মীৰ-তকী মীৰ – ড. লোচন শইকীয়া

মীৰ-তকী মীৰ
ড. লোচন শইকীয়া
অসম কৃষি বিশ্ববিদ্যালয়
যোৰহাট।
mir-taki_mirja-asadulla_-sahir-ludhianbi_lochan-saikia1 কবিতা । মনৰ ভাৱক প্ৰকাশ কৰাৰ এক চমু পথ । অসমীয়াত কবিতা লিখা কবিৰ অভাৱ নাই । ফেচবুকতো অজস্ৰ অসমীয়া কবিতা । শব্দৰ চয়নে কবিতাক প্ৰাণ দিয়ে । অবুজ কবিতাৰ অৰ্থ ভঙাই টান । কবিতা মইয়ো পঢ়োঁ । বিদ্ৰোহী কবি, প্ৰেমিক কবি, পথাৰ কবি, বনফুল কবি, বিহগী কবি, প্ৰকৃতি কবি, বহাগী কবি, শাৰদী কবি, স্বভাৱ কবি ইত্যাদি কবিৰ লানি নিচিগা ধাৰ । আবেগ, শ্লীল-অশ্লীল, চনেট, লিমাৰিক এইবোৰক আনিব খোজাই নাই । কবিতাৰ ৰূপ যেতিয়াই পিচুৱাই চাওঁ, তেতিয়াই সৃষ্টিৰ পৃথিবীত তুলনা আহিবই । নতুনত্ব নোহোৱা কবিতাৰ স্হায়ীত্বও বৰ কম । পুৰণিবোৰকে খামুচি থাকিলেও আমনিদায়ক । অসমৰ প্ৰায় কেইখন বাতৰি কাগজ, আলোচনীয়ে কবিতা প্ৰকাশ কৰে । আলোচনা, সমালোচনা আগবঢ়ায় । পাঠকৰ সংখ্যা বাঢ়ে । কবিতাৰ আদৰো বাঢ়ে । নাবাঢ়ে একো এটা নৱধাৰা ।mir-taki_mirja-asadulla_-sahir-ludhianbi_lochan-saikia2
পাঠক, মনত পৰেনে স্কুলীয়া শিক্ষাৰ অসমীয়া বা ইংৰাজী বা হিন্দী বা অন্য মাতৃভাষাত কবিতা উদ্ধৃতিৰে ব্যাখ্যা লিখিবলৈ আহে ! আমিও লিখোঁ উক্ত পদ্য ফাঁকি অমুক কবিয়ে লিখা অমুক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । কবিয়ে কব খুজিছে যে … ইত্যাদি । নমুনা – উঠাহে ফুলৰা, উঠাহে চতলা … । সাগৰ দেখিছা ? মইও দেখা নাই … । মোৰ দেখোন এটাই চোলা …. । ইত্যাদি । সাহিত্য চৰ্চাৰ আদি পাঠ সৰুতেই আৰম্ভ হয় । মোৰো সৰুতেই আৰম্ভ হোৱা উৰ্দ্দু সাহিত্যৰ কবিতাৰ জ্ঞান আজিও মোৰ হৈ উঠা নাই । পাওঁ, পঢ়োঁ । কোনোবাটো নজ্ম, কোনোবাটো গজল, কোনোবাটো ৰুবাঁয়ত, কোনোবাটো চয়ন, কোনোবাটো শেৰ ।
উৰ্দ্দু সাহিত্যত গালিবৰ স্হান যেনেকৈ অদ্বিত্বীয়, সেই গালিবৰে প্ৰাক্-সুৰী কবি মীৰ তকী মীৰৰ আলোচনা কম দেখোঁ । মীৰ্জা গালিবে গুৰুত্ব দিয়া কবি, মীৰক উদ্দেশ্যি লিখা सुनते हैं कि उस दौर में एक मीर भी था, এই বিখ্যাত উৰ্দ্দু কবি, শায়ৰ মীৰৰ বিষয়েনো আমি কিমান খবৰ ৰাখিছোঁ ! গালিবৰ প্ৰেমৰ কবিতা পুণৰ দোহাৰিছোঁ- इस्क पर जोर नही है ये आतिश ‘ग़ालिब’ कि लगाऍ न लगे और बुझाऍ न बने । চাওক, প্ৰেমৰ ক্ষেত্ৰত মীৰ-তকী মীৰে কি কয়-
क्या कहूँ तुम से मैं के क्या है इश्क़
जान का रोग है, बला है इश्क़
इश्क़ ही इश्क़ है जहाँ देखो
सारे आलम में भर रहा है इश्क़
इश्क़ माशूक़ इश्क़ आशिक़ है
यानी अपना ही मुब्तिला है इश्क़
इश्क़ है तर्ज़-ओ-तौर इश्क़ के तईं
कहीं बंदा कहीं ख़ुदा है इश्क़
कौन मक़्सद को इश्क़ बिन पहुँचा
आरज़ू इश्क़ वा मुद्दा है इश्क़
कोई ख़्वाहाँ नहीं मोहब्बत का
तू कहे जिन्स-ए-नारवा है इश्क़
मीर जी ज़र्द होते जाते हैं
क्या कहीं तुम ने भी किया है इश्क़? – মীৰ-তকী -মীৰ
ভাৰত স্বাধীন হৈ যোৱাই উনসত্তৰ বছৰ পাৰ হৈ গল । ইফালে মীৰ-তকী মীৰ দেখোঁন মোগলৰ জমানাৰ মানুহ । এতিয়া মোগলৰ জমানাৰ কথা কলে মোকো পুৰনা জমানাৰ লেবেল লগাই দিলেও আপত্তি নাই । মোগল জমানাৰ মীৰ-তকী মীৰৰ বিষয়ে জানিবলৈ দুআষাৰ ভগাই লওঁ, আহক । উৰ্দ্দু কবিতা ভাল পোৱা জনে কুছ লুফ্ত উঠোৱাত আপত্তি থাকিব নালাগে । নিজকে এক ঘেয়েমীৰ পৰা অকণমান উলিয়াই আনিবৰ যত্ন কৰিছোঁ । কিমাননো পৰিবৰ্ত্তন লাগে বুলি চিঞৰ-বাখৰ কৰি থাকিম ! নিজৰ মনতোকে পৰিবৰ্ত্তন কৰি লৈছোঁ । মনতোও মুকলি লাগে, নতুনকৈ চিন্তা কৰিবলৈও ইন্ধন পাওঁ ।
খুদা-এ-সুখন মোহম্মদ তকী উৰ্ফ মীৰ-তকী-মীৰৰ জীবন কাল ১৭২৩ (তাৰিখ উল্লেখ নাই) ৰ পৰা ২০ চেপ্তেম্বৰ ১৮১০ । উৰ্দ্দু আৰু পাৰ্চী ভাষাৰ মহান শায়ৰৰ শাৰীত থকা মীৰ নাম এই কাৰণেই লোৱা হয়, যিহেতু উৰ্দ্দু ভাষা প্ৰচলনৰ কাৰণে পাৰ্চী আৰু হিন্দুস্তানী ভাষাৰ শব্দ চয়ণ কৰি মিশ্ৰণ আৰু প্ৰয়োগেৰে মাৰ তকী মীৰে উৰ্দ্দু ভাষাক এক বিশেষ স্তৰলৈ লৈ গৈছে । মীৰে এনেকুৱা সময়ো দেখিছে যেতিয়া নাদিৰ শাহ আৰু আহমদ শাহ অব্দালীৰ আক্ৰমণত দিল্লী বিধস্ত হৈ পৰিছিল । সেয়ে লিখিছিলেও-
हमको शायर न कहो मीर कि साहिब
हमने दर्दो ग़म कितने किए जमा तो दीवान किया ।
তেতিয়াৰ সময়ৰ আকবৰপুৰা, পিচলৈ আগ্ৰা নামেৰে বিখ্যাত চহৰত মীৰ –তকী মীৰৰ জন্ম হৈছিল । পিতৃৰ মৃত্যু মীৰৰ এঘাৰ বছৰ বয়সত ঘটে আৰু তেতিয়াৰ আইন মতে মীৰৰ দায়ীত্বলৈ পিতৃৰ ৩০০ টকাৰ দেনাও আহি পৰে । মীৰে পৈত্ৰিক সম্পত্তি হিচাবে পালে মাত্ৰ কেইখনমান কিতাপ আৰু পিতৃৰ ঋণ । কামৰ তাগিদাত কবিতা লিখা স্বভাৱ আছিল কাৰণে সোতৰ বছৰ বয়সত বাদশাহৰ দৰবাৰত সমসামুদ্দৌলাৰ পৃষ্ঠপোষকত যেনে তেনে চলিব পৰা বেতনত কাম পায় । তেনেকুৱাতে নাদিৰ শাহৰ ভাৰত আক্ৰমণত সমসামুদ্দৌলা মৃত্যু মুখত পৰে আৰু মীৰৰ সান্দহ খোৱা বালি তল পৰে । উক্ত সময়ছোৱাত শাহী দৰবাৰত পাৰ্চী ভাষাক বেছি গুৰুত্ব দিয়া হৈছিল । মীৰ তকী মীৰক উৰ্দ্দু ভাষাত শায়ৰী কৰিবলৈ অমৰোহাৰ স্বাদত আলীয়ে উত্সাহ দিছিল । এটা সময় আহিল । মীৰক শাহী দৰবাৰত সকলোৱে চিনি পোৱা হল । প্ৰেমক উপজীৱ্য স্বৰূপে লিখা উৰ্দ্দু কবিতাৰ যোগেদি এইদৰেই মীৰ –তকী মীৰ তেওঁৰ পশিচ-ছাব্বিশ বছৰ বয়সলৈ ‘দীৱানে শায়ৰ’ ৰূপে প্ৰখ্যাত হৈ পৰে । ১৭৬১ ত আহমদ শাহ অব্দালীয়ে পুণৰ ভাৰত আক্ৰমণ কৰাত দিল্লীৰ অৱস্হা শোচনীয় হৈ পৰাত মীৰে লক্খ্নৌলৈ গুচি যায় আৰু তাতেই জীৱন কাল অন্তিম কাললৈকে কটায় ।
পাঠক, মীৰ-তকী-মীৰৰ এটা অতি কোমল গজল পঢ়ক । ভাল পাব ।mir-taki_mirja-asadulla_-sahir-ludhianbi_lochan-saikia3
अश्क आंखों में कब नहीं आता
लहू आता है जब नहीं आता।
होश जाता नहीं रहा लेकिन
जब वो आता है तब नहीं आता।
दिल से रुखसत हुई कोई ख्वाहिश
गिरिया कुछ बे-सबब नहीं आता।
इश्क का हौसला है शर्त वरना
बात का किस को ढब नहीं आता।
जी में क्या-क्या है अपने ऐ हमदम
हर सुखन ता बा-लब नहीं आता।
—- मीर तक़ी ‘मीर’
মীৰ-তকী-মীৰ আছিল প্ৰেম আৰু দৰ্শনৰ কবি । সৰহখিনি গজল, শায়ৰীত এই দুয়োটা বিষয়ে আগ ভাগ পাইছিল । ‘আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াপী জীৱ’ কবিতাটিলৈ মনত পৰেনে পাঠক ? মানুহৰ চৰিত্ৰ একেই আছে । আজিও মানুহ প্ৰেম আকলুৱা হৈয়ে আছে । প্ৰেমৰ সূত্ৰ একেই আছে । প্ৰেমৰ ক্ষুধা শেষ হয় জানো! প্ৰেম বিচৰা সাধন সলনি হৈছে । এনেকুৱা মূহূৰ্ত্তবোৰত মীৰ-তকী মীৰৰ নীৰৱ সাধনাৰ ধণ কবিতাই আকুল প্ৰাণৰ কোনোৱা এখিনি নেদেখা ঠাই চুই যায় ।
इब्तिदा-ए-इश्क है रोता है क्या
आगे आगे देखिये होता है क्या
काफिले में सुबह के इक शोर है
यानी गाफिल हम चले सोता है क्या
सब्ज़ होती ही नहीं ये सरज़मीं
तुख्म-ए-ख्वाहिश दिल में तू बोता है क्या
ये निशान-ए-इश्क हैं जाते नहीं
दाग छाती के अबस धोता है क्या
गैरत-ए-यूसूफ है ये वक़्त-ए-अजीज़
‘मीर’ इस को रायेगां खोता है क्या।।
মীৰ-তকী মীৰে কৈছিল पढ़ते फिरेंगे गलियों में इन रेख़्तों को लोग।
मुद्दत रहेंगी याद ये बातें हमारियां । ভাষা সলনি হল । অভিব্যক্তিৰ ঢং সলনি হল । পাঠকৰ ৰুঁচি সলনি হল । ইতিহাস সাক্ষী । মীৰে কোৱা উক্তি আখৰে আখৰে সঁচা প্ৰমাণিত হৈ আছে । আমি অসমীয়াত কবিতা পঢ়ি-চৰ্চা কৰি থাকোঁতে বাহিৰত কি ঘটি আছে তাৰ খবৰ নলওঁ । চাওক উৰ্দ্দু সাহিত্যৰ যুগৰ লগত জড়িত কবি, শায়ৰ সকলে কি কয়ঃ
নিন্দাত্মক আলোচনাৰ কাৰণে কুখ্যাত কবি ‘সৌদাই’ কৈছিলঃ
सौदा’ तू इस ज़मीं से ग़ज़ल-दर-ग़ज़ल ही लिख।
होना है तुझको ‘मीर’ से उत्साद की तरफ़।।
পূৰ্বাৰ্দ্ধ উনৈশ শতাব্দীৰ উৰ্দ্দু ভাষাক সকলোতকৈ জাকজমক কৰি সজোৱা কবি লক্ষৌৰ ওস্তাদ ‘নাসিখ’ৰ পংক্তিঃ
आप बे-बहरा है जो मोतक़दे-‘मीर’ नहीं।
‘গালিবে’ ‘নাসিখ’ৰ বক্তব্যক এইদৰে পুষ্টি কৰিছেঃ
ग़ालिब’ अपना को अक़ीदा है ब-क़ौले-नासिख़’
आप बे-बहरा है जो मोतक़दे-‘मीर’ नहीं ।
জৌকে শেৰ গাই কয়ঃ
न हुआ पर न हुआ ‘मीर’ का अंदाज़ नसीब
‘जौक़’ यारों ने बहुत ज़ोर ग़ज़ल में मारा ।
উনবিংশ শতাব্দীৰ শেষৰ কবি অকবৰ ইলাহাবাদীয়ে লিখিছিলঃ
मैं हूँ क्या चीज़ जो इस तर्ज़ पे जाऊं ‘अकबर’
‘नासिख़ो’-जौक़ भी जब चल न सके ‘मीर’ के साथ ।
বিংশ শতাব্দীৰ গজল ৰঁচকৰ শ্ৰেষ্ঠজন ইসুল মুতগজ্জলীন মৌলানা ‘হসৰত’ মোহানীয়ে কৈছিলঃ
शेर मेरे भी हैं पुर-दर्द व लेकिन ‘हसरत’
‘मीर’ का शैवाए-गुफ़्तार कहां से लाऊं ।
সকলোৱে মীৰ-তকী-মীৰৰ কবিতাৰ লুফ্ত পাবলৈ মীৰৰ সমগ্ৰ ৰচনা পঢ়িবলগীয়া হয় যদিও বুজিবলৈ ইয়াত তুলি দিয়া কেইটামানেই আগ্ৰহ বঢ়াই তুলিব । সেই সময়ৰ পৰিবেশত ৰঁচা কবিতাত মীৰৰ হৃদয়ৰ আকুল ব্যৰ্থ প্ৰেমিকৰ দৰ্শন নিহিত হৈ আছে আৰু শব্দ চয়নৰ ক্ষেত্ৰত মীৰ তুলনাবিহীন আৰু মীৰৰ সফলতা সেইখিনিতেই ।
মীৰৰ দুখৰ কবিতাৰে আজি সামৰিব বিচাৰিছোঁ । তাৰ পিচত ফিৰ কভী মিলেঙ্গে ।
गम रहा जब तक कि दम में दम रहा
दिल के जाने का निहायत गम रहा
हुस्न था तेरा बहुत आलम फरेब
खत के आने पर भी इक आलम रहा
मेरे रोने की हकीकत जिस में थी
एक मुद्दत तक वो कागज नम रहा
जामा-ऐ-एहराम-ऐ-ज़ाहिद पर न जा
था हरम में लेकिन ना-महरम रहा- মীৰ-তকী-মীৰ
০০০ঃ০০ঃ০০০
মীৰ্জা আসাদুল্লা খাঁ গালিব
—————
মীৰ্জা গালিবৰ গুণ বখানিবলৈ উৰ্দ্দু সাহিত্যত এই অধমৰ দখলো নাই, জ্ঞানো নাই । সৰু কালৰে পৰা উৰ্দ্দু শব্দৰে ভৰা হিন্দী বোলছবিৰ মধুৰ সংগীতময় গীত শুনি নিজে কব নোৱাৰাকৈয়ে উৰ্দ্দু সাহিত্যৰ প্ৰতি মুগ্ধ হৈ পৰিলোঁ । ছাত্ৰ জীবনৰে পৰা যতেই পাওঁ, সস্তীয়া হলেও যিমান পাৰোঁ সিমান শেৰ-শায়ৰীৰ কিতাপবোৰ কিনিবলৈ ধৰিলোঁ । মীৰ-তকী মীৰ, শকীল বদাঁয়ু, ফেইজ অহমদ ফৈজ, হসৰত জয়পুৰী, জোশ মলীহাবাদী, জিগৰ মোৰাদাবাদী, ফিৰাক গোৰখপুৰী, সাহিৰ লুধিয়ানবী ইত্যাদি অনেক কবিৰ উৰ্দ্দু কিতাপ । সমগ্ৰ উৰ্দু সাহিত্য এফালে আৰু মীৰ্জা গালিবৰ সাহিত্য এফালে । নাই, দীৱানা-এ-গালিবৰ তুলনা নাই । গালিবে নিজেই কৈছিল –
ख्ता के तुम्ही उस्ताद नही हो गालिब
सुनते हैं कि उस दौर में एक मीर भी था ।
খবৰ ৰখা পাঠকে জানে যে গালিবৰ শেৰ-শায়ৰীক গোটেই বিশ্বই চিনি পায় । গালিবৰ লিখনি সাগৰৰ গৰ্ভৰ দৰে । যিমান গভীৰতালৈ সোমোৱা যায় সিমানেই আমাৰ নিজৰ অপৰিপক্কতাৰ প্ৰমাণ ওলাই গৈ থাকে । কোনো এখন শায়ৰীৰ মেহফিল মীৰ্জা গালিবৰ শেৰ-শায়ৰীক বাদ দি হব নোৱাৰে ।
পাঠক বন্ধু আহক, মোৰ লগত অলপ-অচৰপ গালিবৰ শেৰ-শায়ৰীৰ সোৱাদো লৈ চাওঁ ।
১৭৯৬ চনৰ ২৭ ডিচেম্বৰত আগ্ৰা চহৰত মীৰ্জা গালিবৰ জন্ম হৈছিল । জন্মৰ পাঁচ বছৰ পিচতেই গালিবৰ পিতৃৰ অলৱাৰৰ যুদ্ধত মৃত্যু ঘটে । সেয়ে তাৰ পিচতেই দদায়েক মীৰ্জা নসৰুল্লা বেইগ খানে গালিবক তুলি-তালি ডাঙৰ দীঘল কৰে । নিজৰ সাত ভাই–ককাই আটাইবোৰ সৰু থাকোতেই মৃত্যু হয় । তেৰ বছৰ বয়সতে গালিবে ওমৰাও বেগমক বিবাহ কৰায় । গালিবে কৈছিল বিবাহ তেওঁৰ বাবে দ্বিত্বীয় কাৰাবাস আছিল । গালিবৰ মতে প্ৰথম কাৰাবাস আছিল কঢ়িয়াব নোৱাৰা বিষময় জীৱন । বিবাহোত্তৰ জীৱনো গালিবৰ সুখৰ নাছিল । প্ৰায়ে বেগমৰ লগত মতবিৰোধ ঘটিছিল । কোৱা হয়, গালিবৰ বেগম খুউব ঈশ্বৰ ভক্ত আৰু ধাৰ্মিক প্ৰকৃতিৰ আছিল । মোগলৰ ৰাজ-দৰবাৰত গালিবৰ কবিতাৰ যথেষ্ট প্ৰশংসা হৈছিল আৰু কোৱাও হৈছিল গাভৰু মানুহৰ কবি । গালিবে কবিতা লিখিবলৈ এঘাৰ বছৰ বয়সতে আৰম্ভ কৰিছিল । সৰহখিনি কবিতা আছিল দুখৰ আৰু হতাশাৰ প্ৰতিছবি । গালিবে প্ৰেমৰো অমৰ কবিতা লিখি থৈ গৈছে । সমগ্ৰ লিখনি উৰ্দ্দু ভাষাত লিখিলেও গালিবে সমানেই আৰবী, পাৰ্চী আৰু তাৰ্কীশ জানিছিল । গালিবৰ মৃত্যু হয় ১৮৬৯ চনৰ ১৫ ফেব্ৰুৱাৰীত ।
শ্বাহ বাহদুৰ শ্বাহ-জফৰৰ সময়তে মীৰ্জা গালিবৰ কবিতাৰ দৌৰ চলিছিল । সামাজিক অব্যৱস্হা, নিৰাশাৰে ভৰা সমাজত নিজৰ সাহিত্য, হৃদয়গ্ৰাহী ব্যক্তিত্ত্বৰে গালিবে মানৱ প্ৰেমৰ দৰ্শনেৰে কলম চলাই গৈছিল । সঁচা কবলৈ গলে আৰম্ভনীতে মানুহে গালিবৰ মৌলিক কবিতাক হাঁহি, ঠাট্টা মস্কৰাৰে ব্যংগ কৰিছিল । এক দৌৰ আয়া-পিচলৈ গালিব আৰু গালিবৰ কবিতা কুঞ্জ । গোটেই পৃথিবী সাক্ষী ।
पूछते हैं वो कि ‘ग़ालिब’ कौन है,
कोई बतलाओ कि हम बतलाएं क्या
ये मसाइले-तसव्वुफ़, ये तेरा बयान ‘ग़ालिब’
तुझे हम वली समझते जो न बादहख़्वार होता ।
গালিবৰ কবিতাত নিহিত সৌন্দৰ্য্যৰ মাত্ৰ এটা নমুনা পঢ়ক আৰু অনুভৱ কৰক ।
हम तो फनाह हो गये उसकी आखे देखकर ‘गालिब’
न जाने वो आइना किसे देखते होगे !
প্ৰেমৰ সুবাসৰ প্ৰেৰণাময় প্ৰকাশত গালিবৰ তুলনা নাই । तुझे हम वली समझते বাক্যশাৰীত থকা অৱতাৰ (वली) শব্দৰ ব্যৱহাৰ একো মিছা নহয় । মাত্ৰ গালিবৰ বদন্যতা ।
उनके देखने से जो आ जाती है मु.ह पर रौनक
वो समझत है की बीमार का हाल अच्छा है ।
প্ৰেমিকাৰ এটা কটাক্ষও কিমান অৰ্থবহ হব পাৰে নমুনা পেচ কিয়া জায়-
दिल से तेरे निगाह जिगर तक उतर गऍ
दोनो को इक अदा मे. रजामन्दी कर गये ।
গালিবৰ শায়ৰীত অদ্ভুত ধৰণৰ নিচা আছে । এবাৰ লাগিলে ৰক্ষা নাই । প্ৰেমৰ এক অভিনৱ শেৰ গালিবে কৈছে-
तेरे वादे पे जिऍ हम तो ये जान झुट जाना
कि खुशी से मर न जाते अगर ऍतवार होता ।
কিন্তু গালিবৰ কাৰণে প্ৰেম আছিল সম্পূৰ্ণ সুকীয়া অনুভূতিৰ –
इस्क ने ‘ग़ालिब’ निकम्मा कर दिया
बर्ना हम भी आदमी थे काम की ।
হলেও কি হব ! প্ৰেম কৰোঁ বুলি কলেই হয় জানোঁ ! গালিবেই কৈছে –
इस्क पर जोर नही है ये आतिश ‘ग़ालिब’
कि लगाऍ न लगे और बुझाऍ न बने ।
প্ৰেমৰ পৃথিবীত গালিবে কি পালে কি নাপালে বিশ্লেষণ নকৰি, আমালৈ এৰি যোৱা এই বৃহত কবিতাৰ ভাণ্ডাৰৰ পৰা আমি কষৰ্ণ কৰি উৰ্দ্দু সাহিত্যৰ ৰস আস্বাদন কৰিব পাৰোঁ ।
आगे आती थी हाल-ऍ-दिल पे हसी
अब किसी बात पर नही आती ।
পাঠকক এইখিনিতে শেৰ-শায়ৰীৰে ভৰা দুখনমান হিন্দী বোলছবিৰ কথাও মনত পেলাই দিব খুজোঁ । ‘হীৰ-ৰাঞ্ঝা’ৰ কাহিনী উপস্হাপনত পৰিচালকে নায়ক-নায়িকাৰ মুখত যিমানবোৰ শেৰ প্ৰয়োগ কৰিছে, তেনে এখন দ্বিত্বীয় বোলছবি আছিল ‘গজল’ । নায়কেই নহয়, নায়িকাৰো সংলাপত শায়ৰী যেতিয়া আহে বোলছবিখনৰ অন্তৰ্নিহিত অৰ্থও বেলেগ হৈ পৰে । আমাৰ সাহিত্যত শেৰ-শায়ৰীৰ কদৰ বা আদৰ নাই বুলি কলে কম কোৱা হয় । ইয়াৰ অৰ্থ এইটোও নহয় যে শেৰ-শায়ৰী চৰ্চাও নকৰিম । তৰুণ ভাদুড়ীৰ কিতাপ ‘চম্বলৰ বিভীষিকা’ যি পঢ়িছে, তেওঁলোকৰ নিশ্চয় মনত আছে প্ৰতিতো চৰিত্ৰ-কাহিনীৰ শেষত ভাদুড়ীয়ে একোটা শেৰৰ উদ্ধৃতি দিছে । এইটো কাৰণতে কিতাপখনৰ মানদণ্ডকো উচ্চস্তৰলৈ লৈ গৈছে ।
जी धु.धता है फिर वही फुरसत के रात दिन
बेठे रहे तसब्बुर-ऍ-जाना किये हुऍ ।
সামৰণি মাৰিলোঁ বুলি কবলৈ সতেই নাযায় । গালিবৰে ৰোমাঞ্চ ভৰা কবিতা এফাঁকি তুলি দিছোঁ ।
तुझसे ही हर सुबह हो मेरी
तुझसे ही हर शाम
कुछ ऍसा रिस्ता बन गया तुझसे
कि हर सासो मे सिर्फ तेरा ही नाम ।
0000ঃঃ০০০০
সাহিৰ লুধিয়ানবী ……..
मे पल दो पल का शायर हुँ ……..
আজি শিৰোনাম শায়ৰীৰে আৰম্ভ ।
অসমীয়াত কবিতা লিখি আবৃত্তি কৰিব পাৰি । সৰগমৰ সপ্ত স্বৰত গালে গীতো হব । হৈছেও । আমাৰ কবিতা নগমা হিচাবে গাব নোৱাৰি । নগমা হবলৈ নিজস্ব নিয়ম আছে । গজল উৰ্দ্দু সাহিত্যৰ আন এক সম্পদ । উৰ্দু সাহিত্যৰ এই চহকী ৰহঘৰাত কিমান মুকুতা সোমাই আছে তাৰেই অলপ উমান দিযাৰ চেষ্টা কৰিছোঁ । মই কবি নহয় । কবিতাৰ এটা ছন্দও মই লিখিবলৈ আজিলৈকে যত্ন কৰা নাই । কবিতা মই খুবেই ভাল পাওঁ । পঢ়োঁ, ভাল লাগিলে প্ৰশংসাও কৰোঁ । বন্ধুবৰ্গ, মই শায়ৰো নহয় । আৰম্ভনীৰ মিশাল (উদাহৰণ) দিছোঁ এনেকুৱা এজন বিখ্যাত কবি বা শায়ৰৰ যিজনক আমাৰ সময়ৰ, এতিয়াৰ সময়ৰ সকলো হিন্দী চলচিত্ৰ জগতৰ লগত সম্পৰ্ক ৰখা মানুহেই চিনি পায় বা জানে । হয়, মই সাহিৰ লুধিয়ানবীৰ কথাই কৈছোঁ ।
কোনে চিনি নাপায় ! হলেও এইটো তেখেতৰ ব্যৱহৃত নামহে । তেখেতৰ প্ৰকৃত নাম আছিল আব্দুল হয়ী । বৃটিশ ভাৰতৰ পাঞ্জাব প্ৰদেশৰ লুধিয়ানত ১৯২১চনৰ ৮ মাৰ্চত জন্মি ৫৯টা বসন্ত পাৰ কৰি এই ধৰাত আহিব ধৰা প্ৰজন্মৰ বাবে অলেখ সৃষ্টি এৰি থৈ গৈছে । কৰ্ম জীৱনত মোম্বাইত স্হায়ী হৈ পৰা ‘সাহিৰে’ ১৯৮০ চনৰ ২৫ অক্টোবৰত ইহলীলা সম্বৰণ কৰে । ‘সাহিৰ’ৰ জন্ম বৃতান্ত মই এৰি চলিব বিচাৰিছোঁ যদিও দোহৰাৰ প্ৰয়োজন আছে । জন্ম যদিও এক ৰঙা ইটাৰ জমিদাৰী হাৱেলীত এক গুজ্জৰ পৰিয়ালত হৈছিল, তথাপিও মাকে পিতৃক পৰিত্যাগ কৰা কাৰণে ‘সাহিৰে’ পিতৃৰ সাহচৰ্য্য পোৱা নাছিল । ‘সাহিৰ’ৰ ১৩ বছৰ বয়সত দ্বিত্বীয় বিবাহ কৰা পিতৃয়ে আইনী ব্যৱস্হাৰে সাহিৰক ঘূৰাই পোৱাৰ চেষ্টা কৰিও বিফল হৈছিল । এইবোৰ ঘটনাৰ পাকচক্ৰত ‘সাহিৰ’ আৰু মাকৰ অৰ্থৰ অভাৱ নিশ্চয় আছিল । জন্মৰ পিচতে লুধিয়ানালৈ গুচি অহা ‘সাহিৰ’ মাতৃৰ তত্ত্বাৱধানতে ডাঙৰ হৈ খালচা উচ্চ স্কুলৰ পৰা শিক্ষা সাং কৰি লুধিয়ানাৰে সতীশ চন্দৰ চৰকাৰী লৰা কলেজৰ পৰা স্নাতক হৈ ওলায় । ছাত্ৰ জীৱনত ‘সাহিৰ’ক কলেজৰ লৰা-ছোৱালীয়ে ‘সাহিৰ’ৰ কবিতা, নজম, নগমাৰ কাৰণে অত্যন্ত ভাল পাইছিল । ‘সাহিৰ’ আছিল শব্দৰ যাদুকৰ । বৰ্ত্তমান সেইখন কলেজৰ প্ৰদৰ্শনী গৃহটো সাহিৰ লুধিয়ানবীৰ নামত উত্সৰ্গিত ।
‘সাহিৰে’ শব্দক লৈ বিচিত্ৰ পৃথিবী সৃষ্টি কৰিছিল । পাঠক হওক, শ্ৰোতা দুয়ো ‘সাহিৰ’ৰ শব্দৰ জগতত সোমালে নিজে কব নোৱাৰাকৈ শব্দৰ মায়াজালত সোমাই পৰিছিল । শব্দৰ যাদুৰে ‘সাহিৰে’ শ্ৰোতাৰ শ্ৰৱনেন্দ্ৰিয় আৰু মগজৰ যোগেদি অন্তৰত প্ৰৱেশ কৰিছিল । তাৰেই প্ৰমাণ মোম্বাই চলচিত্ৰ জগতখনত ‘সাহিৰে’ দি থৈ গৈছে । তেওঁ যে এক বলীউদৰ এক অভিন্ন অঙ্গ তাৰ প্ৰমাণ ১৯৬৩ চনত তাজমহল বোলছবি খনৰ বাবে লিখা গীত সমূহৰ বাবে শ্ৰেষ্ঠ গীতিকাৰ স্বৰূপে ফিল্মফেয়াৰ পুৰষ্কাৰ । মনত পৰেনে বন্ধু ‘जो बादा किया वो निभाना पड़ेगा …. ’ ? ২য় বাৰৰ বাবে একেই পুৰষ্কাৰ আহে ১৯৭২ত ‘কভী-কভী’ চলচিত্ৰখনৰ গীতিকাৰ স্বৰূপে । এই ছবিখন চোৱা দৰ্শকে নিশ্চয় পাহৰা নাই যত এটি পটত ছবিখনৰ মূল নায়কে এচাম কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ সন্মূখত মঞ্চৰ পৰা এটি গজল গাই শুনাইছে ।
সাহিৰৰ লৰালি, পিতৃৰ স্খলিত চৰিত্ৰৰ কাৰণে মাকৰ দুৰৱস্হা এইবোৰৰ প্ৰতিফলন সাহিৰৰ কবিতাত প্ৰস্ফূটিত হৈছিল ।
न कोई जादा, न मंजिल, न रोशनी, न सुराग़
भटक रही है ख़लाओं में ज़िन्दगी मेरी
इन्हीं ख़लाओं में रह जाऊँगा कभी खोकर
मैं जानता हूँ मेरी हमनफ़स मगर यूँ ही
कभी-कभी मेरे दिल में ख़याल आता है !
कि ज़िन्दगी तिरी ज़ुल्फ़ों की नर्म छाओं में
गुज़रने पाती तो शादाब हो भी सकती थी
ये तीरगी जो मिरी ज़ीस्त का मुक़द्दर है
तेरी नज़र की शुआओं में खो भी सकती थी।
জন্মসূত্ৰে ‘সাহিৰ’ আছিল তেতিয়াৰ বৃটিশ ভাৰত, এতিয়াৰ পাকিস্হানৰ নিবাসী । জমিদাৰৰ ঘৰৰ সন্তান হলেও পৰিস্হিতিয়ে ‘সাহিৰ’ আৰু মাক চৰ্দাৰ বেগমক লুধিয়ানা পোৱালেহি । সাহিৰ লুধিয়ানবীৰ কবিতা সংগ্ৰহ ‘तल्ख़ियाँ’ ছপাবৰ কাৰণে ১৯৪৩ চনত লাহোৰ পালেগৈ । ১৯৪৫ চনত এই কবিতা পুথিখনে জগতক এই নতুন ধাৰাৰ কবি-শায়ৰৰ লগত পৰিচয় কৰাই দিলে । তাৰ পিচতে প্ৰসিদ্ধ উৰ্দ্দু পত্ৰিকা ‘अदबे-लतीफ़’,‘शाहकार’ (লাহোৰ), ‘पृथलारी’ আৰু ‘सबेरा’ ৰ সম্পাদক ৰূপে প্ৰতিষ্ঠিত হল । ঠিক তেনে সময়তে ১৯৪৮ চনত ভাৰত বিভাজনত প্ৰাণৰ তাড়নাত ‘সাহিৰ’ শৰনাৰ্থী ৰূপত দিল্লীত কিছুদিন ৰৈ মোম্বাইলৈ গুচি আহিবলৈ বাধ্য হয় ।
নিজৰ মানসিক পৰিবেশৰ মাজত একোজন কবিৰ প্ৰতিধ্বনি হোৱা এটা পঙ্ক্তিঃ
अभी जिन्दा हूँ लेकिन सोचता रहता हूँ खल्वत में,
कि अब तक किस तमन्ना के सहारे जी लिया मैंने।
সেয়ে কব পাৰিছিলঃ
उम्मीद वक्त का सबसे बड़ा सहारा है,
गर हौसला है तो हर मौज में किनारा है।
হয়তু সাহিৰে জীৱনক সেইদৰেই গ্ৰহণ কৰিছিল যিবাবেই हमदोनो (১৯৬১)ত এটা গীতৰ কলিঃ
मै जिन्दगी का साथ निभाता चला गया
हर फ़िक्र को धुए में उडाता चला गया
‘কভী-কভী’ৰ সেই অমৰ গজল শুনিলে ‘সাহিৰ’ৰ শব্দৰ যাদু কিমান সহজ আৰু সৰল হব পাৰে মিশাল কী তৌৰ পৰ পেচ কৰতা হুঁ ।
“मैं पल दो पल का शायर हूँ, पल दो पल मेरी कहानी है
पल दो पल मेरी हस्ती है, पल दो पल मेरी जवानी है
मुझसे पहले कितने शायर, आए और आकर चले गए,
कुछ आहें भरकर लौट गए, कुछ नग़मे गाकर चले गए
वो भी एक पल का किस्सा थे, मै भी एक पल का किस्सा हूँ
कल तुमसे जुदा हो जाऊँगा, जो आज तुम्हारा हिस्सा हूँ”
“कल और आयेंगे नगमो की खिलती कलियाँ चुनने वाले,
मुझसे बेहतर कहनेवाले, तुमसे बेहतर सुननेवाले;
कल कोई उनको याद करे, क्यूँ कोई मुझको याद करे?
मसरूफ ज़माना मेरे लिए क्यूँ वक़्त अपना बर्बाद करे?”
সাহিৰ’ৰ সৃষ্টিত ভগৱানৰ প্ৰশংসা, প্ৰেমৰ বিননি বা সুৰাৰ পয়োভৰ নাই । এইটোৱেই সমসাময়িক কবি শায়ৰবোৰৰ লগত ‘সাহিৰ’ৰ চকুত পৰা পাৰ্থক্য । সমাজৰ স্খলিত চৰিত্ৰ, বস্তুবাদী প্ৰেম, অহেতুক অৰ্থহীন যুদ্ধ-বিগ্ৰহ, মানুহৰ জীৱনত প্ৰেমতকৈও আৰু অধিক মহত্ত্বপূৰ্ণ কাম ইত্যাদি বিষয়বোৰে ঠাই পাইছিল ।
ব্যক্তিগত জীৱনত ‘সাহিৰ’ অবিবাহিত আছিল যদিও তেওঁৰ জীৱনত দুগৰাকী নাৰী প্ৰবেশ কৰিছিল । সুপ্ৰতিস্হিত লিখক অমৃতা প্ৰীতম আৰু সুধা মালহোত্ৰা ।
লতা মংগেশকাৰকতকৈ এটকা বেছি পাৰিশ্ৰমিক বিচৰা ‘সাহিৰ’ৰ দাবী পৰিচালক বা সংগীতকাৰে নামানি নোৱাৰিছিল । এই বিষয়তোক লৈ তেতিয়া দুয়োৰে মাজত সামান্য বিতৰ্ক নোহোৱাও নহয় । অল ইণ্ডিয়া ৰেডিঅক জোৰ দিছিল যাতে গীতিকাৰ সকলক উচিত মাননি আৰু স্বীকৃতি দিয়ে ।
১৯৫৮ চনত মুক্তি পোৱা ৰাচিয়ান লিখক ফিয়েদৰ দস্তভয়েস্কীৰ মূল ৰচনা Crime and punishment ৰ আধাৰত হিন্দী চলচিত্ৰকৰণ ৰাজকাপুৰ মূল নায়ক স্বৰূপে ‘फिर सुबह होगी’ ত বাণীবদ্ধ গীত वो सुबह तो कभी तो आयेगी যি শ্ৰোতাই শুনিছে পাহৰিব পাৰিছেনে ! শব্দৰ যাদু এইয়া ।
সাহিৰ লুধিয়ানবীক ভাৰত চৰকাৰে ১৯৭১ চনত পদ্মশ্ৰী উপাধি প্ৰদান কৰি তেখেতৰ কৰ্মৰাজীৰ উচিত মূল্য দিয়ে । মৃত্যও এক শিল্প । ৮ মাৰ্চ, ২০১৩ ত সাহিৰৰ ৯২তম জন্মবাৰ্ষিকীত ভাৰত চৰকাৰৰ ডাক বিভাগে ‘সাহিৰ’ৰ সন্মানত এটি ডাক-টিকট প্ৰচলন কৰে ।
‘সাহিৰ’ ব্যক্তিগত কবি হিচাবে ৰোমান্টিক কবিৰ শাৰীত পৰে । প্ৰেমৰ বুদবুদ তেওঁৰ জীৱনত কি সেইয়া কবিতা বা নজম পঢ়িলেই গম পোৱা যায় ।
मेरे ख़्वाबों के झरोकों को सजानेवाली
तेरे ख़्वाबों में कहीं मेरा गुज़र है कि नहीं
पूछकर अपनी निगाहों से बता दे मुझको
मेरी रातों के मुक़द्दर में सहर है कि नहीं
ধাৰত পোতখোৱা কৃষক সমাজ, আনৰ হৈ যুজি মৃত্যুক বৰণ কৰা সৈনিক, বাধ্য হৈ দেহা বিকিবলগীয়া হোৱা দেহোপজীৱিনী, কৰ্মসংস্হান নোহোৱা বেকাৰ যুৱকৰ সমস্যা আৰু পদপথত জীৱন কটাবলৈ বাধ্য হোৱা পৰিয়াল এইবোৰ আছিল সাহিৰ লুধিয়ানবীৰ শব্দ সন্ধানৰ আধাৰ আৰু জীৱন দৃষ্টিভঙ্গী । ‘प्यासा’ ত ৰেড লাইট এলেকাত ব্যৱহৃত শব্দৰ গাঁথাৱলী শুনি পণ্ডিত জৱাহৰলাল নেহৰুৱে আচৰিত হৈ পৰিছিলঃ
“ये कूचे, ये नीलामघर दिलकशी के,
ये लुटते हुए कारवां ज़िंदगी के,
कहाँ है कहाँ है मुहाफ़िज़ खुदी के?
जिन्हें नाज़ है हिंद पर,वो कहाँ हैं?”
‘সাহিৰে’ উৰ্দ্দু কবিতাক চিন্তাৰ নতুন খোৰাকেৰে সজাই তুলিছিল । ১৯৪০-১৯৬০ ৰ সময়ছোৱাৰ যুৱচিন্তাৰ প্ৰতীক ৰূপে স্বঘোষিত ধৰ্ম অধিকাৰী, আত্মতোষণত ব্যস্ত ৰাজনীতিবিদ আৰু যুদ্ধৰ লিপ্সাত ব্যস্ত হৈ পৰা চুপাৰ পাৱাৰৰ বিৰুদ্ধে কলম তুলি লৈছিল ।বুভুক্ষজনৰ ভোকৰ তুলনাত তাজমহলৰ প্ৰেমক তুচ্ছ কৰি লিখিছিলঃ
“मेरे महबूब कहीं और मिला कर मुझसे,
बज़्म- ए-शाही में ग़रीबों का गुज़र क्या माने.
सबत जिन राहों पर है सतबते शाही के निशां
उसपे उल्फत भरी रूहों का गुज़र क्या माने?”-
সাহিৰ লুধিয়ানবীৰ দৰে কবিৰ বিষয়ে অসমীয়া সাহিত্যত পঢ়িবলৈ পোৱা নাযায় ।
बिछड़ गया हर साथी दे कर, पल दो पल का साथ
किसको फुर्सत है जो थामे दीवारों का हाथ
हमको अपना सता तक, अक्सर बेजार मिला
हमने तो कालिया मांगी थी कांटो का हार मिला
जाने वो कैसे लोग थे जिनके प्यार को प्यार मिला – प्यासा ( ১৯৫৭)
.
.
.
अलबिदा दोस्तो । ফিৰ মিলেঙ্গে ।
০০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments