মিঠৈ (দেৱ প্ৰতিম হাজৰিকা)

নামঘৰত ভকতে নাম গাই আছে, ওপৰত ফেনখনো চলি আছে। কিন্তু ফেনৰ বতাহে তেওঁক চুব পৰা নাই। মানুহজন ঘামত জুৰুলি-জুপুৰি হৈ পৰিছে। তেওঁ অশ্বতিত ভুগিছে। বাৰে বাৰে তেওঁ নামঘৰৰ ঘড়ীটোলৈ চাইছে।
 
নাম গোৱা ইতিমধ্যে শেষ হৈছিল। সকলোৱে সেৱা কৰিছিল আশীষ বিচাৰি। সকলোৰে মাজত তেওঁৱো আছিল। সেই দীঘলীয়া সেৱাই তেওঁৰ ধুতি খনত অলপ মাটি লগাইছিল। তললৈ মুখ কৰি থাকোঁতে ঘামৰ টোপালবোৰ নাকেৰে বাগৰি মাটিত পৰি আছিল।
 
বিলনীয়াই প্ৰসাদ বিতৰণ কৰি আছিল। তেওঁৰ পাতখন ইতিমধ্যে প্ৰসাদৰ লগতে দুটা মিঠৈ আৰু এটা জাহাজী কলেৰে শোভিত কৰিছিল। পলম নকৰি মিঠৈ দুটা তেওঁ লগত অনা পলিথিনৰ বেগটোত ভৰালে।
-“দাদা, আৰু দুটা মিঠৈ পাম নেকি?”
০০০০০০
 
সন্ধিয়া হৈছিল। খেৰী ঘৰটোৰ ভিতৰত কোনোবাই কাঁহি আছিল। তেওঁ চাইকেল খন বাহিৰত ৰখাই ভিতৰলৈ সোমাই গ’ল। ভিতৰত এজন বুঢ়া বিচনাত পৰি আছিল। মানুহজনে পলিথিনটোৰ পৰা মিঠৈ চাৰিটা উলিয়াই বুঢ়া মানুহ জনৰ আগত ৰাখিলে।
 
-“দেউতা, চাচোন তোলৈ মিঠৈ চাৰিটা আনিছোঁ। তই খাই ভাল পাৱ নহয়। বহ অলপ।”
০০০০০০
 
ৰাতিপুৱা সেইদিনাখন:
 
আজি কেন্দুগুৰী গাঁৱত বৰসবাহ আছে। মাতি থৈ গৈছিলে। দেউতাৰ যোৱা দুমাহ ধৰি বেমাৰ। বিচনাতে পৰি আছে। আগতে হোৱা হ’লে দেউতাই গ’ল হেঁতেন। দেউতাই মিঠৈ খায় বৰ ভাল পায়।
 
-“শুনাছোন, মই কেন্দুগুৰীৰ পৰা আহোগৈ। দেউতাক চাবা অলপ।”
-“কিন্তু, ইমান দূৰ। ঘৰতো বহুত কাম আছে।”
-“তাতোকৈ বহু গুৰুত্বপূৰ্ণ এটা কাম কেন্দুগুৰী গ’লেহে সমাধা হ’ব।”
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক