মুখবন্ধন নে শেষ কথা (ড° লোচন শইকীয়া)

ये न थी हमारी किसमत मे

कि बिशाले-यार होता

अगर और जीते रहते

यही इन्तेजार होता৷ – गालिब

পুৱাই মনলৈ আহিল শায়ৰী এষাৰী৷ মন মোৰ উভতি গ’ল অতীতলৈ৷ মোৰো যে এটা অতীত আছিল৷ কাৰ অতীত নাথাকে৷ সকলোৰে থাকে৷ সাধুৰো অতীত থাকে, দৃশ্যৰো ভৱিষ্যত থাকে৷ মানুহৰ অতীত, দৃশ্যৰ দৰে ভৱিষ্যত থকা কথাটোহে মোৰ লক্ষ্য৷

আগতে তেতিয়া মন চঞ্চল, প্ৰাণো চঞ্চল৷ বয়সৰ গুণ৷ বয়স চঞ্চল তেতিয়াও, এতিয়াও৷ চাৰিওফালে য়াৰ (বন্ধু) বিচাৰি ফুৰা বয়স৷ এতিয়া কোনে কয় বয়স হ’ল৷ গহীন-গম্ভীৰ হ’ব লাগে৷ মনে কুলায়৷ দেহাই কাৰোবাক নুকুলায় বুলি আনলৈও মোহৰ নমৰা ফটোৱা জাৰী কৰি দিলে বুলি এইবোৰ কথাক পাত্তা দিম জানো! মোৰতো অসংখ্য বন্ধু৷ কাৰো লগত মোৰ কোনো স্বাৰ্থ নাই৷ স্বাৰ্থ ৰখা বন্ধুবোৰক এটা এটাকৈ বিদায় দিছোঁ৷ দুখৰ দিনৰ বন্ধুহে আচল বন্ধু৷ এইটোও মানুহ হৈ থকা মানুহৰ গুণ৷ ভাল বন্ধু হবলৈ এটা সম্পূৰ্ণ জীৱনৰ চিনাকীৰ প্ৰয়োজন নাই৷ স্বাৰ্থ অভিলাষী মানুহে সেয়ে পদে পদে বন্ধু হেৰুৱায়৷ মোৰ বন্ধুৰ তালিকাত বয়সৰ স্থান নাই৷ জাত-পাতৰ ঠাই নাই৷ ধৰ্মৰ স্থান নাই৷ ভাষাৰো স্থান নাই৷

এইখন পৃথিবীত মানসিক চিৰ যৌৱন প্ৰাপ্ত কিমান জন মানুহ চকুৰ আগত, ছপা মাধ্যমত দেখি আছোঁ, পঢ়ি আছোঁ৷ সেইবোৰ উদাহৰণ কামত কেতিয়া লাগিব! মোৰ দৰে সকলোৰে নিজৰ এক মানসিক জগত আছে৷ ধুৰ! এইখন জগতেও খাদ্য বিচাৰে৷ বাদ দিয়ক এইবোৰ যুক্তি-অযুক্তি৷ কি আহে, যায়৷

ওঁ কি কৈছিলোঁ? অঁ মনত পৰিছে৷ বিশালে-য়াৰ হোতা অগৰ ঔৰ জীতে ৰহতে য়হী ইন্তেজাৰ হোতা৷ সচাঁকৈয়ে এৰি অহা দিনৰ দোহাই দি কৈছোঁ৷ দেখি থকা, বুজি থকা ঘটনাবোৰে এটা কথালৈ ইংগিত দিয়ে মোৰ চুলি-দাড়িবোৰ এনেয়ে ৰ’দ-বৰষুণত বগা কৰা নাই৷

কিছুমান কথা, কিছুমান ঘটনা, অলপ সুখৰ অনুভূতি ভাগ কৰাত কোনো দোষ নাই৷ ই পৰ-চৰ্চাও নহয়৷ আহক বন্ধু, সোণোৱালী জীৱনৰ ৰূপোৱালি বালিচৰৰ জীৱন নৈৰ উত্তাল সোঁতৰ কোবাল ঢৌত খহি উটি যোৱা সৰু সৰু চপৰা চপৰে খহা কিছুমান কথা ক’ম৷

(১) মধুবালাৰ ওঁঠ আৰু ভ্ৰু

সময়ৰ কথা কবলৈ লৈছোঁ, ক’বলৈ গলে মোৰ নিজৰে ওঁঠ চেপিলে গাখীৰ ওলোৱা বয়স৷ পোনে পোনেই ক’ব পাৰে পেন্দুকনা৷ হ’লে কি হব৷ ক’লা-বগা চিনেমা, তাকো সবাক চিনেমাবোৰ ওলোৱাৰ পিচত নায়িকাৰ ওঁঠ যুগল চাইয়ে কৈ দিব পাৰিছিলোঁ সেইয়া কোন৷ হিন্দী, ইংৰাজীত পঢ়িবলৈ শিকিছোঁ চতুৰ্থ শ্ৰেণীৰ পৰা৷ প্ৰচাৰ কৰিবলৈ ৰিক্সাৰ পিছফালে লগোৱা পাছৰ সপ্তাহৰ নেক্সট চেইঞ্জ হিন্দী, ইংৰাজীত ভাষাতহে ওলায়৷ চিনেমা হলটোৰ নেক্সট চেইঞ্জ লগোৱা ঠাইখিনি আচুতীয়াকৈ থোৱা৷ দৰকাৰ পৰিলে বাঁহৰ চুঙা কাটিও চিনেমা চাইছিলোঁ৷ তেনে এক চিনেমা আছিল মোগল-ঈ-আজম৷ মোৰ কাৰণে মধুবালা পৃথিবীৰ আটাইতকৈ ধুনীয়া, মোহনীয়া নাৰী৷ মধুবালাৰ ওঁঠ যুগলে বহু কথা কয়৷ চকুৱেও কথা কয়৷ মোগল-ঈ-আজম যদি চাইছে নিশ্চয় মন কৰিছে যে তাত এটা কাৱালী আছে৷ গোটেই গীততোত চকু, ভ্ৰু আৰু হাতৰ ভঙ্গীমাৰে মধুবালাই অবিস্ময়ৰণীয় অভিনয় কৰি গৈছে৷ আপুনিও চাব বিচাৰে নেকি মই কোৱা কথাষাৰ কিমান গভীৰকৈ খান্দিছোঁ? চাওক৷ লগত দিয়া যোগসূত্ৰত ক্লীক কৰি দিয়ক৷ और मजे लुट लौ৷

(২) মোহগ্ৰস্ত

মোহগ্ৰস্ত হোৱাৰ এটা বয়স আহে৷ সকলোৰে৷ ইংৰাজীত কয় চুইট টীন৷ এই বয়সত কথাবোৰ বুজিবলৈ মস্তিষ্কতকৈ আবেগে বেছি প্ৰাধান্য পায়৷ একপক্ষীয় প্ৰেমৰ সৃষ্টি হোৱা বয়স৷ সময়ত মোহগ্ৰস্ততা আতৰি গলে সকলো ঠিকেই যায়৷ নহলে দ্বিধাগ্ৰস্ততা ভোগা বয়সত জীৱনটোয়েই খেলিমেলি হৈ যায়৷ এটা সময়ত বঙালী, ইংৰাজী ভাষাত প্ৰকাশিত ইন্দ্ৰজাল কমিকৰ চলমান অশৰীৰী নামৰ কাল্পনিক চৰিত্ৰৰ লগত বিয়া হোৱা নাতাশা নামৰ আন এক কাল্পনিক চৰিত্ৰৰ চেহেৰাৰ লগত সাদৃশ্য থকা, তৃতীয় এক চৰিত্ৰৰ উত্স ৰাচিয়া দেশৰ খবৰ চপোৱা অসমীয়াত প্ৰকাশিত ছোভিয়েট দেশ নামৰ পত্ৰিকা এখনৰ নামবিহীন আলোক চিত্ৰ এখনিৰ মোহত পৰা মোৰ হ’লে ভালদৰেই মনত আছে৷ সেই গৰাকীৰ পৰা মুক্তি সোনকালেই পালোঁ৷ স্কুল, কলেজত পঢ়োঁতে খুউব বঙালী উপন্যাস, উপন্যাসিকা পঢ়োঁ৷ বঙালী চিনেমাৰ অপৰ্ণা ঘোষ নামৰ সুন্দৰী নায়িকাৰ আবেদনময়ী চেহেৰাই মোৰ মনটোক আন নাৰীক সুন্দৰ নেদেখা যেন কৰি ৰাখিছিল৷ বঙালী সাহিত্য জগতৰ শংকৰৰ কিতাপবোৰৰ কেইবাখনেও বোলছবি ৰূপ পাইছে৷ তেনেকুৱা এখন বোলছবিৰ মূল কিতাপখন আছিল নিবেদিতা ৰিচাৰ্চ লেবৰেটৰী৷ পাঠক বন্ধু সকল, মোৰ এতিয়া জৈৱিক বয়স তিনিকুৰি তিনি পাৰ হ’ল৷ হ’লেও মোৰ মানসিক বয়সতোৱে মোৰ সৰুকালৰ, কলেজীয়া দিনৰ মধুৰ স্মৃতিবোৰ সজীৱ কৰি ৰাখিছে৷ কেতিয়াবা সোঁৱৰোঁ৷ প্ৰতিতো পল, অনুপল সুঁৱৰি অনন্য সুখপ্ৰাপ্তি হোৱা যেন লাগে৷ তাৰ মাজতে থাকে হিয়া-দিয়া-নিয়াৰ গোপন বতৰা৷

বিহু নাম এটাকে লিখি দিছোঁ৷ গাই চাব পাৰে – চাবা দেই এ নাচনী গাতে গা লাগিব, চাবা দেই এ নাচনী আমাৰ কুমলীয়া মন, যাবা দেই এ নাচনী লাহেকৈ আঁতৰি, চাবা দেই এ নাচনী তোমাৰ কুমলীয়া মন৷ চাৰিশৰীয়া বিহু নামৰ সুৰতো সৰগম স্বৰলিপিৰ দুটা তালত পৰে৷

(৩) টুহিনা

চিনেমা জগতৰ মোহময়ী নায়িকাক মাধ্যম কৰি মুখমণ্ডল, হাত-ভৰি দেহা লাৱণ্যময়ী কৰি ৰখা সামগ্ৰীৰ বিজ্ঞাপন দ্বিতীয় বিশ্ব যুদ্ধৰ পিচত যথেষ্ট বৃদ্ধি পাবলৈ ধৰিলে৷ টুহিনাৰ সৰু বটলটোৰ কাষতে মিহি গাল দুখনিৰে মোহনীয়া মিচিকি হাঁহিৰে তেনে এগৰাকী হিন্দী বোলছবি জগতৰ ৱাহিদা ৰেহমানক কোনে চিনি নাপায়! এই গৰাকী নায়িকাৰ অভিনয় জগতৰ এখন অনুপম চিৰ দিন নজহা নপমা সেউজ বোলছবি ‘গাইড’ সকলোৱে চোৱা উচিত৷ টুহিনাৰ নাম লৈ লিখিবলৈ লৈছোঁ যদিও মোৰ লক্ষ্য বেলেগত৷ গাইড বোলছবি খনতে ৱাহিদাই সাপৰ দৰে নাচ কৰা মানুহ বিচাৰি এক আচৰিত প্ৰতিভা প্ৰস্ফূটিত নাচ দেখুৱাই গৈছে৷ শচীন দেৱ বৰ্মনৰ সংগীতত সাপৰ দৰে নচা নাচতোৱে মোক এখন বঙালী কিতাপলৈ মনত পেলাই দিয়ে৷ সেইখন কিতাপ বঙালী লিখক প্ৰফুল্ল ৰায়ৰ৷ নাম ‘বেদে-বেদেনী’৷ পাঠক বন্ধুসকলে বিচাৰ-খোচাৰ কৰি পঢ়িব পাৰে৷ সাপ ধৰা, সাপৰ খেল দেখুৱাই ফুৰা মানুহৰ জীৱনৰ এক অনন্য বৰ্ণনা৷

(৪) মুখবন্ধন নে শেষ কথা

আৰম্ভণিতেই মিৰ্জা গালিবৰ গজল এটাৰ প্ৰথম দুশাৰীৰে আৰম্ভ কৰি মোৰ নতুন বন্ধুবোৰক অনাগত জীৱনৰ কলিজাৰ কোনোবা এখিনিত মোচৰ খোৱাৰ প্ৰতি সৰু টিলিঙা এটা বজালোঁ দেই৷

तेरी मेहफिल मे. किसमत आजमा कर हम भी देखे.गे

घड़ी भर तेरी नजदीक आ कर देखे.गे…. (मुगल-ई-आजम)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments