মিতব্যয়িতাৰ আদিপাঠ (- কন্দৰ্প কুমাৰ নাথ)

মোৰ কণমানি ছোৱালীজনীক এইবাৰ পূজাত মই নতুন কাপোৰ এযোৰ দিবলৈ নহ’ল৷ তাকে লৈ শ্ৰীমতীৰ ভিতৰি ভিতৰি খং৷ দেউতাকটো হৈ এযোৰ কাপোৰো দিব নোৱাৰিলেনে? অৱশ্যে মই নিদিলেও পেহিয়েকে এযোৰ, দুজন খুড়াকৰ পৰা দুযোৰ কাপোৰ পাইছে৷ গতিকে এই বাঢ়ন বয়সত বেছিকৈ একে জোখৰে কাপোৰৰ প্ৰয়োজন নাই বুলিয়েই মই আৰু কাপোৰ কিনি নিদিলো৷ প্ৰয়োজন হলে এমাহ, দুমাহ পিছত আকৌ কিনি দিম৷ কিন্তুু পূজা বুলিয়েই মোৰ ফালৰ পৰাও এযোৰ নতুনকৈ দিয়াৰ প্ৰয়োজন বোধ নকৰিলো৷ আৰু এটা কথা কৈ থওঁ সৰুৰে পৰা আমাক দেউতাই কাপোৰ-কানিবোৰ উৎসৱ-পাৰ্বনত কিনি দিয়াতকৈ প্ৰয়োজনতহে কিনি দিছিল৷ এই কথাটোৱেও মোৰ অৱচেতন মনটোৱে মোক বাৰে বাৰে সোঁৱৰাই থাকে৷

মোৰ দেউতা এজন সাধাৰণ মজলীয়া বিদ্যালয়ৰ শিক্ষক আছিল৷ বয়স এতিয়া ৮৫ বছৰ৷ আগৰ দিনৰ মেট্ৰিক নৰ্মাল৷ দেউতা অতি শোচনীয় অভাৱ অনাতনৰ মাজত ডাঙৰ দীঘল হৈছিল৷ কাৰণ ককা আছিল এজন সাধাৰণ মিস্ত্ৰী৷ মিস্ত্ৰী এজনৰ উপাৰ্জনেৰে বৃহৎ পৰিয়ালৰ এটিৰ ভৰণ পোষণ কিদৰে বাৰু সম্ভৱ? তাতে দেউতাৰ তলত আন পাচটা ভাই ভনীৰ পোহ-পালৰ কথা আছে৷ ককাই পঢ়া-শুনাৰ খৰচ বহন কৰিব নোৱাৰা বাবে স্কুল এৰাৰেই সিদ্ধান্ত লৈছিল দেউতাই৷ কিয়নো এসাঁজ খাই এসাঁজ লঘোণে থকা পৰিয়াল এটাৰ বাবে উচ্চ শিক্ষা পৰ্বতত কাছৰ কণী বিচৰাৰ লেখিয়া কথা৷ তথাপি দেউতাৰ মেধা শক্তিৰ উমান পোৱা কোনো কোনো গুণী জ্ঞানী ব্যক্তিৰ উদগঙণিৰে হাইস্কুলত পঢ়িবলৈ গ’ল৷ মজলীয়া বৃত্তি পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ হৈ লাভ কৰা বৃত্তিৰ জলপানিৰে হাইস্কুলীয়া শিক্ষা সাং কৰি চতিয়া নৰ্মাল স্কুললৈ পঢ়িবলৈ গ’ল৷ তাত স্কুলৰ জলপানি আৰু লগৰবোৰক ছবি আকি দি হোষ্টেলৰ মেছ আৰু যাবতীয় খৰচ উলিয়াইছিল৷ নৰ্মালত দেউতাই গণিতত ২০০/২০০ নং পাই অসমৰ সেই সময়ৰ ৫ খন নৰ্মাল স্কুলৰ ভিতৰত সৰ্বকালৰ অভিলেখ ভংগ কৰিছিল৷ এটা সংগ্ৰামী জীৱন৷ এইখিনি কথা মই অৱশ্যে মোৰ নিজৰ দেউতাৰ গৌৰৱ জাহিৰ কৰিবলৈ কোৱা বুলি নাভাবে যেন৷ মোৰ উদ্দেশ্যটো হ’ল মিতব্যয়িতাৰ শিক্ষা৷ কেনেকৈ পাইছিলোঁ আমি দেউতাৰ পৰা এই মিতব্যয়িতাৰ শিক্ষা৷

নৰ্মাল স্কুলত দেউতাহঁতৰ গণিতৰ পাঠ্যপুথিত এটা জমা-খৰচৰ অংক আছিল৷ সেই জমা-খৰচৰ অংকটোত দেউতা আছিল অপ্ৰতিৰোধ্য৷ দেউতাই নিজ মুখে আমাক কোৱা কথা৷ শিক্ষকৰ বহু পাক লগা জমা-খৰচৰ অংকও দেউতাই অনায়াসে সমাধান কৰি দিছিল৷ সেই অংকটোতেই দেউতাহঁতে শিকিছিল অভাৱগ্ৰস্ততাই কোঙা এটি পৰিয়াল কোনো ধাৰ-ঋণ নোহোৱাকৈ সুকলমে চলাই নিয়াৰ আদিপাঠ৷ আজিও দেউতাই আমাক ’যাদৱৰ গণিতৰ’ পাক লগা অংকবোৰ মাজে মাজে দিয়ে৷ আমাৰ উশাহ ঘুৰাবলৈ তৎ হেৰায়৷

পৰৱৰ্তি সময়ত নৰ্মাল পাছ কৰি আহি শিক্ষকতা বৃত্তিত জড়িত হ’ল৷ কাৰণ উচ্চ শিক্ষা লাভ কৰিবলৈ দেউতাৰ ধনৰ নাটনি৷ আনহাতে ঘৰৰ সমস্ত দায়িত্ব দেউতাই মূৰ পাতি লব লগা হ’ল যিহেতু পঢ়ি থাকোতেই ককাৰ পৰলোকপ্ৰাপ্তি ঘটে৷ তেনেই কম দৰমহা৷ মাহে ৬০ টকা মাত্ৰ৷ ইমান কম দৰমহাৰে এটা বৃহৎ পৰিয়ালৰ ভৰণ পোষণ দিয়াটো অসম্ভৱ কথা৷

তথাপিও দেউতাই নিয়াৰিকৈ ঘৰখন চলাই লৈ গৈছিল৷ সেইখিনি দৰমহাৰেই ঘৰখনৰ সমস্ত খৰচ বহন কৰিও দুজনকৈ ভাতৃক উচ্চ শিক্ষিত কৰি চৰকাৰীভাৱে প্ৰতিষ্ঠিত কৰিছিল৷ অথচ কাৰো পৰা এপইচা ধাৰ-ঋণো লবলগীয়া নহৈছিল৷ আমি যেতিয়া স্কুললৈ যোৱা আৰম্ভ কৰিলোঁ সৰুৰে পৰা আমাক কেতবোৰ সৰু সৰু অথচ গুৰুত্বপূৰ্ণ অভ্যাস শিকাইছিল৷ যেনে – বছৰেকীয়া পৰীক্ষাৰ অন্তত অনুশীলনী বহীৰ উকা পৃষ্ঠাবোৰ চিঙি আনি বাহিৰা বহী সাজি দিয়া, এটা নতুন শ্ৰেণীলৈ উত্তীৰ্ণ হওঁতে জেষ্ঠ সকলৰ পৰা কিতাপবোৰ সংগ্ৰহ কৰা, নিজৰ কিতাপ বহীবোৰ মৰমেৰে ৰখা যাতে কনিষ্ঠ সকলেও পঢ়িব পাৰে, কলমটো বেয়া হলে নিবটো ( তেতিয়া চিয়াহী কলম আছিল ) সলনি কৰি দিয়া, পেঞ্চিলডাল চুটি হৈ গলে বাঁহৰ সৰু চুঙাত সুমুৱাই দি দীঘল কৰি দিয়া, কাপোৰ-কানিবোৰ মৰমেৰে ৰখা – এই ধৰণৰ সৰু সৰু অথচ জীৱনৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ কামেৰে দেউতাই আমাক মিতব্যয়িতাৰ আদিপাঠ শিকাইছিল৷ মনত পৰে মোৰ দ্বিতীয় শ্ৰেণীত কিনি দিয়া মাটিৰ ফলি খনেৰে মোৰ পিছত মোৰ ভণ্টিয়ে পঢ়িলে আৰু ভণ্টিৰ পিছত মোৰ ভাইটিয়ে পঢ়াৰ পিছতো সৌ সিদিনাহে ভাঙি টুকুৰা টুকুৰ হ’ল৷ শুনিলে আচৰিত হব যে দেউতাই যিখন চাইকেলেৰে চাকৰি জীৱন আৰম্ভ কৰিছিল সেইখনেৰেই চাকৰি জীৱন শেষো কৰিলে আৰু বৰ্তমানেও সেই অৰ্ধ শতিকা বয়স গৰকা চাইকেলখন চলাব পৰা অৱস্থাৰে আমি অতি মৰমেৰে ৰাখিছোঁ৷ এইখন আমাৰ দেউতাৰ আদৰ্শক জীয়াই ৰখা এক প্ৰতীক হিচাবেই আমি বিবেচনা কৰো৷

আমি যেতিয়া জনা-বুজা হলো লক্ষ্য কৰিছিলো বজাৰৰ পৰা আহি কানি-কাপোৰ নসলোৱাকৈয়ে দেউতাৰ প্ৰথম কামটো হ’ল বজাৰ তালিকাৰ জমা-খৰচৰ হিচাব মিলোৱাটো৷ ক’ৰবাত যদি হিচাবত ৫ পইচা এটাৰ খেলি- মেলি হয় সেই লৈ মূৰ মাৰি জ্বৰ ঘামে ঘামি গৈছিল৷ কাৰোবাক দহটকা হয়তো দান হিচাবেও দিব পাৰে কিন্তুু হিচাবত পাচ পইচাও অমিল হ’ব নোৱাৰে৷ হিচাব হিচাবেই৷ হিচাব মিলি যোৱাৰ পিছতহে মানুহজন উৎফুল্ল ৰূপত দেখা পাইছিলো৷ দেউতা এতিয়া নোৱাৰা হ’ল, হলেও আমাক মিতব্যয়ী হবলৈ এতিয়াও সকিয়াই থাকে৷
আমি যেতিয়া কলেজত পঢ়ি থাকো কলেজলৈ যোৱাৰ সময়ত গাড়ী ভাড়া খোজো৷ দেউতাই তেখেতৰ গাৰুৰ কাষৰ বেগৰ পৰা যিমান লাগে লৈ যাবলৈ কয় আৰু সন্ধিয়া হলে ক’ত কিমান খৰচ হয় হিচাবটো দিবলৈ কয়৷ দৰমহা পোৱাৰ দিনাই গেলামালৰ দোকানৰ বাকী, লাইটৰ বিল, ইন্সিওৰেঞ্চ প্ৰিমিয়াম, বেংকৰ জমা – এই আটাইবোৰ লেনা-দেনাৰ পিছত মাহটোত চলিবলৈ প্ৰয়োজন হোৱা আটাইখিনি পইচা বেগৰ ভিতৰত থৈ বেগটো বিছনাৰ গাৰুৰ কাষত থৈ দিয়ে৷ কোনোদিন বাকচত বা আলমীৰাত তলা মাৰি নথয় আৰু কোনোদিন আমাক নিজ হাতেৰে পইচা নিদিয়ে৷ আমাক নিজে নিজেই লৈ যাবলৈ কয় কিন্তু্ত আমাক হিচাবটো দিবলৈ কয়৷ সেইদৰেই সন্ধিয়া দেউতাই দিনটোৰ জমা-খৰচৰ হিচাব লয় আৰু আমি চাৰিও বাইদেউ, ভণ্টি, ভাইটি মিলি ক’ত কিমান খৰচ হ’ল হিচাববোৰ দিওঁ৷ এইদৰেই আমি কলেজ পাৰ হলো৷ কিন্তুু কোনোদিন প্ৰয়োজনতকৈ অধিক পইচা আমি লৈ গৈ নেপালো৷ কাৰণ দেউতাৰ জমা-খৰচৰ হিচাবত কোনো অদৰকাৰী খৰচৰ হিচাব দিবলৈ আমি খুব ভয় কৰিছিলোঁ লগতে দেউতাৰ আমাৰ প্ৰতি থকা বিশ্বাসক ভংগ হবলৈ দিয়া নাছিলোঁ৷ আনহাতে কোনোদিন মিছা কথাও কৈ পোৱা নাছিলোঁ৷
ঘৰ পৰিচালনাৰ ক্ষেত্ৰত মিতব্যয়িতাৰ আদিপাঠ দেউতাই শিকিছিল অভাৱগ্ৰস্ততাৰ পৰা আৰু সেই আদিপাঠত সাৰ-পানী যোগাইছিল নৰ্মাল স্কুলৰ সেই জমা খৰচৰ অংকই৷ কেৱল দেউতায়েই নহয়, নৰ্মালত পঢ়া দেউতাৰ সমসাময়িক সকলো ব্যক্তিৰ ক্ষেত্ৰতেই এই মিতব্যয়িতা সততে দেখা গৈছিল৷

সেয়েহে মই ভাবো প্ৰাচুৰ্যতাৰ মাজত থাকিও আমি আমাৰ ল’ৰা-ছোৱালীক অন্ততঃ জীৱনত অভাৱ কি বস্তু বা মিতব্যয়িতা কি তাক উপলব্ধি কৰিবলৈ দিয়াতো অতীৱ প্ৰয়োজন৷ ধোৱাখুলীয়া স্বভাৱে পৰৱৰ্তী জীৱনত বিৰূপ প্ৰভাৱ পেলোৱাৰো অনেক উদাহৰণ আছে৷ চক্ৰেটিছেও কৈ গৈছিল পৃথিৱীৰ আটাইতকৈ সুখী মানুহ সেইজনেই যিজনে নিজৰ প্ৰয়োজন বোৰ সীমিত কৰি ৰাখিব পাৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments