মুক্তিযোদ্ধা স্বৰ্গীয় বেদানন্দ শৰ্মা আৰু নীলা থালখন (ৰক্তিম গোস্বামী)

কেইদিনমান আগতে ঘৰত আৱিষ্কৃত হ’ল এক দুৰ্লভ সামগ্ৰী। এখন ঘূৰণীয়া নীলা থাল। অতি পুৰণি থালখন দেখিয়ে কৌতুহল ওপজাত মাক থালখনৰ বিষয়ে সুধিলোঁ। মায়ে ক’লে -“এইখন তোৰ ককাদেউতাৰাই স্বাধীনতা সংগ্ৰামত কাৰাবাস খাটোঁতে কাৰাগাৰত ভাত খাবলৈ দিয়া থাল।” ককাদেউতাৰ তেজস্বী ব্যক্তিত্বৰ বিষয়ে কেৱল শুনি আছিলোঁ। মোৰ স্মৃতিয়ে সামৰিব পৰা সময়ৰ সিপাৰেই অন্ত পৰিছিল ককাদেউতাৰ জীৱনৰ অন্তিম ক্ষণটিৰ। মই আজিৰ প্ৰযুক্তি বিদ্যাৰে আৱৰা স্বাধীন অসমত যিখন থাল চুই আছোঁ সেই একেখন থালতে পৰাধীনতাৰ সময়তে ককাদেউতাৰো হাতৰ পৰশ পৰা কথাটি ভাবি মনতো কিবা এক আনন্দত উথলি উঠিছিল। ককাদেউতাৰ বিষয়ে জনোৱাৰ লোভ সামৰিব নোৱাৰি বিভিন্নজনে ককাদেউতাৰ বিষয়ে লিখিযোৱা কথা কিছুমান এই সুযোগতে তলত হুবহু উল্লেখ কৰিলোঁ।

“….বেদানন্দ শৰ্মায়ে প্ৰথমখন অসমীয়া কথাছবি ৰূপকোঁৱৰৰ জয়মতীৰ এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল, জয়মতী-ৰাজমাও আদিয়ে পিন্ধা সাজপাৰ (কিংখাপৰ ৰিহা-মেখেলা আদি) আৰু গামখাৰু, ডুগডুগী, উবান্তি, জোনবিৰি, লোকাপাৰ আদি ঘৰৰ গহণাসমূহ ‘চুৰি কৰি নি” ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদক দিছিল……….” – স্বৰ্গীয় ত্ৰৈলোক্য ভট্টচাৰ্য্য।

“….বুঢ়াচাপৰি বনাঞ্চল ৰক্ষাৰ বাবে তাহানিয়েই সেই তিনিওখন গাঁৱৰ মানুহ আৰু ককাহঁতে মিলি ‘গ্ৰেজিয়াৰ্চ এচ’চিয়েশ্বন’ খুলি তেজপুৰত সমবায় ভিত্তিত ‘ডায়েৰী’ গঢ়ি তুলিছিল। ককাহঁতে বুঢ়াচাপৰি বনাঞ্চলক পৱিত্ৰ জ্ঞান কৰিছিল। …এয়া আছিল ষাঠিৰ পৰা সত্তৰৰ দশকৰ কথা। তেতিয়া বেদানন্দ শৰ্মা আছিল সকলোতেই অঘোষিত নেতা। বন বিষয়াক লগত লৈ, জিলা উপায়ুক্তক সৈমান কৰাই নিজেই হাতীত উঠি এফালৰ পৰা মহতিয়াবলৈ ধৰিলে অনুপ্ৰৱেশকাৰী শক্তিক। নিজে জুই দি খেদি পঠিয়ালে যতমানে চকুত পৰা অনুপ্ৰৱেশকাৰীক আৰু মুক্ত কৰিলে অনুপ্ৰৱেশকাৰী শক্তিৰ পৰা বনাঞ্চল।…“- শান্তনু বৰুৱা

“….সেই সময়ত অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল স্বৰ্গীয় বিষ্ণুৰাম মেধি। তেতিয়া অসমৰ ৰাজধানী আছিল শ্বিলং। এদিনাখন মুখ্যমন্ত্ৰী মেধি ডাঙৰীয়াই তেওঁক শ্বিলঙলৈ মাতি নি কৈছিল, ‘বেদা! স্বাধীনতা আন্দোলনৰ তুমি এজন মুক্তিযোদ্ধা, ৰাজনৈতিক নিৰ্য্যাতিত; দেশ স্বাধীন হ’ল। তোমাক পুৰস্কাৰ হিচাপে মই কিবা এটা দিব বিচাৰিছোঁ। তোমাক কি লাগে কোৱা। তাৰ উত্তৰত তেওঁ নিঃসংকোচে কৈছিল- দাদা! মোক একো নালাগে। আপোনালোক মন্ত্ৰী, এম.এল.এ হৈছে হওক। মই দেশৰ কাৰণে ত্যাগ কৰিছোঁ, তাৰ প্ৰতিদান নিবিচাৰোঁ। তথাপি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰম কৰি ক’লে, নহয় বেদা! মই তোমাৰ নামত চিনেমা হলৰ পাৰ্মিট এখন দিওঁ। তুমি না নকৰিবা। তোমাৰ পৰিবাৰ বা ল’ৰাৰ নামতে লোৱা। বেদাবাবুয়ে সেই কথাও অস্বীকাৰ কৰি অৱশেষত ক’লে- ‘যদি দিব খুজিছে দাদাৰ নামতে (মহাদেৱ শৰ্মা) দিয়ক। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক’লে, তেখেতৰ নামত দিব নোৱাৰি, মই তোমাৰ নামতহে দিম। এইবুলি কৈ হুকুম কৰি বেদানন্দ শৰ্মাৰ নামত চিনেমা হ’লৰ পাৰ্মিট এখন দিয়াই দিলে। আচৰিত কথা! দৃঢ়মনা এই পুৰুষ গৰাকীয়ে লগে লগে পাৰ্মিটখন তেওঁৰ জ্যেষ্ঠ ভাতৃ স্বৰ্গীয় মহাদেৱ শৰ্মাদেৱলৈ পৰিৱৰ্তন কৰি লিখি দিয়ে। …অসমৰ মুক্তি যোদ্ধাসকলেও আন্দোলনত (ভাষা) যোগদান দিছিল। অকল যোগদান কৰায়েই নহয়, প্ৰতিবাদকল্পে ভাৰত চৰকাৰে সন্মান কৰি দিয়া তাম্ৰপত্ৰ আদিও ঘূৰাই দিছিল। তাম্ৰপত্ৰ ঘূৰাই দিয়া প্ৰথমজন ব্যক্তি আছিল বেদানন্দ শৰ্মা।…“ – স্বৰ্গীয় মহেন্দ্ৰনাথ শৰ্মা শাস্ত্ৰী

“…নিজৰাপাৰৰ ঘৰত গৈ খুড়া বেদানন্দ শৰ্মাৰ চিঠিখন অমৰ দাৰ হাতত দি ভয়ে ভয়ে বহি থাকোতেই ভূপেনদায়ে শোৱা কোঠালৈ মাতি পঠালে আৰু নিমন্ত্ৰণ গ্ৰহণ কৰি খুড়াৰ খবৰ ল’লে আৰু সাংস্কৃতিক অনুষ্ঠানত নিশা দুই বজালৈকে গীত পৰিবেশন কৰিলে। সেইদিনা বুজি উঠিছিলোঁ খুড়াৰ লগত ভূপেন দাৰ সম্পৰ্ক কিমান নিবিড়”। – বাসুদেৱ শৰ্মা

….মাত্ৰ এবাৰ যদি ককাদেউতাৰ লগত কথা পাতিব পাৰিলোঁহেঁতেন’- এই হেঁপাহটো আজীৱন মোৰ মনত অপূৰ্ণ হৈ ৰ’ব। স্মৃতিৰ গহ্বৰত প্ৰায় বিলীন হ’ব ধৰা অসমৰ এই সুযোগ্য পুত্ৰজনৰ দৰে আন কতজন সুযোগ্য অসমীয়া যে জাহ গ’ল সময়ৰ বালিত, যি প্ৰকৃতাৰ্থত এক জাতীয় ক্ষতি।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments