মিতালী বৰ্মনৰ ডায়েৰীৰ পাত লুটিয়াই…‘কামৰূপা’ —- অনুভৱৰ এটি পৃষ্ঠা (২)

 

(২)

“সন্ধ্যা যেতিয়া নামে, জিলমিলাই কাঁচি জোনে

আইলৈ মনত পৰে

পখী যেতিয়া বাহলৈ আহে, অৱসাদে আৱৰি ধৰে

আইলৈ মনত পৰে…”

 

নিৰৱতা ! নিৰৱতা !! নিৰৱতা !!! অসহনীয় এই নিৰৱতা । মোক থৈ দেউতা গ’লগৈ । কি কৰোঁ ! ইমান অকলশৰীয়া নে মই ? হোষ্টেলৰ সকলোৱে মোৰ লগত ইমান সন্মান ৰাখি, ইমান দূৰত্ব বজাই ৰাখি কথা কয় যে মোৰ অসহ্য লাগিল । জীৱনত কাহানিও হোষ্টেলত থাকি নোপোৱা ছোৱালীজনী আজি হোষ্টেলৰ আৱাসী, কিন্তু তাকো আকৌ ছাত্রী হিচাপেও নহয় । সেইবাবেই হয়তো এই দূৰত্ব । ডিপার্টমেণ্টত থকা সময়খিনি ভালদৰে যায়, কিন্তু হোষ্টেল আহি পোৱাৰ লগে লগে এই নিৰৱতাৰ পোকটোৱে মোক কুটি কুটি খাবলৈ ধৰে । চেৰেং চেৰেংকৈ মনত পৰিছিল মৰমৰ ঠাইখন, চেনেহৰ উমাল কোলা আৰু পল অনুপলকৈ গঢ় লোৱা এটি-দুটি সহস্রটি হৃদয়ৰ বান্ধোন ।

 

লাহে লাহে সকলোৰে লগত চিনাকি হ’লোঁ । নয়নী, নিতাশা, কাকলি, চুইমি, আইভিহঁতৰ লগত গঢ়ি উঠিল অন্তৰংগতা । গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে কোনোৱে কোৱা শুনিছিলোঁ, এবাৰ হোষ্টেলৰ পৰিৱেশত যিয়ে নিজকে খাপ খুৱাব পাৰিব তেওঁ হেনো জীৱনৰ সকলো পৰিস্থিতিতেই নিজক মিলাব পাৰিব । বিজুমণি বাইদেউৰ মৰম আৰু লোহিত দাহঁতৰ আব্দাৰত চেষ্টাৰ কোনো ত্রুটি নকৰাকৈ পৰিৱেশটোৰ লগত নিজকে লীণ নিয়াবলৈ ধৰিলোঁ । ঘৰত কেতিয়াও বাই-ভনীৰ অভাৱ অনুভৱ হোৱা নাছিল । মায়ে মোক কেতিয়াও সেই অভাৱ অনুভৱ হ’বলৈ দিয়া নাছিল, ভাইদুটাৰে উমলি-জামলি কটোৱা সেই মধুৰ শৈশৱ-কৈশোৰৰ দিনবোৰত…। অথচ আজি যেন মই বহুতো বাই-ভনীৰে ভৰা ঘৰ এখনৰে সদস্যা । অঘোষিতভাৱেই যেন মই আজি বহুতো ছোৱালীৰ ডাঙৰ বায়েকজনীহে । আনকি, হোষ্টেললৈ ৰুহি, নিথি, সুপ্রিয়াহঁতক থবলৈ অভিভাৱকবোৰ আহোতেও যিবোৰ কথা কৈ যায়, যিবোৰ দায়িত্ব দি থৈ যায়, তেতিয়াও অনুভৱ কৰোঁ এখন ঘৰৰ ডাঙৰ বায়েকজনীৰ কর্ত্তব্য আৰু দায়বদ্ধতা ।

 

 

(৩)

 

“মই কোমল পুৱাৰ ৰ’দালি

মই শাৰদী ৰাতিৰ শেৱালি

ৰূপ সাগৰৰ ঢৌ তোলা মই

এই অসম দেশৰে ছোৱালী…”

 

ভাল লগা হৈ আহিল কামৰূপাৰ প্রতিটো চুক-কোণ । দিল্লীৰ দৰে ঠাইত থাকিও ৰাতিপুৱা শুই উঠিয়েই যে নিজৰ মাত-কথা শুনিবলৈ পাওঁ, সেয়াও কম ভাগ্যৰ কথানে ! যিফালেই যাওঁ, সিফালেই ছোৱালীহঁতৰ ৰগৰ, হাঁহি-খিকিন্দালি । কিমানে যে ৱার্ডেনৰ পৰা গালি খোৱা নাই ! তথাপিও !! বিজুমণি বাইদেৱে ব্যক্তিগতভাৱে হোষ্টেল চলাই আছে যদিও, তেওঁ সকলোৰে খা-খবৰ ৰাখে । অকলে হোষ্টেল চলাব লগা হৈছে বাবে তেওঁৰ মাজে-সময়ে অসুবিধাও নোহোৱা নহয় । কিন্তু সকলোৱে হাত উজান দি সকলোবোৰ সমাধানৰ বাট উলিয়াই লওঁ । ভাল লাগে বিজুমণি বাইদেউৰ মানসিকতা । ছোৱালীহঁতে নিজকে যিমানেই চালাক বুলি নাভাৱক কিয়, বাইদেউ হ’ল মুখ মেলিলে গর্ভ দেখা মানুহ । সিহঁতে পাহৰি যায় যে বাইদেৱেও সিহঁতৰ বয়স পাৰ কৰি আহিছে । বাইদেউৰ শাসন মিহলি হৈ থকা মৰমৰ ধমকিবোৰ যে ৰুমে ৰুমে চর্চাৰ বিষয় সেয়াও মই বুজি পাওঁ ।

 

ভাল লাগে যেতিয়া জাকে জাকে ছোৱালীবোৰ কলেজলৈ ওলাই যায় । নিজৰ ভৱিষ্যতৰ সপোন দেখা তেজী ঘোঁৰাত উঠা ছোৱালীবোৰ । ভাল লাগে যেতিয়া দিনটোৰ অৱসাদ-ক্লান্তি গোটাই ঘৰৰ ছোৱালী ঘৰ আহি পায় । ভাগৰত লালকাল দি নিদ্রাত মগন সিহঁতৰ মুখবোৰ যে কিমান সৰল, একোটি নিষ্পাপ শিশুৰ দৰে । এইবোৰ ছোৱালীৰে কিমান যে সমস্যা । ঘৰৰ সমস্যা, পঢ়াৰ সমস্যা আৰু বহুতো… । ইমান সৰু সৰু মগজুবোৰত যে ইমান সমস্যাৰ বোজা ! বুজনি নমনা মন । বেয়া লাগে কেতিয়াবা । সিহঁতক বুজাবলৈ চেষ্টা কৰোঁ, কোনোৱে বুজে, কোনোৱে অকঁৰা মৈত উঠে । অথচ ইমান সৰু সৰু ছোৱালীবোৰৰ কি যে সুনিপুন অভিনয়… আৰু মুখাৰ আঁৰৰ সিহঁতৰ কোমল হৃদয় ! নিজৰ নিজৰ পৃথিৱীত অবাধে বিচৰণ কৰি ফুৰা সিহঁতৰ অবাধ্য মন…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক