মিনতি চৌধুৰীৰ সৃষ্টি আৰু জীৱনঃ এক অভিক্ষেপ- ড০ অজন্তা দাস

সাধুকথাৰ বুকুতেই অংকুৰিত হোৱা বুলি ধাৰণা কৰা চুটিগল্পৰ ইতিহাসে আমেৰিকাত জন্মগ্ৰহণ কৰি ৰাছিয়া, ফ্ৰান্স আৰু জাৰ্মানীত লালিত পালিত হৈ বিশ্বৰ সকলো ভাষাতেই সমভাৱে প্ৰসিদ্ধি লাভ কৰিছে। অসমীয়া সাহিত্যতো এক স্বতন্ত্ৰ ৰূপ ধাৰণ কৰি চুটি গল্পই বিংশ শতিকাৰ প্ৰথমাৰ্দ্ধৰ পৰা বিকশিত হৈ সাম্প্ৰতিক যুগলৈকে ইয়াৰ ৰূপবৈচিত্ৰ্যৰে ঋদ্ধি লাভ কৰিছে। অসমীয়া গল্পৰ বাটকটীয়া স্বৰূপ লক্ষ্মীনাথ বেজবৰুৱাৰ দিনৰে পৰা অৰ্থাৎ জোনাকী যুগৰে পৰা বৰ্তমানলৈ অসমীয়া চুটি গল্পৰ ধাৰাটোৱে ক্ৰমাৎ জোনাকী, বাঁহী, আৱাহন, ৰামধেনুৰ দৰে কেইবাটাও সাহিত্যৰ বিশিষ্ট যুগ অতিক্ৰম কৰি সাম্প্ৰতিক বা আধুনিক যুগৰ গল্প সাহিত্যত প্ৰৱেশ কৰি শাখা-প্ৰশাখা মেলি বিস্তাৰিত ৰূপত সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় শাখা হিচাপে স্বীকৃত হৈছে। অসমীয়া চুটি গল্পৰ এই দীঘলীয়া পৰিক্ৰমাত ভালেমান বিশিষ্ট গল্পকাৰে তেওঁলোকৰ মননশীল ভাৱধাৰা আৰু লেখাৰ সহায়ত অসমৰ চুটিগল্পৰ ধাৰাটোত প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে সমৃদ্ধি প্ৰদান কৰিছে। 

চুটি গল্পৰ লিখকসকলৰ অভ্যন্তৰীণh, চিন্তাশীল মানসিকতাত সমাজ-জীৱনৰ হাঁহি -কান্দোন, সুখ-দুখ, সন্মান-ঘৃণা, সমস্যা-সম্পূৰ্ণতা, শ্লেষ আদি বিভিন্ন ঘটনাৱলী কেতিয়াবা সাৱলীল ৰূপত আৰু কেতিয়াবা ইংগিত ধৰ্মিতাৰে প্ৰকাশ পায়। যুদ্ধোত্তৰ যুগৰ, বিশেষকৈ ৰামধেনু যুগৰ পিছত অসমীয়া চুটি গল্পসমূহে প্ৰধানকৈ বাস্তৱ সমস্যা, মনস্তাত্বিক বিশ্লেষণ, সামাজিক চেতনাসম্ভূত আদৰ্শ, সামাজিক দায়বদ্ধতা আৰু ভাষাৰ ব্যঞ্জন ধৰ্মিতা আদিৰে বৰ্ণিল হৈ বিকশিত ৰূপত অসমীয়া সাহিত্যৰ সাম্প্ৰতিক কালৰ ইতিহাসক বৈচিত্ৰ্য আৰু সমৃদ্ধি প্ৰদান কৰিছে। জোনাকী যুগত প্ৰধানকৈ কাৰুণ্য আৰু হাস্যৰস, আৱাহনযুগত ৰমন্যাসিক চিন্তাধাৰাই প্ৰভাৱ পেলোৱাৰ দৰে সাম্প্ৰতিক যুগত বাস্তৱবাদ, অধিবাস্তৱবাদ, প্ৰখৰ সামাজিক চেতনাবোধ আদিয়ে অসমীয়া চুটিগল্পত প্ৰাধান্য লাভ কৰা দেখা যায়।  চুটি গল্পসমূহৰ ভিতৰত ভাৱবস্তু আৰু ৰূপবস্তুৰ বিশিষ্টতাৰে প্ৰভাৱ বিস্তাৰ কৰা সাম্প্ৰতিক যুগৰ গল্পকাৰসকলৰ ভিতৰত অন্যতম সফল গল্পকাৰ হৈছে মিনতি চৌধুৰী। মিনতি চৌধুৰীৰ গল্পৰ বিষয়ে আলোচনা কৰাৰ আগতে তেওঁৰ সাহিত্যিক জীৱনৰ যাত্ৰাত এভূমুকি মৰাটো নিতান্তই প্ৰয়োজনীয়। 

১৯৫১চনত মংগলদৈৰ এটি সম্ভ্ৰান্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা মিনতি চৌধুৰীয়ে পিতৃৰ প্ৰেৰণাৰে মাথোঁ দ্বিতীয়মান শ্ৰেণীত পঢ়ি থাকোঁতেই কাব্য চৰ্চাৰে সাহিত্যিক জীৱনৰ পাতনি মেলে। তেতিয়াৰ জনপ্ৰিয় কাকত ‘নতুন অসমীয়া’, ‘অসম বাতৰি’ আদিৰ শিশু সাহিত্যৰ শিতানত কণমাণি মিনতি চৌধুৰীৰ কবিতাই স্থান পোৱাৰ লগতে উচ্চ প্ৰশংসিত হয়। কিন্তু সপ্তমমান শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ পিছত মিনতি চৌধুৰীৰ চিন্তা-চেতনা চুটিগল্পৰ বৈশিষ্ট্যৰ দ্বাৰা প্ৰভাৱিত হয়। ফলত সেই বয়সতেই শ্ৰীমতী চৌধুৰীয়ে উচ্চ মানবিশিষ্ট এলানি গল্প ৰচনা কৰে আৰু সেইসময়ৰ আগশাৰীৰ আলোচনী ‘মণিকূট’, ‘মন্দাকিনী’ আদিত সেই গল্পসমূহে স্থান পায়। উল্লেখনীয় যে ড০ ভূপেন হাজৰিকাৰ উদগণিত লিখা ‘ছন্দ মিলিল’ শীৰ্ষক গল্পটি তেতিয়াৰ পাঠকৰ হিয়াৰ আমঠু স্বৰূপ আলোচনী ‘আমাৰপ্ৰতিনিধি’ত প্ৰকাশ পোৱাৰ জৰিয়তে সাম্প্ৰতিক কালৰ বিশিষ্ট গল্প লেখকৰ তালিকাত মিনতি চৌধুৰীৰ নামটোও সন্নিবিষ্ট হৈ পৰে। 

প্ৰায় পাঁচটি দশক জুৰি সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত মিনতি চৌধুৰীয়ে লিখি অহা তথা বিভিন্ন আগশাৰীৰ কাকত আলোচনীত প্ৰকাশ পোৱা লেখা সমূহ পিছলৈ গ্ৰন্থৰ আকাৰত প্ৰকাশ পায়। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহ হ’ল- 

১) তেজৰ তলৰ বাঁহী [উপন্যাস]– গুৱাহাটী, পূৰ্বাঞ্চল প্ৰকাশ, ১৯৮৩

২) সেউজীয়া সপোনৰ থোক [কবিতা সংকলন]– গুৱাহাটী, পূৰ্বাঞ্চল প্ৰকাশ, ১৯৮৫

৩) সাৰ পোৱাৰ পিছত [গল্প সংকলন] – গুৱাহাটী লয়াৰ্চ বুক ষ্টল, ১৯৮৬

৪) মৃত্যু জিনি [গল্প সংকলন] – গুৱাহাটী, পৰাগ প্ৰকাশ, ১৯৯০ চন

৫) এন্ধাৰৰ সৈতে এনিশা [গল্প সংকলন] – শিৱসাগৰ, ১৯৯৩

৬) বাঁহীৰ মাত [গল্প সংকলন] – শিৱসাগৰ, ২০০ঙ্ম 

৭) সাৰ পোৱাৰ পিছত আৰু অন্যান্য [নিৰ্বাচিত গল্প সংকলন] – গুৱাহাটী, পূৰ্বাঞ্চল প্ৰকাশ, ২০১৫ 

ইতিমধ্যেই শ্ৰীমতী মিনতি চৌধুৰীয়ে সাহিত্য অকাডেমীৰ আমন্ত্ৰণ ক্ৰমে কেইবাবাৰো ভাৰতৰ বিভিন্ন ঠাইত আয়োজিত সাহিত্যোৎসৱত গল্প পাঠেৰে অংশগ্ৰহণ কৰি ভূয়সী প্ৰশংসা লাভ কৰিছে। সেয়েহে প্ৰধানকৈ সত্তৰ-আশীৰ দশকত বিভিন্ন পত্ৰিকাৰ মাজেদি সুপ্ৰতিষ্ঠিত হোৱা মিনতি চৌধুৰীৰ গল্পসমূহ অসমীয়া সাহিত্যত বিশিষ্ট সংযোজন। মিনতি চৌধুৰীৰ গল্পত গল্পকাৰে সমকালৰ জীৱনক জিলিকাই তুলি সমাজ জীৱনৰ সমকালীন চিন্তাৰে পুষ্ট হৈ জীৱনক গভীৰ দৃষ্টি ভংগীৰে চোৱাৰ অনুভৱ প্ৰকাশ পাইছে। গল্পসমূহৰ পঠনৰ পৰা মিনতি চৌধুৰীৰ নিটোল কাহিনী-কথনৰ বৈশিষ্ট্যই অনায়াসে পাঠকক মুগ্দ্ধ কৰে। এবাৰ আৰম্ভ কৰিলে গল্পসমূহ শেষ নকৰাকৈ বিৰতি লোৱাটো কঠিন হৈ পৰে। তীক্ষ্ণ সমাজ চেতনাৰ উপৰিও মানৱীয় প্ৰমূল্যৰ সন্ধান, নষ্টালজিক অনুভূতি, ঐতিহ্যৰ চেতনা, আওপুৰণি চিন্তাধাৰাৰ প্ৰতি প্ৰতিবাদ, আধুনিকতাৰ আড়ম্বৰৰ সিপাৰে থকা মূল্যবোধৰ দৈন্যৰ প্ৰকাশে শ্ৰীমতী চৌধুৰীৰ গল্পসমূহ অধিক সংবেদনশীল কৰি তোলা দেখা যায়। গল্পৰ ভাৱবস্তুৰ মন্থন আৰু ৰূপবস্তুৰ প্ৰক্ষেপৰ সময়ত শ্ৰীমতী চৌধুৰীৰ অধিক সংখ্যক গল্পত এক বিষাদবোধে ক্ৰিয়া কৰা যেন অনুভৱ হয়। 

মিনতি চৌধুৰীৰ গল্প পঢ়িলে এনে লাগে যেন জীৱন আৰু জগতৰ ক্ৰমক্ষয়িষ্ণু মূল্যবোধে লেখিকাক ভাৰাক্ৰান্ত কৰি তুলিছে, যি তেওঁৰ ভালেমান গল্পত এক কাৰুণ্য বোধৰ সৃষ্টি কৰিছে। ‘সাৰপোৱাৰ পিছত’ গল্পৰ মূল চৰিত্ৰ হলধৰৰ আঘোণীবাইৰ কথা শুনি তাৰ অন্নদাতাৰ বিৰূদ্ধে জাগ্ৰত হোৱা প্ৰতিবাদী চেতনাৰ আঁৰত থকা মাতৃক হেৰুৱাৰ দুখ, ‘বাঁহীৰ মাত’ শীৰ্ষক গল্পত দুৰ্নীতিপৰায়ণ স্বামীৰ পৰা মানসিক ভাৱে ক্ৰমাৎ আঁতৰি আহি এক সমান্তৰাল জীৱন অতিবাহিত কৰাৰ লগতে জীৱনৰ হেৰোৱা আঁত বিচাৰি ফুৰা মূল নাৰী চৰিত্ৰ কুন্তলাৰ ব্যথা, ‘নৰকত এসন্ধ্যা’ শীৰ্ষক গল্পৰ মূল চৰিত্ৰ জয়ন্তৰ বেদনা আৰু মৃত্যুৰ শীতল কোলাত ঢলি পৰা ইন্দ্ৰানীলৈকে সকলোকে এক বিষাদবোধে একাকাৰ কৰি তোলা যেন অনুভৱ হয়। আৰু এনে মুহূৰ্ততেই পাঠকসকলো যেন কাহিনীৰ লগত সহমৰ্মী হৈ পৰে আৰু এক কাৰুণ্যই তেওঁলোকৰ হৃদয়ত গভীৰ ৰেখাপাত কৰিবলৈ সক্ষম হয়। কোনো এক অসতৰ্ক মুহূৰ্ততত গল্প এটি পঠনৰ মধ্যস্থলত পাঠকৰ মনত হয়তো আশাহত পৰিস্থিতি এটাই ক্ৰিয়া কৰাৰ সম্ভাৱনা থাকে যদিও গল্পটো সম্পূৰ্ণ কৰাৰ পিছত কিন্তু সদায় এক উজ্জ্বল ভৱিষ্যতৰ আশাৰ ৰেঙনিয়ে পাঠকক সন্মোহিত কৰি তোলে। 

নাৰীবাদী লেখিকা নহয় যদিও মিনতি চৌধুৰীৰ ভালেমান গল্পৰ কেন্দ্ৰীয় চৰিত্ৰসমূহ নাৰী চৰিত্ৰৰ দ্বাৰা ৰঞ্জিত হোৱা দেখা যায়। এনে গল্পমূহ নাৰীৰ মগ্ন চেতনাৰে উজ্জ্বল। শ্ৰীমতী চৌধুৰীৰ দ্বাৰা সৃষ্ট গল্পসমূহৰ নাৰীক গল্পকাৰে নাৰীবাদী দৃষ্টিৰ সলনি পুৰুষ-নাৰীৰ পৰস্পৰৰ মাজত থকা সম্পৰ্কক মানৱীয় দৃষ্টিৰে নিৰীক্ষণ কৰি অতি সন্তৰ্পণে গল্পৰ মাজত প্ৰক্ষেপ কৰিছে। শ্ৰীমতী চৌধুৰীয়ে কাহিনী কথনত পৰীক্ষা-নিৰীক্ষা পৰিহাৰ কৰি সহজ ঘৰুৱা তথা সাধাৰণ পাঠকৰ বাবে সহজ বোধগম্য কাহিনীকথন শৈলীৰে পাঠকৰ নিচেই কাষ চাপি গৈছে। এই খিনিতে যশস্বী জীৱনীবাদী লেখক আৰু সমালোচক প্ৰহ্লাদ কুমাৰ বৰুৱাই ‘অসমীয়া চুটি গল্পৰ অধ্যয়ন’ শীৰ্ষক গ্ৰন্থত মিনতি চৌধুৰীৰ গল্প সম্পৰ্কে আগবঢ়োৱা মতামত অৱশ্যেই প্ৰণিধান যোগ্য–

‘মিনতি চৌধুৰীয়ে ইতিমধ্যে অসমীয়া চুটিগল্পত নিজৰ আসন এখন প্ৰতিষ্ঠা কৰি লৈছে। সমকালৰ চেতনাৰে সমকালৰ সমাজ জীৱনক নিৰীক্ষণ কৰি লেখা 

বহুকেইটা গল্পই মিনতি চৌধুৰীৰ সৃষ্টিশীল প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে।’ 

এনে সাৰ্থক গল্পৰ ভিতৰত ‘আঁঠুৱা’ [প্ৰকাশ, গল্প সংখ্যা, ১৯৮৩ চন] আৰু ‘সাৰ পোৱাৰ পিছত’ [ লেখিকাৰ গল্প] নামৰ গল্প দুটা উল্লেখযোগ্য আৰু দুয়োটা গল্পই লেখিকাৰ সৃষ্টিশীল প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছে। মিনতি চৌধুৰীয়ে সমকালীন জীৱনৰ পুতিদুৰ্গন্ধময় দিশবোৰত আলোকপাত কৰি তাৰ মাজতে জীৱনৰ কদৰ্য্যৰূপ আৰু সৌন্দৰ্য–এই দুয়োটাকে আবিষ্কাৰ কৰিছে ‘সাৰ

পোৱাৰ পিছত’ গল্পত। গল্পটোত চৰিত্ৰবোৰ অতি জীৱন্ত হৈ উঠিছে আৰু প্ৰতিটো চৰিত্ৰই শ্ৰেণী চৰিত্ৰ প্ৰতিনিধিত্ব কৰিছে। সেইদৰে ‘আঁঠুৱা’ গল্পত সমকালীন 

সমাজব্যৱস্থাক সমাজতাত্ত্বিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰি যি সিদ্ধান্তমুখী বক্তব্য দাঙি ধৰিছে সেয়া প্ৰশংসনীয়। গল্পটোত আঁঠুৱাৰ ভিতৰত মহ সোমোৱা আৰু 

আঁঠুৱাৰ প্ৰয়োজনীয়তাৰ বিশ্লেষণটো প্ৰতীকী ব্যঞ্জনাৰূপে দেখুৱাত গল্পটো যিদৰে অৰ্থময়তাৰে সমৃদ্ধ হৈছে, সেইদৰে সুখপাঠ্যও হৈ উঠিছে। মিনতি চৌধুৰীৰ গল্পৰ 

কথনভংগী, ভাষা আৰু ভাৱবস্তুৰ ঐক্যয়ো পাঠকক আমোদ দিয়ে। 

আকাশবাণী আৰু দূৰদৰ্শনত দীৰ্ঘকাল ধৰি চাকৰিজীৱন অতিবাহিত কৰা মিনতি চৌধুৰীৰ ভালেমান গল্প তেওঁৰ কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনৰ প্ৰত্যক্ষ অভিজ্ঞতাক ভিত্তি কৰি লিখা বাবে তেনে গল্পসমূহ অধিক জীৱন্ত, অধিক প্ৰাঞ্জল। তাৰে কিছুসংখ্যক গল্পৰ মূল কাঠামো যে মিনতি চৌধুৰীৰ কৰ্ম জীৱনৰ সৰু সৰু অভিজ্ঞতাক ভিত্তি কৰি সৃষ্ট তাক প্ৰত্যক্ষৰূপত প্ৰকাশ পাইছে। উদাহৰণ স্বৰূপে ‘সিহঁত আছে’, ‘ বহুৱাই নাহাঁহিলে’, ‘এন্ধাৰতো পোহৰতো’ আদি গল্পৰ নাম উল্লেখ কৰিব পাৰি। তাৰে ভিতৰত ‘সিহঁত আছে ‘ গল্পটোৰ মসৃণ কাহিনীৰ গতি, দৃশ্যায়ন ধৰ্মী উৎকণ্ঠাপূৰ্ণ কাহিনীৰ উপস্থাপনে গল্পটো অধিক সুন্দৰ কৰি তুলিছে। তথ্যচিত্ৰ এখনৰ দৃশ্যগ্ৰহণৰ বাবে গৈ ওভতনি পথত গাড়ীৰ কাৰিকৰী বিজুতিৰ বাবে জয়াল ঠাই এটুকুৰাত নিশাটো সপিবলগীয়া হোৱাত লেখিকাৰ ভয়াৰ্ত অভিজ্ঞতা আৰু স্থানীয় যুৱক কেইজনমানৰ পৰা অভাৱনীয় ভাৱে পোৱা সুৰক্ষাৰ আশ্বাসে গল্পটোৰ কাহিনীভাগক নিটোল গাঁথনিৰ উপৰি মানৱীয় আবেদনপুষ্ট কৰি তুলিছে। 

তেনেকৈ মিনতি চৌধুৰীৰ মধুৰ সান্নিধ্যলৈ অহা যি কোনো এগৰাকী ব্যক্তিয়েই অনায়াসে কৈ দিব পাৰিব যে ‘এন্ধাৰৰ সৈতে এনিশা’, ‘নেলাগে তাই ডাঙৰ হ’ব’, ‘মুক্তিৰ বাবে ‘ প্ৰভৃতি গল্প লেখিকাৰ একান্ত ব্যক্তিগত জীৱনৰ লগত পোনপটীয়া ভাৱে জড়িত। বিশেষকৈ ‘এন্ধাৰৰ সৈতে এনিশা’ত চাকৰিসূত্ৰে প্ৰবাসত প্ৰশিক্ষণকালীন অৱস্থাত তেওঁক লগ ধৰিব অহা স্বামী আৰু কন্যা উপস্থিত হোৱা সময়ৰ অত্যধিক বিলম্ব আৰু এখন ৰেলৰ এক্সিডেণ্টৰ বতৰাৰ চিন্তাই থকা সৰকা কৰা কাহিনীৰ মূল চৰিত্ৰ মঞ্জৰীৰ পৰা নিজকে লুকুৱাই ৰাখিবলৈ যেন লেখিকা অপাৰগ হ’ল। তেনেদৰে ‘মুক্তিৰ বাবে’ শীৰ্ষক গল্পটোত আকৌ বিনা দ্বিধাই স্বামীৰ সঁচা নাম (প্ৰদীপ) ব্যৱহাৰ কৰি শ্ৰীমতী চৌধুৰীয়ে গল্পটোক অধিক প্ৰাণৱন্ত, অধিক সুখপাঠ্য কৰি তুলিছে। ‘নেলাগে তাই ডাঙৰ হ’ব ‘ গল্পটি যেন মিনতি চৌধুৰীৰ ব্যক্তিগত জীৱনত একেটি সন্তানৰ মাতৃ হৈ ৰৈ যোৱা সিদ্ধান্তৰ প্ৰতিফলন, তেনে অনুভৱ হয়। আৰু তেওঁৰ একান্ত ব্যক্তিগত জীৱনধাৰাৰ সৰু সৰু মুহূৰ্তৰ দ্বাৰা সৃষ্ট ছবিসদৃশ বৰ্ণনাই গল্পসমূহক কৰি তোলে অধিক সুখপাঠ্য। 

মিনতি চৌধুৰীৰ স্বামী অসমৰ সত্ৰীয়া সংস্কৃতিৰ নিৰালস্য সাধক আৰু গৱেষক ড০ প্ৰদীপজ্যোতি মহন্ত। স্বামী গৃহৰ সত্ৰীয়া বাতাবৰণ আৰু নিয়ম-নীতিয়ে অধিক অভিজ্ঞতা পুষ্ট কৰি তোলা মিনতি চৌধুৰীৰ চিন্তাই কিন্তু কেতিয়াবা ভিত্তিহীন পৰম্পৰাক নেওচি যুক্তিবাদী কাৰ্য্যৰ সমৰ্থনত গল্পৰ মাজত প্ৰতিবাদী কণ্ঠ হৈ প্ৰকাশ পায়। ‘মৃত্যু জিনি’ তেনে এটি গল্প। মহাপুৰুষ শংকৰদেৱৰ আদৰ্শকে সৰোগত কৰি বাপু গোসাঁয়ে মুছলমান পৰিয়ালৰ কন্যা কিন্তু হিন্দু ঘৰৰ বোৱাৰী এগৰাকীক শৰণ দি সমাজত সামৰি লৈছিল। এই ঘটনাক লৈ অন্যান্য গোঁসাই কেইজনমানৰ পৰা কটু কথা শুনিবলগীয়া হোৱাৰ মৰ্মান্তিক দুখত বাপুগোঁসায়ে ইহলীলা পৰিত্যাগ কৰে। কিন্তু শেষত গোঁসাইৰ পত্নীয়ে সেই মুছলমান ছোৱালীজনীক ভিতৰ চ’ৰালৈ মাতি নি ঘটি যোৱা ঘটনাসমূহৰ এক প্ৰতিবাদৰ যেন স্ফুৰণহে ঘটাইছে। 

মিনতি চৌধুৰীৰ গল্প আৰু অন্যান্য সৃষ্টি মনোগ্ৰাহী হোৱাৰ অন্যতম কাৰণ হ’ল, তেওঁ ব্যৱহাৰ কৰা মঞ্জুল ভাষা আৰু কোমল শব্দ চয়নেৰে অলংকৃত কৰা তেওঁৰ হৃদয়ৰ সঁচা আবেগ আৰু যুক্তিৰ মন্থন। সেইসমূহ সাহিত্য সদায় সফল আৰু পাঠকৰ কাষ চপা হয় যাৰ ভাষা সহজে বোধগম্য হয়। লগতে যুক্তিবাদী ধাৰণাৰ প্ৰকাশে পাঠকৰ চিন্তা-চৰ্চাত নতুন দিগন্তৰ সূচনা কৰে। মিনতি চৌধুৰীৰ সৃষ্টিত এই সমূহ গুণ উপস্থিত থকা বাবে পাঠকসকলে কাহিনী আৰু তাৰ আঁৰৰ মূল বক্তব্যৰ সৈতে একাত্ম হ’বলৈ সক্ষম হয়। মিনতি চৌধুৰীৰ গল্পসমূহ যথাৰ্থতেই চুটি গল্প। মেদহীন গাঁথনি আৰু ভাষাৰ লালিত্যই সময়ে সময়ে গল্পবোৰলৈ যেন কঢ়িয়াই আনে লিৰিকেল ব্যঞ্জনা। যেন সুললিত ছন্দত গঁথা থাকে ভাষা, শব্দ আৰু কাহিনীৰ সমন্বয়। 

মিনতি চৌধুৰীৰ সাহিত্যিক জীৱনৰ পৃষ্ঠভূমিৰ বিষয়ে জানিবলৈ হ’লে তেওঁৰ অভিজ্ঞতাবহুল কৰ্মময় জীৱনত এভূমুকি মৰাটো নিতান্তই আৱশ্যকীয়। তেওঁ চাকৰি জীৱনৰ দুটি গুৰুত্বপূৰ্ণ অধ্যায় অতি সফলতাৰে সমাপ্ত কৰিছে ক্ৰমে আকাশবাণী আৰু দূৰদৰ্শনত জ্যেষ্ঠ অনুষ্ঠান কাৰ্যবাহী হিচাপে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এই দুয়োটা বিভাগলৈ আগবঢ়োৱা তেওঁৰ অৱদান অনস্বীকাৰ্য। কৃতী সাহিত্য নবীন বৰুৱাক প্ৰযোজকৰূপে লৈ আকাশবাণী গুৱাহাটীৰ ‘খ’ শাখাত ১৯৭৫ চনত আৰম্ভ হোৱা দৈনিক দুঘণ্টা জোৰা যুৱবাণী অনুষ্ঠানত প্ৰথম অৱস্থাত এগৰাকী অস্থায়ী ঘোষিকাৰূপে কৰ্মজীৱন আৰম্ভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ ছাত্ৰী মিনতি চৌধুৰীয়ে যুৱবাণীৰ ভিন্নসুৰী অনুষ্ঠানৰাজিৰ মাজেৰে তেওঁৰ সৃষ্টিশীল প্ৰতিভাৰ সাক্ষৰ ৰাখিবলৈ সমৰ্থ হৈছিল। নবীন বৰুৱাৰ পৰিচালনা আৰু নেতৃত্বত গতিশীল ৰূপ লোৱা যুৱবাণীৰ সেই সময়ছোৱাত মিনতি চৌধুৰীয়ে অনুষ্ঠান নিবেদনৰ উপৰিও স্বৰচিত কথিকা, আলেখ্য, গল্প, কবিতা আদিৰে অনুষ্ঠানটোক সমৃদ্ধ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। 

১৯৭৭ চনত কেন্দ্ৰটোৰ অনাতাঁৰ শিক্ষা প্ৰসাৰ অনুষ্ঠান [ বিদ্যাৰ্থীৰ অনুষ্ঠান]ত সহকাৰী সম্পাদিকাৰূপে স্থায়ী পদত যোগদান কৰি আকৰ্ষণীয় নিবেদন শৈলীৰে অনুষ্ঠানটোক জাকত জিলিকা কৰি তোলে। আকৰ্ষণীয় এই অনুষ্ঠানটোৰ জৰিয়তে শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ উপৰিও সাধাৰণ শ্ৰোতাক বিদ্যায়তনিক ক্ষেত্ৰখনৰ কাষ চপাই অনাত মিনতি চৌধুৰীয়ে বিশেষ অৱদান আগবঢ়াইছিল। অনুষ্ঠানটোৰ প্ৰযোজক যশস্বী নাট্যকাৰ অৰুণ শৰ্মাৰ প্ৰেৰণাত মিনতি চৌধুৰীয়ে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমৰ বিভিন্ন কবিতা, কাহিনীক নাট্যৰূপ দি তেওঁলোকৰ মন জয় কৰাৰ উপৰি অনুষ্ঠানটোক সৰস কৰি তুলিছিল। এইবোৰ দায়িত্বৰ লগতে তেওঁ কেন্দ্ৰটোৰ আইদেউৰ বুলনি, সংগীত, আদি বিভাগৰ উপৰি যুৱবাণীতো বিভিন্ন সৃষ্টিৰে অৱদান আগবঢ়াইছিল। ১৯৯০ চনত পদোন্নতিৰে অনুষ্ঠান কাৰ্য্যবাহী পদত আকাশবাণী শ্বিলং কেন্দ্ৰত মিনতি চৌধুৰীয়ে যোগদান কৰে। কিন্তু তাৰ এবছৰৰ পিছতেই অৰ্থাৎ ১৯৯১ চনত তেওঁ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত একেই পদত যোগদান কৰে। আৰু তেতিয়াৰ পৰাই আৰম্ভ হয় মিনতি চৌধুৰীৰ কৰ্মময় জীৱনৰ দ্বিতীয় অধ্যায়।  দূৰদৰ্শন কেন্দ্ৰলৈ মিনতি চৌধুৰীৰ যি অৱদান সেয়া দৰ্শকসকলে সহজে পাহৰা টান। মনোজ্ঞ প্ৰযোজনাৰে শ্ৰীমতী চৌধুৰীয়ে আগবঢ়োৱা বিভিন্ন অনুষ্ঠানে সেই সময়ৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰক বৰ্ণাঢ্য কৰি তুলিছিল। তাৰে ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হ’ল তেওঁৰ প্ৰযোজনাৰ দুখন বিশেষ তথ্যচিত্ৰ, যি দুখনে দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় চেনেল যোগে বিশেষ সমাদৰ লাভ কৰিছিল। তথ্যচিত্ৰ দুখন হ’ল- When The Spring Beckons আৰু

Sattriya Dance: The Enduring Tradition

মিনতি চৌধুৰীয়ে ‘সকল কলাৰ গুৰু’ শীৰ্ষক শ্ৰীমন্ত শংকৰদেৱ বিষয়ক তথ্যচিত্ৰৰ বাবে প্ৰযোজনাৰ দিশত দূৰদৰ্শন ৰাষ্ট্ৰীয় বঁটাৰেও সন্মানিত হয়। ২০১১ চনত সন্মান সহকাৰে মিনতি চৌধুৰীয়ে দূৰদৰ্শনৰ সক্ৰিয় পদৰ পৰা অৱসৰ গ্ৰহণ কৰে যদিও, তেওঁৰ প্ৰতিভা আৰু দক্ষতাৰ বাবে ২০১৬ চন পৰ্য্যন্ত পুনৰ দূৰদৰ্শনৰ আমন্ত্ৰণ ক্ৰমে অনুষ্ঠানৰ কাৰ্য্যবাহী পৰামৰ্শদাতা হিচাপে অস্থায়ী পদত কৰ্মনিৰ্বাহ কৰিবলগীয়া হয়। 

সাংসাৰিক জীৱনত এগৰাকী অত্যন্ত সুখী আৰু সফল মহিলা মিনতি চৌধুৰী এগৰাকী সফল মাতৃ। কেলুচৰণ মহাপাত্ৰ বঁটা প্ৰাপক আৰু সংগীত নাটক একাডেমীৰ যুৱ-বঁটা প্ৰাপক সত্ৰীয়া নৃত্যৰ এগৰাকী স্বনাম ধন্য সাধিকা বিদুষী কন্যা অন্বেষা মহন্ত তেওঁৰেই একমাত্ৰ জীয়ৰী। অসমীয়া সাহিত্যলৈ মিনতি চৌধুৰীৰ যি অৱদান সেয়া যেন লুইতৰ সোঁতৰ দৰেই অব্যাহত থাকক। মিনতি চৌধুৰীৰ কলম যাতে থমকি নৰয় সেয়াই বিদ্বৎ মহলে সদায় কামনা কৰে। 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক