মিতালী বৰ্মনৰ অণুগল্প সম্পৰ্কীয় পোষ্ট

মূল পোষ্টটো:
“অণু গল্প”, “ক্ষুদ্ৰ গল্প”, “কণিকা গল্প” নাম যিয়েই নহওক, কথা এটা মন কৰিছোঁ যে কেইগৰাকীমান গল্পকাৰৰ গল্পতহে গল্পৰ বৈশিষ্ট্যবোৰ দেখা যায় আৰু ফলত সেইবোৰ একোটা সম্পূৰ্ণ গল্প হৈ পৰে ৷ কিছু সংখ্যক “অণু গল্প”/ “ক্ষুদ্ৰ গল্প”/ “কণিকা গল্প”ৰ গোটেই গল্পটো এটা ভাল ছুটি গল্পৰ আৰম্ভণিৰ কেইটামান শাৰীহে হ’ব পাৰে, কিন্তু সি এটা স্বয়ংসম্পূৰ্ণ গল্প হ’ব নোৱাৰে ৷ সেই বিশেষ গল্পবোৰত ক’ৰাবাত যেন কিবা এটা নাই! গতিকে গল্পকাৰসকললৈ এয়াই অনুৰোধ যে দৈৰ্ঘ্যৰ মাপ-কাঠিৰে জুখি এটা অসম্পূৰ্ণ অণু গল্প লিখি আৰু এটা সম্পূৰ্ণ গল্প লিখাৰ পৰা বিৰত নাথাকি আমাৰ মনলৈ অহা সেই “ক’ৰাবাত যেন কিবা এটা নাই!” ধাৰণাটো সলনি কৰি পেলাওক!

মন্তব্যসমূহ:
প্ৰতিম প্ৰতাপ বৰুৱা: গল্পৰ বৈশিষ্ট্যবোৰৰ বিষয়ে কিছু তাত্বিক কথা জানিবলৈ মন আছে।
লোচন জুমন বৰদলৈ: লাইক
ভগৎ লাল দত্ত: বিভিন্ন পৰীক্ষামূলক গল্প(এক মিনিটৰ গল্প, আধা মিনিটৰ গল্প, অণুগল্প আদি) লিখনৰ অভ্যাস এই গোটত বৰ্তমান দেখা গৈছে ৷ অসমীয়া গল্প সাহিত্যত এটা নতুন দিশৰ আমদানি নিশ্চয় আদৰণীয় ৷ কিন্তু এটা উৎকৃষ্ট গল্প হ’বলৈ তাত পাঁচটা উপাদান থকা উচিত ৷ সেইবোৰ হ’ল:
১/ কাহিনী
২/ চৰিত্ৰ
৩/ সংলাপ বা কথোপকথন
৪/ পৰিবেশ
৫/ গল্পকাৰৰ জীৱন-দৰ্শন

নিতৌ ন ন পৰীক্ষা চলি থকা সাহিত্যৰ অন্যতম বিভাগ গল্প লিখনৰ ক্ষেত্ৰত এই দিশটোলৈ মন কৰিলে গল্পকাৰসকল নিশ্চয় উপকৃত হ’ব ৷
(উক্ত কমেন্টটো মিতালী বৰ্মনৰ এটা পোষ্টৰ লিংকৰ জৰিয়তে দিয়া হৈছিল।)

দেৱব্ৰত বৰা: অকবৰ পৃষ্ঠা অথবা সাহিত্য ডট অৰ্গত প্ৰকাশিত এনে গল্প সমূহৰ কোনো‌ৱে যদি এক সমালোচনা আগবঢ়ায়, তেনে খুব ভাল হ’ব।

মৃণাল কুমাৰ বৰা: কেইবাটাও এনেকুৱা সৰু-সুৰা গল্প লিখিলোঁ। মাজতে মোক এজনে কৈছিল “শব্দ আৰু ভাষাৰ প্রয়োগত কৃপণালি। এয়া এক অদৰকাৰী কাৰবাৰ। এনেকুৱা লিখাই এদিন ভাষাটো ধ্বংস কৰিব।” তাৰ পাছতো ৰাইজৰ উৎসাহত লিখি গ’লোঁ। গল্পৰ থাকিবলগীয় বৈশিষ্ট্য বা উপাদানকেইটা দেখি গম পালোঁ মোৰকেইটা এটাও গল্পৰ শাৰীত নপৰে। এটাতো সংলাপ নাই মোৰ লিখনিকেইটাৰ। আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ। আৰু দেৱব্ৰত বৰা ডাঙৰীয়াই কোৱাৰ দৰে কোনোবাই এই গল্পসমূহৰ ওপৰত সমালোচনামূলক মন্তব্য তথা উপদেশ আগবঢ়ালে সকলো উপকৃত হ’ব।

শান্তিছায়া শইকীয়া:  আপোনালোকৰ বক্তব্য শুনি একাষাৰ কোৱাৰ লোভ সামৰিব নোৱাৰিলো। গল্পৰ আংগিকৰ দিশত কিছু অধ্যয়ন আৰু অধ্যাপনা কৰাৰ বাবেই দুই এটা কথা সংযোগ কৰিব বিচাৰিছো
ক) গল্পত এটা কেন্দ্ৰীয় ভাব সম্বলিত কাহিনী থাকে
খ) কাহিনীক আগবঢ়াই নিবৰ বাবে চৰিত্ৰ থাকে
গ) চৰিত্ৰসমূহ ৰ কাৰ্যক বৰ্ণনা বা সংলাপেৰে প্ৰকাশ কৰিব লাগে ।সেইবুলি অপ্ৰয়োজনীয়ভাৱে চৰিত্ৰ চিত্ৰণ কৰিব নালাগে।সংলাপো অপৰিহাৰ্য নহয়
ঘ) ঘটনাৰ ঐক্য ,সময় আৰু স্থানৰ ঐক্য থকাটো বাঞ্ছনীয়।
ঙ) উত্কণ্ঠা নিশ্চিতভাৱেই থাকিব লাগে কিয়নো পঢ়ুৱৈৰ মনত কি ঘটিব কি ঘটিব এই ভাবে ক্ৰিয়া কৰিলেহে গল্পটো বেচি ৰসগ্ৰাহী হয় ।
চ) বহুবল্কিতা গল্পৰ দোষহে। ইংগিতধমিৰ্তাহে গল্পৰ বাবে গ্ৰহণযোগ্য। কোঠা এটাৰ ভিতৰফালটো চাবৰ বাবে যিদৰে এখন খিৰিকিয়েই যথেষ্ট আটাইবোৰ দুৱাৰ -খিৰিকি খুলি লোৱাৰ প্ৰয়োজন নাথাকেএকেদৰে এটা ঘটনাৰ বিন্যাসো ইংগিতপূৰ্ণভাবেকলেই বুজিব পাৰি।
ছ)পৰিণতি অভিনৱ হলে পাঠকে ৰৈ ৰৈ ভাবিবলৈ বা উপলব্ধি কৰিবলৈ খোৰাক পাব। জ)নামকৰণো অৰ্থবহ হ’ব লাগে। সাধুকথাকোৱাৰ দৰে এফালৰ পৰা আৰম্ভ নকৰি যিকোনো অংশৰ পৰাও আৰম্ভ কৰিব পাৰি। উপস্থাপন ৰীতি অৱশ্যেই লেখকৰ নিজস্ব কৌশল আৰু বুদ্ধিমত্তাৰ ভিত্তিত নিৰ্ভৰ কৰিব। অৱশ্যে সাহিত্য মনৰ ,সমাজৰ দাপোন। সেয়ে সাধকৰ অচিৰ্তা ফালি ওলাই অহা আবেগ অনুভূতি প্ৰকাশৰ ক্ষেত্ৰত নীতি নিৱদ্ধ সততে মানি চলাটো সম্ভৱ নহয়। ময়ো বহু কথা নাজানো তথাপি যি কেইটা জানো বা গল্প লিখোতে প্ৰয়োগ কৰো তাকে আপোনালোকৰ লগত আলোচ্য বিষয় কৰিলো।

সিদ্ধাৰ্থ শৰ্মা: মই অকবৰ মজিয়াত ১৬ টা অনুগল্প লিখিছিলো। ইয়াৰ বাবে মোক বিশেষভাৱে অনুপ্ৰাণিত কৰিছিল ৰণজিত বৰাদেৱে। তেখেতৰ পৰামর্শ অনুসৰি অনুগল্পৰ ওপৰত অধ্যয়ণ কৰোতে গম পালো অসমীয়াত অনুগল্পৰ সংখ্যা নিচেই তাকৰ। মই বিশেষভাৱে জানিবলৈ আগ্ৰহী । মোৰ সংগ্ৰহত অসমীয়া অনুগল্পৰ ওপৰত এখনেই কিতাপেই আছে ৰক্তাভ জ্যোতি বৰুৱাৰ সহস্ৰ মিনিটৰ গল্প। অনুগল্প এটি শৈলী । অ’নীল ছাদাত মান্টো প্ৰেমছান্দ মুন্সী ইত্যাদিৰ গল্পসমূহ চুটী আছিল। তাৰেই আলম লৈ এটি প্ৰয়াস কৰিছিলো। কোনোবাই সমালোচনা কৰি শুধৰাই দিলে ভাল পাম। খবৰ আলোচনীত দিবলৈ ভয় লাগে। কিজানি ভূল হৈছে। হাইকু লিমাৰিক টংকা ৰ ক্ষেত্ৰটো একে অৱস্থা। বাট দেখুওৱা মানুহৰ অভাৱ। জনাসকলো নীৰৱে থাকে। শিকিবৰ আগ্ৰহ আছে। এটি সমালোচনা মূলক আলোচনাৰ প্ৰয়োজন আছে।

উৎপল জোনাক হাজৰিকা:  “অণু গল্প”, “ক্ষুদ্ৰ গল্প”, “কণিকা গল্প” নাম যিয়েই নহওক, এনে গল্পৰ বৈশিষ্ট্যবোৰৰ বিষয়ে বিতংকৈ জানিব বিচাৰো।

মনোৰঞ্জন মজুমদাৰ: সেয়াই, যদিহে গল্প লিখিম বুলি ঠিৰাং কৰিছে তেন্তে পোনপ্ৰথমে লিখকসকলৰ গল্পশৈলী অধ্যয়ন কৰক৷ অভ্যাস কৰক৷ শব্দৰ অতিমাত্ৰা কৃপণালীয়ে পাঠকক গল্পটোৰ অৰ্থ অনুধাৱন কৰাৰ পৰা বিৰত কৰাৰ উপৰিও বিৰক্তহে কৰিব৷ শব্দৰ কৃপণালী সম্ভৱ যদিহে চাৰি শাৰীৰ গল্পটো পঢ়ি মানুহে স্বস্তি অনুভৱ কৰে বা পাঠকক ভাবিবলৈ বাধ্য কৰে৷ ‘অকব’ৰ বহু কেইটা অণুগল্প(?) পঢ়িলোঁ৷ মিছা নকওঁ, কেইটামান গল্প পঢ়ি মোৰ কথা-কবিতা পঢ়াৰ নিচিনাহে লাগিল৷ কিছুমানৰ অৰ্থ মোৰ মূৰৰ ওপৰেৰে গ’ল৷ নিঃসন্দেহে ইয়াত সকলোৱে প্ৰতিষ্ঠিত গল্পকাৰৰ নিচিনা গল্প লিখিবলৈ সক্ষম নহ’লেও চেষ্টা কৰিছে ৷ সেই পদক্ষেপ আদৰণীয়৷ কিন্তু অধ্যয়ন নকৰাকৈ গল্প/ গদ্য লিখিবলৈ চেষ্টা কৰাটো জটিল কাম৷ নহ’লে সেয়া সাহিত্যৰ শাৰীত নপৰি পঢ়ন বৰ্জিত সামগ্ৰীত হে পৰিণত হোৱাটো ধুৰূপ৷

উৎপল জোনাক হাজৰিকা: কথাখিনি স্পষ্ট নহল নে মইহে বুজিব পৰা নাই ধৰিব নোৱাৰিলো

সিদ্ধাৰ্থ শৰ্মা: গল্পবোৰৰ তলত সমালোচনামূলক মন্তব্য পোৱা হলে যথেষ্ট উপকৃত হলোহেতেন।
মনোৰঞ্জন মজুমদাৰ ঠিকেই, গল্পকেইটাৰ তলত সমালোচনামূলক মন্তব্যৰ অভাৱ ৷ কাৰণটো সেইটোৱেই৷ যদিহে পাঠকে গল্পটো বুজিয়েই পোৱা নাই মন্তব্য দিব কেনেকৈ?? গল্পকাৰ সকলে পোনপ্ৰথমে নিজে কি ক’বলৈ খুজিছে সেয়া দৰকাৰ হ’লে অলপ দীঘলীয়াকৈ প্ৰকাশ কৰক৷ গল্পটো লিখি উঠাৰ পিছত নিজে পাঠকৰ দৃষ্টিৰে পঢ়ি চাওক৷ পাঠকে কোনখিনিত খোকোজা পাব পাৰে, সেয়া অনুধাৱন কৰক৷ যেতিয়া আপুনি এই ক্ষেত্ৰত সফল হ’ব, তাৰ পিছত লিখনশৈলীত সম্পৰীক্ষা আৰম্ভ কৰক৷

অঞ্জল বৰা: ক’ৰবাত পঢ়িছিলোঁ৷ আটাইতকৈ চুটি গল্প৷
………………
এবাৰ এজন মানুহে আন এজন মানুহক সুধিলে-
: আপুনি ভুত বিশ্বাস কৰেনে?
আনজন মানুহে উত্তৰ দিলে-
: নাই নকৰোঁ৷
লগে লগে প্ৰথম মানুহজন অদৃশ্য হৈ গ’ল৷
…………….
ওপৰৰ কথাখিনি গল্প হ্য়নে? অৱশ্যে দেখা যায় তাত গল্প এটা থাকিব লগা বহু কেইটা দিশ আছে৷ গল্প এটা কিমান দীঘল হ’ব তাৰ কোনো নিৰ্দিষ্ট শব্দৰ সংখ্যা নাই৷ কবিতা, গল্প এইবোৰৰ বহুত সংজ্ঞা আছে যদিও কোনো লেখকেই সংজ্ঞাৰে ইয়াক বান্ধিব নোৱাৰে৷ ভাল সমালোচকসকলে বাট দেখুৱাই দিব পাৰে৷ কিন্তু তাতকৈ “কি লিখিছোঁ, কি লিখিম” সেইটো লেখক এজনে নিজেই নিৰ্ধাৰণ কৰিব লাগিব৷ দ্বিতীয়তে নিজেই নিজৰ পাঠক হ’ব লাগে৷ মই কিবা এটা লিখিলে দুবাৰ লেখক হিচাপে আৰু তিনিবাৰ পাঠকৰ দৃষ্টিৰে পঢ়ি চাওঁ৷ যিসকলে সৰু সৰু গল্প লিখাৰ প্ৰয়াস কৰিছে তেওঁলোকেও তেনে কৰিব পাৰে৷ আনহাতে বিদেশী সাহিত্যত যদি তেনে গল্প আছে তেওঁ তাক ভাল দৰে পঢ়ি তাৰ শৈলীটো আয়ত্ব কৰিব পাৰে৷ আটাইতকৈ ডাঙৰ কথা “ক’ৰাবাত যেন কিবা এটা নাই!” এই ধাৰণাটো নিজেই পাঠকৰ দৃষ্টিৰে প্ৰথমতে আঁতৰাবলৈ চেষ্টা কৰিব লাগিব৷ কিন্তু কমেও আমি এটা নিৰ্দিষ্ট শব্দৰ সংখ্যা মানি চলা উচিত৷

সিদ্ধাৰ্থ শৰ্মা: [ছাদাট হাছান মাণ্টোৰ এটি অনুবাদ চুটি গল্প ]
পাঠানিস্তান
– এই সোনকালে ক। কোন তই?
– মই, মই…
– এই সোনকালে উত্তৰ দে। হিন্দু নে মুছলমান?
– তোৰ ধর্মগুৰু কোন? তত্ক্ষলণাত্‍ ক।
– মোহাম্মদ খান।
– আচ্ছা তাক যাবলৈ দে।

ছমাৰছেট মমৰ মতে’ short story as a narrative of a single event।
উদাহৰণ এটা দিলো। লেখকসকলৰ ভূল হোৱাটো স্বাভাৱিক। চুটি গল্পৰ কোনো ধৰা বন্ধা নিয়ম নাই বুলি জানো। যদি ভূল হৈছে শিকাই দিব।

নষ্ট নীলা কবি:
সময়

: একদম মোৰ দৰে । কোন তুমি ?
: তোমাৰেই জজা ভাতৃ।চিনিব পৰা নাই ?
: পাৰিছো কিন্তু তুমি যে এতিয়াও ডেকা হৈ আছা ?
: মই মহাকাশত আছিলো । আজি আহি পাইছো ।

মনোৰঞ্জন মজুমদাৰ: আপোনাৰ নিখনীটো পঢ়ি দুটা কথা মনলৈ আহিল৷
১) এইটো এটা সৰলভাৱেই আপকামিং(upcoming) যুগৰ কাহিনী য’ত এনেধৰণৰ বিচিত্ৰ ঘটনা সম্ভৱ
২) দ্বিতীয়তে হয়তো মানুহজনৰ সৰু ভায়েক এজনৰ জন্ম হৈছে৷ সময়ৰ পৰিঘটনাত বা কল্পনাপ্ৰসূতভাৱে কেঁচুৱাটোৰ লগত কথা পাতিছে মানুহজনে৷ (ভূল- ভুল, জজা- যঁজা)

সিদ্ধাৰ্থ শৰ্মা: আইনষ্টাইন থিঅৰি অৱ ৰিলেটিভিটি ৰ কনচেপ্টৰ ওপৰত লিখিছে। খুব ভাল লাগিছে। উপস্থাপন শৈলীটো মাণ্টোৰ চুটি গল্প বা পেনস্কেচ্চৰ দৰেই হৈছে। দুটি যজাঁ শিশুৰ এটি মহাকাশ যায় যত আলোকবর্ষৰ অনুপাতে পৃথিৱীৰ লগত সময়ৰ অন্তৰালত এজন বৃদ্ধ আৰু আনজন ডেকা হৈ ৰয়। চুটিগল্পত মেটা ফিজিক্স বা ছায়ফিক সাহিত্যৰ সুন্দৰ সংমিশ্ৰণ। বানানত চকু দিলে সর্বাংগসুন্দৰ হব। মোৰ ক্ষুদ্ৰ অধ্যয়ণৰ পৰিসৰেৰে কলো।ব্যক্তিগত মাপধাৰাৰে।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
6 years ago

ওপৰোক্ত মন্তব্যসমূহৰ পৰা বহু কথায়ে জানিবলৈ পালোঁ।এটা কথা জানিবলৈ মন যায়, কোনোবাজনৰ মৌলিক কাহিনী এটায়ে যদি পাঠকক কামনাৰ সকলোখিনি দিব পাৰে আনহাতে যদি কাহিনীটো সাহিত্য আৰু সংজ্ঞাৰ ভিতৰুৱা নহয় তেনেস্থলত লেখাটো সাহিত্যৰ বাবে অগ্ৰহণযোগ্য নেকি?

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক