্ঞতা নজনালে যেন জীৱনটোৱে ব্যৰ্থ। কিন্তু দেউতাকে কোনোপধ্যে নাম প্ৰকাশ কৰিবলৈ ৰাজী নহয়। ইফালে পুত্ৰও নাচোৰবান্ধা। খাবলৈকে এৰি দিলে। নিৰুপায় পিতৃয়ে এদিন পুত্ৰক বেডৰুমলৈ নি বহি থকা মহিলাগৰাকীৰ দীঘল চুলি ডাঙি দেখুৱালে। দৃশ্য দেখি পুত্ৰই হুকহুকাই কান্দিব ধৰিলে। কিয়নো সেইগৰাকী আছিল তেওঁৰেই মাতৃ, যাৰ দীঘল চুলিৰ তলত ঢাক খাই আছিল কাণবিহীন অৱস্থাটো।

 

(বাঙালী ভাষাৰ পৰা অনুবাদ । লেখক অজ্ঞাত ।)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক