মিনা-বগাইৰ মাক- কল্যাণ দিহিঙীয়া

“……..অ’ বাইদেউ, ক’লৈ গৈছিলনো?”
মিনা-বগাইৰ মাক : এ, কিনো ক’বি৷ জেতুকীৰ মাকৰ হাতখন ভাগিল, তাকে খবৰ এটা ল’বলৈ গৈছিলোঁ৷ তাতে আকৌ ভাইৰ মাকে লাও এফাল দিলে৷ এজনীক ধান এগাল বানিবলৈ দি থৈ আহিছোঁ, আৰৈ-উহোৱাই মিহলি৷ মিনানো কি, ঢেঁকীটো বুলিলেই বাঘ৷ বগাইনো কি, ল-লকৈ বাঢ়িছেহে, গিলাছত ধৰাই নাই৷
বুজি পালেনে কথাটো?
ৰ’ব, অলপ বহলাই কৈছোঁ৷
মিনা- বগাইৰ মাক গাঁওখনৰ ভিতৰতে এগৰাকী কাজী মহিলা৷ কামতো কামেই, তেওঁ মুখখনো সমানেই চলাই৷ গাঁৱৰ এটাও অনুষ্ঠান বাদ নপৰে, য’ত তেওঁৰ উপস্থিতি নাথাকে৷ এই ধৰক, সকামে-নিকামে, বিয়াই-সবাহতেই হওক বা বিপদে-আপদেই হওক, সাউতকৈ গৈ খবৰটো লৈহে এৰে৷
এদিন তেওঁ জেতুকীৰ মাকৰ হাত ভগা খবৰটো লৈ, বেগাই আহি আছিল৷ ক’তো চাবলৈ সময় নাই৷ তাকে দেখি ধনাইৰ মাকে মাতষাৰ লগালে……৷
এতিয়া মাত লগালে যেতিয়া, উত্তৰতো দিবই লাগিব৷ ইফালে আকৌ জীয়েকক ঢেঁকীত ধান এগাল বানিবলৈ দি আহিছে৷ এতিয়া কথা পাতি থাকিলে বিপদেই হ’ব৷ তাতে তাইৰ ঢেঁকীলৈ যিহে মৰভয়৷
আকৌ হাতত থকা লাওফাল দেখিলে যেতিয়া, সেই ভাগীৰ কথাও সুধিব পাৰে৷
পুতেক বগাই ঘৰত আছে যেতিয়া, ভনীয়েক মিনাক ঢেঁকীত কিয় সহায় কৰা নাই বুলি সুধি দিলেতো শেষেই৷ তেতিয়া বগাইৰ গিলাছৰ (মগজৰ) পাতনি মেলিলে আৰু দেৰি হ’বগৈ৷
তাকে ভাবি-গুণি মিনা-বগাইৰ মাকে একে উশাহতে ব্যাখা শেষ কৰি উধাও হ’ল৷
ধনাইৰ মাক ঠাইতে অলপ পৰ ৰৈ থাকিল৷ কথাকেইটা ভাঙি-পাতি ল’বলৈ তেওঁৰ কিন্তু বহু পৰ লাগিল……..৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক