মুকুতাৰ মালা –মালা দিহিঙীয়া হাজৰিকা

ব্যৱসায়ৰ কথা৷ এদিন লাভ যদি দুদিন লোকচানো হ’ব পাৰে৷ আপত্তি নোহোৱা মৰমৰ মানুহজনীলৈ সেয়ে সি লাভ হ’লেই চৰায়ে কুটা কঢ়িওৱাৰ দৰেই কিবা এটা কঢ়িয়াই আনে৷ সিদিনাও সি লৈ আহিছিল কাপোৰ এযোৰ৷ তাই বহুদিনৰ আগতেই কৈছিল সোণাৰুবুলীয়া কাপোৰ এযোৰ পিন্ধিবলৈ মন যোৱাৰ কথা৷ মিঠা বৰণীয়া মানুহজনীক সেইটো ৰঙে কেনেকুৱা দেখিব সি নাজানে তথাপিও তাইৰ পিন্ধিবলৈ মন যোৱাৰ বাবেই লৈ আহিছিল৷ কেনাটো তাতেই লাগিল৷ সি গম নাপালে, তাইলৈ অনা কাপোৰযোৰেই যে তাৰ মাকজনীৰ বুকুত জুই জ্বলালে সি গমেই নাপালে৷ তায়ো নক’লে৷
তেওঁৰ একোৰে অভাৱ নাই৷বেংকৰ এটা মোটা অংকৰ দৰমহাৰ চাকৰিৰ অৱসৰপ্ৰাপ্ত মহিলা তেওঁ৷একমাত্ৰ পুতেকৰহে চাকৰি এটা নহ’ল৷ সৰু সুৰা ব্যৱসায়তেই চলি আছে সি৷ মাকৰ টকাৰ প্ৰতি কোনোদিনেই আগ্ৰহ নোহোৱা ল’ৰাটোৱে বিয়াও পাতিছে সম্পূৰ্ণ নিজৰ উপাৰ্জনেৰে৷
পিছৰবাৰ সি তাইলৈ হেঁপাহেৰে অনা কাপোৰযোৰ তাই লৰালৰিকৈ নি আলমিৰাটো খুলি ভৰাই থ’লেগৈ৷ তাইৰ আচৰণত অবাক হ’ল সি৷ তাই তাক নক’লে আগৰবাৰ সি তাইক কাপোৰযোৰ আনি দিয়াৰ কাৰণে মাকজনীয়ে তাইক কেইবাদিনো নামাতিলে৷অথচ সেইজনী মানুহেই তাইলৈ একেবাৰতে কেইবাযোৰো কাপোৰ আনে৷ ল’ৰাটো কাঢ়ি ল’লে বুলি ভোৰভোৰাই উচুপি থাকিল তেওঁ অকলে অকলে৷ আকৌ তেনেকুৱা হ’ব নালাগে৷ তাইৰ প্ৰতিটো অভাৱ অভিযোগৰ খবৰ ৰখা মানুহজনীৰ পুতেকটো কোনোবাই কাঢ়ি লৈছে বুলি ভাবি তেওঁ যন্ত্ৰণা কঢ়িয়াব নালাগে৷
তাই মনত পেলালে মাকৰ কিবা প্ৰয়োজন আছে নেকি৷ পিছদিনা তাই সেই বিশেষ বস্তুটো মনত পেলাই গিৰিয়েকক লৈ আহিবলৈ ক’লে৷ সিও মানুহজনীয়ে কিবা এটা বিচাৰিছে বুলি গোটেইখন বিচাৰি বিচাৰি আনি দিলে৷সি ঘৰলৈ ঘূৰি অহাৰ পিছত তাৰ হাতত সেই টেমাটো দি মাকক দিবলৈ পঠিয়ালে৷সি চকু দুটা ডাঙৰকৈ মেলি তাইলৈ চাই ৰ’ল৷তাই চকুৰ ইংগিতেৰে “সেইটো মালৈকে আনিবলৈ দিছিলো, মাক দিয়াগৈ যোৱা” বুলি কৈ হাঁহি দিলে৷ নাতিনীয়েকৰ লগত খেলি থকা মাকক মাতষাৰ দি সি টেমাটো আগবঢ়াই দিলে৷
তাই ভিতৰৰ পৰা কাণ উনাই থাকিল৷ মাকজনীয়ে সৰু ছোৱালীৰ দৰে উল্লাসত চিঞৰি চিঞৰি তাইক মাতিলে,
: মাইনা, চাহিচোন৷ বহুতদিনৰ আগতে যে তোক কৈছিলো পাতল মুগা ৰঙৰ দীঘলীয়া চেপৰ মুকুতাৰ মালা এধাৰ পিন্ধিবলৈ মন যোৱাৰ কথা৷ আজি পাই গ’লো৷ ক’ত পালি বাবাটো? মই যে বিচাৰি বিচাৰিও পোৱা নাছিলোঁ জাননে? চাওঁ চাওঁ, এইটো লগাই দেচোন মাইনা…
উধাতু খাই অহাৰ দৰেই অহা তাই হুকটো লগাই দিয়াতেই তেওঁ আইনাখনৰ সন্মুখলৈ দৌৰি গ’ল৷ মাইনাই গিৰিয়েকলৈ চালে৷তাৰ সজল চকুহালৰ পৰাও দুধাৰি মুকুতা বৈ আহিল৷ তাই একো নক’লে৷ একো নোকোৱাকৈয়ে সি বুজি উঠিল বহু কথা ৷মাইনাই ভাবিলে এইকণ হেঁপাহ সকলোৱেই কৰে৷নহ’লেনো মাকৰনো কিহৰ অভাৱ৷ মাকে তেতিয়াও হেঁপাহেৰে সেইডাল লিৰিকি বিদাৰি আইনাত চাই থাকিল৷
পুতেকে মাকক পিছফালৰ পৰা সাবটি ধৰিলে৷ তেওঁ অনৰ্গল কৈ গ’ল বহুত কিবাকিবি কথা৷ মাইনাই চ’ফাতে শুই পৰা অকণমানিজনীক বিছনাত শুৱাই কপালতে চুমা এটা আঁকি ভাবিলে৷ সকলো মাতৃয়েইতো সন্তান এনেকৈয়ে ডাঙৰ কৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments