মিলন: সত্যকাম দত্ত

শীতল তৰালি স্নিগ্ধ জোনাক,
সুগন্ধি ৰজনীগন্ধা,
তোমাৰ পৰশ চেঁচা বতাহ,
নিশা অলকানন্দা,
মৌন ওঁঠ উষ্ম উশাহ,
স্তব্ধ অস্থিৰ সময়,
অলস চকু ব্যাকুল মন,
কম্পিত উমাল হৃদয়,
নিয়ৰৰ টোপাল দুবৰি বনত,
স্থবিৰ দুয়োৰে খোজ,
জোনাকৰ আলেঙত শুনা যায়,
তন্দ্ৰালি নীৰৱ গুঁজ,
সখী তোমাৰ সান্নিধ্য ইমান
কিয় যে মোহনীয়,
জীৱন জোৰা মৰমৰ নৈ,
ঢলাম কমনীয়,
নিষ্ঠুৰ সময় তেনেই ইষৎ,
উৰি উৰি গুছি যায়,
আজিৰ সময় ঘুৰি অহালৈ,
থাকিম ৰৈ বাট চাই,
নিবিৰ আকাশ অনঘ বেদনা
জীপাল এই দুই নয়ন,
দুৰৈৰ তৰালি নিশাৰ শেৱালি,
বিনিদ্ৰ ৰজনীৰ শয়ন,
যোৱাৰ পৰৰ নিষ্পাপ মৰম,
সাঁচিম সযতনে,
দিলোঁ পাক প্ৰতিশ্ৰুতি,
নীৰৱে আশাৰে গোপনে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments