মিছা কম নে সঁচা কম – ড. লোচন শইকীয়া

মিছা কোনে কৈ পোৱা নাই? সঁচা সকলোৱে কয় নে? মানুহ মাত্ৰেই জীবনৰ কোনোবা এটা সময়ত হলেও নিশ্চয়কৈ মিছা কৈ পাইছে৷ ব্যাসদেব কৃত ‘মহাভাৰত’ৰ ধৰ্মৰাজ আখ্যা পোৱা যুধিষ্ঠিৰেও কাল্পনিক মিছাক সঁচা ৰূপ দিছিল৷ মিছা সদায় মিছাই৷ সেই সময়ত অশ্বথামা হত: ইতি গজ: বাক্যৰ অৰ্থ মিছা নাছিল, উদ্দেশ্য বেলেগ আছিল আৰু সেই উদ্দেশ্য সাৰ্থকো ঘটিছিল৷ বাক্যৰ ছল-ছাতুৰীও একে পৰ্য্যায়ৰ৷ ৰাজনীতিৰ পৃথিবীখনত পংকিলময় মিছাৰ উদাহৰণ এতিয়াতো সীমাহীন৷

সঁচানো কি? মিছানো কি? সঁচা, সত্যৰ আধাৰত প্ৰতিষ্ঠিত৷ সঁচা এটা ঘটনা বা কৰ্ম বা কথা৷ ভাল হওক, বেয়া হওক৷ প্ৰতি ঘটনা ঘটাৰ এটা সময় থাকে৷ সময় গতিশীল৷ নকৰাকৈ- নঘটাকৈ কোৱা কথা অসত্যৰ ওপৰত প্ৰতিষ্ঠিত৷ সেয়ে তেনে কথা মিছা৷ সঁচাৰ লগত সময় সম্পৃক্ত৷ ঠিক যি দৰে মিছা কলে এটা সময়ো বান্ধ খাই পৰে৷ সঁচা, মিছাৰ বিপৰীতমূখী হৈও নিজকে সময়ৰ সূত্ৰৰে প্ৰতিষ্ঠা কৰে৷ অৰ্থাত মিছা সময়ৰো বিপৰীতমূখী৷ তাৰ মানে সঁচা আৰু সময় একেমূখী৷ সেইকাৰণেই পৃথিবীৰ এটা সঁচাক একেখন পৃথিবীৰ আটাইবোৰ মিছা লগ খাইয়ো মিছা প্ৰতিপন্ন কৰিব নোৱাৰে৷ এইখিনিতে এটা প্ৰাকৃতিক সত্য কওঁ – সেইয়া হল মানুহৰ বাদে কোনো জীৱ-জন্তুৱে মিছা কব নোৱাৰে যাৰ বাবেই মানুহ একেবাৰে পৃথক জীৱ৷

ৰুঢ় বাস্তৱ হল – সঁচাৰ ওপৰত প্ৰতিষ্ঠিত ৰামৰাজ্য দেখাৰ সপোন এই পৃথিবীত অলীক অবাস্তৱ কল্পনা হয়েই ৰব৷ আমি গঢ়ি লোৱা বাস্তৱ পৃথিবীখনৰ পৰিবেশ সঁচা-মিছাৰ মাজতেই দুদোল্যমান৷ যিহেতু ভবিষ্যতৰ প্ৰতিশ্ৰুতি কল্পিত হলে সঁচা হব নে মিছা হব কোৱা টান৷ এই প্ৰতিশ্ৰুতিত যদি ছলনা সোমাই থাকে, তেনেহলে বৰ্তমান বিভিন্ন ৰাষ্ট্ৰত ঘটি থকা ঘটনা ৰাজীলৈ চকু দিলেই স্পষ্ট হৈ উঠে শান্তিকামী মানৱৰ শান্তি আজি কিয় দূৰলৈ গৈছে৷ আমিও এনে ছলনাৰ বলি নোহোৱাকৈ আছোঁনে? প্ৰেমৰ ক্ষেত্ৰত প্ৰতাৰিতজন মিছা, ছলনাৰে বলি নহয় জানো!

স্বাভাবিকতে প্ৰশ্ন উঠে মানুহে মিছা কিয় মাতে? মিছা কথা কৈ কি অভিপ্ৰায় পূৰ হয়? মিছা কবলৈ সৰুতেই শিকে নে ডাঙৰ হৈ শিকে? মিছাৰ পৰিণাম বেয়া বুলি জানিও কোনোবাই মিছাৰ পক্ষ কিয় লয়? মিছাৰ প্ৰমাণ সচাঁকৈয়ে মিছা বুলি প্ৰমাণিত কেনেকৈ হয়? সৰু-লৰাছোৱালীয়ে মিছা কৈ কেনেকৈ ধৰা পৰে? সৰুৰ তুলনাত ডাঙৰে কোৱা মিছা-সঁচাৰ প্ৰভেদ কি? গোটেই পৃথিবীৰ মানুহেই মিছা কয়৷ কিয়? এনেকুৱা সহস্ৰ প্ৰশ্নৰ উত্তৰ সহজনে?

মিছা হল সেইটো যাৰ সহায়ত আমি যিতো সঁচা নহয় তাকে ৰূপ দিব বিচাৰোঁ৷ মিছাৰ সহায়ত আমি আনৰ ওচৰত আমাৰ বিষয়ে ভাল হোৱাৰ ৰূপ এটা দেখুৱাব বিচাৰোঁ৷ মিছাৰ সহায়ত আমি আশাৰ বালিঘৰ সাজোঁ৷

সকলোৱে জনা এনেকুৱা বিষয়তো আমি কিমান জানো? আহক, তাকে লৈ অলপমান আলোচনা কৰি চাওঁ৷ সামাজিক প্ৰাণী স্বৰূপে মিছাৰ সঁচাখিনি জনাও অতি প্ৰয়োজন৷ মিছাই কিমান সামাজিক বিশৃঙ্খলতা আনি কিমানক কিমান নচুৱাব পাৰে তাৰ সীমা-সংখ্যা নাই৷ পৰিয়ালৰ সদস্যৰ মাজত, কৰ্মত, সহকৰ্মীৰ মাজত, তলৰ-ওপৰৰ কৰ্মীৰ লগত, বন্ধুৰ লগত, প্ৰেমিক-প্ৰেমিকাৰ মাজত, স্বামী- স্ত্ৰীৰ মাজত, আইন কানুন বিচাৰ প্ৰণালীৰ ধাৰাবাহিকতাৰ লগত, খেল-ধেমালীত ইত্যাদি ইত্যাদি জীবনৰ প্ৰতিতো ক্ষণত প্ৰতিতো কামত সঁচা-মিছাৰেই খেল৷

শিশু কালছোৱাত শিশুৰ বিকাশত মিছাই এক ডাঙৰ ধনাত্মক অংশ গ্ৰহণ কৰে৷ শিশুৰ বিকাশত মিছাৰ অংশ আছে বুলি কলে জাপ মাৰি উঠা মানুহো ওলাব আৰু কব ‘ অ’ তাৰ মানে আমি অভিভাৱকে এতিয়া নিজৰ সন্তানক মিছাৰ জ্ঞানো দিম আৰু মিছা কবলৈও শিকাম ‘৷ কি কবলৈ আহেহে? নিশিকোৱাকৈও যে আছে তাকেই কেইজনে দৃঢ়তাৰে কব পাৰিব! শুনি আচৰিত নহব৷ সঁচাকৈয়ে শিশুক আনে নিশিকোৱাকৈয়ে শিশোৱে নিজে মিছাৰ জ্ঞান লাভ কৰে৷ তাকো ঘৰখনৰ পৰাই৷ ডাঙৰে মিছা কৈ সাৰি যোৱা সৰু বা শিশোৱে লক্ষ কৰিয়েই মিছা কবলৈ শিকে৷

প্ৰায়সকল অভিভাৱকে নিজৰ সন্তানক বিশেষ বুলিয়ে ভাবে৷ কোনোবা এদিন আবিষ্কাৰ কৰে, সন্তানে আখৈ মাতিছে৷ ভয় নকৰিব৷ গবেষণাই কয়, অভিভাৱকক মিছা কোৱাও শিশুৰ বিকাশৰ স্বাভাৱিক প্ৰক্ৰিয়া৷ যেনে ধৰক, মিছাকৈয়ে চিঞৰে, দুখ পোৱাৰ ভাও ধৰে বা নিজৰ ভুল লুকুৱায় ইত্যাদি৷ দুই তিনি বছৰমানৰ পৰাই শিশোৱে মিছা কবলৈ আৰম্ভ কৰে৷ এইটো বয়সতে শিশোৱে বুজি পায় যে মানুহে মানুহৰ মন পঢ়িব নোৱাৰে৷ পাঁচ বছৰ মানলৈ স্বাচ্ছ্যন্দে মিছা কব পৰা হয়৷ এই অভ্যাস পৰিয়ালতেই অভিভাৱক বা অন্য সদস্যৰ পৰাই শিকে৷ এনেকুৱা উদাহৰণ হব পাৰে – অস্বস্তিকৰ প্ৰশ্ন সুধিলে ডাঙৰে সঁচাতো নকৈ মিছা এটা কোৱা৷ কোনোবা অবাঞ্ছিত মুহূৰ্ত্তত মই ব্যস্ত আছোঁ, মই নাই বুলি কবলৈ কোৱা ইত্যাদি৷ অভিভাৱকে নিজৰ ভালৰ বা বেয়া কাৰণে শিশুক মিছা কবলৈ শিকায়, অথচ শিশোৱে যেতিয়া নিজৰ স্বাৰ্থৰ খাতিৰত মিছা কয় তেতিয়া একেজন অভিভাৱকে শিশুক বেয়া পায়৷ ইও এক ৰুঢ় বাস্তৱ৷

সঁচা কথাত শিশোৱে অতি সহজে, সোণকালে এইটো বুজি পায় যে মিছা কৈ শাস্তিৰ পৰা হাত সাৰিব পাৰে, ভাল চাপ (impression, image) এৰিব পাৰে, বা আনৰ ব্যৱহাৰ সলনি কৰিব পাৰে বা নিজৰে এটা সুকীয়া পৰিচয় সৃষ্টি কৰিব পাৰে৷ উচ্চমানৰ বুদ্ধিমান শিশু স্বাভাবিক ভাবে সঁচা পৰিবেশত ডাঙৰ হোৱাৰ অবকাশ পালে সামাজিক ভাবে আনৰ লগত সহজে মিলিব পাৰে৷ অন্যথা কঠোৰ শাসনত ডাঙৰ হোৱা শিশোৱে মিছাৰ আশ্ৰয় সহজেই লৈ ছলনা কৰে৷ পদে-পদে মিছাৰ আশ্ৰয়ৰ প্ৰয়োজন বোধ কৰে৷

দুখৰ কথা এই ছল কৰা ব্যৱহাৰ, সময়ৰ খোজত দিনক দিনে কিশোৰ বয়সত নিজৰ স্বাধীনতা প্ৰমাণ কৰিবলৈ যাওঁতে বাঢ়িহে যায়৷ তাতোতকৈ ডাঙৰ কথা হল সমস্যা নিয়ন্ত্ৰণৰ বাহিৰলৈও যায় তেতিয়াহে, যেতিয়া পুৰস্কাৰক বিপদতকৈ (risk) আগভাগ দিয়ে আৰু অভিভাৱকে বিচৰাতকৈও বেছি ছল কৰি উতনুৱা বা অদায়িত্বশীল হৈ পৰে৷ এনেকুৱা সময়তে অভিভাৱকে এক প্ৰতিদণ্ডীমূলক সমস্যাৰ মূখামূখি হয় আৰু বিৰোধিতা নকৰাকৈ এটা সীমাৰেখা টানিবলগীয়াত পৰে যি সময়ত ছলনাৰ পৰিমাণো বাঢ়ি আহে৷ এইক্ষেত্ৰত দেখা যায় যে বেছি হেচাঁ প্ৰয়োগ বা শাস্তিৰ বিধান কৰিলে হিতে বিপৰীত হয়গৈ৷ কিশোৰ-কিশোৰীয়ে নিজৰ কৰ্মৰ পৰিণাম জানি আৰু বেছি সতৰ্ক হৈ ছলনাময়(ী) হৈ উঠে৷ এনেকুৱা পৰিস্থিতিত পৰিলে অভিভাৱকে কি কৰিব সেইতোৱেই জনা বৰ প্ৰয়োজনীয়৷

আপুনি গম পাইছে আপোনাৰ সন্তানে মিছাৰ আশ্ৰয় লৈছে, তেনেহলে শান্ত হৈ থাকক৷ যত্ন কৰক শিশুটি বা কৈশোৰ গঢ়কা সন্তানে কিয় তেনেকুৱা কৰিছে যাতে সমস্যাতো জানি তেওঁলোকৰ লগত কথাতো পাতি তাক কেনেকৈ লৈছে আৰু ফলত আপোনাৰ উগ্ৰতাবিহীন সমাধানৰ পথতোও সন্তানেও গ্ৰহণ কৰিব৷

ছল কৰা সন্তানৰ ক্ষেত্ৰত সমস্যাৰ কাৰণতোক লৈ ব্যস্ত হৈ পৰিলে সময়, শক্তি দুয়োটাৰ অপচয় হোৱাই নহয় বৰং ছলনা অধিকহে হোৱা দেখা যায়৷ তেনে সন্তানক এইতো মনত পেলাই দিয়া ভাল যে অভিভাৱক স্বৰূপে কিছুমান গ্ৰহণযোগ্য নিয়ম-নীতিত চকু দিয়া অভিভাৱকৰেই কৰ্তব্য৷ এই ধৰণৰ পথ অৱলম্বনে সন্তানক আভাস দিয়ে যে অভিভাৱক হিচাবে সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত সততাক আপোনালোকে সঁচাকৈয়ে মূল্য দিয়ে৷ এইটো অৱশ্যেই মই নকওঁ যে এই পথেই একমাত্ৰ প্ৰমাণিক পথ, তথাপিও কওঁ, একেৰাহে এই পথ অৱলম্বন কৰিলে এটা সময়ত ভাল ফলেই দিয়ে৷ আকৌ কওঁ, আপুনি যদি দেখে সন্তানে কোনো কাৰণ নোহোৱাকৈয়ে মিছাৰ আশ্ৰয় লয়, তেনেহলে তেনে শিশোৱে নিজকে সদায়েই বিপদৰ ঘেৰত ৰাখে আৰু তেতিয়া আপোনালোক বিশেষজ্ঞৰ ওচৰ চপা একান্তই প্ৰয়োজন৷

প্ৰতিতো মিছাৰ লগে-লগে ভয়ৰ পৰিমাণো বাঢ়িগৈ থাকে৷ ফলত এটা মিছা লুকুৱাবলৈ আৰু এটা মিছা কবলগীয়া হয়৷ যিহেতু মিছলীয়াই মিছা কোৱাতো মনত ৰাখিবলগীয়াত পৰে সেই কাৰণেই সঁচা তেওঁৰ কাৰণে ভয়াবহ শত্ৰু ৰূপত দেখা দিয়ে৷ তাৰ পিচত ক্ৰমান্বয়ে মিছা মাতি যায়৷ এইদৰে এটা মিছাই মিছাৰে বংশ বৃদ্ধি কৰি কোনোবা কাৰোবাক বাস্তৱ পৃথিবীৰ পৰা দুৰ, বহু দুৰলৈ লৈ যায়, যৰপৰা ঘূৰি অহাও সম্ভৱ নহয়৷ যিদিনা ধৰা পৰে সন্দেহৰ আৱৰ্ত্তলৈ অহাৰ পিচত সেইদিনাৰ পৰা সেইজনৰ কাৰণে সমাজত স্থান শূন্যহৈ পৰিব লাগে৷

ঠিক এই ধৰণৰ পৰিস্থিতিত মোৰ কিন্তুু সন্দেহ বাঢ়ে সঁচাকৈয়ে আমি বাৰু সঁচা-মিছাৰ প্ৰভেদ নধৰা হলোঁ নেকি! মিছলীয়াক আমি প্ৰশ্যয় দিওঁ৷ যিহেতু মিছলীয়া বুলি জানি একেখিনি মানুহৰ লগত উঠা-বহা কৰিছোঁ, বাক্য বিনিময় কৰিছোঁ৷ বাকী আছেই বা কি! ব্যক্তিগত জীৱনত মিছাই অনিষ্ট কৰিবই কৰিব৷ সামাজিক জীৱনত মিছাৰ প্ৰতি হয়তু আমি কিছু পৰিমাণে শিথিল নহলে পৰিয়াল, সমাজ ঠুনুকা কাঁচঘৰলৈ পৰ্য্যবশিত হব৷ ইয়াৰে গইনা লৈ সমাজ সেৱা, ৰাষ্ট্ৰসেৱাৰ নামত আমি কিমান যে ভণ্ড-প্ৰৱঞ্ছকক প্ৰশ্যয় দিছোঁ, তাৰ খবৰ ডাৰে-ডাৰে সংবাদ-সেৱী সকলে দিযেই আছে৷

আজিৰ পৃথিবীত মানুহৰ জীবন যাপনৰ গঢ়, দৌৰ, ধাপ, মিলা-মিছা দেখি মনলৈ এটা ভাব আহে –আমি সকলো চোৰ৷ চোৰহে চোৰৰ ঠেং দেখে৷ চোৰে চোৰক চোৰ নকয়৷ সমাজত ঘটি থকা অপ্ৰীতি, অসূয়া, অভক্তি, অমিল এইবোৰ মিছাৰে সতি-সন্তান৷ মই ডাঠি কম সকলো কেতিয়াও চোৰ নহয়৷ ভাল মানুহ, সত মানুহ এতিয়াও আছে৷ সঁচাৰ পথ কিয় কণ্টকময়? আমি গঢ়ি লোৱা সমাজখনত মিছাই কোনফালৰ পৰা সিন্ধি খান্দে? জন্মসূত্ৰে সকলো মানুহ সন্তানৰ বিকাশ ঘৰখনৰ পৰিবেশৰ পৰাই আৰম্ভ হয়৷ এখন সুস্থ সবল সমাজৰ বুনিয়াদ মিছাৰ ভেটীত কেতিয়াও গঢ়িব নোৱাৰি৷

০০০০ মিছা কোৱাৰ মনোবিজ্ঞান ০০০০

মিছা কথা কোৱা কাৰণ হিচাবে মনোবৈজ্ঞানিক কাৰণ বিচৰাতো অন্য বিষয়তকৈ জটিল৷ বিজ্ঞানীসকলে কয় মিছা কোৱা মানেই ৰোগ নুবুজায়৷

সাধাৰণতে মানুহে মিছা কব পাৰে শাস্তিৰ পৰা সাৰিবলৈ বা অভ্যাসবশত: মিছা কয় বা নিজে যিটো নহয় সেইটোকে দেখাবলৈ মিছাৰ সহায় লয়৷ কেতিয়াবা আন কাৰোবাৰ অন্তৰক দুখ নিদিবলৈও মিছা মাতে৷ কাৰণ হিচাবে বিভিন্ন হব পাৰে৷ প্ৰত্যেকেই এবাৰ হলেও মিছা মাতি পাইছে৷ যদিও সংখ্যাত বা মাত্ৰাত মিছা কোৱাতো মানুহলৈ বেলেগ বেলেগ হব পাৰে৷ নিৰ্দোষ মিছা কৈ কেতিয়াবা অস্বস্তিকৰ পৰিস্থতিৰ পৰা বাচিবলৈও বা কোনোবাই দুখ পাব বুলিয়েই মিছা মতা হয়৷

০০০০ মিছা কোৱা ৰোগো হব পাৰে ০০০০

মিছা কোৱাতো অসুখত পৰিণত হয় যেতিয়া কোৱাজনে জানে যে মিছা কৈ লাভ নাই৷ তথাপিও মিছাহে তেওঁৰ মুখৰ পৰা ওলায়৷ এওঁলোকৰ পৰা সাৱধাণ হোৱাৰ প্ৰয়োজন৷ এই ধৰণৰ মানুহৰ মানসিক চিকিত্সাৰ প্ৰয়োজন হয়৷ তেনে মানুহক মনোৰোগ বিজ্ঞানত চাৰি ভাগত ভগাইছে (ক)সমাজ বিৰুদ্ধ অসুখ (Anti social personality disorder) (খ)সীমাৰ কাষচপা অসুখ (Borderline personality disorder)(গ) ভাও ধৰা অসুখ (Histrionic personality disorder) (ঘ) কৃত্ৰিম বা অভিসন্ধিমূলক অসুখ (Fictitious disorder)৷ ইয়াৰোপৰি এবিধ ৰোগী আছে মিছা কৈছে বুলি নিজে গমেই নাপায় (Paranoid Personality Disorder)৷

স্নায়ুমনোৰোগবিশেষজ্ঞ সকলে জানে যে মানুহে যেতিয়া মিছা কয় তেতিয়া মগজুৰ সেই বিশেষ অংশসমূহে সঁচা কলে যিধৰণে প্ৰতিক্ৰিয়া কৰে ঠিক একে ধৰণে প্ৰতিক্ৰিয়া নেদেখুৱায়৷ এইটোৱেই আচল কাৰণ মিছা কোৱাৰ সময়ত চকুৰ ভাষাই যি কয় সেইয়া সম্পূৰ্ণ নহয় আৰু নেদেখা দিশ আছে৷

মনোবিজ্ঞানে কয় – মিছা কোৱাৰ প্ৰবণতা আত্মশ্লাঘা (self esteem)ৰ পৰা জন্ম হয়৷ আমাৰ মানসিকাত জন্ম গ্ৰহণ কৰা এই অপৰাধমূলক মিছাই নিজৰ অহং ভাবত আঘাত লগা যেন পালেই এখোপ ওপৰলৈ গৈ নিজৰ কৰ্মক্ষেত্ৰ বিস্তাৰ কৰে৷ বহুত মানুহে এই আত্মশ্লাঘাৰ কাৰণেই সমাজত অপমানিত হোৱাৰ পৰা বা বিবাদত জড়িত হোৱাৰ পৰা বা অনৈক্যৰ পৰা বাচি থাকিবলৈ মিছাৰ সহায় লয়৷ দৈনন্দিন জীবনত বিবাদৰ পৰা আঁতৰি থাকিবলৈ সৰু সৰু মিছা খুউব বেছি ব্যৱহৃত আৰু ইয়েই ফাঁকি দিয়াৰ উদ্দেশ্যক-প্ৰণোদিত কৰে৷

০০০০ মিছা কৈছে বুলি কেনেকৈ গম পাব ০০০০

কোনোবাই কাৰোবাক মিছা কৈছে জানিবলৈ আমি বিজ্ঞানৰ সহায়ো লব পাৰোঁ৷ এই বিজ্ঞানে শতক শতক যুৰি মানুহক মোহিত কৰি ৰাখিছে৷ বিজ্ঞানে কয় আমি ৫৪ শতাংশহে মিছা বুলি অনুমান কৰিব পাৰোঁ৷ মানুহক বুজিবলৈ অসাধু বা অসত্ কথাতোৰ সত্যতা বুজা অতি প্ৰয়োজন৷

  • মানহে মিছা কোৱা বুলি গম পাবলৈ মুখৰ চেহেৰা, শৰীৰৰ ভাষা, মাতৰ সুৰ, কথা কোৱাৰ সংলাপে সহায় কৰে৷
  • চিকিত্সা শাস্ত্ৰত ৰোগ ধৰা পেলাবলৈ যি দৰে পলিগ্ৰাফ ব্যৱহাৰ কৰা হয় ঠিক তেনে দৰে এই বিজ্ঞানত চকুৰ দৃষ্টিৰেই কোৱাজনৰ দোষ, স্নায়ু আৰু লুকাই থকা আবেগৰ প্ৰতিক্ৰিয়া ধৰা পেলাবলৈ শিকোৱা হয়৷
  • এনে শিক্ষাৰ দ্বাৰা মিছা ধৰা পেলাবলৈ ৯০ শতাংশ পৰ্য্যন্ত শুদ্ধ হব পাৰি৷

০০০০ মানুহে কিমান মিছা কয় ০০০০

The Journal of Basic and Applied Psychology প্ৰকাশিত তথ্যই কয় দুজন অচিনাকি ব্যক্তিৰ মাজত হোৱা কথোপকথনত ৬০ শতাংশ মানুহেই দহোটা বাক্য বিনিময় কৰোতেই এটা মিছা কয়৷ গঢ় হিচাবত প্ৰতি দহ মিনিটত তিনিটা মিছা কথা কয়৷

দুহেজাৰ ব্ৰিটনৰ মাজত কৰা এটা সমীক্ষাত কোৱা হৈছে পুৰুষে দিনতোত ছটা মিছা কয়, যত মহিলাই গঢ়ে তিনিটা মিছা কথা কয়৷ এই মিছাৰ পৰীক্ষাত দুয়োপক্ষই ব্যৱহাৰ কৰা এটা বাক্য আছিল –একো নাই, মই ঠিকেই আছোঁ৷ “Nothing’s wrong, I’m fine৷ “

আমেৰিকাত কৰা আন এটা সমীক্ষাত ৭৭ খন কলেজ আৰু ৭৭টা community মাজত ফাঁকিৰ সম্পূৰ্ণ বিবৰণ লিখি যাবলৈ একোখন দিনলিপি দছিল৷ এই পৰীক্ষাত ছাত্ৰসকলে স্বীকাৰোক্তি দিছিল যে তেওলোকে দৈনিক দুটা মিছা কয় আৰু কনিউনিটী সদস্যই দৈনিক এটা হলেও মিছা কয়৷

০০০০ মানুহে মিছা কোৱা দিশ কিছ্মান ০০০০

  • বৰ্হিমূখী চৰিত্ৰৰ মানুহে অন্তৰ্মূখী মানুহতকৈ বেছি মিছা কয়৷
  • পুৰুষে মহিলাতকৈ বেছি মিছা কয়৷
  • ৮২ শতাংশৰো অধিক মিছা ধৰা নপৰাকৈ ৰৈ যায়৷
  • নিজৰ বিষয়ে লিখা বতৰাত (resume) এক তৃত্বীয়াংশই মিছা হয়৷

০০০০ ভাল খবৰ ০০০০

  • মিছা শিকিহে শিকা হয়, সেয়ে মিছা নকবলৈও শিকাব পাৰি৷

o এই তথ্যকে প্ৰমাণ কৰিবলৈ কিছু তিনি বছৰীয়া শিশুক এটা কোঠাত ৰাখি কোৱা হল যে তেওঁলোক থকা কোঠাৰ সিপাৰে লুকুৱাই ৰখা খেলা পুতলা আছে৷ লগতে এইটোও কোৱা হল যাতে তেওঁলোকে জুমি নাচায়৷ দেখা গল ৯০ শতাংশ শিশোৱে জুমি চালে আৰু যেতিয়া সোধা হল তেতিয়া ৩৮ শতাংশই স্বীকাৰ কৰিলে যে তেওঁলোকে নিয়ম ভঙ্গ কৰিছে৷

o একেটা পৰীক্ষাত পাঁচ বছৰীয়া শিশুৰ ক্ষেত্ৰত চলাওঁতে সকলোৱে নিয়ম ভঙ্গ কৰিও স্বীকাৰ নকৰিলে যে তেওঁলোকেও জুমি চাইছিল৷

o অন্য হাতে পাঁচ বছৰৰ ডাঙৰ শিশোৱে জানিছিল যে সঁচাতো কৈ দিলে শাস্তি দিব পাৰে সেয়ে মিছা মতাই ভাল৷

০০০০ সামৰণি ০০০০

আমাৰ সমাজত মিছাৰ প্ৰৱণতাৰে মানুহক প্ৰতাৰিত কৰিব পৰা মানুহ আগতেও আছিল, এতিয়াও আছে আৰু আগলৈও ভবিষ্যততো সদায় থাকিব৷ মিছা নোহোৱা পৃথিবী এখন কেতিয়াও থাকিব নোৱাৰে৷ এই গ্ৰহতোত মানুহৰ জয়যাত্ৰা তেতিয়ালৈকে অব্যাহত থাকিব যেতিয়া লৈকে মিছাৰ ওপৰত সঁচাৰ জয় চলি থাকিব৷ উনুকিয়াই দিওঁ যে শতকৰা ১৮ ভাগ মিছা ধৰিব পাৰিছোঁ কাৰণেই পৃথিবীৰ ভাল সত মানুহবোৰৰ কাৰণে ভাল-বেয়া দুয়ো পক্ষই জীয়াই থাকিব পাৰিছে৷ শান্তিকামী মানুহৰ বাবে মূল কথা সাধুতাই শ্ৰেষ্ঠ৷ Honesty is the best policy৷ এখন সুস্থ সবল সমাজ পাবলৈ এদিনৰ শিশুক আন এদিন ভাল নাগৰিক হবলৈ শিশু কালৰে পৰা উচিত শিক্ষা দিয়াত প্ৰতিটো পৰিয়ালৰ অভিভাৱকৰ গুৰু দায়ীত্ব আছে আৰু সদায় থাকিব৷ ইয়াৰ বাবে আপোনাৰ, মোৰ আৰু সকলোৰে সচেতনতা ও দায়ীত্ব আছে৷ ঘৰখনতেই নিজৰ সন্তানক সুস্থ জ্ঞান দিয়াত বিফল হলে আমি কেতিয়াও ভাল পৰিবেশ, ভাল অসম পাবলৈ সক্ষম নহম৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments