মিতভাষ – অনিতা গগৈ

১/ আন্ধাৰেৰে বাট বোলোতে

 

আন্ধাৰেৰে বাট বোলোতে বোলোতে ___অজানিতে এখন পিতনিত সোমাই পৰিছোঁ। ওলোৱাৰ বাট বিচাৰি সোমাই গৈ আছোঁ.. গৈয়ে আছোঁ..। এডিঙি বোকাত সোমাই সহায়ৰ বাবে চিঞৰিছোঁ। কিন্তু ৰুদ্ধ কণ্ঠ__ অবৰুদ্ধ যন্ত্রণাৰে মেলি দিছোঁ দুহাত আৰু  দুচকু মুদি মাথোঁ প্রাৰ্থনা কৰিছোঁ। হঠাৎ এখন হাত… আলফুলে মোক তুলি আনিছে..। কাৰ সেই হাত? চকু মেলি দেখিছোঁ…কোনো নাই__ সন্মুখত কেৱল ছয়াময়া এটা বাট!

 

 

২/ আন্ধাৰ চুকটোতে এটা মাটিৰ কলহ

 

আন্ধাৰ চুকটোতে এটা মাটিৰ কলহ— লুকুৱাই থোৱা আছে। তাতে সাঁচি থোৱা আছে— এমুঠি পোহৰৰ বীজ। কেতিয়াবা এচাটি হিমচেঁচা বতাহৰ আঁচোৰ লাগি অথবা বৰষুণৰ টোপাল পৰি হঠাতে নুমাই যোৱা সেই পোহৰ— মোৰ ডেউকাৰ উমেৰে জ্বলি উঠে পুনৰ। দিনে দিনে বাঢ়ি অহা উপদ্রৱত ভেঁকুৰে ধৰা কলহটোৰ হুমুনিয়াহেৰে বৰ গধুৰ হৈ পৰিছে মোৰ ভঙা ডেউকা। কিন্তু ভিতৰৰ পোহৰমুঠি বিয়পি পৰিছে— মোৰ বাহিৰে-ভিতৰে।

 

৩/ নবজাবা বীনখন

 

নবজাবা বীনখন — শূন্যতাৰ  তৰপে তৰপে বৈ যাব সুৰৰ লহৰ। লহৰে লহৰে ছাঁই জোকাৰি থিয় হ’ব এই প্রাচীন নগৰ। পুনৰ বাজিব ৰণডংকা — জোৰ কদমত চেকুৰ মেলিব ৰণোন্মাদ তেজাল ঘোঁৰা। উস! নবজাবা পুনৰ সেই অতীতৰ সুৰ — তেজৰ কৰালত নিৰলে শুই থাকক চেতনাৰ চেঁচা তাঁৰ। পোহৰৰ উমাল ছন্দতকৈ.. এতিয়া এই জয়াল আন্ধাৰ — এই নিস্তৰংগ শূন্যতাই প্রিয় মোৰ।
_______________________________________

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments