মিউনিখৰ কিছু পুৰণি স্মৃতি – ড: চৈতন্য কুমাৰ ভৰদ্বাজ

সপ্তাহটোৰ পাঁচদিন গৱেষণাৰ কামত ব্যস্ত থকাৰ পিছত দুদিন জিৰণি৷ সেইকেইদিন বেলেগ একো ভাবিবলৈ আহৰিয়েই নাপায়৷ শনিবাৰ-দেওবাৰে বিশেষ একো নাথাকিলে ৰুমতেই থকা হয়৷ লেপটপ আৰু ফোন৷ আবেলি সময়ত অলপ ওলাই যাওঁ৷ আবেলি মানে ৮ মান বজাত, জহকালি তাত ৯-১০ বজালৈ পোহৰ হৈ থাকে৷ মইে থকা ঠাইখনৰ আশে-পাশে গছ-গছনি অলপ বেছি৷ গোটেই জাৰ্মানীতে বহু গছ আছে৷ গছবোৰ বৰ পৰিপাটি, মানে শাৰী শাৰীকৈ থাকে, আৰু ইফালে-সিফালে হালি-জালি বিশৃংখলতাৰ সৃষ্টি নকৰে, যদি কেতিয়াবা হাউলি আহে তেতিয়া সঠিক ঠাইত কৰতেৰে কাটি দিয়া হয়৷ মোৰ ঘৰৰ দক্ষিণফালে ৫০০ মিটাৰ মান আঁতৰত এখন ফুটুকানি৷ তাত জন্তু-জানোৱাৰ একো নাই, মাত্ৰ এদিন দুটা হৰিণ দেখিছিলোঁ৷ মই ওলাই গ’লে সেইখনৰ মাজেৰে খোজকাঢ়ি যাওঁ৷ মোৰ দৰে তেনেকৈ মানুহ আহে, কিছুমানে খোজকাঢ়িবলৈ, কিছুমানে দৌৰিবলৈ৷ হাবিখনৰ মাজেৰে কিছুমান সৰু সৰু ৰাস্তা আছে, দুজন মানুহ সমান্তৰালভাৱে দৌৰিব পৰাকৈ, তাত সৰু সৰু শিলগুটি দিয়া আছে৷ তাৰ পৰা আকৌ কিছুমান লুংলুঙীয়া বাট হাবিৰ মাজলৈ সোমাই গৈছে, মানুহে সৃষ্টি কৰা বাট সেইবোৰ, মানে অহা-যোৱা কৰোঁতে পৰি যোৱা বাট৷ মই সেইবিলাকেৰে আগবাঢ়ি যাওঁ, অৰণ্যৰ ভিতৰলৈ…শাৰী শাৰীকৈ ৰোৱা সৰল গছবোৰ, কেতিয়াবা মাজতে বহিবলৈ আসন দেখিবলৈ পোৱা যায়৷ বিভিন্ন চৰাইৰ কলৰৱ শুনিবলৈ পোৱা যায়, চৰাইৰ কিছুমান মাত চিনাকি চিনাকি লাগে৷ তাত ঘণ্টাৰ পিছত ঘণ্টা বহি থাকিলেও আমনি নালাগে৷ প্ৰকৃতিৰ মাজত হেৰাই যাবলৈ বেছি সময় নালাগে৷ মাৰাত্মক ৰাসায়নিক দ্ৰব্য, কেৰিয়াৰ, স্কলাৰশ্বিপ, ঘৰ, আদিৰ এশ এবুৰি চিন্তাৰ পিছত নিজক বিচাৰি নিজৰ মাজতে কথা পাতিবলৈ সেইখিনিয়েই সময়৷ এজাক নিৰ্মল ফুৰফুৰীয়া বতাহে দেহ মন শাঁত পেলাই যায়৷ কেতিয়াবা অলপ ভয় নলগাও নহয়, পিছে আজিলৈ একো অঘটন হোৱা নাই৷

জাৰ্মানীৰ যাতায়াত ব্যবস্থাই ইমান ধুনীয়াকৈ এখন ঠাইৰ লগত আনখন ঠাই সংলগ্ন কৰিছে, ভাবিলে বৰ আচৰিত হওঁ৷ বাকী ঠাইৰ বিষয়ে ইমান ভালকৈ নাজানো, কিন্তু মিউনিখৰ প্ৰতিটো চুবুৰী, প্ৰতিটো ঘৰ যাতায়াত ব্যবস্থাই সাঙুৰি লৈছে৷ অলপ ব্যয়বহুল হয় যদিও তেনেকুৱাভাবে সঞ্চালন কৰাতো বৰ ডাঙৰ কথা৷ ৰাস্তাবোৰ ইটোৰ লগত সিটো সংলগ্ন৷ পৃথিবীখন যে ঘূৰণীয়া মই্ বাৰে বাৰে প্ৰমাণ পাওঁ৷ মোৰ এটা বৰ ডাঙৰ দোষ যে মইে দিশ ভালকৈ চিনিব নোৱাৰো, অচিনাকি ঠাই এখনত দিশ হেৰাওঁ৷ মই ওলাই গ’লে বেছি চিন্তা নকৰোঁ কাৰণ যতেই নাযাওঁ কিয়, মেট্ৰ’, ট্ৰাম, বাছ আদি পাওঁ আৰু সেইবোৰেৰে আহি মই থকা ঠাই পাওঁহি৷ তেনেকৈ অচিনাকি ঠাই এখনলৈ যোৱাটো এটা শিহৰণকাৰী অভিজ্ঞতা৷ নতুন ঠাই, নতুন বস্তু, নতুন পৰিবেশ দেখাৰ সৌভাগ্য ঘটে৷ বহুত দুৰ অচিনাকি পথেৰে খোজকাঢ়ি গৈ ভাগৰুৱা দেহাৰে হঠাতে কব নোৱাৰাকৈ নিজৰ চিনাকি ঠাইখনত উপস্থিত হোৱাৰ পিছত মনটো আনন্দত নাচি উঠে৷

সেইদিনা ৩ জুলাই আছিল৷ ৰুমৰ পৰা ওলালোঁ৷ হাবি বা অৰণ্যৰ মাজেৰে নহয়, তাৰ কাষেৰে যোৱা আলিবাটটোৰে৷ সাধাৰণতে আলিবাট বুলি কওঁতে গাড়ী অহা-যোৱা কৰা পথ, তাৰ কাষে কাষে শাৰী শাৰী গছ আৰু তাৰ কাষত চাইকেল আৰোহী বা পথচাৰীৰ বাবে বাট৷ চাফ-চিকুণ আলিবাট, দুয়োফালে শাৰী শাৰী গছৰ মাজেৰে খোজকাঢ়ি গ’লে কিমান দুৰ পোৱা যায় গমকে নাপায়৷ চাফ-চিকুণ বুলি কওঁতে ৰাস্তাত চিগাৰেটৰ টুকুৰা এটাও নাপায়, যদিও ইয়াৰ মানুহে খুব চিগাৰেট খায়৷ কেতিয়াবা বহু মানুহৰ সমাগমত অলপ লেতেৰা হলেও লগে লগে মানুহ আহি চাফা কৰি যায়৷ সেইদিনা অলপ দৌৰিলোঁ, প্ৰায় আধাঘণ্টা মান দৌৰাৰ পিছত চিনাকি মেট্ৰ’ ষ্টেচন এটা পালোঁ৷ তাৰ পৰাই ঘূৰিলোঁ৷ মইপ সাধাৰণতে একেটা পথেৰে উভতি আহিবলৈ টান পাওঁ, সেয়েহে সদায় বেলেগ পথেৰে উভতোঁ৷ ৰাস্তাবোৰ সংলগ্ন কাৰণে আকৌ মইআ থকা ঠাইখিনি পাওঁহি৷

সেইদিনা উভতি অহা পথটোৱে মোক বহুত দুৰলৈ লৈ গ’ল৷ প্ৰায় এঘণ্টা দৌৰাৰ পিছতো চিনাকি ঠাই বিচাৰি নাপালোঁ৷ কেনেবাকৈ আহি ৰাষ্ট্ৰীয় ঘাইপথ ওলালোহি, ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীবোৰ তীব্ৰবেগত চলে, প্ৰতি ঘণ্টাত ১৫০-১৬০ কিমি, নিমিষতে চকুৰ আগেদি পাৰ হৈ যায়৷ মই ভুল দিশেৰে দৌৰিছিলোঁ, মানে বাওঁফালে (ইয়াত আমাৰ বিপৰীত) কাৰণ ৰাষ্ট্ৰীয় ঘাইপথতো পাৰ হবলৈ ব্যবস্থা নাছিল৷ মোৰ এফালে ৰাষ্ট্ৰীয় ঘাইপথ আনফালে মৰা মানুহক থোৱা ঠাই৷ বহু দুৰলৈ একো দেখা নাই৷ তেতিয়া লাহে লাহে আন্ধাৰ হব ধৰিছে৷ মৰা মানুহক থোৱা ঠাইবোৰ পিছে আমাৰ দৰে জয়াল নহয়৷ বৃহৎ অঞ্চল এটা, বেৰ দি ৰাখিছে৷ বেৰৰ ফাঁকেৰে ভূমুকিয়াই চালোঁ, প্ৰায়বোৰ স্মৃতি সৌধৰ আগত মমবাতিৰ দৰে বিজুলী-বাতি জ্বলি আছে৷ তাৰ ওচৰত ফুলো ফুলি আছে৷ ইয়াৰ আগতে এবাৰ চুইডেনত মৰিশালীৰ মাজেৰে গৈছিলোঁ, ভয় লগাতো দুৰৰে কথা তাত অলপ সময় বহি থাকিবলৈ মন গৈছিল৷ এইবাৰ পিছে তেনে নহ’ল, সময় বেয়া হ’ল৷ এটা কথা মন কৰিলোঁ গোটেই অঞ্চলটোতে স্মৃতি সৌধৰ ঘনত্ব বহু বেছি৷ জাৰ্মানীত ইমান মানুহ ঢুকাইছেনে!

নিজকে প্ৰশ্ন সুধি চালোঁ৷ বহুদুৰ যোৱাৰ পিছত এটি বাছ-আস্থান পালোঁ, আগতে সেই ঠাইখনৰ নাম শুনা বা দেখা নাই৷ সকলো বাছ-আস্থানতেই এখন মানচিত্ৰ থাকে, সেইখন চোৱাৰ পিছত মোৰ ঠিকনা গম পালোঁ৷ চকু কপালত উঠিল, ইমান দুৰ কেনেকৈ আহি পালোঁ! পিছত আৰু অলপ আগুৱাই গৈ মেট্ৰ ষ্টেচন পালোঁ৷ ভোক-ভাগৰে একেলগে ধৰিলে, Burger King ৰ পৰা এটা বাৰ্গাৰ, ক’কা কোলা এটা, আলুভাজি অলপ লৈ ট্ৰেইনত উঠিলোঁ৷ এইখিনিতে এটা কথা মনত খেলালে- মেকডনাল্ড, বাৰ্গাৰ কিং, পিজা হাট আদি আন্তৰাষ্ট্ৰীয় ৰেষ্টুৰেণ্ট! একো একোটা “ব্ৰেণ্ড নেম”, খাদ্যৰ গুণগত মান বজাই ৰাখে৷ অত্যধিক ব্যয়বহুল৷ য’ত ডেৰ লিটাৰ কোলাৰ দাম ৯৯ চেণ্ট, বাৰ্গাৰ কিংত ০.২৫ লিটাৰৰ দাম ১ ইউৰো৷ কিহৰ বাবে এই পাৰ্থক্য? যেন নামটোয়ে টকা লুটিছে, আৰু মানুহবোৰ সেইফালেই দৌৰিছে৷ যিমান ভাল কাপোৰেই নহওক …নাম থাকিব লাগিব, যিমান ভাল জোতাই নহওক সেইফালে ঘূৰিয়েই নাচায়, ৰিব’ক, এডিডাছৰ মোহৰ থাকিব লাগিব! এবাৰ মইা কলিকতাৰ পৰা লোকেল কম্পেনীৰ ২০০০ টকাৰে জোতা এযোৰ আনিছিলোঁ, বৰ ভাল জোতা, বহুত পাতল, মিহি চামৰাৰে তৈয়াৰী, পিন্ধি থাকিলে বৰ আৰাম পায়৷ মোৰ বন্ধুবৰ্গক দেখুৱালোঁ, প্ৰথমতে ভালেই পালে, তাৰ পিছত যেতিয়া অচিনাকি নাম এটা দেখা পালে তেওঁলোকৰ যেন আগ্ৰহ কমি গ’ল, কাৰণ তাত “ব্ৰেণ্ড” নাম নাই৷ এইবোৰ ভাবি ভাবি আহিয়েই বাসস্থান পালো৷☆ ★ ☆

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Rahul
2 years ago

nice