মিগম কামান, ভেলেণ্টাইন আৰু কিছু অনুভৱ (বিশ্বজিত মহন্ত)

 

 

ফাগুনৰ শুকান ধূলি আৰু সৰাপাতেৰে ঢকা দিন এটাত হঠাতে সিদিনা লগ পালোঁ ভেলেণ্টাইনক। সৰ্বত্ৰ বিয়পি যোৱা বিটাদিনৰ গোন্ধ, কিছু হতাশা, অলপ আশাৰে জৰ্জৰিত হৈ শাৰী শাৰী বিচনাত পৰি ৰোৱা এচাম মানুহৰ মাজত বহি আছে ভেলেণ্টাইন। কাষত প্ৰেয়সী আৰু পৃথিৱীৰ সকলো সৰলতাৰে সিক্ত এহাল চাৰিমহীয়া নিষ্পাপ চকুৰ সৈতে এক ঈশ্বৰপুত্ৰ। প্ৰেয়সীৰ বাওঁভৰিত আঠুৰ ঠিক ওপৰৰ পৰা ভৰিৰ আধালৈকে ভৰিৰ মাজেৰে পাৰ হৈ যোৱা অসংখ্য লোৰ শলাই স্থিৰ কৰি ৰাখিছে চাৰিডাল শকত লোহাৰ বৃত্তাকাৰ ৰিঙক। ইলিজাৰভ ৰিঙ। হাড়ৰ তলত অবাধ্য হৈ পৰা কিছুমান কোষে ক্ৰমান্বয়ে গ্ৰাস কৰি আনিছে ২০ বছৰীয়া মানুহজনীক। FNAC ৰ মতে জায়েণ্ট চে’ল টিউমাৰ। অষ্টিঅ’ক্লাষ্ট’মা। তেজ লবলৈ বেজীটো সুমুৱাওঁতেই মই অনুভৱ কৰিলোঁ, দীঘলীয়া কোঠাটোৰ বেচিভাগ ৰোগী আৰু অভিভাৱকে যেন একেথৰে চাব ধৰিছে পূৰ্ণিমা কামানৰ ভৰিত লাগি থকা লোহাৰ বৃত্তাকাৰ ৰিঙবোৰক। হঠাৎ যেন তেওঁলোকৰ পীড়াদায়ক বেমাৰবোৰ গৌণ হৈ পৰিছে। সহানুভূতি, পুতৌ আৰু মাজে মাজে ভাহি অহা হুমুনিয়াহবোৰে কোঠাটো ভৰাই তুলিছে।

মই মূৰ তুলি ভেলেণ্টাইনলৈ চালোঁ। নাই, এই অযাচিত সহানুভূতিবোৰে তেওঁক মুঠেই বিচলিত কৰিব পৰা নাই। নিৰন্তৰ হাত ভৰি মাৰি থকা ল’ৰাটো আৰু প্ৰেয়সীৰ সাহচয্যই মানুহজনক ভৰাই ৰাখিছে। দুয়োটাৰে মুখত এক কোমলতা আৰু এক ভাললগা উজ্বলতা। সামান্য হাঁহিৰে তেওঁ সুধিলে”কিমান তেজ লাগিব?” “চাৰি ইউনিট”- বাঢ়ি অহা টিউমাৰৰ জটিল পেথ’লজীয়ে বিভ্ৰান্ত কৰিব নোৱাৰা ভেলেণ্টাইনলৈ চাই মই উত্তৰ দিলোঁ। মানুহজনৰ সুখী মুখখনে মোৰ গোটেই দিনটো ভৰাই ৰাখিলে।

সন্ধিয়াৰ ৰাউণ্ডত এইবাৰ ভেলেণ্টাইনে নিজেই আৰম্ভ কৰিলে- “যোৱাবছৰ বগীনদী হাইস্কুলৰ পৰা এইক পলুৱাই আনিছিলোঁ। লখিমপুৰৰ ডাক্তৰে ভৰিখন সোনকালে অপাৰেচন নকৰিলে কেঞ্চাৰ হব বুলি কৈছিল। ল’ৰাটো হোৱাৰ পিছত সেয়ে লৈ আনিলোঁ।” কিছু মিচিঙ সুৰত হাহি হাঁহিয়েই কৈ গ’ল মানুহজনে। “বেমাৰটোৰ বিষয়ে ভালকৈ জানিছেনে?” অলপ বিস্মিত হৈ মই সুধিলোঁ। “জানো, জানো। কৈছে মোক”- মুখৰ পোহৰবোৰ অলপো ম্লান নোহোৱাকৈ তেওঁ কৈ উঠিল।

যোৱা বৃহস্পতিবাৰে অপাৰেচন হৈ গ’ল। অস্থি শল্য বিভাগৰ সুদক্ষ শিক্ষকজনে খুব কম সময়তে টিউমাৰটো কিছু হাড়সহ কাটি বাহিৰ কৰি আনিলে।

সন্ধিয়ালৈ দেখোঁ ভেলেণ্টাইন যথেষ্ট উৎফুল্ল। এক মুক্তিৰ আবেশে তেওঁক বুৰাই ৰাখিছে। দীঘল কৰিড’ৰটোৰ বাহিৰ ওলোৱাৰ লগে লগে ভেলেণ্টাইনে মোক post operative x rayসহ পুনৰ কিছু কথা কবলৈ আগচি ধৰিলে। খন্তেকৰ বাবে মোৰ ভয় হ’ল। ভাল নলগা সত্যই মানুহটোক বিমৰ্ষ কৰি নেপেলায়তো? সংক্ষেপে কলোঁ। চুটি হৈ পৰা হাড়বোৰ পুনৰ সঠিক ৰূপত আহিবলৈ লগোৱা ইলিজাৰভে যথেষ্ট সময় লগাব। কিন্তু তাৰ পিছতো এই শান্ত মানুহজনীয়ে কাহানিও আঠু ভাঁজ কৰি খোজ কাঢ়িব নোৱাৰিব। পোন ভৰিখনেৰে সৈতে দুপিয়াই খোজ কঢ়াৰ বাদে বেলেগ উপায় নাই। ভেলেণ্টাইনৰ কাষলতিৰ তলত ফাটি যোৱা চাৰ্ট, উৱলি যোৱা জোতাযোৰে মোক total knee replacement ,mega prosthesis আদি অতিপাত ব্যয়বহুল শব্দবোৰ নক’বলৈ সকীয়াব ধৰিলে। থাকক। এনেকৈয়ে সুখী হৈ পৰা মানুহটোক কিছুমান অলীক সপোন খেদিবলৈ দিয়াতো হয়তো অনুচিত হ’ব।

কিছুপৰ ৰৈ তেওঁ মোক ক’বলৈ ধৰিলে- “হ’ব।মানুহজনী কেঞ্চাৰ হোৱাৰ পৰা বাছিল। এনেকৈয়ে ভাল লাগে তাইক। বাপেকৰ ঘৰত বহুত কাম কৰিছিল। এতিয়া লোহাকিডাল লাগি থকা বাবেই কেইদিনমান শান্তিত আৰাম কৰিব পাৰিব। নাখাই নাখাই এক্কেবাৰে খীণাই গৈছে। কিবা শকত হোৱাৰ দৰব আছে নেকি? শকত হোৱাৰ দৰব।” কথাখিনি কৈ ভেলেণ্টাইনে আকৌ এবাৰ তৃপ্তিৰ হাঁহি মাৰিলে। সুখৰ হাঁহি। কিছুমান মানুহক যেন একমাত্ৰ সুখী হবৰ কাৰণেই নিৰ্মাণ কৰা হৈছে। মই ভাবিলোঁ।

খুব উৎসাহেৰে ভেলেণ্টাইন প্ৰেয়সীৰ বিচনাৰ ওচৰলৈ ঘূৰি গ’ল। আৰু হঠাৎ যেন এচোতাল জোনাক অৰ্থ’পেদিক ইউনিট 1 লৈ নামি আহিল। খিৰিকিৰে চাই মই যিমানে ভাবিলোঁ সিমানে এই ভেলেণ্টাইনৰ ত্যাগৰ গভীৰতা আৰু প্ৰেমৰ শক্তিত মুগ্ধ হৈ পৰিলোঁ। এই চৰম পৰিস্থিতিতো মানুহজন বিতত, হতাশ হৈ পৰা নাই। নিজৰ অক্ষমতাত দুখ কৰা নাই। ভগৱানক বাৰে বাৰে অভিশাপ দিয়া নাই।বা একালৰ ভাললগা মানুহজনীৰ প্ৰতি মৰম কমিবলৈ দিয়া নাই। খুব সহজভাৱে জীৱনে আনি দিয়া সত্যক গ্ৰহণ কৰিছে আৰু তাৰ মাজেৰেই সুখী হৈছে, সুখী হবলৈ যত্ন কৰিছে। পিজি এনট্ৰেঞ্চ পৰীক্ষাৰ সফলতাই প্ৰেমক স্থায়ী কৰাৰ চাবিকাঠী বুলি ভাবি থকা আমি এচামক এই ভেলেণ্টাইন মিগম কামানে বহু কথাই শিকাই থৈ গ’ল। সঁচা প্ৰেম নামৰ বৰ্ত্তমান লুপ্তপ্ৰায় এক অনুভৱৰ নিদৰ্শনে মাজ ফাগুনৰ এই শুকান বতৰতো মনটো জীপাল কৰি গ’ল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments