“মিচেচ বৰুৱানী” (নিৰ্মালী বৰঠাকুৰ)

মিচেচ বৰুৱানীলৈ বেয়াই লাগে । বেচেৰী মানুহজনী,পুৱাৰ পৰা গধূলিলৈকে তেওঁৰ উশাহ লবলৈ সময় নাই। ঘড়ীৰ কাঁটাৰ দৰে ঘূৰিও নিজৰ কাৰণে সময় উলিয়াব নোৱাৰে। তেওঁ যেন এটি মানৱ সদৃশ যন্ত্ৰ ,পুৱা পাচঁ বজাতে বিছনা এৰে ৰাতি এঘাৰ বজাত বিছনা লয়। তেখেত এগৰাকী শিক্ষয়িত্ৰী,নিজৰ পঢ়া-শুনাও থাকে।

বৰুৱানীয়ে আজি দহ বজাতে খোৱা-বোৱা সমাপ্ত কৰি ল’ৰা-ছোৱালীৰ বিচনা ঠিক কৰিয়েই পেলালে। “আজি জানো কি হ’ল, কাৰো শোৱাৰ মতলবেই নাই, ল’ৰা-ছোৱালী কেইটাই টিভি আৰু গেইম্‌ছ খেলি আছে, বাপেকো কম্পিউটাৰ ৰুমত সোমাই আছে।” আজি তোমালোকে নোশোৱা নেকি নে কাইলৈ ঘৰতে থকাৰ কথা ভাবিছা ?—-বৰুৱানীয়ে প্ৰায় চিঞৰিয়েই সুধিলে। মা ,আৰু ১০ মিনিট– গৈ আছো ,তুমি শোৱা—মাজনীয়েও চিঞৰিয়েই ক’লে, মানে বৰুৱানীৰ ডাঙৰ ছোৱালী এইবাৰ ক্লাচ নাইনত। গিৰিয়েকেও মাতিলে–“হে’ৰা এইফালে আহাচোন—মোৰ পুৰণা বন্ধু এজন ফে’চবুকত পালোঁ ,কথা পাতিছোঁ, ৱেবকেম অন্‌ আছে তোমাৰ লগতো চিনাকি কৰাই দিওঁ ।” মোক এইবোৰত নাটানিবা দেই মোৰ বহুত কাম আছে—যি কৰা কৰি থাকা, কিন্তু ১১ বজাত গোটেই কেইটা বিচনাত উঠিবা। বৰুৱানীয়ে ভাবিলে কাইলৈ টিফিনত আলুপৰঠা দিবলৈ কৈছে বাবুৱে, মানে ল’ৰাটোৱে খাই ভাল পায়, গতিকে আজিয়েই আলুকেইটাৰ বাকলি গুছাই থওঁ আৰু ভাজিবৰ কাৰণে পাচলিখিনিও কাটি ফ্ৰীজতে ভৰাই থৈ দিওঁ, কাইলৈৰ কাৰণে সহজ হৈ থাকিব । কামখিনি কৰি ল’লে । ঘড়ীটোলৈ চালে— এঘাৰ বাজিছে, বাৰ বজালৈকে পৰীক্ষাৰ বহীকেইখনমানকে চাই থওঁ, ভাবি টেবুলত বহিল। কেতিয়ানো চাৰে বাৰ বাজিল বৰুৱানীয়ে গমকে নাপালে। আজি-কালি ভিতৰুৱা জীৱনটোৰ কাৰণে সময় উলিয়াবলৈ যে বৰুৱানীহঁতৰ সময়েই নাই !! খৰখেদাকৈ বহি-কিতাপখিনি সামৰি বৰুৱানী ৰূমলৈ আহিল। আজি বাবুৰ দেউতাকৰো শোৱা দেৰি হ’ল—ভাল ফে’চবুক ডাল হ’ল,লৰা-ছোৱালীয়ে যদি ইয়াৰ টে’ষ্ট পায় ,মোৰ কষ্ট অথলে যাব ।—-কাইলৈ দেউতাকক ক’ব লাগিব,ইহঁতৰ আগত যাতে ফে’চবুক নোখোলে । পুৱা ৫ বজাৰ এলাৰ্ম টো দি বৰুৱাণী শুই পৰিল।

ট্ৰিং ট্ৰিং !! এলাৰ্ম ৰ শব্দ শুনি বৰুৱাণীয়ে বিচনাৰ পৰা উঠি এলাৰ্মটো বন্ধ কৰি চিঞৰিয়েই দিলে—হাই হাই পাঁচ পোন্ধৰ হ’ল । আজি বহুত দেৰি হ’ল! বৰুৱাণীয়ে লৰালৰিকৈ মুখ খন ধুই ,ঘৰটো সাৰি ,গাটো ধুই আহিল। গোঁসাই ঘৰত চাকিটো জ্ব্লাই পাকঘৰত সোমাল । গেছটো জ্ব্লাই এফালে দাইলৰ কুকাৰ আৰু এফালে গাখীৰৰ চচ্‌টো উঠাই দিলে । চিঞৰিয়েই মাতিলে—-হে’ৰা উঠা—চাহ হ’লেই,—মাজনী,বাবু উঠা—- ,৫ মিনিটত মুখ ধুই আঁহা—- য়’ৰ মিল্ক ইজ্‌ ৰেডী । দাইল হ’লেই—-এটা বাৰ্নাৰত ভাত আৰু এটাত আলুকেইটা কুকাৰত দি উঠাই দিলে । চাহ- গাখীৰ খাই দেউতাকে পেপাৰখন ল’লে আৰু সিহঁত দুটাইও ৰে’ডী হবলৈ গ’ল। বৰুৱাণীয়ে ঘড়ীটো চাই ল’লে—–৬ বাজিলেই !! ৭ বজাত বাছ আহিব —-ভাত পৰঠা হবগৈনে বাৰু !! দেৰি হোৱা গম পাই গিৰিয়েকেই আঠুৱা খুলি বিছনাখন পাৰি দিলে । ছোৱালীজনীয়ে সিহঁতৰ কোঠা-বিছনা নিজেই ঠিক কৰে। সেয়েহে সেইফালে বৰুৱনীয়ে চকু নিদিলেও হয়। বৰুৱাণীয়ে আলুকেইটা পিটিকি আটাখিনি মাৰি ল’লে। দাইল তেল মাৰি ভাজিখিনি গেছত উঠাই দিলে। মাজতে চিঞেৰিলে—মাজনী ৰে’ডী হ’লানে ??? পৰঠা চাৰিখন বেলি ল’লে। দাইলখিনি নমাই ফ্ৰাই-পেনখন উঠাই দিলে ।

এনেতে মবাইটো বাজি উঠিল—-মা নমিতা মিচৰ ফোন । হেল্লৌ —কোৱা নমিতা, কি হ’ল পুৱাই ফোন কৰিলা যে!! “বৰুৱাণী বাইদেউ—আই এম্‌ ছৰী, এইটো সময়ত আপোনাক ডিষ্টাৰ্ব কৰাৰ বাবে । আজি মই স্কুল যোৱা অলপ পলম হব,লৰাটোৱে ভৰিত দুখ পালে ,ডাক্টৰক দেখুৱাই ঘৰত থৈ হে মই যাব পাৰিম—প্ৰিন্সিপাল ছাৰক কৈছিলোঁ। আপুনি যদি মোৰ ক্লাছৰ ৰোলকলটো কৰি দিয়ে ,বৰ ভাল পাম। ” হ’ব দিয়া মই কৰি দিম । (হে ভগৱান এনেয়েই দেৰি হৈছে তাতে আনৰ কামো মইয়েই কৰিব লাগিব । ) গেছটো ছিমত থৈছিলো কাৰণে ভাজিখিনি নজ্ব্লিল। ভাজিখিনি হ’লেই —মাজনী,বাবু ভাত খোৱাহি ।

এনেতে কামকৰা মানুহজনী পালেহি । আহিয়েই—“বাইদেউ আজি মোৰ মূৰৰ বিষ ,ঘৰ মচিব নোৱাৰোঁ ।”—“ হ’ব দে যি পাৰ কৰ , এনেয়েই দেৰিকৈ আহিছ—-সোনকালে কাম খিনি কৰি যা ।” মূৰটো ৰাতিপুৱাৰ পৰা গৰম হৈ আছিল তাতে যেন আৰু গৰম কৰি দিলে কামকৰাজনীয়ে—–“এদিন ক’ব ককালৰ বিষ ,কাপোৰ ধুব নোৱাৰোঁ——এদিন ক’ব মূৰৰ বিষ,ঘৰ মচিব নোৱাৰোঁ—-এদিন ক’ব গা-বেয়া ,অসুবিধা !!! মই কিবা মানুহ নহয় নেকি মোৰ এইবোৰ নহয় নেকি? তথাপিও নিজৰ কাম বুলি সদায় কৰি নাযাওঁ নেকি ?” বৰুৱানীয়ে মুখৰ ভিতৰতে ভোৰ-ভোৰাই টেবুলত ভাত বাঢ়ি আকৌ এবাৰ দুয়োটাকে চিঞৰিলে—-। পৰঠাকেইখন সেকি এটা এটা আম্‌লেটটো ভৰাই, টিফিন কেইটা জেগাই জেগাই থৈ দিলে । পানীৰ ফ্লাক্স ,বটল কেইটাও সাজু কৰি দিলে । সিহঁতৰ ইতিমধ্যে খোৱা শেষ হৈছিল। এনেতে বাছৰ হৰ্ণ —-হে’ৰা ইহঁতক বাছত উঠাই দিয়া। সিহঁতক দুৱাৰৰ ওচৰলৈকে আগবঢ়াই বৰুৱাণীয়ে ড্ৰয়িং ৰূমটোৰ লগতে সিঁচৰতি হৈ থকা বস্তুবোৰ অলপ চকু ৰোৱা কৰি শাৰীখন পিন্ধি ল’লে । গিৰিয়েক আৰু নিজলৈকেও ভাত বাহি গিৰিয়েকক বিচাৰিলে —-নাই দেখোন ক’ত গ’ল মানুহটো!! হে’ৰা ক’ত গ’লা আজি নোযোৱা নেকি ? ভাত কেতিয়াবাই দিলোঁ । গৈছো —কম্পিউটাৰ ৰুমৰ পৰা মাত লগালে ! “হে ভগৱান তুমি আকৌ ফে’চবুক খুলি বহি আছা যে !! কি হৈছে তোমাৰ ?? লৰা-ছোৱালী কেইটাও ধ্বংশ হ’ব এতিয়া । এইখন চোৱা কেনে লাগিছে —–হা হা হা । ২০০ কেজি মান ওজনৰ ছোৱালী এজনীৰ ফটো এখন—- বন্ধু এজনে আপডে’ট দিছে । কিযে তোমাৰ বন্ধুবোৰ !! কোনোবা শকত বুলি হাঁহিব, কোনোবা ক্ষীণ বুলি হাঁহিব আৰু লগতে তুমিও হাঁহিছা । চাওঁ টাটা-ফ’ট’নটো মোক দিয়া—–দুকুৰি পাৰ হৈ গ’ল এতিয়াও তুমি নিজকে বেচেল’ৰ বুলি ভাবি আছা !!— আজৰি সময়ত কিবা এটা কৰিছা বেলেগ কথা,এতিয়া অফিচ যাব লাগে —-ভাত খোৱাহি আহা। বৰুৱাও সুৰসুৰকৈ আহি ভাতৰ টেবুলত বহিলহি—-“তুমি কি বুজিবা ফে’চবুকৰ মজা” মুখৰ ভিতৰতে ক’লে !! তুমি কিবা ক’লা ? নাই নাই ভাজি খন ভাল হৈছে—-ভাজিখন চেলেকি বৰুৱাই ক’লে । এইকন সময়তে কামকৰাজনীৰো কাম খতম । বাইদেউ হৈ গ’ল । অলপ সময় ৰ!— ভাত কেইটা খাই লওঁ ,আজি পৰঠা ভাজিছিলোঁ, এখন তোকো ভাজি দিম । বৰুৱাণীৰ কথা শুনি—“নালাগে বাইদেউ ,মই ঘৰলৈ যাওগৈ বৰকৈ মূৰ বিষাইছ।’’ বৰুৱাণীৰ বেয়াই লাগি গ’ল—-আই অ’ দেহি তাইৰ সঁচাই মূৰ বিষ হৈছে । ৰ ভাত কেইটামানকে খাই টেবলেত এটা খাই যা। তাইক ভাত দি বৰুৱানীয়ে দুৱাৰ খিৰিকি মাৰিবলৈ ধৰিলে। ইতিমধ্যে চাৰে আঠ বাজিছিল । বৰুৱা আৰু বৰুৱাণী একেলগে ওলাই যায়। বৰুৱাই বৰুৱানীক স্কুলত থৈ অফিচলৈ যায়গৈ । কাম কৰা বাই জনীয়ে পাকঘৰৰ কামবোৰ শেষ কৰি গ’ল গৈ । বৰুৱাই গাড়ী ষ্টাৰ্ট কৰি মাতি আছে—-হে’ৰা, সোনকাল কৰা মই দহ বজাত পালেগৈও হ’ব —–তুমিহে স্কুলত কথা শুনিবা ! বৰুৱানীয়ে গৈ থাকোতে চিন্তা কৰি গ’ল—-আজি-কালি স্কুলত পঢ়ুৱাওঁতে সাৱধান হব লাগিব, ষ্টুডেণ্ট আৰু গাৰ্জেন সমানে ছিৰিয়াছ হৈছে ।—- “হয়তো ময়ো ছিৰিয়াছ মোৰ ল’ৰা-ছোৱালীক লৈ।“ এইবাৰ মাজনীক পঢ়াত অলপ বেছি সময় দিবলৈ কব লাগিব । বাবুৰ গেইম খেলাটো কমাব লাগিব, সি ক্লাছ থ্ৰী যদিও এতিয়াৰ পৰা অলপ অলপ কৈ পঢ়াৰ সময় বঢ়াই নিলেহে মেট্ৰিকত কিবা এটা আশা কৰিব পৰা যাব ।“ হে’ৰা স্কুল পালোঁহি ! কি চিন্তা কৰি আহিছা ?” বৰুৱাৰ মাতত হে –অ’ নামো,—যোৱা –বাই।

বৰুৱানীৰ স্কুলত আকৌ একে ব্যস্ততা । তেওঁক সহজ পাই দুটামান ক্লাছ বেছিকৈ কৰিবলৈ দিয়ে । কিন্তু বৰুৱানীয়ে পঢ়ুওৱাত যথেষ্ট কষ্ট কৰে ,ল’ৰা-ছোৱালী বোৰক নিজৰ দৰে জ্ঞান কৰে । স্কুলত থকা সময়খিনি তেওঁৰ ঘৰ খনৰ চিন্তাই আমনি দি থাকে । ছুটিৰ পিচত বৰুৱানী সোনকালে ঘৰ পাবহি লাগে কাৰণ ছোৱালীজনী টিউচনলৈ যায় চাৰি বজাত ,ল’ৰাটোকো শুৱাব লাগে এঘণ্টা নুশুলে গধূলিতে আমনি কৰে । ইয়াৰ পিচত গধূলি ছয় বজালৈকে বৰুৱানীৰ নিজৰ সময় । এই সময় চোৱাত তেওঁ ফোন কৰি আত্মীয়ৰ খবৰ লয় ,ওচৰ-চুবুৰীয়াৰ ঘৰলৈ গৈ খা-খবৰ লয় ,মহিলা সমিতিৰ মিটিং থাকিলে তালৈও যায় ,ঘৰুৱা বজাৰ থাকিলে সেইবিলাক কৰে ইত্যাদি ইত্যাদি। কিন্তু ছয় বজাৰ লগে লগে সকলো আহি ঘৰ সোমাব লাগিব কাৰণ—- সেইটোৱেই এটা সময় যিটো সময়ত সকলোৱে মিলি চাহ-গাখীৰ খায় আৰু দিনটোৰ কথাবোৰ আলোচনা কৰে । তাৰ পিচত সকলো নিজৰ নিজৰ কামত যায় । বৰুৱা যায় টিভিৰ ওচৰত বৰুৱানী যায় ল’ৰা-ছোৱালীৰ হ’মৱৰ্ক আৰু পঢ়া চাবলৈ লগতে নিজৰো কামত । ন বজাত পাক- ঘৰলৈ আহে আৰু ৰাতিৰ খাদ্যৰ লগতে পিছদিনাৰো জোগাৰ কৰে । এনেদৰে বৰুৱানীয়ে ঘৰখন সুন্দৰকৈ সম্ভালি আহিছে সকলোৰে প্ৰয়োজনলৈ মন দি ।

চাবলৈ গ’লে বৰুৱানীৰ দৰে এগৰাকী মাইকী মানুহে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে —ঘৰ-সংসাৰ,ল’ৰা-ছোৱালীৰ পঢ়া, বেমাৰ-আজাৰ লগতে চাকৰি কৰি ঘৰ খনক অলপ সহায় কৰা, ওচৰ-চুবুৰীয়াৰ লগত সদ্ভাৱ, মেলে-মিটিঙে নিজৰ প্ৰতিভা প্ৰকাশ কৰি সকলো দিশতে সামঞ্জস্য ৰাখি এটা আদৰ্শমূলক জীৱন উপভোগ কৰিব পাৰে ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
prasanta
8 years ago

khub bhal hoise. bhaben saikiar galpo bor diba nowarine?

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক