মিজোৰামৰ সজ কথা(- অৰুণজ্যোতি দাস )

ঘটনাটো কালিৰ । পু‌ৱা ৭:৩০ বজাত সাধাৰণতে মই ভীষণ ব্যস্ত হৈ থাকিবলগীয়া হয়  । দাঢ়ি খুৰো‌ৱাৰপৰা আৰম্ভ কৰি ভাত ৰন্ধা আৰু কাপোৰ-কানি ধো‌ৱালৈকে । তেতিয়া মই ভাত-কেৰেলাৰ বাকলি চুঁচি আছিলোঁ । তেনেতে বাৰান্দাৰপৰা এটা নাৰীকন্ঠ ভাঁহি আহিল । দু‌ৱাৰ খুলি দেখিলোঁ এগৰাকী বৃদ্ধা মহিলা । পিঠিত তেওঁ কঢ়িয়াই আনিছে আমাৰ বাগিছাৰ বনুৱাসকলে লো‌ৱাধৰণৰ এটা ‘টুকুৰী’ । ইয়াৰ খেতিয়ক মহিলাসকলে এনে এটা শংকু আকাৰৰ টুকুৰীতে তেওঁলোকৰ উৎপাদিত শাক-পাচলি বা অন্য বিক্ৰী কৰিবলগীয়া বস্তু কঢ়িয়াই ফুৰে । মই সুধিলোঁ, “এঙে অ‌’ম (কি আছে) ?  তাই কিবা কিবি ক’লে । সিমান এটা বুজি নাপালোঁ, কাৰণ তাই ইয়াৰ স্থানীয় জনজাতীয় ‘মাৰা’ ভাষাত কৈছে, বহুল প্ৰচাৰিত ‘মিজো’ ভাষাত নহয় ।

 

তাইৰ টুকুৰীটোত জুমি চালোঁ, কিজানি ভাল কিবা পাচলি আছেইবা ! নাই,  টুকুৰীটো খালী । মই বুজি পালোঁ, তাই কি বিচাৰিছে । কোনোবা মানুহৰ মৃত্যু হ’লে মৃতকৰ শ্ৰাদ্ধাদি অনুষ্ঠানত ভোজ খুওৱাৰ নিয়ম আছে ইয়াত । আৰু সেই অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় চাউলখিনি ওচৰৰ সকলো মানুহে দান দি যোগাৰ কৰে । এবাৰ তেনে দান দিয়াৰ অভিজ্ঞতা আছে । গতিকে মই ততালিকে মোৰ চাউল থো‌ৱা মোনাটোৰ কাষলৈ গ’লোঁ আৰু পলম নকৰি আধাকেজিমান চাউল পলিথিনত ভৰাই তাইৰ হাতত তুলি দিলোঁ । তাই ল’লে যদিও কিবাকিবি ভোৰভোৰায়ে থাকিল । মই যে বুজি পোৱা নাই, সেই কথালৈ তাইৰ কাণসাৰেই নাই ! তথাপিও নাই নোযো‌ৱা দেখি মই নিৰ্বাক হৈ থিয় দি থাকিলোঁ । এইবাৰ তাই মাজে মাজে দুটামান কথা মিজোত ক’লে আৰু অংগী-ভংগীৰে কিবা এটা বুজাব খুজিলে । মই বুজিব পাৰিলোঁ যে তাইৰ কোনোবা এজন সম্বন্ধীয়ৰ ভৰিত কিবা এটা হৈছে আৰু কাইলৈ মোৰ ওচৰলৈ লৈ আহিব । মই “হ’ব বাৰু যা” বুলি ক’লোঁ, যেনেতেনে তাই যাওকগৈ বুলি । মনতে ভা‌বিলোঁ, যি হয় দেখা যাব পিছত আৰু ৰন্ধা-বঢ়াত পুনৰ ব্যস্ত হ’লোঁ ।

আজি শো্‌ৱাপাটীৰপৰাই শুনিলোঁ দু‌ৱাৰত পৰা টোকৰ । সময়টো চালোঁ, পু‌ৱা ৫:৫৫ ।এই সময়ত সাধাৰণতে মই ৰাতিৰ সপোনবোৰৰ সামৰণি অধ্যায়ত ব্যস্ত থাকোঁ । উপায়বিহীন হৈ দু‌ৱাৰ খুলিলোঁ । দেখিলোঁ, সেই কালি অহা বুঢ়ী মানুহগৰাকী আৰু পিছফালে থিয় হৈ আছে এটা ল’ৰা । বয়সত প্ৰায় ১৪-১৫ বছৰীয়া হ’ব । “কি হ’ল ?”-বিৰক্তিৰে মই প্ৰশ্ন কৰিলোঁ । বুঢ়ীজনীয়ে আকৌ কিবা-কিবি বৰ্ণনা কৰিবলৈ লাগি গ’ল । উপায়ান্তৰ নাপাই ল’ৰাটোকে সুধিলোঁ, “হিন্দী তং থিয়াম এম্ (হিন্দী জান নেকি) ?”  মূৰেৰে নেতিবাচক উত্তৰ এটা দিলে সি । ওচৰৰ ঘৰৰ মানুহজনক দেখা পালোঁ কাম কৰি থকা । তেওঁকে মতাই আনি কি কৈছে বুজি ল’লোঁ । সাৰাংশ হ’ল – “বুঢ়ীৰ গিৰিয়েক পাহাৰৰপৰা কাঠ কাটি আনোতে দুৰ্ঘটনাত পতিত হ’ল আৰু ভৰি এখন কাটিব লগীয়া হ’ল । এই নাতি পোৱালিটো‌ৱে মোৰ ঘৰত যিকোনো ধৰণৰ কাম(হাজিৰা) কৰি দিবলৈ সাজু আছে, তাৰ বিনিময়ত কিছু টকা মই দিব লাগে ।” আৰু ক’লে যে “তোমাৰ ঘৰৰ চৌপাশে ঘাঁহ-বন বেছি হৈ আছে, সেইবোৰ কটাব পাৰা নতুবা কিবা চাং সজা, দৰ্জা দিয়া, বেৰা দিয়া আদি কামো কৰাই ল’ব পাৰা ।”  ইতিমধ্যে বেটাই খুকুৰীৰ নিচিনা দা এখন উলিয়ালেই । মই বোলোঁ “হেৰৌ, মই অকলে থকা মানুহ; যি সামান্য ঘাঁহ-বন আছে, মই নিজে চাফা কৰি ল’ব পাৰিম ।” বুঢ়ীয়ে দোভাষীজনক কিবা এটা ক’লে । তেতিয়া তেওঁ মোক ক’লে যে কালি হেনো তুমি “হ’ব বাৰু আহিবি”  বুলি কৈছিলা !

মোৰ বেয়া লাগিল মনটো । ভিতৰলৈ আহিলোঁ আৰু সিহঁতকো বহিবলৈ দিলোঁ । মুখখন ধুই সাউতকৈ চাহ কৰিলোঁ । সিহঁতক দুকাপ দিলোঁ আৰু নিজেও ল’লোঁ । চাহ খাই উঠি টকা ১০০ উলিয়াই বুঢ়ীৰ হাতত দিলোঁ আৰু কাম কৰিব নালাগে, ল’ৰাটোক পঢ়িবলৈ দিবি বুলি ক’লোঁ । বুঢ়ীয়ে উলাহতে মোক গাতধৰি আশীৰ্বাদৰ নিচিনা কিবা এটা ক’লে । মনটো ভাল লাগিল ।

মিজোৰামত ভিক্ষাৰী বুলিবলৈ প্ৰায় নায়েই । আমাৰ অসমত বা অন্য ৰাজ্যত এনে দুৰ্দশাগ্ৰস্ত মানুহৰ বাবে ভিক্ষাবৃত্তিটো অন্তিম আৰু সুলভ উপায় । গাঁওবুঢ়াৰপৰা কিবা এখন কাগজ লিখাই সেয়া দেখু‌ৱাই বাটে-পথে ঘূৰি থাকিলেহেঁতেন এই বুঢ়ীগৰাকী ।

কিন্তু একেবাৰে কাম কৰি খাব নো‌ৱাৰা, জন্মগতভা‌ৱে বিকলাংগ দুই এজন ইয়াতো নথকা নহয় । তেওঁলোকে ভিক্ষা খুজিবৰ বাবে ৰাজপথৰ কাষত গীটাৰ এখন লৈ গান গাই গাই ভিক্ষা মাগে । ভদ্ৰ ভা‌ৱে । আপোনাৰ মন গ’লে আপুনি ভিক্ষা দিব, মন নগ’লে নাই ! আমাৰ ৰাজ্যৰ হাতত বাতি এটা লৈ কণ-কণ দুজনীমান লেতেৰী ছো‌ৱালীয়ে আপোনাৰ ভৰিত বা কাপোৰত সা‌বটি ধৰি নগুৰ–নাকটি কৰা বিধৰ নহয় ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments