মিঃ ফ্ৰাইডে ( দেৱ প্ৰতীম হাজৰিকা )

সন্ধিয়া ঠিক সাত বাজিছিল। ঘৰৰ চৌহদত গাড়ীখন ৰখাই ঘৰলৈ সোমাই গ’লো। ঘৰৰ মজিয়াত মোৰ অকণমাণি ছোৱালীজনীয়ে পুতলা কেইটাৰ লগত খেলি আছিল। এইটো সদায় দেখি অহা এটা সাধাৰণ দৃশ্য। তেনেতে পাছফালৰ পৰা মোৰ পত্নী প্লাবিতাই মোক সাৱটি কান্দিব ধৰিলে।

-“তাই কথা ক’ব পাৰিছে জান, তাই কথা ক’ব পাৰিছে।”
সেইয়া দুখৰ চকুপানী নাছিল, আছিল আনন্দৰ চকুপানী।
* * * *

সৰুতে মইয়ো বহুবছৰলৈ কথা ক’ব পৰা নাছিলো। মোৰ কোনো বন্ধু নাছিল। সকলোৱে মোক পাগল বুলিছিল। তেওঁলোকে মোক সদায় সকলোতকৈ বেলেগ বুলি কৈছিল। কিন্তু তেওঁলোক সুখী নাছিল। কাৰণ মই ‘সিহঁত’ক দেখা পাছিছিলো। ‘সিহঁত’ বুলিছো, কাৰণ সকলোৰে নাম মোৰ মনত নাই, মাথো মিঃ ফ্ৰাইডেৰ বাদে। ক’লা কোট, বগা চাৰ্ট, ক’লা টাই, ক’লা পেন্ট পৰিহিত মিঃ ফ্ৰাইডে। তাৰ নাম মিঃ ফ্ৰাইডে কিয় আছিল সেই কথা পাহৰিছো। ‘সিহঁত’ মোৰ বন্ধু আছিল। কিন্তু মা-দেউতাই ‘সিহঁত’ক ভাল পোৱা নাছিল। ‘সিহঁত’ৰ পৰা আঁতৰি থাকিব কৈছিল।
এদিন মায়ে ক’ৰবালৈ যাবলগা হোৱাত মোক ৰাতিপুৱাই আইতাৰ লগত থৈ গৈছিল।
তেনে মোৰ কাণত মিঃ ফ্ৰাইডেই ফুঁচফুঁচাইছিল “চোৱা তোমাক আকৌ তাই এৰি থৈ গ’ল। তাই তোমাক অকণো ভাল নাপায়।”
আইতাই মোক ভিতৰলৈ লৈ গৈছিল। আকৌ মোৰ কাণত একেই ফুঁচফুঁচনি, “চাবা এই বুঢ়ীজনীৰ পৰা সাৱধান।”
-“কাৰ লগত কথা পাতিছা তুমি? ‘সিহঁত’ৰ লগত?”
মই মুৰ দুপিয়ালো।
-“বেয়া কথা। ‘সিহঁত’ বেয়া। ‘সিহঁত’ৰ পৰা দুৰত থাকিবা।
মোৰ খং উঠিছিল। কাৰণ ‘সিহঁতে’ই আছিল মোৰ একমাত্ৰ বন্ধুবৰ্গ।
-“বাৰু, বাদ দিয়া। বিস্কুট খাবা?”
মই মূৰ জোকাৰি মানা কৰিলোঁ।
-“বাৰু, ‘সিহঁত’ দেখিবলৈ কেনেকুৱা? মোক আঁকি দেখুৱাবা?”
আইতাই মোক এখন কাগজ আৰু এটা পেন দিলে। মই একো নকৰিলো। আকৌ মূৰ জোকাৰিলো। মোৰ আমনি লাগিছিল। মোৰ কাষতে মিঃ ফ্ৰাইডে বহি আছিল। সি ফুঁচফুঁচাব ধৰিলে।
“এই বূঢ়ীজনীৰ একো কথা নামানিবা।”
-“বাৰু টি.ভি. চাবা?”
মই মূৰ দূপিয়ালো। টি.ভি.ত কিবা চিনেমা এখন লগাই আইতা আনটো কোঠাত সোমাই পৰিল। টি.ভি. চাই মই কেতিয়া টোপনি হ’লো গমেই নাপালো।
তেনেতে মই মোৰ কাণত কোনোবাই ফুঁচফুঁচাব ধৰিলে।
“আমাৰ ভোক লাগিছে। কিবা খাবলৈ আনা।”
মই টোপনিৰ পৰা সাৰ পালো। সেইয়া মিঃ ফ্ৰাইডে আছিল। তাৰ লগত দুজনী অদ্ভুত ছোৱালী আৰু এটা হৰিণা।
তেতিয়া সন্ধিয়া হৈছিল। আইতাই মোক আন এটা কোঠাত শুৱাইছিল। কোঠাটো আন্ধাৰ হৈ আছিল। মই ভয় খাইছিলো। মই মূৰ জোকাৰি মানা কৰিলো।
“আনা, চোৱা ইহঁতো আহিছে। আৰু বন্ধু নালাগে তোমাক?”
মই লাহে লাহে ‘সিহঁত’ৰ কথামতে কোঠাটোৰ পৰা ওলাই খোৱা টেবুলখনৰ ওচৰলৈ আহিলো। মই বিস্কুটৰ টেমাটোৰ পৰা বিস্কুট উলিয়াবলৈ লওঁতেই আইতাই পিছফালৰ পৰা মাত লগালে,
-“তুমিটো শুই আছিলা। ইয়াত কি কৰিছা? ভোক লাগিছে?”
-“ম..ম..মোক ক্ষ…ম..মা ক…ৰিবা অ..আইতা। ‘সি..হঁত’…..”
-“মাইনা, তুমি কথা কৈছা। মাইনা তুমি কথা কৈছা।”
আইতাই মোক আনন্দত গালে-মুখে চুমা খাবলৈ ধৰিলে।
আইতাই লেণ্ডলাইনাৰ পৰা তৎক্ষণাত কাৰবালৈ ফোন মিলালে।
দুঘন্টামানৰ পাছত কাৰবাৰ গাড়ী এখন আহি ঘৰৰ আগফালে ৰ’লহি। মা-দেউতা কোঠালৈ সোমাই আহিল।
মায়ে আইতাক কিবা কিবি সুধিবলৈ ধৰিলে। আইত মোৰ ফালে আহিল,
-“মাইনা, মাক কিবা এটা কোৱা।”
-“ম…মা…..”
আৰু মই কিবা কোৱাৰ আগেয়ে মায়ে মোক সাৱটি হুকহুকাই কান্দিবলৈ ধৰিলে। দেউতাই আনন্দত চকুলো টুকিছিল।
* * * *

মোৰ কণমানিজনীৰ কথা কোৱাৰ কথা গম পাই মোৰ সৰুকালৰ এই কথাবোৰ মনলৈ আহিছিল। তাই একান্তমনে খেলাত ব্যস্ত আছিল।
-“ম…মা, ম..ই মিঃ ফ..ফ্ৰা..ইডেক ল..গত ৰ..ৰাখিব প..পাৰো নে?”
মোৰ পত্নীয়ে একো বুজা নাছিল তাইৰ কথা। কণমানিৰ কথা কোৱা মুখখন দেখি তাই সেইবিলাক কথা বুজিবলৈ চেষ্টা কৰা নাছিল। তাই “পাৰা, পাৰা” বুলি কৈ কণমানিক সাৱটি ধৰিছিল।
কিন্তু মই কণমানিৰ সকলো কথা বুজি উঠিছিলা। আচৰিত হৈছিলো। দেখিবলৈ পাইছিলো কণমানিৰ ওচৰলৈ আহি থকা ক’লা কোট, বগা চাৰ্ট, ক’লা টাই, ক’লা পেন্ট পৰিহিত মিঃ ফ্ৰাইডেক।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক