মিছিমি পৰ্বতৰ কমলা দিদি (আব্দুছ ছাজিদ)

(দীঘলীয়া ভ্ৰমণ কাহিনীৰ এছোৱা)

এক…

সুমিত সিং পেটেলৰ কুশলী ড্ৰাইভিঙত আমাৰ ঘনক’লা স্কৰপিঅ’খন পৰ্বতৰ গাৰে অকাই-পকাই গৈ আছিল ৷ সেউজীয়া উপত্যকাটোৰ তলে তলে পাক সলাই সলাই বৈ আছিল স্ফটিক-স্বচ্ছ লোহিতখন৷ খৰস্ৰোতা পানীবোৰ শিলে শিলে ঠেকা খোৱাত অহৰহ শব্দময় হৈ আছিল পৰিৱেশটো ৷ সেউজ নৈখন আৰু সৰ্পিল ৰাস্তাটো, যেন কোনো কালে লগ নলগা পৃথক পৃথক বৰণৰ দুডাল জৰীহে ! আমি সোঁতৰ বিপৰীতে যাত্ৰা কৰি আছিলোঁ ৷ নামনিৰ পৰা উচ্চতালৈ৷ সদ্যহতে লক্ষ্য আছিল ৱালং ৷ ১৯৬২ৰ চীন-ভাৰতৰ যুদ্ধথলী সেয়া ৷ থাকিম ক’ত, খাম ক’ত, নাজানো পিছে ৷ অনিশ্চয়তাই আমাৰ এই ভ্ৰমণৰ বৈশিষ্ট্য৷ থিমটোৱেইযে ‘য’ হ’গা দে’খা যায়েগা’ টাইপৰ ৷

সন্মুখত বহা অৰুণদাই কেতিয়াবাতে কৈছিল, ‘লালচাহ একাপ খাব লাগিছিল ৷’ শুনা পাইছিলোঁ যদিও আওকাণ কৰাৰ বাদে আছিলেইবা কি ? কাৰণ লালচাহ খাবলৈ হ’লে হোটেল থাকিব লাগিব ৷ এই দুৰ্গম পৰ্বতীয়া অৰণ্য-পথত চাহৰ হোটেল বিচৰা আৰু কাছ কণী বিচৰা একেই কথা ৷ ঘৰেই য’ত দেখিবলৈ নাই, হোটেল আৰু ক’ত? চুপচাপ বহি ৰৈছিলোঁ দাদাৰ ঠিক পিছৰ ছিটটোত, খিৰিকীয়েদি বাহিৰলৈ চাই আনমনা ভাবত৷ ‘জানে ছাৰ, ইয়াত মদ পালেও চাহ নাপাব৷” মাজে মাজে এই ধৰণৰ স্বগতোক্তি অনিলদাৰ৷ সঞ্জু চুপচাপ৷ গাড়ীৰ হেন্দোলনিতে মাজে মাজে নোটবুকখনত খচাখচ লিখে কিবিকিবি, জপায়, অলপ পিছতে আকৌ মেলে৷ পেটেলেহে ক’ৰবাত কেতিয়াবা পথৰ দাঁতিত সৰুকৈ ঘৰ একোটা আহি ওলালেই গাড়ীখন শ্ল’ কৰিছিল৷ আশাৰে সেইফালে চাইছিল৷ ষ্টাৰ্ট বন্ধ নকৰাকৈয়ে খিৰিকীৰে ডিঙি উলিয়াই একোবাৰ ৰিঙিয়াইছিল, ‘চ্যায় মিলেগা ক্যা?’

দেখদেখকৈ সিফালৰ পৰা অহা উত্তৰবোৰ আছিল নিগেটিভ৷ ক’ৰবাত আকৌ হাজাৰ চিঞৰিলেও বা বিকট শব্দ কৰা হৰ্ণটো হেঁচি ধৰিলেও নিৰুত্তৰ৷ ক’ৰবাত গাভৰু এজনীয়ে হাতখন লৰাই দেখুৱাইছিল৷ বুজা গৈছিল যে গৰম চাহৰ আশাত চেঁচাপানী৷ তেনেকৈয়ে কিমান কিল’মিটাৰ অতিক্রম কৰিছিলোঁ হিচাপ নাই৷ কেঁকুৰিৰ পিছত কেঁকুৰি পিছলৈ থৈ উঠি আছোঁ, গৈ আছোঁ মাথো আগলৈ৷ লেণ্ডস্কেপৰ বিচিত্ৰতা আৰু বিভিন্নতাই খেয়ালী আৰু সংবেদনশীল কবিমনটোক খোৰাক যোগাব পাৰিলেও, ৱালঙৰ যুদ্ধৰ কাহিনীৰ বৰ্ণনাৰে মই তেওঁক কিছু উত্তেজিত কৰি ৰাখিব পাৰিলেও লালচাহ কাপৰ প্ৰতি আসক্তিটো চাগৈ কোনো ৰকমেই শাম কটা নাছিল অৰুণদাৰ৷ ভবামতে কামটো সম্ভৱ নোহোৱাত নিজৰ অজানিতেই প্ৰকাশ কৰা উচপিচনিতে সেয়া গম পাই গৈছিলোঁ৷ লগত থকা বটলটো খুলি ঠাণ্ডা পানীকে কোটকোটকৈ কেইঢোকমান গিলি লৈছিল৷ তাৰ পিছত হাত এখন আগ বঢ়াইছিল মুখৰ আগতে ডেচব’ৰ্ডত ৰখা বিস্কুতৰ পেকেটটোৰ ফালে৷

এঠাইত পৰ্বতৰ ঢালত ঘৰ এটা দেখা পাই আমাৰ ড্ৰাইভাৰ-কাম-গাইড পেটেলে আগৰ দৰে ব্ৰেক মাৰিলে৷ একেই চিৎকাৰ, ‘চ্যায় মিলেগা?’ ইমান সময়ে একেটা কথাকে চিঞৰি চিঞৰি সদুত্তৰ নাপাই একপ্ৰকাৰ চিৎকাৰৰ নামান্তৰেই হৈ পৰিছিলগৈ পেটেলৰ মাতটো আৰু শব্দকেইটা! পথৰ দাঁতিত বাঁহৰ ডবল বেৰ দিয়া পুৰণি টিনৰ দুচলীয়া এটা ঘৰ৷ এখন সৰু খিৰিকী৷ এখনেই কাঠৰ দৰজা৷ বাহিৰত বিধ্বস্তপ্ৰায় তক্তাপোচ এখন৷ দেখাত আৰু একো নাই৷ খিৰিকীখনেৰেই চাগৈ আদান-প্ৰদান৷ সোনকালেই মূৰ এটা ওলাই আহিছিল সেই ফুটাটোৱেদি… ‘মিলেগা লেকিন বানানে পৰেগা৷’

কণ্ঠলৈ পানী আহিছিল অৰুণদাৰ৷ তলে তলে আমাৰো৷ প্ৰকাশ কৰা নাছিলোঁ অৱশ্যে৷ জাঁপ মাৰি স্কৰপিঅ’খনৰ পৰা নামিলোঁ পাঁচটা মানুহ৷ ধম্ ধমকৈ দৰজা বন্ধ হ’ল৷ দপদপাই সোমাই গ’লোঁ দোকান বুলি ভাবি লোৱা ঘৰটোলৈ৷ সোমাই গ’লোঁ মানে একেবাৰে অবাধ গতি৷ এইখনেদি প্ৰৱেশ কৰি বাহিৰৰ দৰজাইদি ওলাই চিধাই পিছফাল৷ দুটামানে পিছফালৰ নঙলাইদি সোমাই আগফাল৷ মোমায়েকৰ ঘৰহে যেনিবা! আগে-পিছে আহি-গৈ থকা অতি চিনাকি মানুহহে যেন আমি! অনুসন্ধানী দৃষ্টিৰে কম সময়তে কোনপিনে কি আছে পিটপিটালোঁগৈ৷ খোজৰ লগে লগে চলিল কথাৰো ফুলজাৰি৷

তেনেকৈ সোমাই যোৱাত যিকোনো গৃহস্থ স্বাভাৱিকতে নাৰ্ভাচ হোৱাৰ কথাই৷ সুধিলে, ‘আপলোগ কানি ত’ৰনেৱালা হ্যায় ক্যা?’ বুজি পালোঁ, আমাৰ ধুমুহা গতি, সাজপাৰ আৰু মতি-গতি দেখি পাহাৰত পপীফুলৰ খেতি ধ্বংস কৰিবলৈ অহা প্ৰশাসনৰ মানুহ বুলিয়ে ধাৰণা কৰি লৈছে তাই৷ সঞ্জুৱে ভুলটো ভাঙি দিলে, ‘নেহী নেহী, হামলোগ টুৰিষ্ট হ্যায় … আছামছে আয়া হ্যায়, ঘুমনেকে লিয়ে … লালচ্যায় মিলেগা?’

মধ্যবয়সীয়া মানুহজনী৷ নাম কমলা৷ মিছিমি মানুহ৷ মিছিমি মহিলাৰ নাম কমলা? কেনেকৈ? আচৰিতেই হ’লোঁ কথা প্ৰসংগত তাই যেতিয়া নিজৰ নামষাৰ ক’লে৷ সাংবাদিকৰ স্বভাৱগত উৎসুকতা আৰু ক্ষিপ্ৰতাৰে সঞ্জুৱে ইতিমধ্যে তাইৰ নাম-ধাম বাহিৰ কৰিলেই৷ পকেট নোটবুকখনত টুকিবলৈও লাগি গ’ল৷ তাকে দেখি কমলা অবাক নহয়নো কেনেকৈ?

সি যি কি নহওক, ক্ষণিক পিছৰে পৰা কমলা কিন্তু আমাৰ বাবে আৰু কমলা হৈ নাথাকিল৷ হৈ পৰিল কমলা দিদি৷ হিন্দীতে আমি কথা-বতৰা পাতিবলৈ ধৰিলোঁ৷ অৰুণাচলৰ মানুহমাত্ৰেই হিন্দী জানে৷ কোনো কোনোৱে অসমীয়াও জানে৷ কমলা দিদিক সুধিলোঁ, অসমীয়া ভাষা জানে নেকি বুলি৷ ক’লে, ‘কাণছে চুনতা হুঁ৷’ বুজিলোঁ, অসমীয়া কথা তাই শুনিছে৷ বুজি পায়ো চাগৈ, ক’ব কিজানি নোৱাৰে৷ হ’ব, ভাব বিনিময়ৰ অৰ্থে কিবা এটা বুজি পালেই হ’ল৷

জুহালত কমলা দিদিয়ে নুমাই যোৱা জুইকুৰা ফুকিয়াই ফুকিয়াই জ্বলাইছে৷ পানীৰ কেটলি এটা লোৰ ফ্ৰেমটোৰ ওপৰত তুলি দিছে৷ জুহালৰ চৌপাশে অ’ত-ত’ত কেইবাখনো পীৰা৷ আমাৰ নিচিনাকৈ আন মানুহো জুইৰ উত্তাপ শৰীৰত লৈ বহে চাগৈ তাত৷ কেটলিটোৰ ঠিক ওপৰত এখন ধোঁৱাচাং৷ ওপৰত কিবাকিবি তুলি থোৱা আছে৷ ওচৰতে কোৰ, কটাৰী, বাচন-বৰ্তন আৰু বস্তাকেইটামান৷ দোকান বোলা দীঘলীয়া আকৃতিৰ দুকোঠলীয়া ঘৰটোৰ এফালে গাতে গা লগাই এইখন আচলতে এখন চালিহে৷ দোকানখনত চিপচ, বিস্কুত, ভুজিয়া, চাহপাত, গাখীৰ, চাবোন ইত্যাদি পায়৷ বিয়েৰৰ বটলো আছে৷ মনত পৰি গ’ল, অনিলদাই অথনি ঠিকেই কৈছিল৷ আমি সোমাই অহা কোঠাটোৰ বাহিৰৰ পিনে থকা দৰজাখনৰ মুখতে এঢলীয়াটোত এখন বাঁহৰ চাং৷ তাতে ধোৱা-পখলা কৰা হয়৷ তাঁৰ এডালত কাপোৰ মেলা আছে৷ চৰিয়া এটাত এদ’ম কাপোৰ তিয়াইও থোৱা আছে৷ সৌ তলৰ লোহিতৰ পৰা পানী ইয়ালৈ কঢ়িয়াই অনাটো মুখৰ কথানে? ভীষণ কষ্ট হয় চাগৈ৷ হ’লেও ইহঁত পাহাৰীয়া মানুহ৷ কষ্টক কষ্ট বুলি গণ্য নকৰাটো জন্মগত প্ৰবৃত্তি৷ তেনে স্বাভাৱিকতাৰেই গঢ় লৈ উঠে কমলা দিদিহঁতৰ জীৱন-যাত্ৰা৷ এফালৰ পৰা নিৰীক্ষণ কৰি গ’লোঁ মই৷

দোকানখন মাটিৰ ওপৰত আছে যদিও চাঙৰ দুটা মূৰ শূন্যত৷ দোকানৰ পিছফালে থকা সিহঁতৰ শোৱা কোঠালিটোও একেই৷ চাংঘৰ৷ খুঁটিৰ ওপৰত শূন্যত উপঙি থকাকৈ সজা৷ দৰজাখনেৰে ভুমুকিয়াই দেখিলোঁ, ভিতৰত বাঁহৰ গাধৈ৷ তাতে ঢাৰি পাৰি থোৱা আছে৷ পোনে পোনে থকা সিফালৰ বেৰখনত সৰুকৈ কটা খিৰিকী এখন৷ সেইফালেৰে প্ৰাকৃতিক দৃশ্য চাবলৈ বৰ ভাল লাগিব চাগৈ৷ মনটোৱে কুটকুটালে৷ পিছে অনধিকাৰ প্ৰৱেশ উচিত নহ’ব৷ সেয়ে সেই আশা বাদ দিলোঁ৷ দৰজামুখৰ পৰাই দেখা পালোঁ, ভিতৰত চিকচিকীয়া ৰন্ধন সঁজুলিবোৰ গজালত ওলোমাই চিজিলকৈ থোৱা হৈছে৷ কম্বল, গাৰু, কাপোৰ কিছুমান জাপি ৰখা অৱস্থাত আছে৷ সেই কোঠাটোৰ ভিতৰতো সোঁমাজতে জুই ধৰাৰ ব্যৱস্থা আছে৷ জুই হৈছে পাহাৰীয়া মানুহৰ নিত্য-সহচৰ৷ মিছিমিয়েই হওক, টাংচাই হওক কিম্বা কুকি, নগা৷ কথাটোত মিল আছে৷ চাংঘৰটোৰ তলৰ ফালে পাহাৰৰ এঢলীয়া বক্ষত সিহঁতে খেতি কৰে৷ বেঙেনা, জলকীয়া, কচু আদি চকুত পৰিল৷ কমলা গছ কিছুমানো দেখিলোঁ৷ সুমথিৰাৰ খেতি এইফালে ভাল হয়৷ ঢালটো য’ত শেষ হৈছে তাতে লোহিতখন৷ ভাঁজ এটা লৈ বৈ আহিছে ওপৰফালৰ পৰা৷ দৃশ্যবোৰ চালে চকুৰোৱা৷ শিলনিত পৰি খলখলাই আছে লোহিতৰ বোঁৱতী ধাৰ৷

কমলা দিদিৰ সৈতে প্ৰথমতে চাহৰ বন্দোবস্ত হৈছিল যদিও ঠাণ্ডা লগাত কফি খোৱাটোৱে খাটাং হ’ল৷ তায়ো ক’লে, ‘কফি বানা দে’গা হা’ বুলি৷ কামবোৰ তাই ফটাফট কৰি যাব ধৰিলে৷ মানুহজনীলৈ একান্তমনে চাই থাকিলোঁ আৰু মোহিত নহৈ নোৱাৰিলোঁ৷ সুবিধা বুজি ক্লিক কৰা কেমেৰাৰ ফ্লাচটো গাত পৰা মাত্ৰকে উচপ খাই উঠিল তাই৷ হাঁহিলে৷ চিন্তা কৰিলোঁ, কথাটো ঠিক নহ’ল নেকি বাৰু? অন্য কথা এটাও লগে লগে মন কৰিলোঁ যে ইমান অসুবিধা আৰু সীমাবদ্ধতাৰ মাজতো ইহঁতৰ মুখত অনৱৰতে সৰল হাঁহিটো লাগিয়ে থাকে৷ পিছপৰা ভিতৰুৱা ঠাইত থাকিও বৰ সুখী ইহঁত৷ মুখমণ্ডলৰ পৰা শিশুসুলভ স্বৰ্গীয় আভা নুগুচেই৷ বিপৰীতে আমাৰ একাংশ চহৰীয়া নাগৰিকৰ মাটি-বাৰী, ঘৰ-গাড়ী, বেংক বেলেঞ্চ আদি অপৰ্যাপ্ত থাকিও মুখত নাথাকে জীৱনৰ এই মহৌষধপালি৷ প্ৰাপ্তি-অপ্ৰাপ্তিৰ অংক কৰোঁতে কৰোঁতেই বিধ্বস্ত হয় জীৱন৷ বয়স যায়গৈ৷ হেৰাই যায় হাঁহি৷ বিপৰীতে কমলা দিদিহঁতৰ দৰে আকালো নথকা ভঁৰালো নথকা মানুহবোৰৰ সুখী স্বৰূপটোলৈ চাই মনে মনে কিবা এটা শিকিলোঁ যেন লাগিল৷

আমি কমলা দিদিৰ সৈতে তেনেই মিলি পৰিলোঁ৷ তাই যেন আমাৰ তেজ-মঙহৰ সম্বন্ধৰ বাইদেউহে, কথা-বতৰাবোৰ তেনেকুৱা জাতৰে হ’লগৈ৷ ঘৰুৱা ভাব আৰু আন্তৰিকতাৰ উদ্ৰেক হ’ল কম সময়ৰ ভিতৰতে৷ তায়ো আমাক ঘূৰাই সুধিলে নিতান্তই সাধাৰণ চিন্তা আৰু খোলা মনৰ প্ৰশ্ন কিছুমান৷ আমি কি মানুহ, আমি ক’লৈ যাম, কিয় যাম ইত্যাদি ইত্যাদি৷ উত্তৰত অকণো লুকঢাক নাৰাখি ক’লোঁ, ‘আমি অসমৰ, কাৰবি আংলং জিলাৰ ডিফুৰ পৰা আহিছোঁ৷ আমিও পাহাৰৰ মানুহেই৷’ কমলা দিদিৰ ভূগোলৰ পৰিসৰ কেনেকুৱা নুবুজিলোঁ যদিও হা কৰি অলপ পৰ মেলি ৰোৱা সৰলমতীয়া মুখখনলৈ চাই ভালকৈয়ে বুজি পালোঁ যে তাই নিশ্চয় বাৰুকৈয়ে হাবুডুবু খাইছে, ক’ৰ মানুহ আহি ওলাল এইকেইটা, বুলি৷ পিছত গম পাইছিলোঁ যে তেজুলৈকে গৈছে তাই, ইটানগৰ আজিও দেখাগৈ হ’লে নাই৷

গুড ডে’ বিস্কুতৰ ডাঙৰ পেকেট এটা ষ্টিলৰ কাঁহী এখনতে খুলিলে কমলা দিদিয়ে৷ ডাঙৰ কাপত কফি একাপকৈ দি গ’ল৷ বিস্কুতৰ থালখন এফালৰ পৰা প্ৰত্যেকৰে মুখৰ আগে আগে দাঙি ধৰিলে৷ জুইকুৰাক ঘেৰি বহি লৈছিলোঁ আমিকেইটাই৷ বিভিন্ন কথা ওলাই আছিল৷ শুনি আচৰিত হ’লোঁ যেতিয়া কমলা দিদিয়ে জনালে যে তাইৰ ডাঙৰ ল’ৰাটো চেন্নাইত আছে৷ সি ইঞ্জিনিয়াৰিং পঢ়ি আছে৷ সৰুটো তেজুত৷ সিও পঢ়ি আছে৷ ভাবি ভাল লাগিল যে এনেকুৱা এটা সংগ্ৰামী পাৰ্বত্য জীৱন অতিবাহিত কৰিও কমলা দিদিৰ দৰে মাক এজনী শিক্ষাৰ প্ৰতি আগ্ৰহান্বিত হৈছে৷ গভীৰ শ্ৰদ্ধাৰ ভাব এটা মনত জাগিল, মানুহজনীলৈ৷ সন্তানৰ শিক্ষা-দীক্ষাৰ প্ৰতি আগ্ৰহশীল এনে মাতৃৰ পৰা সমাজে কিবা নহয় কিবা ভাল ফলাফল নিশ্চয়কৈ আশা কৰিব পাৰে৷

ঘৰটোত পুৰুষ এজনো আছিল৷ মিছিমি দা এখনৰ নালডালত জমা হোৱা ময়লাবোৰ তেওঁ অইন এখন দাৰে ৰুকি ৰুকি পৰিষ্কাৰ কৰি আছিল পিছফালৰ দৰজাখনৰ মুখতে ঘাঁহনিত বহি লৈ৷ কমলা দিদিৰ স্বামী চাগৈ৷ আন কিছুমান জনজাতিৰ দৰে মিছিমিৰো দাখনেই প্ৰধান অস্ত্ৰ৷ সেইখন নহ’লে তেওঁলোকৰ বাবে আনকি ঘৰৰ পৰা এখোজ ওলোৱাও টান হৈ পৰে৷ মিছিমিৰ দা, খামতিৰ মোনা৷ বৈশিষ্ট্যপূৰ্ণ আৰু আদৰণীয় সাংস্কৃতিক সম্পদ৷ তেনেকুৱা দা আমি একোখনকৈ কিনিবলৈ পাম নেকি সোধা হ’ল৷ ‘নাই মিলেগা’ বুলিয়ে উত্তৰ আহিল৷ যাবৰ পৰত এখন উলিয়াইছিল যদিও পাঁচটা মানুহৰ মাজত এখনে চাহিদা পূৰণ কৰে কেনেকৈ? ঘূৰি আহোঁতে নিব পৰাকৈ পালে যোগাৰ কৰি থ’ব বুলি কোৱাত প্ৰসংগটো সিমানতে সামৰা হ’ল৷

কফি-বিস্কুতৰ বাবদ হিচাপতকৈ কেইটামান টকা ইচ্ছা কৰিয়ে বেছিকৈ দি দিয়া হ’ল কমলা দিদিক, পুতৌ কৰি নহয়, মৰমতে৷ ঘূৰাই পাবলগীয়া ধনখিনি দিব নালাগে বুলি কোৱাত তাই আচৰিতেই হ’ল৷ মুখৰ ফালে চালে অলপপৰ৷ আকৌ এবাৰ চাগৈ ভাবিলে, কি মানুহ অ’ ইহঁত, বুলি৷ আহিবলৈ ওলাই অৰুণদাই লগত নিয়া এজাপ কাৰবি পহ’ৰ ‘তাইক এখন দি যাওঁ নেকি’ বুলি ফুচফুচাই মোক সুধিলে৷ আকাল নাইকিয়া মানুহক দিয়াতকৈ যাৰ প্ৰকৃতাৰ্থত প্ৰয়োজন তাকহে দিয়া উচিত বুলি মই মন্তব্য কৰিবলৈহে পালোঁ, দাদা আৰু ৰৈ নাথাকিল৷ সাউৎকৈ গৈ গাড়ীৰ দৰজা খুলি নিজৰ বেগৰ পৰা এখন উলিয়াই আনিলেগৈ আৰু কমলা দিদিৰ ডিঙিত সাদৰেৰে আঁৰি দিলে৷ ৰঙা ৰঙৰ নতুন আৰু আকৰ্ষণীয় বস্তুপদ দেখি তায়ো পিটিকি পিটিকি চাই থাকিল অলপপৰ৷ কি ধৰণে বৈছে, কি ফুল দিছে থাওকতে তাকেই মন কৰিছিল চাগৈ৷ কেনেকৈ ব্যৱহাৰ কৰিব লাগে শিকাই-বুজাই দিলোঁ৷ চকুৰ তিৰবিৰণি দেখিয়ে ইংগিত পালোঁ যে তাই কিমানযে আনন্দিত হৈছে! তেনেকুৱাতে সঞ্জুৱেও ফুলাম গামোচা এখন উলিয়ালে৷ সেইখনো ডিঙিত পিন্ধাই সন্মান যঁচা হ’ল৷ গামোচাখন পাই তাই আনন্দত আত্মহাৰা হৈ পৰিল৷ অনেক সময় সেইখনকে লিৰিকি-বিদাৰি থাকিল৷ কেনেকৈ ফুলবোৰ বাছিছে, সূতাবোৰ কেনেকুৱা জাতৰ, দীঘ-বাণি আদি ইলুটি-সিলুটিকৈ চায়ে থাকিল, চায়ে থাকিল৷ বুজিলোঁ, গামোচাখন খুব পছন্দ হৈছে তাইৰ৷ ক’লে, ‘আগে কা এ’ক হ্যায় মেৰে পাচ৷ বহুত আচ্ছা হ্যেয় য়ে৷ গামচা ব’লতা হ্যায় না?’

বিদায় ল’বৰ বেলি হ’লহি৷ ‘আৰু একটা থাকিলে দিবিনা৷’ হঠাতে কমলা দিদিৰ মুখৰ পৰা ওলাই আহিল বাক্যটো৷ মানে, থাকিলে আৰু এখন গামোচা বিচাৰিছে তাই৷ বাক্যটো মোৰ কাণত ধৰা পৰাত ‘কমলা দিদিয়ে অসমীয়া ক’ব পাৰে দেখোন’ বুলি উলাহতে চিঞৰ মাৰি দিলোঁ৷ ‘আৰু একটা থাকিলে দিবিনা’, তাইৰ মিছিমি জিভাখনত শব্দকেইটা শুনি এনেযে মিঠা লাগিছিল! মই হাল্লা কৰি দিয়াত তাই হাঁহিলে৷ সৰলমতীয়া, লাজকুৰীয়া হাঁহি এটা৷ মই বুজি পালোঁ, তাই ভঙা ভঙা অসমীয়া ক’ব পাৰে৷ লাজ কৰিহে কোৱা নাই৷ ক’ৰবাত ভুল হৈ যাব পাৰে বুলি অহেতুক সংকোচ৷ নাগালেণ্ডত নগাসকলৰ মাজত চলা লিংগুৱা-ফ্ৰাংকা নাগামিজৰ অনুৰূপ ধৰণে অৰুণাচল প্ৰদেশৰ থলুৱা অধিবাসীসকলৰ মাজতো নিজৰ মাতৃভাষাৰ সুৰতে এক ধৰণৰ খিচিৰি দোৱান চলে৷ মৌ-বৰষা তেনেকুৱা কথা-বতৰাবোৰ শুনি খুব ভাল লাগে৷ অৰুণাচলত অধ্যয়নৰত কালছোৱাত তেনেকুৱা ঢেৰ শুনাৰ সৌভাগ্য মোৰ হৈছে৷ এতিয়া কমলা দিদিৰ পৰাও বহুদিনৰ মূৰত অন্ততঃ এষাৰি শুনা পালোঁ৷ মনটো কিবা যেন ভৰি পৰিল৷ পিছে আৰু এখন দিবলৈহে হাততযে গামোচা আৰু নাই! পৰশুৰাম কুণ্ডত গা ধুওঁতেই তিয়নি এৰাৰ নামত তিনিজনৰ তিনিখন গ’ল৷ নহ’লে কমলা দিদিয়ে নিঃসন্দ্হে আৰু এখন পায়৷

‘ৱাপচ আনে কা টাইম মে’ চ্যায় পীকে জানা’ বুলি কমলা দিদিয়ে কৈ পঠালে৷ স্বামী-স্ত্ৰীহাল বাহিৰ ওলাই আহি আমাক বিদায় দিলে৷ গধুৰ মন লৈ গাড়ীত বহিলোঁগৈ৷ গাড়ী চলি গ’ল তাৰ পৰা প্ৰায় ২০-২২ কিল’মিটাৰমান আগলৈ থকা ৱালং অভিমুখে৷ বাটে বাটে আৰু মাজে-মধ্যে ওলাই থাকিল কমল দিদিৰ কথা৷

 

দুই…

হাৱাইৰ পৰা অহি আছোঁ৷ যাম ৰ’য়িঙলৈ৷ আঞ্জাৱ ডিষ্ট্ৰিক্টৰ পৰা মাজত লোহিত ডিষ্ট্ৰিক্ট এৰি ল’ৱাৰ ডিবাং ভেলী পামগৈ৷ ৰাতিপুৱা চাহ খায়ে সোনকালে যাত্ৰা আৰম্ভ কৰিছোঁ৷ আঞ্জাৱ ব্ৰীজ পাৰ হৈ আহি হঠাৎ এঠাইত পেটেলে ব্ৰেক মাৰিলে৷ পাহৰিয়েই গৈছিলোঁ৷ চকুৰ আগত পথৰ দাঁতিত সেয়া দেখোন কমলা দিদিৰ দোকানখন! পেটেলে ভাল মনত পেলালে দেই৷ চালকৰ মনত থাকেই বাটৰ কথা৷

আগফালে দৰজা-খিৰিকী বন্ধ৷ তাইৰ নাম ধৰি কেইবাৰমান চিঞৰিলোঁ৷ অলপ পৰৰ পিছত পিছফালৰ পৰা মাত এটা ভাহি আহিল৷ গাড়ীখন চপাই ৰাখি বাহিৰেদি সোমাব পৰা বাটটোৰ শলখাকেইডালৰ ওপৰেৰেই মহতিয়াই গোটেইমখা সোমালোঁগৈ দপদপাই৷ কমলা দিদি খেতিৰ পৰা আহি পাইছে তেতিয়া৷ গা-পা ধুই খোৱাৰ যা-যোগাৰ কৰিব ধৰিছে৷ খাই-বৈ লৈহে বোধহয় দোকান খুলিব৷ দৃষ্টি নিবদ্ধ হ’ল তাইৰ মূৰটোত৷ মূৰত জিলিকিছে ফুলাম গামোচা! চুলি শুকুৱাবলৈ পাগ মাৰি লৈছে৷ ৰ’ব নোৱাৰি কৈয়ে পেলালোঁ, ‘সিদিনা আমি দিয়াখন নহয়নে?’ ‘নেহী৷’ তাই হাঁহি মাৰি উত্তৰ দিলে৷ ‘য়ে বহুত পহলেকা হ্যায়৷’ হ’বও পাৰে৷ তাই সিদিনা কৈছিল, আগতে কোনোবাই এখন দিছিল বুলি৷ গামোচাৰ প্ৰতি তাইৰ আদৰটো দেখি ভাল লাগি গ’ল৷ গৌৰৱ এটাও জন্মিল পেটে পেটে৷

কমলা দিদিয়ে মাকৈ খাই যাবলৈ ক’লে আমাক৷ কথাৰ লগে লগে কেৰাহীত পপকৰ্ণৰ পেকেট এটা খুলি জুইকুৰা বঢ়াই দিলে৷ ঢাকোনখন বাওঁহাতেৰে সামান্য ফাঁক কৰি সোঁহাতত লৈ থকা টাৰুডালেৰে অবিৰাম লৰোৱাত লাগিল৷ কেইটামান মাকৈ ফাঁকেৰে উফৰি তাইৰ গালৈকে জঁপিয়ালে৷ অকণমানি পেকেট এটাৰ পৰা একেৰাহী হ’লগৈ মাকৈখিনি৷ পুনৰবাৰ সোঁৱৰালে, ‘পপকৰ্ণ খাকে যানা হাঁ৷’ মন থাকিলেও আমাৰ হাতত তেতিয়া জুহালৰ গুৰিত বহি মাকৈ চোবোৱাৰ সময় নাছিল৷ লোহিতৰ পাৰৰ খেতি-বাতি চোৱাৰ কথাও ভাবি আহিছিলোঁ৷ পাৰিলে কষ্টই-মষ্টই ইয়াত এৰাতি খপি যাব পাৰিলেও বেয়া নাছিল৷ পিছে আন্ধাৰ হোৱাৰ পূৰ্বে ৰ’য়িং পাবগৈ লাগিব৷ এইফালৰ পৰা নামি নামি আন এফাল৷ পাহাৰৰ পৰা ভৈয়াম৷ দূৰত্বলৈ চাই পাহাৰত সময় বেছি লাগে৷ আকৌ, বাটতে তেজুত বন্ধু ধৰ্মেনৰ ঘৰত সোমাই তাৰ মাকজনীক চাই যোৱাৰ হেঁপাহ এটাও পুহি ৰাখিছোঁ৷ বাইশ বছৰৰ পিছত চাৰপ্ৰাইজ ভিজিটৰ ৰূপত এই দৰ্শনটো দিবলৈ মনটো উন্মাদ হৈ আছে মোৰ৷ তেল ভৰাবলৈ খুপা গৈ পালেই ম’বাইল নেটৱৰ্ক পাই যাম আৰু তেতিয়াই তাৰ পৰা মাকৰ কনটেক্ট নম্বৰ বিচাৰিম৷ গতিকে সময়ৰ কথা সোঁৱৰাই কমলা দিদিক মাত লগাই যাব ওলালোঁ৷

তেনেকুৱাতে ওলাল মিছিমি দাৰ বিষয়টো৷ ক’লে, ‘বিচৰা হৈছিল, কিন্তু পোৱা নগ’ল৷ এইফালে কিনিবলৈ তেনেকৈ নাপায়৷’ নিজৰ ঘৰৰে এখন দিব খুজি আগ বঢ়ালে৷ আকৌ সমস্যা৷ পাঁচটা মানুহৰ কোনটোৱে পাব এতিয়া? দাখনৰ সৈতে খাপ নাছিল৷ মিছিমি দাৰ খাপটোৰ বিশেষত্ব আছে৷ অজগৰৰ ছালেৰে নিৰ্মাণ কৰাৰ উপৰি পুৰণি পইচা লগাই আটকধুনীয়া কৰি ৰাখে৷ খাপটো নথকা হেতুকে কোনেও নোলোৱাটোকে ঠিৰাং হ’ল৷

‘কমচেকম চ্যায় ত’ পিকে যাৱ৷’ চাহ খাবলৈ টানি ধৰিলে তাই৷ ‘হাৱাইৰ যাত্ৰী নিবাসত অলপ আগতে চাহ খায়ে ওলাইছোঁ৷ গতিকে মাতষাৰহে দিবলৈহে সোমালোঁ৷ চাহ কৰিব নালাগে’ বুলি কৈ বুজালোঁ৷ বেচেৰীয়ে ভাগৰে-জুগৰে সৌ পাহাৰতলিত খেতিৰ কাম কৰি অলপ আগতে আহি পাইছে৷ দিগদাৰী দিয়াৰ সত নগ’ল৷ গাড়ীখনলৈ আগ বাঢ়িলোঁ আমি৷ তেনেকুৱাতে পিছফালৰ পৰা তাই ৰিং মাৰিলে, ‘আপলোগ ফিৰ কব আয়েগা?’

প্ৰশ্নটোৰ উত্তৰ সেই মুহূৰ্তত আমাৰ কাৰো জিভাতেই নাছিল৷ সেয়া অনিশ্চয়তা৷ হয়তো আকৌ কেতিয়াবা দেখা হ’ব, হয়তো নহ’বও পাৰে৷ জীৱন তেনেকুৱাই৷ কেঁকুৰিত হেৰাই যায় কত লগ পোৱা, কত কথা-বতৰা৷ বাটত আহি থাকোঁতে কমলা দিদিৰ শেষ প্ৰশ্নটোৱে আমাৰ মনবোৰ স্বাভাৱিকতে গধুৰ কৰি পেলাইছিল৷ তেতিয়াই মনতে ভাবিছিলোঁ, কমলা দিদিক অন্ততঃ লিখিত ৰূপত স্মৃতিপটত সাঁচি ৰাখিব লাগিব৷

 

11


33

 

অৰুণা চাপৰিৰ সেই স্মৰণীয় ট্ৰেক্তৰ-যাত্ৰাটো
(দীঘলীয়া ভ্ৰমণ কাহিনীৰ এছোৱা)

 

দিনটো আছিল ১৭এপ্ৰিল ২০১৫৷ তিনিচুকীয়া জিলাৰ গুঁইজানৰ পৰা আহি আছোঁ৷ বাটত ক’ত সোমাম, কি চাম, চিন্তা-চৰ্চা চলি আছে৷ কলীয়াপানীত নেছনেল হাইৱেৰ দাঁতিত অৱস্থিত মাইহাং ধাবাত দিনৰ ভাতকেইটা খাই ‘মুলাই কাঠনি’ৰ সন্ধানত নামি পৰিলোঁ৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট বাইপাচ এৰি ককিলামুখৰ বাটে সোঁহাতে সোমাই এসময়ত ব্ৰহ্মপুত্ৰৰ মথাউৰিত উঠিলোঁগৈ৷ ধূলি উৰুৱাই আগ বাঢ়িল আমাৰ স্কৰপিঅ’খন৷ মিচিং মানুহ এঘৰৰ পিছফালেৰে যোৱা কেঁচা উপপথটোৰে ধেনুভিৰীয়াকৈ পাক মাৰি পুনৰ মথাউৰি৷ সৰ্বাইবন্ধাৰ ফালৰ পৰা অহা পকী ৰাস্তাটো সেইখিনিতে ককিলামুখ পাইছেহি৷ পাঁচ নম্বৰ স্পাৰ৷ ৰাইট টাৰ্ণ লৈ তলৰ ফালে ‘ভাৰতবৰ্ষৰ অৰণ্য মানৱ’জনৰ ঘৰ৷

ঘৰ মানে পৰম্পৰাগত মিচিং আৰ্হিত অৰ্ধনিৰ্মিত, পকী ফ্ৰেমৰ সাধাৰণ এটা চাংঘৰ৷ জপনামুখৰ চাইনব’ৰ্ডখনে নিশ্চিত কৰিলে আমি বিচাৰি যোৱা ঘৰটোৱেই হয়৷ ওপৰলৈ উঠি যোৱা খটখটীটোতে গামোচা আৰু হাফ গেঞ্জী পিন্ধি মানুহজন বহি আছিল৷ হাতত এখন আলোচনী৷ দূৰৰ পৰাই চিনি পালোঁ৷ সেইজনেই ভাৰত চৰকাৰৰ অসামৰিক সন্মান পদ্মশ্ৰীকে ধৰি অনেক সম্বৰ্ধনাৰে বিভূষিত যাদৱ পায়েং (মুলাই), সঁচা অৰ্থত এজন ফৰেষ্টাৰ, যাৰ প্ৰকৃতি সংৰক্ষণমূলক একক আৰু বিচিত্ৰ চিন্তা আৰু কৰ্মৰ বিষয়ে আজি পৃথিৱীৰ চুক-কোণৰ নিবাসী বিভিন্নজন বাৰুকৈয়ে অৱগত৷

১৬বছৰ বয়সত, ১৯৭৯চনত বানপানীৰ কবলত পৰি গছ-গছনি ধ্বংস হোৱাৰ পিছত উষ্ণতা বৃদ্ধিৰ ফলস্বৰূপে বহুসংখ্যক সাপৰ মৃত্যু হোৱা দেখি চাপৰি এটাত তেওঁ ৰুই দিছিল ২০জোপা বাঁহ৷ সেয়াই আৰম্ভণি৷ সামাজিক বনানীকৰণ বিভাগৰ জৰিয়তে ২০০হেক্টৰ এলেকাত কৰিবলৈ লোৱা বৃক্ষ ৰোপণত শ্ৰমিক হিচাপ কাম কৰা মুলাই আঁচনিখনৰ সমাপ্তিত সেই চাপৰিটোতে থাকি গ’ল৷ ৰুই যোৱা গছপুলিখিনিৰ প্ৰতিপাল কৰাৰ উপৰি আৰু অধিক ৰোপণ কৰি গছপুলিৰ সংখ্যা বঢ়াই গ’ল তেওঁ৷ পৰিৱৰ্তন আহিল পৰিৱেশটোলৈ৷

পদূলিৰে সোমাই গ’লোঁ৷ থিয়ৈ থিয়ৈ পৰিচয় বিনিময়ৰ পিছতে তেওঁৰ হাতত গঢ়ি উঠা কাঠনিখন চাবলৈ ব্যগ্ৰতা প্ৰকাশ কৰিলোঁ৷ তেতিয়া বিয়লি আঢ়ৈ বাজি পাৰ হৈছিল৷ পায়েঙৰ পত্নী বিনীতা পায়েঙে কুঠাৰ এখনেৰে খৰি ফালি আছিল৷ সময় গণনা কৰি সেই মুহূৰ্ততে আমাক চাপৰিৰ দিশে যাত্ৰা কৰিবলৈ পৰামৰ্শ দিলে যাদৱ পায়েঙে৷ তেহে আন্ধাৰৰ আগে আগে ঘূৰিব পৰা হ’ব৷ অন্ধকাৰ হ’ব লাগিলে অনেক অসুবিধা আছে৷ কালবিলম্ব নকৰি আমিও ততাতৈয়াকৈ আৰম্ভ কৰি দিলোঁ পদচালনা৷ গাইড হিচাপে লগত গ’ল স্থানীয় মানুহ দেবেন দলে৷ ঢকুৱাখনাৰ বকুলগুৰিৰ পৰা অহা মনজিত পাতিৰ ওলাল সহযাত্ৰী হিচাপে৷ ‘প্ৰাকৃতিক ভিক্ষু দল’ নামৰ সংগঠন এটাৰ তেওঁ পৰিৱেশ কৰ্মী৷ ‘অৰণ্য মানৱ’জনৰ সমৰ্থন, পৰামৰ্শ আৰু সংগঠনটোৰ নিজা সামৰ্থৰে নিজৰ অঞ্চলত বৃক্ষৰোপণ আৰু সংৰক্ষণমূলক কাম-কাজ যৎপৰোনাস্তি কৰি গৈছে তেওঁলোকে৷ মিচিং গাঁৱৰ মাজেৰে কথা পাতি পাতি এক কিল’মিটাৰমান খোজ কাঢ়ি ব্ৰহ্মপুত্ৰৰ সুঁতি এটাৰ পাৰত আমি ৰ’লোঁগৈ৷ যোৰহাটত পঢ়ি থকা দিনত এবাৰ শিৱৰাত্ৰিত চাইকেল লৈ গৰখীয়া দৌল বিচাৰি ওলাইছিলোঁ৷ পথভ্ৰষ্ট হৈ ঘূৰি-পকি পেডেল মাৰি মাৰি ভিতৰ ককিলা ওলাইছিলোঁহি৷ সেই ঘটনা চাঁতকৈ মনত পৰিল৷

ঘাটটোত খৰি, খেৰ, বাঁহ আদি দ’মাই থোৱা দেখা পালোঁ৷ চাপৰিৰ পৰা কঢ়িয়াই অনা হৈছে৷ মেলেং এখন ঘূৰি আহোঁতে দেখা পাইছিলোঁ৷ অদূৰত মেচিন নাও এখন আহি আছিল৷ এইপাৰে ককিলা, সিপাৰে অৰুণা চাপৰি৷ তাতেই আছে বিখ্যাত ‘মুলাই কাঠনি’৷ কৌতূহলী পৰিব্ৰাজকৰ বাবে যি আজি একপ্ৰকাৰে ৰূপান্তৰিত হৈছে পৰ্যটন থলীলৈ৷ গৱেষকৰো সমল সন্ধানৰ স্থলত পৰিণত হৈছে৷ পায়েঙৰ স্থানীয়ভাৱে প্ৰচলিত নামটোৰেই এই নামৰ সৃষ্টি… মুলাই ফৰেষ্ট৷

এইপাৰলৈ অহা যাত্ৰীসকল নমাত সিপাৰলৈ যাবৰ বাবে সকলোটি উঠিলোঁ৷ ঘাটুৱৈজনে ইঞ্জিন ষ্টাৰ্ট দিলে৷ দীঘল বাঁহ এডাল হাতত লৈ দলে টিঙত থিয় দি থাকিল৷ প্ৰায় বিশ মিনিট৷ অৰুণা চাপৰিৰ শুভ্ৰ বালিত জোতাৰ চিন ৰাখিলোঁগৈ৷ চাপৰিত চলাচল কৰা ট্ৰেইলাৰ সংযুক্ত ট্ৰেক্তৰখনৰ চালকৰ সৈতে ফোনযোগে ইপাৰৰ পৰাই কথা পাতি পূৰ্বতেই থিয় কৰাই ৰখা হৈছিল সিপাৰত৷ গৈ পোৱাৰ পিছতে কাঠনি পৰিভ্ৰমণৰ বাবে আমি তাতে উঠি ল’লোঁ৷ অন্যথা খোজ কাঢ়িব লাগিব আৰু সময়ো যথেষ্ট লাগিব৷ সাতে সাতে চৈধ্য কিল’মিটাৰ খোজ কঢ়াৰ ভয়ত অনিলদাই পোনতে থেৰোঁ-গেৰোঁ কৰিছিল যদিও ট্ৰেক্তৰ বন্দোবস্তৰ কথা শুনা পাই আগে ভাগে নাৱৰ পীৰিত বহি ল’লেগৈ৷

ঘাঁহনি, ঝাও বন, বাঁহৰ আগলি, বিভিন্ন প্ৰজাতিৰ গছ-গছনিৰ ডাল-পাত মহতিয়াই পুষ্পক সিঙৰ ট্ৰেক্তৰ ঢেৰঢেৰাই আগ বাঢ়িল৷ অৰুণদা আৰু সঞ্জু বহিছে ড্ৰাইভাৰৰ পিছতে, ঠিক ডাঙৰ চকা দুটাৰ ওপৰত থকা ছিটত৷ নাচি নাচি গৈ আছে দুয়ো৷ আমিবোৰ পিছফালে ট্ৰেইলাৰত, হালিজালি৷ অনিলদা, মই, পেটেল, দলে আৰু পাতিৰ৷ বহুত বছৰৰ মূৰত এইবিধ বাহনত উঠিবলৈ পালোঁ৷ ল’ৰালিৰ দিনবোৰলৈ মনটো উৰি গ’ল৷ হেঁপাহ এটা যেন আকৌ পূৰ্ণ হৈছে আজি!

হাঁহি-আনন্দ, মুক্তমনৰ কিৰিলী-চিৎকাৰ আৰু কৌতূহলোদ্দীপক অভিজ্ঞতাৰে যাত্ৰাটো ভাবিব নোৱাৰা ধৰণে ৰোমাঞ্চকৰ আৰু উপভোগ্য হৈ উঠিল৷ ওখোৰা-মোখোৰা পথত ভাৰসাম্য ৰাখিব নোৱাৰি খুন্দা-খুন্দলি খাই নগুৰ-নাগতিও হ’ল৷ ঠায়ে ঠায়ে বাটলৈ আগ বাঢ়ি অহা ঠাল-ঠেঙুলিয়ে শৰীৰত কোবাই গ’ল৷ একোবত মোৰ মূৰত পিন্ধি থকা টুপীটো জোপোহা গছ এডালৰ ঠানিত লাগি থাকিয়ে আহিল৷ ক’বই নোৱাৰিলোঁ৷ খেয়াল হোৱাৰ পিছত লগে লগে চিঞৰিলোঁ, ট্ৰেক্তৰ ৰখাবলৈ৷ জাঁপ মাৰি নামি, উভতি দৌৰ মাৰি আনিলোঁগৈ যেনিবা৷ তেনেকুৱাতে কুকুৰ এটাই ভৌ-ভৌকৰে খেদি আহিল৷ কিবাকৈ বাছিলোঁ যেনিবা৷ ৱালঙৰ আই.বি.ৰ পিছফালে থকা কমলা গছত বগাই কমলা ছিঙা আৰু ৰ’য়িঙৰ শাল্লি লে’কৰ পাৰৰ আমলখিজোপাত উঠি গৈ আমলখি পাৰি অনাৰ পিছত ট্ৰেইলাৰৰ পৰা মৰা এই জাঁপটোও চেল্‌ফ টে’ষ্ট যেনেই হ’ল! নিজকে ঠিক-ঠাক থকা বুলি প্ৰমাণ পাই গ’লোঁ হাতে হাতে৷

হেদালিত ওলমি থকা লাউ, বাঁহৰ জেঙত জিলিকি থকা তিয়ঁহৰ উপৰি বিলাহী, বেঙেনা আদিৰ খেতি আৰু মিচিং মানুহৰ পৰম্পৰাগত চাংঘৰবিলাকৰ মাজে মাজে কিছুদূৰ যোৱাৰ পিছত লানি নিছিগা সৰু-বৰ গছ-গছনি আৰম্ভ হ’ল৷ তাৰ মাজে মাজে জঁপিয়াই, ঠেকেচনি খাই ট্ৰেক্তৰ-যাত্ৰা কৰি চাৰি বজাত ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত হ’লোঁ আমাৰ দলটো৷ হাবিখনৰ সেয়া হৈছে আনটো মূৰ৷ মুঠ এলেকাটো ৫৫০হেক্টৰ৷ বিভিন্ন জাতৰ উদ্ভিদ, ঘাঁহনি, বাঁহনি, ফুটুকানি, মুকলি পথাৰ, হাবি, কাঠনি আদি যাত্ৰাপথত আমাৰ দৃষ্টিগোচৰ হ’ল৷ নানান ধৰণৰ চৰাই-চিৰিকটিৰ কলৰৱেও মন হৰিলে৷ গৰু-ম’হৰ জাকবোৰ অ’ত-ত’ত আপোনবিভোৰ হৈ চৰি আছিল৷ গাঁৱৰ মানুহবোৰে কুকুৰা, গাহৰি আদি পালন কৰিছে৷ কোনো কোনোক জালেৰে মাছ মাৰি থকাও দেখা পালোঁ৷ গাড়ীৰে যাওঁতে এঠাইত কথা প্ৰসংগত মিচিং লোক এজনে কৈছিল… ‘শাক-পাচলি, মাছ-মাংস আমাৰ ইয়াত কিনি খোৱাৰ নিয়ম নাই৷ নিমখ আৰু চাউলহে কিনা হয়৷ বাকী লাগতিয়ালখিনি চাপৰিৰ মাটি আৰু পানীতেই উভৈনদী৷’ কথাটো হয়৷ তাৰ সঠিক প্ৰমাণ পালোঁ৷

অস্তগামী সূৰ্যটো আকাশত লৈ কিছুবেলিৰ পিছতে আৰম্ভ হ’ল আমাৰ উভতনি যাত্ৰা৷ কাঠনিৰ উপৰি পায়েঙৰ পুৰণি চাংঘৰৰ দুটাকৈ অৱস্থান পৰিদৰ্শন কৰিলোঁ৷ এই হাবিত হাতী, গঁড়, বাঘ, পহু, শহাপহু আদিকে ধৰি বন্য জন্তু-জানোৱাৰ থাকে বুলি তেতিয়াই জানিবলৈ পালোঁ৷ বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবেই পায়েঙে এতিয়া চাপৰিৰ সিটো পাৰে বসতি কৰিছেগৈ৷ বাঘৰ আক্ৰমণত তেওঁৰ কেইবাটাও গৰুৰ প্ৰাণহানি ঘটিছে৷

মিচিং গাঁৱৰ মাজেৰে অকাই-পকাই ট্ৰেক্তৰখন আহি অন্তিম স্থল পালেহি৷ জাঁপ মাৰি নামিলোঁ৷ নাও আহি নোপোৱা পৰ্যন্ত বলুকাতে বিয়লি বেলাৰ বিৰল আড্ডা এটা চলি থাকিল৷ জানিব পাৰিলোঁ যে অৰুণা চাপৰিৰ পিছত পায়েঙে এতিয়া অইন এটা চাপৰিত গছপুলি ৰোৱাৰ মনস্থ কৰিছে৷ আমাৰ সৈতে অহা দলেও কাইলৈ তেওঁৰ লগত উক্ত ঠাইলৈ নাৱেৰে যোৱাৰ কথা, ৩,০০০টা পুলি লৈ৷ আকৌ এইটোও শুনা পালোঁ যে এই চাপৰিত আশ্ৰয় লোৱা এশিঙীয়া গঁড় নিধন কৰিবলৈ এতিয়া হেনো চোৰাং চিকাৰীৰো আগমন ঘটিছে৷

৫.৩৫মিনিটত সিদিনাৰ বাবে লাষ্ট ট্ৰিপ বুলি কোৱা নৌকাখনৰ যাত্ৰী হৈ অৰুণা চাপৰি এৰিলোঁ৷ লুইতৰ সুঁতিটোৰ পানী ফালি আহি পালোঁ ককিলাৰ পাৰ৷ তাৰ পাছত খোজ লৈ একেবাৰে যাদৱ পায়েঙৰ চাংঘৰৰ কোঠাত জিৰালোঁগৈ৷ ভালে পৰলৈ আমাৰ মাজত অন্তৰংগ আলাপ চলিল৷ বিষয়বস্তু বন সজাগতা৷ বেৰত ওলোমাই ৰখা দেখিলোঁ বিভিন্ন স্থানত বিভিন্ন সংগঠনে তেখেতক দিয়া বিভিন্নখন সম্বৰ্ধনা-পত্ৰ৷ তাৰ মাজত ১৩-১৫মাৰ্চলৈ ডিফুৰ তাৰালাংছ’ত আয়োজিত আছাম ইথনিক ফেষ্টিভেল ২০১৫ত আগ বঢ়োৱাখনো সহজেই চকুত পৰিল৷ তেতিয়াই তাৰালাংছ’লৈ তেওঁ আহি গৈছে৷ আলমাৰী এটাত কিতাপ-পত্ৰ কিছুমানো দেখিলোঁ৷ অনিচ্ছাসত্ত্বেও সন্ধিয়া ছয় বজাত তেখেতৰ পৰা এৰাএৰি হ’লোঁ৷ সেই সময়ত মানুহজনে চাইকেলখন লৈ কাৰোবাক লগ ধৰিবলৈ বুলি ওলাইছিল৷ আমিও পাবগৈ লাগিব ডিফু৷ তাৰ পৰা কেইবাঘণ্টাৰ বাট৷

88

আন্ধাৰ নামি আহিছিল৷ লুঙী, ফুল চুৱেটাৰ আৰু হাৱাই চেণ্ডেল পিন্ধি ঘৰৰ পৰা ওলাই অহা পায়েঙে আমাক বিদায় জনোৱাৰ পিছত আমাৰ গাড়ীখনক চেৰ পেলাই আমাতকৈ আগতেই ককিলামুখ-সৰ্বাইবন্ধা পকী ৰাস্তাটোত উঠিলগৈ৷ হে’ড লাইটৰ পোহৰত চাইকেল মাৰি গৈ থকা হৃষ্টপুষ্ট মানুহজনক দেখি মনতে এইটো বোধ হ’ল যে প্ৰকৃতি-প্ৰেমৰ ক্ষেত্ৰত এই মানুহজনক পিছ পেলোৱাটো সাধ্য নহ’ব৷ চৰকাৰী আঁচনিৰ নামত ঢাক-ঢোল বজোৱাটো ভাল নোপোৱা মানুহ তেওঁ৷ তেওঁ বিচাৰে প্ৰকৃত কাম৷ গছপুলি এটাই ৰোৱক লাগিলে, কিন্তু জীয়াই তোলক৷ হাজাৰ গছপুলি ৰুই যদি এটাও জীয়াই তুলিব নোৱাৰে, পুলিৰ আপডাল যদি কৰিব নোৱাৰে তেন্তে সেয়া অৰ্থহীন৷ নামী-দামী গছতকৈ য’তে-ত’তে হোৱা, চোৰেও নিনিয়া গছ ৰোৱাটোৰ তেওঁ পোষকতা কৰে৷ কথা প্ৰসংগত গম পালোঁ৷

বিগত ৩০টা বছৰে নীৰৱচ্ছিন্নভাৱে ব্ৰহ্মপুত্ৰৰ এটা চাপৰিত তেওঁ যিটো কাম কৰি দেখুৱালে, তাক প্ৰশংসা কৰাৰ ভাষা নাই৷ অথচ মূল বাৰ্তাটো তেনেই সাধাৰণ আৰু তাক বুজিবৰ বাবে এটা বাক্যই যথেষ্ট৷ সেয়া হ’ল… ‘গছ থাকিলেহে মানুহ থাকিব’৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এতিয়া তাকে লৈ প্ৰবল সচেতনতা গঢ়াৰ পক্ষপাতী তেওঁ৷ তাকে চেষ্টা কৰি আছে উঠি অহা প্ৰজন্মক আস্থাত লৈ৷ পৰিৱেশ সুৰক্ষা, বনাঞ্চল, গছ-গছনি সম্পৰ্কে ক’বলৈকে পৃথিৱীৰ বিভিন্ন দেশত যাবলগীয়া হৈছে তেওঁ৷ বিভিন্ন দেশৰ মানুহ দৌৰি আহিছে তেওঁৰ ওচৰলৈ৷ আমি যোৱাৰ দিনাও নেদাৰলেণ্ডছৰ মানুহ অহাৰ কথা আছিল৷ আগদিনাও হেনো বিদেশৰ কোনোবা গৱেষক আহিছিল৷

সন্ধিয়া আলোচনা কালত মোলৈ আগ বঢ়াই দিয়া পকাবন্ধা ৰেজিষ্টাৰ বহীখনত আমাৰ দলটোৰ হৈ ভিজিটৰছ কমেণ্ট দিবলৈ লৈ প্ৰথম বাক্যটো আৰম্ভ কৰিলোঁ… ‘‘ভাৰতবৰ্ষৰ অৰণ্য মানৱ’ৰ ‘মুলাই কাঠনি’ৰ কথা ইমানদিনে শুনিহে আছিলোঁ, আজি নিজ চকুৰে দেখিলোঁ, অভিভূত হ’লোঁ, ধন্য হ’লোঁ…’ নিমন্ত্ৰণ ৰক্ষা কৰি অ’লৈ-ত’লৈ গৈ থাকিবলগীয়া হোৱা মানুহজনক ভাগ্যক্ৰমেহে আমি লগ পাইছিলোঁ৷

যাদৱ পায়েঙক ‘ফৰেষ্ট মেন’ অভিধাটো দিয়া হৈছিল ২০১৩চনৰ অক্টোবৰ মাহত৷ ২০১৫ত তেওঁ লাভ কৰে পদ্মশ্ৰী সন্মান৷ পায়েঙৰ জীৱন আধাৰিত ডকুমেণ্টৰী ছবিও ইতিমধ্যে কৰি উলিওৱা হৈছে৷ নিতান্তই সহজ-সৰল আৰু সাধাৰণ মানুহজনৰ অসাধাৰণ প্ৰকৃতি-প্ৰেম আৰু বৃক্ষ সংৰক্ষণৰ বিষয়ে জানিবলৈ, বুজিবলৈ আপুনি ‘মুলাই কাঠনি’লৈ এবাৰ গ’লেই হ’ল৷ ট্ৰেক্তৰৰ সৈতে চালক পুষ্পক সিঙকো বালিচৰতেই লগ পাই যাব৷ অৰুণা চাপৰিৰ ট্ৰেক্তৰ-যাত্ৰাটো মোৰ দৰে আপোনাৰো তেতিয়া জীৱনৰ কাৰণে স্মৰণীয় হৈ ৰ’বই ৰ’ব৷

পুচ্ছাংশ : নিশা ১১.৩০ত ঘৰ আহি পালোঁ৷ পিছদিনা পুৱা পিছফালখন চাওঁগৈচোন বুলি যাওঁতে পৰিবাৰে চিঞৰিলে, ছাঁ পৰিবৰ বাবে আঁৰ কৰি ৰখা টিনপাতৰ টুকুৰাটো গুচাই দিবলৈ৷ গৈ দেখোঁ যে আগদিনাখন তেওঁ বগা চন্দনৰ পুলি এটা ৰুইছিল৷ মনটো কিবা ভাল লাগি গ’ল৷ ‘অৰণ্য মানৱ’ৰ পদাংক এনে ধৰণেই আমিও অনুসৰণ কৰিব পাৰোঁ দেখোন৷ তেনেকৈয়ে নিজৰ প্ৰয়োজনীয় অম্লজানখিনি বৃক্ষৰোপণৰ জৰিয়তে নিজেই সৃষ্টি কৰি ল’ব পাৰোঁচোন৷

 

44

55

 

 

 

 

 

আকৌ হেৰাই গ’লোঁ আমি…

মই : ইনফৰ্মেচন… ৮, ৯, ১০ মে’ ২০১৫৷ ফাট বিহু৷ ঢকুৱাখনা৷
অৰুণদা : অ’.কে’., লেট্চ ট্ৰাই৷

 

দুদিনৰ আগতে পাতি থোৱা কথামতেই ৯মে’ৰ পুৱা ৭.০০বজাত ঘৰৰ সন্মুখত বগা বলেৰ’খন হাজিৰ হৈ গ’ল৷ বেগটোত কাপোৰ এসাজ ভৰাই উঠি দিলোঁ৷ অৰুণদা, অনিলদা, মই৷ ড্ৰাইভিং হুইলত হৰছিং বে’৷ আকৌ হেৰাই গ’লোঁ আমি৷ এনেকৈয়ে হেৰাই গৈছোঁ আগতেও বহুবাৰ৷ হেৰাই থাকিম আগলৈও৷ হেৰোৱাৰ মজা আছে৷

কিবিথো-ডঙেই এতিয়ালৈ লিখি শেষ কৰিব পৰা নাই৷ হঠাতে অ’.কে.’ হৈ গ’ল পৰৱৰ্তী এটা ভ্ৰমণ৷ ডিফুৰ পৰা ফ্লেগ অফ্ কৰি একেবাৰে নাৰায়ণপুৰ, বিহপুৰীয়াত সোমাই লেটেকু পুখুৰী (মাধৱদেৱৰ জন্মস্থান), ভোগপুৰেদি ওলাই বান্দৰদেৱা হৈ লখিমপুৰ, গোগামুখত নিশাৰ আলহী৷ পিছদিনা পুৱাতে উঠি গেৰুকামুখ (নদীবান্ধ)৷ ঘূৰি ঢকুৱাখনা, ম’হঘূলি চাপৰি, ফাট বিহু

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
5 years ago

ভ্ৰমণ কাহিনী পঢ়াৰ আমেজে সুকীয়া ! তাতে নিজৰ ঠাই খনৰ বিষয়ে ! লেখাটি পঢ়ি আপ্লুত হলো, আশা থাকিল আগলেও এই ভ্ৰমণ আৰু বৰ্ণনা চলি থাকিব. ধন্যবাদ .

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক