মিজোৰাম ফুৰিব আহিব পাৰে (-ঘনশ্যাম ডেকা)

Travel makes one modest. You see what a tiny place you occupy in the world.”-Flaubert
সেইদিনা মোৰ অগ্ৰজ কল্যাণদাই ফোন কৰিলে৷ ফোনতেই সুধিলে, “ঘনশ্যাম, আমি সপৰিয়ালে মিজোৰাম ফুৰিবলৈ যাম৷ সবিশেষ জনাবা সময় উলিয়াই”৷ বিভিন্ন ব্যস্ততাৰ বাবে পাহৰি আছিলোঁ আৰু তেওঁক জনোৱা নাছিলোঁ৷ আজি হঠাত মনতে ভাবিলোঁ যে কল্যাণদাক জনোৱাৰ চলেৰে মিজোৰাম ভ্ৰমণৰ বিষয়ে চমুকৈ লিখা যাওক৷
মিজোৰাম উত্তৰ পূবৰ আটাইতকৈ শান্তিপূৰ্ণ আৰু এখন সুন্দৰ প্ৰদেশ৷ দহলাখ জনসংখ্যাৰ এইখন প্ৰদেশ স্বাক্ষৰতাৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় (লাক্ষাদ্বীপ ধৰিলে তৃতীয়)৷ কোনোধৰণৰ হাই উৰুমি নোহোৱা এখন শান্তিপুৰ্ণ পাহাৰীয়া ৰাজ্য৷ মুঠ মাটিকালি ২১০৮৭ বৰ্গ কিমি৷ মুখ্য ভাষা মিজো৷ তদুপৰি কম বেছি পৰিমাণে বেছিসংখ্যকে ইংৰাজী ক’ব আৰু লিখিব পাৰে৷ আইজল আৰু লুংলেইত হিন্দী কিছু পৰিমাণে কয় যদিও বেছিভাগেই ‘হিন্দী মালুম নাহি’ বুলি কৈয়েই দায়িত্ব সামৰে৷
এটা সময়ত মিজোৰাম অসমৰ লুচেই পাহাৰ পাৰ্বত্য জিলা আছিল৷ পৰবৰ্তী সময়ত কেন্দ্ৰীয় শাসিত আৰু পিছলৈ (১৯৮৭) পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃত হয়৷ মিজোৰামৰ পূব, পশ্চিম আৰু দক্ষিণ সীমাত বাংলাদেশ আৰু ব্ৰহ্মদেশ সংলগ্ন হৈ আছে (৭২২ কিমি দীঘল আন্তৰাষ্ট্ৰীয় সীমা)৷ সেইবাবেই সুৰক্ষাৰ দিশৰ পৰাও এই ৰাজ্যখন অতি গুৰুত্বপূৰ্ণ৷ ক্ৰান্তীয় আৰু নিৰক্ষীয় জলবায়ুৰ মিশ্ৰিত প্ৰভাৱৰ বাবেই তুলনামূলকভাৱে মিজোৰামৰ জলবায়ু মধ্যমীয়া ধৰণৰ৷ অতিপাত গৰমো নহয় আৰু অসহ্যকৰ ঠাণ্ডাও নহয়৷
পৰ্যটনৰ প্ৰচুৰ সম্ভৱনা থকা ৰাজ্য হিচাপে বিবেচিত হ’লেও কিন্তু মিজোৰামৰ পৰ্যটনৰ উন্নয়ন তেনেই চালুকীয়া অৱস্থাতেই আছে৷ খনিজ সম্পদৰ সীমিত ভাণ্ডাৰ আৰু অৰ্থনৈতিক অনগ্ৰসৰতাৰ বাবে মিজোৰাম চৰকাৰে ১৯৯৩ চনত পৰ্যটনক প্ৰাদেশিক উন্নয়নৰ আহিলা হিচাপে গণ্য কৰে৷ সেইবছৰৰ বাজেটত মিজোৰামৰ ঔদ্যোগিক নীতিত পৰ্যটনকো সুকীয়াকৈ উদ্যোগ হিচাপে অন্তৰ্ভুক্ত কৰে৷ পৰ্যটনে লাহে লাহে উন্নয়নৰ বাট বুলিলে তেতিয়াৰ পৰাই৷
পাহাৰ আৰু সেউজীয়াৰে আবৃত ৰাজ্য হিচাপে মিজোৰামৰ প্ৰাকৃতিক সৌন্দৰ্য চালে চকুৰোৱা৷ অতিথি পৰায়ণ, শান্তিপ্ৰিয় আৰু মৰমিয়াল মিজোসকলক “Songbird of the North East” বুলি কোৱা হয়৷ মিজোৰাম ফুৰিবলৈ অহা প্ৰায়সংখ্যক পৰ্যটকে মিজোসকলৰ অমায়িক আৰু আদৰপূৰ্ণ ব্যৱহাৰৰ কথা প্ৰায়েই কয়৷ কথা বতৰাত কোনো ধৰণৰ জটিলতা নোহোৱা, শ্ৰমবিশ্বাসী মিজোসকলৰ সমাজ ব্যৱস্থা আৰু পৰম্পৰাও লেখত ল’ব লগীয়া৷ এইখিনিতেই উনুকিয়াই থোৱা ভাল যে মিজোসকলৰ কোনো সামাজিক শ্ৰেণী বিভাজন নাই৷ সকলো সমান৷ সেইবাবেই তেঁওলোকৰ মাজত কাজিয়া পেচাল, পৰশ্ৰীকাতৰতা আদি নাই ৷
মিজোৰাম ভ্ৰমণৰ বাবে উৎকৃষ্ট সময় হ’ল চেপ্তেম্বৰ মাহৰ পৰা মাৰ্চ মাহ৷ ২০০৬ চনৰ পৰা চেপ্তেম্বৰ মাহৰ চতুৰ্থ সপ্তাহত (শুক্ৰ আৰু শনি) এই উৎসৱ ৰাজ্যৰ পৰ্যটন বিভাগে আয়োজন কৰি আহিছে৷ এই উৎসৱ ৰেইয়েক পাহাৰৰ পাদভূমিত অনুস্থিত হয়৷ মিজোৰামৰ সকলো জনগোষ্ঠীয় পৰম্পৰা, স্থানীয় খাদ্য আৰু নৃত্য প্ৰদৰ্শন এন্থুৰিয়ামৰ মুখ্য আকৰ্ষণ৷ লগতে বাঁহ বেত, থলুৱা সাজপাৰ আদিৰো কিনাবেচা হয় এই দুটা দিনত৷ আইজলৰ পৰা ৰেইয়েকৰ দুৰত্ব প্ৰায় ত্ৰিশ কিলোমিটাৰ৷ ৰেইয়েক আৰু ওচৰৰে আইলং গাঁও বুৰঞ্জীপ্ৰসিদ্ধ ঠাই৷ ৰেইয়েকলৈ আহিবলৈ পৰিবহণৰ সুব্যৱস্থা আছে৷ টেক্সী বা চুমোৰ সুচল ব্যৱস্থা আছে৷ লগতে থকা খোৱাৰো সুব্যৱস্থা আছে৷ ইয়াৰ পৰাই মামিট (জিলা সদৰ) হৈ কানহ্মুণৰ ৰাষ্টাৰে ত্ৰিপুৰালৈকে যাব পাৰি৷ ৰেইয়েক শৃংগ, আশে-পাশে থকা গুহাবোৰ, বাটত পাই অহা ত্লং নদী, জলপ্ৰপাত আদিৰ বাবে মিজোৰাম পৰ্যটনৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু ৰেইয়েক৷
ৰেইয়েকৰ পিছতে মুইফাং আন এক সুন্দৰ পৰ্যটন স্থলী৷ মুইফাঙৰ সূৰ্যাস্তৰ দৃশ্য অতি মনোমোহা৷ আইজলৰ পৰা মুইফাং যাবলৈ হ’লে ভাড়া টেক্সী লোৱা ভাল৷ মুইফাং যাঁওতে আইজলৰ পৰা নাতিদূৰত পোৱা যায় ফাল্কণ গাঁও৷ আহোতে বা যাঁওতে এই গাঁওখনত ৰ’বলৈ ভাল৷ ইয়াতেই মিজোসকলৰ পৰম্পৰাগত গাঁও আৰু জ্বল্বুক্ দেখিবলৈ পোৱা যায়৷ একেই দৃশ্য ৰেইয়েকতো আছে যদিও ফাল্কণৰ পৰম্পৰাগত জ্বল্বুক্ আৰু মিজো গাৱঁ দেখিবলৈ বেছি আকৰ্ষণীয়৷ মুইফাঙত সূৰ্যাস্ত চাই আইজললৈ উভতিব পাৰে৷ নহ’লে মুইফাং ট্যুৰিষ্ট ৰিজৰ্টত ৰাতিটো থাকি দক্ষিণ মিজোৰাম আৰু ভানটং জলপ্ৰপাত (ঠেণজল) চোৱাৰ কথা ভাবিব পাৰে৷ ঠেণজলৰ পৰা ঘূৰি আহোতে ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উভতি আহিব পাৰে৷ এই পথেৰে আহিলে আইজল পোৱাৰ এঘণ্টামানৰ আগতে বাকটং বুলি গাঁও এখন পাব৷ তাতেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ পৰিয়াল (যিয়ন ছানাৰ পৰিয়াল) আৰু তেওলোকৰ গাঁওখন চাই আহিব পাৰে৷ মুইফাং প্ৰায় চাৰে তিনি ঘণ্টাৰ দুৰত্ব৷ মুইফাং গ’লে মুইফাঙৰ হাৱঁলা পাৰ্কত নোসোমোৱাকৈ নাহিব কিন্তু৷
মিজোৰাম আহি চামফাই নগ’লে ভ্ৰমণৰ আচল মজা নাপাব বুলিয়েই ধাৰণা হয়৷ চামফাই হ’ল মিজোসকলৰ ৰূপকথাৰ ৰাজধানী, বিভিন্ন সাধুৰ প্ৰদেশ৷ আইজলৰ পৰা ইয়াৰ দুৰত্ব ১৯৪ কিমি৷ নাইট বাছ ছাৰ্ভিচৰ লগতে পুৱা গধূলি চুমোৰেও যাব পাৰি৷ মিজোসকলৰ বাবে চামফাই বৰ গুৰুত্বপুৰ্ণ৷ তেঁওলোকৰ জাতীয় পৰম্পৰা, বিভিন্ন সাধুকথা, আৰু সংস্কৃতিৰ উৎসস্থলী হ’ল চামফাই অঞ্চল৷ চামফাই মিজোৰামৰ আটাইতকৈ ওখ আৰু ঠাণ্ডা জিলা৷ চামফাইৰ পৰা ৩৬ কিমি গ’লে জৌখাথাৰ পোৱা যায়৷ জৌখাথাৰ মিজোৰাম (ভাৰত) আৰু বাৰ্মাৰ (ম্যানমাৰ) ‘কাষ্টম গেট’ তথা ‘বোৰ্ডাৰ ট্ৰেডিং পইণ্ট’৷ তাতে ভাৰতৰ গাড়ী এৰি দহটকাৰ পাছ এখন লৈ ম্যানমাৰৰ বজাৰৰ ফালে যাব৷ তাৰ পৰা বহুতো মুল্যবান আৰু দুৰ্লভ সামগ্ৰী কিনিব পাৰি৷ মাত্ৰ ভাৰতীয় কাষ্টম গেটৰ পৰা অনুমতি লৈ লব আগতীয়াকৈ৷ তাতে বাৰ্মিজ স্কটচ্ এসোহা মাৰি চাব পাৰে (যদিহে আগ্ৰহী)৷ বৰ সস্তা৷ তাৰ পিছত বাৰ্মিজ জীপত উঠি ‘ৰিডীল হ্ৰদ’ চাবলৈ যাব৷ এক সুন্দৰ নৈসৰ্গিক দৃশ্যৰে ভৰা আৰু মন মুহি নিয়া ৰিডীল এসময়ত মিজো সমাজৰ বাবে পবিত্ৰ হ্ৰদ হিচাপে পৰিগণিত হৈছিল৷ মিজোসকলে খ্ৰীষ্টানলৈ পৰিবৰ্তিত হোৱাৰ আগলৈকে আকাশত থকা মহাশক্তিমান (পাথিয়ান)ক বিশ্বাস কৰিছিল৷ তেতিয়াৰ লোককথাৰ মতে মিজোসকলৰ মৃত্যু হ’লে এই ৰিডীল হ্ৰদত আত্মাই গা ধুই পৰম ধামলৈ গতিৰ প্ৰবাদ আজিও আছে৷ সেয়ে ম্যানমাৰত থাকিলেও ৰিডীল হ্ৰদ মিজো সমাজৰ ঐতিহ্য আৰু পৰম্পাৰ সৈতে আজিও সাঙোৰ খাই আছে৷ হ্ৰদৰ এটা পাৰত বুদ্ধদেৱৰ এটা সুবিশাল মুৰ্তিও আছে৷
চামফাইৰ পৰা দক্ষিণে গ’লে মিজোসকলৰ বুৰঞ্জীপ্ৰসিদ্ধ আৰু বহুতো লৌকিক / অলৌকিক কাহিনীৰ পটভূমি সদৃশ ফাৰকণ পাব৷ ফাৰকণ আৰু ইয়াৰ আশে-পাশে বহুতো চাবলগীয়া ঠাই আছে৷ এইবোৰৰ ভিতৰত খবুঙ, দিনট্লাং, ফিয়েৰা তুই, লিয়েঞ্চাৰিৰ শৃংগ আদি লেখত ল’বলগীয়া৷
চামফাইৰ পৰা কিছুদুৰ আহি খজল হৈ লুংলেই যাব পাৰি৷ অৱশ্যে এইটো গড়কাপ্তানি পথ বাবে পৰিবহণৰ কিছু লেঠা আছে৷ অন্যথা আইজলৰ পৰা ভায়া ঠেণজল বা ভায়া চেৰ্ছিপ হৈ লুংলেই যাবলৈ উজু৷ লুংলেই মিজোৰামৰ দ্বিতীয় সৰ্ব্ববৃহৎ চহৰ৷ এইখন চহৰ বৃটিছে বনোৱা প্ৰথম চহৰ৷ চিলেটৰ পৰা উজাই আহি ব্ৰিৰ্টিছে ১৮৯১ চনত লুংলেইত এটা দুৰ্গ সাজে আৰু দক্ষিণ মিজোৰাম দখল কৰে৷ আইজল বা উত্তৰ মিজোৰাম দখল কৰে ১৮৯২ চনত৷ আৰম্ভণিতে আইজল শ্বিলং ডিভিজনৰ অধীনত আৰু লুংলেই চিলেট ডিভিজনৰ অধীনত আছিল৷ সেইদিশৰ পৰা চাবলৈ গ’লে লুংলেই সবাতোকৈ গুৰুত্বপূৰ্ণ পুৰণি চহৰ৷ লুংলেইৰ পৰা পশ্চিমলৈ ৮৬ কিমি গ’লে ত্লাবুঙ নগৰ পোৱা যায়৷ ইয়াতো বাংলাদেশৰ লগত সংলগ্ন ‘কাষ্টম গেট’ আৰু ‘বোৰ্ডাৰ ট্ৰেডিং পইণ্ট’ পোৱা যায়৷ অৱশ্যে এই গেটেৰে পাৰ হৈ বাংলাদেশ যাবলৈ হ’লে বৈধ ভাৰতীয় পাৰপত্ৰ জৰুৰী৷ ত্লাবুঙ নগৰৰ পৰা বাংলাদেশৰ সমভূমি অঞ্চলৰ ৰাতিৰ দৃশ্য বৰ ধুনীয়া লাগে৷
সময় থাকিলে লুংলেইৰ পৰা দক্ষিণলৈ যোৱাৰ কথাও এবাৰ ভাবিব পাৰে৷ পিছে ৰাস্তাৰ অৱস্থা বৰ বাৰু নহয়৷ যদিহে দক্ষিণলৈ যায় তেন্তে ফংপুই শিখৰ বগাব পাৰে৷ ফংপুই মিজোৰামৰ আটাইতকৈ ওখ শৃংগ (২২৫৭ মি)৷ লগতে ফংপুই ৰাষ্ট্ৰীয় উদ্যানতো পাক এটা মাৰিব পাৰে৷ অৱশ্যে দক্ষিণ মিজোৰামৰ দিশে গ’লে নিৰমিষহাৰী সকলে কিছু সমস্যাৰ সন্মুখীন হবও পাৰে৷
মিজোৰাম ফুৰিবলৈ আহিলে আইজলৰ কেভি পেৰাডাইজ (বিবি তাজমহল), চলোমন টেম্পল আৰু আইজল চহৰৰ নাইটভিউ নোচোৱাকৈ গ’লে বহুত কিবা নোচোৱা যেন হ’ব৷ লগতে বৰাবাজাৰ আৰু লুংমুৱালৰ হেণ্ডলুম চেণ্টাৰলৈকেও যাব পাৰে৷ বৰাবাজাৰৰ পৰা ‘কোৰিয়ান’ কম্বল নিকিনিলে মিজোৰাম ভ্ৰমণৰ মজা আৰু স্মৃতি আধৰুৱা হব৷ সময় পালে মিলেনিয়াম চেণ্টাৰত বহি কফি একাপ খাব পাৰে৷ তাৰে নাতিদূৰত থকা ৰাজ্যিক সংগ্ৰহালয় যাব পাৰে৷ মিজোসকলৰ ঐতিহ্য পৰম্পৰাৰ সম্পূৰ্ণ তথ্য বিশদভাৱে প্ৰদৰ্শিত কৰা আছে এই সংগ্ৰহালয়ত৷ মিজোৰামৰ পৰা ঘূৰি যোৱাৰ আগতে খোজকাঢ়ি নাইবা চিটিবাছেৰে গৈ ট্ৰেজাৰী স্কোৱেৰৰ প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ স্মাৰক আৰু লালডেংগাৰ সমাধিক্ষেত্ৰ, বিধানসভা, সচিবালয়, ৰাজভৱন আদি চাব পাৰে৷ সন্ধিয়া বা ৰাতিপুৱা চালে ফটো উঠা আৰু খোজকাঢ়ি যোৱাৰ বাবে সুবিধাজনক আৰু আমোদজনক৷
মিজোৰাম ফুৰিবলৈ হ’লে আন্ত:ৰাজ্যিক পাৰ্মিট (Inner Line Permit) বাধ্যতামূলক৷ অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা বাহিনীৰ লোক, ভাৰত চৰকাৰৰ অন্য জৰুৰীকালীন সেৱাত নিয়োজিত লোক, মহিলা আৰু শিশুৰ প্ৰৱেশৰ বাবে পাৰ্মিট বাধ্যতামূলক নহয়৷ পাৰ্মিটৰ বাবে গুৱহাটীৰ খ্ৰীষ্টানবস্তিত আৰু শিলচৰৰ সোণাই ৰোডত থকা মিজোৰাম হাউচত যোগাযোগ কৰিব লাগে৷ দুখন পাচপোৰ্ট ফটো, ভাৰতীয় নাগৰিকৰ বৈধ প্ৰমাণপত্ৰ আৰু ভ্ৰমণৰ উদ্দেশ্য লিখি ১৫০ টকা মাচুল দিলে ১৫ দিনৰ বাবে বৈধ অস্থায়ী পাৰ্মিট প্ৰদান কৰে৷ যিসকলে ১৫ দিনতকৈ বেছিদিন থাকিব বিচাৰে তেঁওলোকে ভ্ৰমণৰ মাজতে উপায়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰি আৰু ১৫ দিনৰ বাবে একেখন পাছৰ বৈধতা বঢ়াব পাৰে৷ আনহাতে বিমানেৰে অহা সকলে লেংপুই বিমান বন্দৰত পাঁচমিনিট মানৰ ভিতৰতে ট্যুৰিষ্ট পাৰ্মিট পাছ বনাব পাৰিব৷
আইজললৈ গুৱাহাটীৰ পৰা দৈনিক নৈশবাছ পোৱা যায় (দেওবাৰে বন্ধ)৷ তদুপৰি শিলচৰলৈ ৰেলযোগে বা অন্যপ্ৰকাৰে আহি তাৰ পৰা চুমোত আহিব পাৰে৷ শিলচৰৰ পৰা আইজলৰ দুৰত্ব প্ৰায় ১৭৮ কিমি যদিও চুমোৰে প্ৰায় ছয় ঘণ্টা লাগে৷ উল্লেখ্য যে শিলচৰ-আইজল চুমো প্ৰায় সকলো সময়তে পোৱা যায়৷ তদুপৰি গুৱাহাটীৰ পৰা আইজললৈ দৈনিক জেট আৰু স্পাইচজেটৰ দুখন বিমান চলে৷ বৰঝাৰৰ পৰা লেংপুইৰ দুৰত্ব মাত্ৰ পঞ্চাশ মিনিটৰ৷ আইজলৰ পৰা লেংপুই বিমান বন্দৰৰ দুৰত্ব প্ৰায় ত্ৰিশ কিলোমিটাৰ৷
মিজোৰাম আহিলে শনিবাৰে বজাৰ কৰিম বুলি মনস্থ কৰি আহিলে ভাল৷ নবেম্বৰ আৰু ডিচেম্বৰ মাহত চহৰখনে ভৰযৌৱনা হৈ উঠে৷ বৰদিনৰ এমাহমান আগৰ পৰাই গোটেই মিজোৰামখনেই যেন সাৰ পাই উঠে৷ প্ৰতিটো পথ উপপথ সজাই পৰাই তোলা হয় আটক ধুনীয়া কৰি৷ ষোড়শীৰ হাঁহিৰ মাজত যেন হেৰাই যায় ভাগৰুৱা পৰ্যটকৰ সকলো ভাগৰ অথবা অৱসাদ৷ প্ৰদুষণৰ প্ৰভাৱ নপৰা আইজল চহৰখন যেন ইয়াৰ সৰলমনা মানুহবোৰৰ দৰেই সুন্দৰ৷ কম খৰচতে সুন্দৰ ঠাই ফুৰিবলৈ হ’লে এবাৰ মিজোৰাম ফুৰাৰ কথা ভাবিব পাৰে৷ ইয়াৰ মামা-মামীহঁতৰ হাঁহিৰ মাজত দুদিন থাকি পাহাৰ ভ্ৰমণৰ আনন্দ লৈ চাব পাৰে৷
মিজোৰাম ফুৰিব আহিব পাৰে৷

“Challenges and Opportunities of Mizoram Tourism“ (by Ghanashyam Deka) নামৰ গৱেষণা পত্ৰৰ আংশিক অনুবাদ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments