মিজো সকলৰ সমাজ ব্যৱস্থা আৰু মোৰ দহটা বছৰ (ঘনশ্যাম ডেকা)

২০০৬ চনৰ কোনোবা এটা দিনত তিনিচুকীয়া মহাবিদ্যালয়ৰ মোৰ সহকৰ্মী দাদাবন্ধু সুশান্তদাই কলে, ডেকা, মিজোৰাম বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ ‘ইউজি’ আৰু ‘পিজিত’ ‘লেকচাৰাৰ’ৰ খালী পদ ওলাইছে৷ আজিৰ চেণ্টিনেলখন চাব৷ তিনিচুকীয়া মহাবিদ্যালয়ত চাকৰি হোৱাটো খাটাং হৈছিল বাবে বৰ বেছি গুৰুত্ব নিদিলোঁ৷ পিচত একেলগে থকা বাণিজ্য বিভাগৰ সহকৰ্মী তথা বন্ধু দীপাংকৰ বৈদ্যই পিচদিনা ক’লে যে আইজল ফুৰি আহিবৰ সুন্দৰ ব্যৱস্থা দেখোন (অহা যোৱা আৰু এৰাতিৰ হোটেল খৰচ বিশ্ববিদ্যালয়ে বহন কৰিব বুলি লিখা আছিল বিজ্ঞাপনটোত)৷ কথা মতেই কাম৷ দুয়ো আবেদন পঠালোঁ৷ যথা বিধি প্ৰথমে ফোন, তাৰ পিচত ফেক্সযোগে মাতিলে সাক্ষাৎকাৰৰ বাবে৷ মোৰ ২৯ জুন ত আছিল৷ অসম বন্ধ আছিল যদিও ৰেলেৰে লামডিং, তাৰ পিচত শিলচৰ আৰু শেষত চুম’ৰে আইজল পালোঁহি৷

পিচদিনা সাক্ষাৎকাৰৰ বাবে গ’লো টেক্সি এখন ভাৰা কৰি৷ উপাচাৰ্যৰ প্ৰকাণ্ড অফিচটোত সোমাইয়েই সেপ ঢুকিলো৷ এনেই হোজাৰ পো, তাতে আকৌ ইংলিছ৷ গৈ সুমোৱাৰ লগে লগে অসমত হোৱাৰ দৰে প্ৰশ্নৰ বৰষুণ নহ’ল৷ আৰম্ভ হ’ল অসমৰ কথা, তাহেৰ চাৰৰ কথা, আলফা সমস্যা আদিৰ মেল৷ চাহ আহিল মাজতে৷ লাহে লাহে তেতিয়াৰ উপাচৰ্য ড০ অমৰনাথ ৰায় চাৰে আৰম্ভ কৰিলে ভুগোলৰ মেল৷ দুঘণ্টা কেনেদৰে পাৰ হ’ল গম নাপালো৷

সাক্ষাৎকাৰৰ শেষত এগৰাকী ‘ৰেজিষ্টাৰ এডমিন’ চাইলো মাডামে মোক মাতি নিলে আৰু TA/DA ৰ বাবে যাবতীয় কামখিনি কৰি মোক লেফাফা এটা দি বিদায় দিলে৷ লগতে মিজোৰাম বিশ্ববিদ্যালয়ৰ বিষয়ে লিখা এখন সৰু পুস্তিকা দিলে৷ বাহিৰত আহিহে আচৰিত হ’লো৷ মই যিখন টেক্সীত গৈছিলোঁ সেই মানুহজনে মোলৈ ৰৈ আছে প্ৰায় চাৰি ঘণ্টা সময়৷ মোক দেখি আগবাঢ়ি আহি ক’লে ‘চাৰ কাম্’৷ মই কিন্তু অলপ সমস্যাত পৰিলোঁ, কাৰণ মই তেওক সম্পূৰ্ণ ভাৰা আগতেই আদায় দিছিলোঁ৷ আৰু তেওক ৰব কোৱা নাছিলোঁ৷ তেও চাগে মোৰ দোধোৰ-মোধোৰ অৱস্থা অনুভৱ কৰিলে তাৰ পিচত মোক ভঙা হিন্দিতেই ক’লে যে তাৰ পৰা উভতি আহিবলৈ বিশেষ ব্যৱস্থা নাই, তাতে আকৌ চিটিবাচ পোৱা যায় চাৰি কিলোমিটাৰ দুৰৈৰ ৰাম্ৰিকণ্ নামে ঠাইৰ পৰা৷ শনিবাৰে টানহ্ৰিল (টাঞ্ছিল) কেম্পাচলৈ অহা টেক্সি তেনেই কম৷ মই ড্ৰাইভাৰ জনৰ ব্যৱহাৰ আৰু বিবেচনা দেখি তবধ মানিলোঁ৷ লগতে নিজৰ চিন্তাত নিজেই লজ্জিত হ’লো৷ কিন্তু উপায়ো নাই, কিয়নো আমাৰ ৰাজ্যত তেনে পৰিবেশ আৰু বিবেচনা আৰু ব্যবহাৰ পোৱা আজিও মনত পেলাব পৰা নাই৷Mizoram

আহোতে ৰাস্তাত কিমাৰ (লাললৱ্মকিমা)লগত বহুত কথা পাতিলোঁ (আজিকালি তেওৰ লগত মোৰ বৰ ভাল)৷ তেওঁ আহোতে মোৰ পৰা আধা ভাড়া লৈছিল যদিও মই পুৰা ভাৰা জোৰকৈ দিলোঁ৷ মানুহটোৱে মিজোত কিবা এটা ক’লে আৰু হঠাত টেক্সিখন এৰি কৰবালৈ দৌৰ মাৰিলে৷ অলপ পিচত ক’ৰবাৰ পৰা চাৰিটা জৰ্দাপাণ আনি মোক দিলে আৰু মোক তেওৰ ফোন নাম্বাৰ দি বিদায় ল’লে৷ ময়ো চুম’ত উঠি গুৱাহাটীলৈ যাত্ৰা কৰিলোঁ৷

চুমোত আহোতে লাহে লাহে নিজকে বিচাৰি চালোঁ মিজোসকলৰ লগত৷ ট্ৰাইবেল আৰু পাহাৰী বুলি কোৱা এই মানুহখিনিৰ মাত কথাই মোৰ মনটো ভৰাই পেলালে৷ মনত পৰিল তিনিচুকীয়াৰ সাক্ষাৎকাৰৰ সময়ৰ কৰা ‘মেনেজ’ ফৰ্মূলাবোৰ, DPI অফিচত হোৱা বিভিন্ন তিতা কেহাঁ অভিজ্ঞতাবোৰ৷ মনটোত কিবা ধৰনৰ সাংঘাতিক চিন্তাবোৰ আহিব ধৰিল৷ তথাপি সাক্ষাৎকাৰৰ ফলাফল ঘোষণালৈ বাট চালোঁ৷ এইখিনিতে কৈ থোৱা ভাল ২০০৬ চনত অসমৰ কলেজ শিক্ষকৰ বাবে প্ৰথম দুবছৰ ৫০০০ টকা ফিক্সড্ দৰ্মহা দিয়াৰ প্ৰথা আছিল৷ সেয়াও চাগে মোৰ বাবে এক টাৰ্ণিং পইণ্ট আছিল৷

যথাবিধি আঠ আগষ্টত ঘৰৰ ঠিকনাত মিজোৰাম বিশ্ববিদ্যালয়ৰ নিযুক্তি পত্ৰ গৈ পালে৷ কিন্তু তেতিয়াও তিনিচুকীয়া মহাবিদ্যালয়ৰ নিযুক্তিত DPI ৰ ঝামেলা শেষ হোৱাই নাছিল৷ ফাইল ফচি আছিল জনৈক উৎপল বোলা এজনৰ কাষলতিৰ তলত, কাৰণ মই মানে হেৰি দিব পৰা নাছিলো ডিমাণ্ড অনুযায়ী৷ এফালে মিজোৰাম বিশ্ববিদ্যালয়, আনফালে তিনিচুকীয়া৷ এফালে মাৰ চকুপানী, আনফালে দেউতা আৰু খুড়াৰ মোক নিজৰ সিদ্ধান্ত ল’ব দিয়াৰ স্বাধীনতা আৰু সাহস, এফালে দুবছৰৰ চিনাকি বিভিন্নজন আনফালে কিমাৰ দৰে মানুহৰ সততা৷ মুঠতে এক সাংঘাতিক সমস্যা৷

দোদুল্যমান অবস্থাত থাকিলো সম্পূৰ্ণ আগষ্ট মাহটো৷ সহকৰ্মী কিছুৱে ক’লে যা, আন কোনোবাই নিজৰ দেশত ভাল, তাত গ’লে আমুক হ’ব তামুক হ’ব, আদি ইত্যাদি অনেক কথা৷ পিছে চেপ্তেম্বৰৰ পহিলা সপ্তাহত হোৱা ACTA নিৰ্বাচন আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ Inter College Football Tournament ৰ দুটা কথাই মোৰ জীৱন পৰিক্ৰমা সলনি কৰি দিলে৷ এই সপ্তাহটোত ৰাজনীতি আৰু লবী গঠনৰ প্ৰক্ৰিয়াৰ সতে চিনাকি হ’লো৷ লগে লগে সিদ্ধান্ত ল’লো যে অঁকৰা হ’লেও কিমা হতৰ দৰে মানুহবোৰৰ সততা বহুত শ্ৰেয়: ৷ মাক বুজালোঁ যে মিজোৰামত গ’লেও সুখেৰে থাকিব পাৰিম৷ কথা মতেই কাম৷ চেপ্তেম্বৰৰ ১৫ তাৰিখে তিনিচুকীয়া মহাবিদ্যালয়ৰ চাকৰি এৰি ঘৰমুৱা হ’লো৷ আহোতে ৺সুখমল ভুঞা চাৰৰ ভৰি চুই আহিলোঁ দুটোপাল চকুলোৰে৷ চাৰে কিন্তু হাঁহি হাঁহি বিদায় দিলে আৰু ক’লে তাত তুমি সুখ পাবা, মাত্ৰ তেওলোকৰ আভ্যন্তৰীন একো কথাতেই মাত নামাতিবা৷ আজিও চাৰৰ সেই কথাখিনি মনত ৰাখি চলি আছোঁ৷

২৬ চেপ্তেম্বৰ, ২০০৬ ৰ পৰা আজিলৈকে মিজোৰামৰ চাকৰি জীৱনৰ অলেখ অভিজ্ঞতা বৰ্ণনা কৰিলে শেষ নহ’ব৷ কিন্তু তথাপি কিছু কথা ক’ম বুলি দীঘল পাতনি মেলিলো৷ আচলতে মিজো সকল শান্তিপ্ৰিয় আৰু হাঁহি ধেমালিৰে জীৱন পাৰ কৰা জাতি৷ এওলোকৰ ভাল পোৱা বেয়া পোৱাবোৰ দীৰ্ঘস্থায়ী নহয়৷ ৰাতি কাজিয়া লাগিল, পুৱালৈ সকলো পাহৰিল৷ পুৰুষ মহিলা বুলি বিশেষ প্ৰভেদ নাই৷ সঞ্চয়ৰ দিশতকৈ জীয়াই থকা দিনকেইটা উপভোগ কৰাত কিজানি এওলোক পৃথিৱীৰ এটা অন্যতম জাতি৷ এতিয়াও এওলোকৰ সামাজিক জীৱন ব্যৱস্থাত জাতিভেদ আৰু ধনী দুখীয়াৰ প্ৰভেদ নাৰাখে৷ আমাৰ দৰে ভৰি চুই সেৱা নকৰে যদিও দিনহাজিৰা কৰা বনুৱাৰ পৰা প্ৰশাসনিক বিষয়া লৈকে সকলো একেখন বেঞ্চত বহে৷ প্ৰতিজনে প্ৰতিজনক সন্মান কৰে, খবৰৰ আদান প্ৰদান কৰে৷

মিজোৰামৰ অন্য এটা ভাল দিশ হ’ল এক সুন্দৰ সামাজিক বান্ধোনত বান্ধ খাই আছে এওলোকে৷ গেছৰ চিলিণ্ডাৰৰ লাইনৰ পৰা আৰম্ভ কৰি ট্ৰেফিক জামলৈ সকলোতে এওলোক শৃঙ্খলাবদ্ধ আৰু শান্তি প্ৰিয়৷ এতিয়াও মিজোৰামত সাংঘাতিক কিবা সমস্যা নহ’লে কোনেও গাড়ীৰ হৰ্ণ বজাই অশান্তিৰ সৃষ্টি নকৰে৷ মুখ্য মন্ত্ৰী, ৰাজ্যপাল আৰু ভাৰতীয় সেনাৰ অতি উচ্চ খাপৰ বিষয়াৰ বাহিৰে বাকী ভিআইপি সকলে আন দহজনৰ দৰে সাধাৰণ ভাবে অহাযোৱা কৰে৷ এইখন প্ৰদেশত হেলমেট নিপিন্ধিলে পুলিচৰো জৰিমণা হয়৷ কোনো ধৰনৰ আগতীয়া পাছ নোলোৱাকৈ মুখ্যমন্ত্ৰীৰো সাক্ষাৎ কৰিব পাৰি৷ পুলিচৰ পৰা আৰম্ভ কৰি এক্সাইজ সকলোতে ভেটীৰ সলনি ৰিকুৱেষ্ট কৰি বুজাই ক’লেই লেঠা শেষ৷ মুঠতে আমাৰ মানুহে নভবা বহুত ভাল কথা মিজোৰামত দেখিছোঁ বা পাইছোঁ৷

লালপা আৰু পাথিয়ান (যীশুক মাতে) বিশ্বাসী মিজোসকল শিক্ষাত যিদৰে আগবঢ়া, কথা বতৰাতো মাৰ্জিত৷ এতিয়াও দোকানৰ পৰা সামগ্ৰী লৈ গ্ৰাহকে নিজে হিচাপ কৰি পইচা দিয়ে৷ ঠগৱাজিৰ ঘটনা, নাৰী নিৰ্যাতনৰ ঘটনা, চুৰি ডকাইটি আদি এতিয়াই নাই বৰাবৰ৷ জীৱন ধাৰণ পশ্চিমীয়া যদিও কৃষ্টি সংস্কৃতি আৰু পৰম্পৰা এতিয়াও এৰি নেপোলোৱা মিজো সকলৰ পৰা আমি শিকিব লগা বহুত আছে যেন বোধ হয়৷ ২০০৬ চনত আইৰ চকুলো নেওচি ইয়াত আহি আজি মই গৰ্বিত৷ ইয়াৰ শান্ত পৰিবেশ আৰু সুস্থিৰ জীৱন ধাৰনে যেন এতিয়াও কয় এওলোকৰ মাজত লালদেংগাৰ সাহসৰ লগতে মাডাৰ টেৰেচা কিম্বা মহাত্মাৰ আদৰ্শ এতিয়াও আছে৷ ধন্য এওলোক, ধন্য এওলোকৰ শান্তিৰ জীৱন৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments