মিতাক্ষৰ–যামিনী গগৈ

.. .ভালোবেসে সখী নিভৃতে যতনে

আমাৰ নামটি লিখ’ তোমাৰ 

মনেৰ’ মন্দিৰে…

আমাৰ পৰাণে যে গান বাজিছে…

তাহাৰ তালটি শিখ’ 

তোমাৰ চৰণ মঞ্জিৰে…

: ইমান ধুনীয়া মাত! – চিগাৰেটত সুখ টান এটা মাৰি আচৰিত হৈ স্বগতোক্তি কৰিছিল সি। 

ৰৈ ৰৈ ভাঁহি অহা গীতটোৰ লহৰে লহৰে তাৰ মনত এই ধুনীয়া মাতটোৰ গৰাকীৰ জান-নেজান ছৱি এখনো নিভৃতে অঁকা হৈ গৈছিল। কজলা এমেঘ ঘন চুলিৰে আৱৰা এখন কোমল মুখ; এযোৰ বিশাল ভৰাশাওণ যেন চকু আৰু… আৰু বতাহে সুৰ তুলিব পৰাকৈ কুমলীয়া সোণাৰু পাতৰ দৰে এযুৰি ওঁঠ! 

আচৰিত! 

ইয়াৰ আগলৈকে কোনো গানেই, কোনো সুৰেই এনেকৈ শ্বাশ্বতৰ কলিজা চুব পৰা নাছিল। কিন্তু সেইদিনা শুনা সেই গানটো, সেই মাতটো শ্বাশ্বতৰ মনৰ তলিত গজগজীয়াকৈ বহি ৰ’ল। অকল মাতটোৱেই নহয়, মাতটোৰ কাল্পনিক মূৰ্তিমানগৰাকীও যেন তাৰ মনৰ অনাহুত অথচ হেঁপাহৰ আলহী হৈ পৰিল। 

অকলশৰীয়া মুহূৰ্তত মনৰ বৰঘৰলৈ অবাধে এই আহে, এই যায়-কোনো বাধা নাই। 

বাধাৰ অৱশ্যে কোনো কাৰণো নাই। জীৱনত কোনো সংগ্ৰাম নাই, কোনো চিন্তা-দুশ্চিন্তা নাই, একো বাধ্য-বাধকতা নাই। এইবোৰ ইতিমধ্যে অতিক্ৰম কৰি আহি সি এতিয়া এজন স্বয়ং সম্পূৰ্ণ প্ৰতিস্থিত মানুহ। অৱশ্যে স্বয়ং সম্পূৰ্ণহে, কাৰণ সামাজিকভাৱে তেতিয়াও সি সম্পূৰ্ণ মানুহৰ স্বীকৃতি পোৱা নাছিল। সি জীৱনৰ সংগ্ৰামত যুঁজি থাকোঁতেই তাক পৰিপূৰ্ণ মানুহ হিচাপে চোৱাৰ আশাখিনি নিজৰ মাজতে সামৰি মাক পৃথিৱীৰ পৰাই গুচি গৈছিল। তাৰ পাছৰ পৰাই তাৰ জীৱনলৈ যি শূন্যতা নামিছিল, সেই শূন্যতাক দূৰ কৰিবলৈ কৰা চেষ্টাবোৰৰ হেঁচাত পৰিপূৰ্ণতাৰ সপোনটো আঁৰ হৈ পৰিছিল। শূন্যতা আৰু পূৰ্ণতাৰ ঠেলাহেঁচাৰ মাজতে তাৰ ট্ৰান্সফাৰ হৈছিল অফিচৰ অলপ সীমামূৰীয়া ব্ৰান্সটোলৈ। যিটোলৈ পৰিপূৰ্ণ মানুহবোৰ পৰিয়াল লৈ আহিবলৈ টান পায়। 

সি আহিছিল। আপাততঃ ভালেই পাইছিল সি। কাৰণ সামাজিক প্ৰশ্নবোৰে আমুৱাইছিল তাক। অলপ অসামাজিক হ’বলৈ মনৰ ভিতৰৰ পৰা তাড়না এটা অনুভৱ কৰি আহিছিল মাক আঁতৰি যোৱাৰ পাচৰ পৰাই। 

সেয়ে সি গুচি আহিছিল এই অচিন ঠাইখনলৈ। 

প্ৰথম দিনা নতুন অচিনাকি ঘৰখনৰ চৌপাশটোৰ সৈতে চিনাকি হ’বলৈ বুলিয়ে ভিতৰ সোমায়ে শ্বাশ্বতে পৰ্দাবোৰ কোঁচাই খিৰিকিবোৰ এখন এখনকৈ খুলি দিছিল। বিদেশত কৰ্মৰত ধনিক অভিজাত পৰিয়াল এটাৰ বিলাসিতাৰ নমুনা আছিল ঘৰখন। এই অঞ্চলত ভাৰাতীয়াও পোৱা নাযায়। সেয়ে, ৱেল-ফাৰ্নিশ্বড বিশাল ঘৰটোৰ এটা পাৰ্ট সি বৰ কম ভাৰাতে পাইছিলে। 

ঘৰখনৰ নিজঞ্জাল পৰিবেশটোত বহল চোফাখনত বহি বাধাহীনভাৱেই মুকলিকৈ চিগাৰেট এটা জ্বলাই লৈছিল সি। সেই তেতিয়াই বৰ কোমল মাতৰ গীতটো বতাহৰ বোকোচাত উঠি খোলা খিৰিকিৰে ৰিব-ৰিবকৈ তাৰ ৰুমলৈ সোমাই আহিছিল। গানৰ প্ৰতি তাৰ হৃদয়ৰ টান নাই। আনে ভাল বুলি কোৱা আৰু প্ৰথম প্ৰেমত পৰা বয়সত শুনা দুই এটা ৰোমাণ্টিক গানৰ বাহিৰে গানৰ সৈতে তাৰ পৰিচয় তেনেই সীমিত। 

তথাপি গানটোৰ ভাষাটোৰ কাৰণেই সি সেয়া ৰবীন্দ্ৰ সংগীত বুলি নিজৰ মাজতে ধাৰণা এটা কৰি লৈছিল। 

এৰা-ধৰাকৈ চিগি চিগি অহা মাতটোত কিন্তু কিবা এটা আছিল। গান, সুৰ, তাল, লয় চিনি নোপোৱা শ্বাশ্বতকো সেই মাতটোৱে যেন পৰম মমতাৰে আলফুলে মেৰিয়াই ল’ব খুজিছিল! 

কিয় জানো.. অচিনাকি সেই ধুনীয়া মাতটো শুনাৰ পৰাই তাৰ হঠাতে যেন সম্পূৰ্ণ হ’বলৈ নিজাকৈও হেঁপাহ অকণ গজি উঠিছিল। সেই.. মাকৰ তাক লৈ জাগি উঠা আৰু মাকৰ বুকুতে জাহ যোৱা হেঁপাহকণৰ দৰে! 

সঁচাকৈয়েচোন তাৰ মনৰ মন্দিৰত কাৰোবাৰ নাম এটি লিখিবলৈ মন গৈছিল। ..কি নাম এই ধুনীয়া মাতটোৰ? 

সি নাজানে। কিন্তু, তাৰ ভাৱ হৈছিল… সেই ধুনীয়া মাতটোৱে যেন বাৰে বাৰে তাৰ মন মন্দিৰৰ দুৱাৰত মিহি টুকৰ মাৰিছিল! 

”তুমি ৰ’বে নীৰৱে

হৃদয়ে মম

তুমি ৰ’বে নীৰৱে

নীবিড় নিভৃত পূৰ্ণিমা নীশিথে….”

বতাহত উপঙি আহিছে ধুনীয়া মাতটো। সঁচাকৈয়ে মাতটোৰ অজ্ঞাতেই যে ই শ্বাশ্বতৰ হৃদয়ত নীৰৱে ঘৰ কৰিছিল! 

প্ৰায়ে অফিচৰ পৰা আহি আবেলি, কেতিয়াবা সন্ধিয়া বৃহৎ চোফাখনত হেলান দি চিগাৰেটৰ ধোঁৱা উৰুৱাই ৰবীন্দ্ৰ সংগীত শুনাতো তাৰ এৰাব নোৱাৰা নিচা হৈ পৰিছিল। সুৰবোৰ উঠি উঠি তাৰ চৌপাশলৈ ঢপলীয়াই আহিলেই তাৰ মনলৈ ভাঁহি আহিছিল দক্ষিণা বাৰাণ্ডাত তাঁতী শাৰী পিন্ধি কাপোৰত ফুল তুলি আপোন মনে ৰবীন্দ্ৰ সংগীত গাই থকা এটা লাহী অৱয়ব। কজলা এমেঘ ঘন চুলিৰে আৱৰা এখন কোমল মুখ; এযোৰ বিশাল শাওণ যেন চকু আৰু বতাহে সুৰ তুলিব পৰাকৈ কুমলীয়া সোণাৰু পাতৰ দৰে এযুৰি ওঁঠ! আল্টা ৰঞ্জিত হাত-ভৰি আৰু এমেঘ চুলিৰ মাজত এচমকা সেন্দূৰৰ বিজুলী…। নাই নাই। সজোৰে মূৰ জোকাৰি সি চকামকাকৈ দেখা সেন্দূৰৰ বিজুলী চমকা মনৰ মাজৰ পৰা দলিয়াই পেলাইছিল। তাৰ পাচতো কপালৰ সোঁমাজত পূৰ্ণিমাৰ দগমগীয়া ফোঁটটো কিন্তু জিলিকাই থৈছিল। 

শ্বাশ্বত প্ৰেমত পৰিছিল ৰবীন্দ্ৰ সংগীতৰ। চেহেৰা নেদেখাকৈয়ে শ্বাশ্বত প্ৰেমত পৰিছিল এটা ধুনীয়া সেউজীয়া মাতৰ! কেতিয়াবা সি নিজকে প্ৰশ্নও কৰিছিল। মাত এটাৰ চেহেৰা থাকে জানো! চেহেৰা নেদেখাকৈয়ে যে মাতটো তাৰ ইমান আপোন! …এনেকুৱাত চেহেৰাৰ প্ৰয়োজন আছে জানো! 

হয়তো নাই। 

…হয়তো আছে! 

নহ’লেনো তাৰ মনলৈ মাতটোৰ গৰাকীৰ জান-নেজান ছৱি এখন ভাঁহি আহেনে! 

তাৰ ঘৰখনৰ সন্মুখেদি পাৰহৈ গৈছে ৰাজআলিটো। ৰাজআলিৰ সিপাৰে এশাৰী ঘৰ। তাৰ সোঁৱে-বাঁৱেও ঘৰ। আৰু ঘৰখনৰ পিচফালে এখন বৃহৎ গেজেপনিলগা বাৰী। ঘৰবোৰ সেৰেঙা। তথাপি সি তাত থাকিবলৈ লোৱাৰ ইমান দিন হোৱাৰ পাচতো কিন্তু সেই ধুনীয়া মাতটো কোনফালৰ পৰা ভাঁহি আহে সি মুঠেই ধৰিব নোৱাৰে। ঠাইখনৰ বেহিচাপী উতনুৱা বতাহজাকৰ কাৰণেই চাগে সি ইমানদিনে মাতটো আচলতে কোনটো দিশৰ পৰা আহে ধৰিব নোৱাৰে। এই মাতটোৰ বিষয়ে তাৰ বহু কথাই জানিবলৈ মন যায়। কিন্তু নজনাকৈয়ে ৰৈ যায়। বহুদিন সি অফিচৰ পৰা ঠিক কৰি দিয়া তাৰ ব্যক্তিগত সহায়কাৰী ৰাজুক সুধিম সুধিম বুলিও কিবা এক অস্বস্তিতে একোৱেই সোধা নহয়গৈ। 

কিন্তু, কেইদিনমান ধৰি শ্বাশ্বতে ভীষণ অস্বস্তিত কটাইছে। 

পাঁচদিন হ’ল। হয় সি নিশ্চিত যে পাঁচদিন হ’ল। সেইদিনা শণিবাৰ আছিল ছেকেণ্ড ছেটাৰডে’। অফিচ বন্ধ। আবেলিটোৰ অপেক্ষাতে সি দুপৰীয়াটো যেন বৰ খৰখেদাকৈ পঠিয়াইছিল। কিন্তু, আবলি পাৰ হৈ সন্ধিয়া শেষ হৈ ৰাতিলৈ সময় বাগৰিছিল। তথাপি চৌপাশ নিস্তব্ধ হৈ ৰৈছিল। মাতটোৰ যেন অস্তিত্বই নাছিল কোনোদিন। তাৰ পাচতো চাৰিদিন পাৰ হৈ গৈছিল। 

শ্বাশ্বতে চাৰিওদিশে কাণ উনায়ো সেই মাতটো শুনিবলৈ পোৱা নাছিল। এই পাঁচদিন সেই কণ্ঠ শুনিবলৈ নোপোৱাৰ পাচতহে সি বুজি উঠিছে যে ইতিমধ্যে তাৰ কাণৰ উশাহ হৈ পৰিছে সেই মাতটো। আৰু উশাহ অবিহনে মানুহ কেনেকৈ জীয়াই থাকে! 

ৰাজুৰ পৰাই শ্বাশ্বতে তাৰ উশাহৰ খবৰ লোৱাৰ সিদ্ধান্ত ল’লে। বৰ বেছি কাৰো লগত কথা নপতা শ্বাশ্বতে কেনেকৈ আৰম্ভ কৰিব ভাৱি থাকোঁতেই ৰাজু দুখমনেৰে সোমাই আহিল। ৰাজুৰ দুখী মুখখনে শ্বাশ্বতক কথা আৰম্ভ কৰিবলৈ যেন সুবিধাহে কৰি দিলে। সি পাকঘৰৰ ফালে খোজ লওঁতেই শ্বাশ্বতে মাত দিলে, 

: কি হ’ল ৰাজু? তোমাৰ মন বেয়া? -ৰাজু আচৰিত হ’ল। তথাপি সি দুখ মনেৰেই উত্তৰ দিলে। 

: শিউলি বাইদেউক আজি আশ্ৰমলৈ লৈ গ’ল। 

: কোন শিউলি বাইদেউ? 

: ৰাস্তাৰ সিপাৰে বাওঁফালৰ হাৱেলীৰ দৰে ঘৰটো যে, তাৰ মালিক। এইখন ঘৰৰ মালিকৰ খুড়ীয়েক। বাঙালী ছোৱালী আছিল। মালিকে কলিকতাত পঢ়িবলৈ যাওঁতেই লৈ আহিছিল। মালিক মৰাৰ পাচত শিউলি বাইদেউ অকলেই আছিল ঘৰখনত। মোৰ মানুহজনীয়ে দিনটো লগ দিছিল তেওঁক। এতিয়া পাঁচদিন আগত পুতেক বিদেশৰ পৰা আহি তেওঁক আশ্ৰমত থৈ ঘৰে-মাটিয়ে বেচাৰ যা-যোগাৰ কৰিছে। 

: আবেলি আৰু সন্ধিয়া যে গান গায়, তেৱেঁই গায় নেকি? 

: আৰু কোনে গাব! তেওঁৰ নিচিনা ধুনীয়া গান গোৱা আৰু দেখিবলৈ ধুনীয়া মানুহ এই জাগাৰ পৰা দূৰ-দূৰলৈও নহ’ব। মোৰ মানুহজনীয়ে কৈছে নহয়…এইকেইদিন বাইদেৱে বোলে গান বাদেই খোৱা-বোৱাও এৰিছিল। আৰু আজি পুতেকে তেনে এজনী মানুহকে আশ্ৰমত এৰি থৈ আহিলগৈ। 

আচৰিত! ধুনীয়া মাত এটাৰো ইমান বিৰহ! 

শ্বাশ্বত মনে মনে ৰ’ল। ৰাজুৰ দুখবোৰ, ধুনীয়া মাতটোৰ বিৰহবোৰ যেন বগুৱা বাই তাৰ কোলালৈ উঠি আহিল! মাতটোৱে এতিয়া নিজৰ চেহেৰা এটা পালে। তাৰ মাকৰ নিচিনা চেহেৰা। তাৰ মাকৰ নিচিনা চেহেৰা এটা বৃদ্ধাশ্ৰমত থকাতো সি জানো সহ্য কৰিব পাৰিব? 

আৰু তাৰ কাণৰ উশাহটো! 

উশাহ অবিহনে জানো সি জীয়াই থাকিব পাৰিব! … সেয়া লাগিলে কাণৰ উশাহেই হওক- উশাহ উশাহেই। 

ঘপহকৈ সি সিদ্ধান্ত এটা লৈ পেলালে। 

মাক জীয়াই থকাৰ সময়চোৱাৰ দৰেই নিজকে সম্পূৰ্ণ আৰু পৰিপূৰ্ণ কৰি তুলিবলৈকে তাৰ জীৱনৰ শূন্যতাখিনি সি খেদিব লাগিব। মাকৰ নতুন চেহেৰা এটাৰে মাক গুচি যোৱাৰ পাচৰ বাঢ়ি অহা শূন্যতাখিনি সি পূৰাই পেলাব লাগিব। তাৰবাবে সি সেই ধুনীয়া মাতটো বিচাৰি আশ্ৰমলৈ যাব লাগিব। কাৰণ সেই ধুনীয়া মাতটোৰ অবিহনে যে সি তাৰ সেই শূন্যতা কাহিনীও পূৰাব নোৱাৰে। 

বহুত দিনৰ মূৰত তাৰ মনটো ভাল লাগিল। আকৌ সেই মিঠা মাতটো একেবাৰে কাষৰ পৰা শুনাৰ আশাৰে, আকৌ এবাৰ কলিজাত সেই ধুনীয়া মাতটোৰ মমতাময় স্পৰ্শ লাভ কৰাৰ হেঁপাহেৰে সি জনা নজনাকৈ গুণগুণাই উঠিল, 

”তুমি ৰ’বে নীৰৱে

হৃদয়ে মম

তুমি ৰ’বে নীৰৱে

নীবিড় নিভৃত পূৰ্ণিমা ….”

                                                                                                                        ×××

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক