“মুখাৰ আঁৰৰ মুখ“ ( উৎপলা কৌৰ )

Mukhar Aror Mukha_ Utpala Kaur

“চা না…মুখখন কেনে দেখিছ?

“কিয় কিবা কৰি আহিলি চাগৈ? “

“ওওও… ফেচিয়েল কৰি আহিলোঁ…ক্ৰীষ্টেল ক্লিয়েৰ ফেচিয়েল৷ “

“ভাল হৈছে দে! …তই পিছে এনেই ধুনীয়া! “

“হমম্… সেইটো হয়৷ কিন্তু মেইণ্টেইন কৰিলেহে সদায় ধুনীয়া হৈ থাকিম! নহ’লে তোৰ নিচিনা……“

“হ’ব দে…মই চাহ বনাওঁ ৰহ…একেলগে খাম! “

“মই কিন্তু …“

““চাহত চেনি নাখাৱ“ পৰীৰ মুখৰ কথা কাঢ়ি হাঁহি মাৰি ৰিমিয়ে ক’লে৷

শৈশবৰ অভিন্ন লগৰী৷ এগৰাকী বটবৃক্ষৰ দৰে৷ অানগৰাকী পানীৰ দৰে৷

……………

আটিল সুগঢ়ী দুইখন ভৰি ছালখনৰ পাছতে সাৱটি ধৰা জীণচ আৰু গাত ভাঁজে ভাঁজে খাপ খাই পৰা ৰঙা টপ্ এটা পিন্ধি পৰী সোমাই আহিল চিধাই শোৱণি কোঠালৈ৷ ৰিমিয়ে ৰাতিপুৱা বায়ে ধুই চপাই থৈ যোৱা কাপোৰবোৰ জাপি আছিল৷ তাই সোমায়েই ষ্টীল আলমাৰীটোত লাগি থকা আইনাখনখনত ঘূৰি পকি সকলো কোণৰ পৰা নিজকে চালে৷

“ক’ৰ পৰা আহিলি অ’“

“এ আহিলো দে……অলপ শ্বপিং কৰিলোঁ…জীণচ ফ্ৰক ইয়েৰিং কিনিলোঁ…চানীৰো কিবাকিবি কিনিলোঁ৷ তাক টিউচনত ড্ৰপ কৰি বোলো এই এঘ্ণ্টা তোৰ তাতে বহোঁ… “

“ভালেই কৰিলি… বহ! “

ৰিমিৰ ল’ৰা ছোৱালী কেইটা শুইছে৷ স্কুল বন্ধ কাৰণে ৰিমিয়ে ঘৰৰ দুই এটা চাফাই কাম কৰিছে৷ কাগজৰ মোনাটোৰ পৰা বিধে বিধে কাপোৰ উলিয়াই পৰীয়ে দেখুৱালে৷

“চা না ভাল লাগিছে নে? “

“লাগিছে দে“

“তয়োতো পিন্ধিব পাৰ …কি যে ’বেহেনজী’ টাইপ ড্ৰেছবোৰ কৰি থাক! অলপ স্মাৰ্টলী থাকিব লাগে! “

“কিয়? “

“কি কিয়? তোকে দেখুৱাই সি বেলেগ ছোৱালীৰ লগত ঘূৰি ফুৰিব পাৰে তইনো কিয় নোৱাৰ? “

“কিয় স্মাৰ্টনেচ এইবোৰ কাপোৰতহে থাকে নেকি? আৰু মই যদি তাৰ দৰেই হওঁ তাৰ আৰু মোৰ পাৰ্থ্ক্য ক’ত থাকিল নো? “

“এইবোৰ লেকচাৰ মাৰোতেই তোৰ জনম যাব! “

“ভাত খালি নে নাই? “ কথাটো সলাবলৈ তাই সুধিলে৷

অলপ দেৰি খঙত ফুচফুচাই থাকি পৰীয়ে ক’লে “নাই পিজ্জা খালোঁ চানীৰ লগত“৷

…………………………

পৰী যোৱাৰ পাছত তাই তেনেই উদাস হৈ পৰিল৷ কেইবাবছৰৰ প্ৰেমৰ পৰিনতিত তাই ঘৰৰ অমতত প্ৰশান্তৰ লগত বিয়া হৈছিল৷ নিবনুৱা প্ৰশান্ত তাইৰ বহু মানসিক অাৰু অৰ্থনৈতিক সাহাৰ্যৰ বিনিময়ত নিজৰ ভৰিত থিয় হৈছিল৷ নিজৰ সৰু সৰু সপোনবোৰ বিসৰ্জন দিছিল তাই! ব্যক্তিগত স্কুলৰ দৰমহাৰে, টিউচনৰ উপাৰ্জনেৰে পুৰাব পৰা সপোনবোৰ… কেৱল দুটকা বচাবলৈ! ঘৰ চলাই ৰৈ যোৱাখিনি প্ৰশান্তৰ হাতত তুলি দিছিল৷ কষ্ট কৰিছিল দুয়ো! বিয়াৰ কেইবছৰমানৰ পাছত যেতিয়া প্ৰশান্ত কিছু প্ৰতিস্থিত হৈছিল তেতিয়াই প্ৰথম পুত্ৰক এই পৃথিৱীলৈ আনিছিল দুয়ো৷ টকাৰ অভাৱ পূৰ হ’লত তাই চাকৰিটোও এৰি দিছিল প্ৰশান্তৰ কথামতে এসময়ত৷ তিনিবছৰ পাছত কণমাণিজনীয়েও সিহঁতৰ সংসাৰত ভূমূকি মাৰিছিল৷ কেচুঁৱাৰ লগত লাগি থাকোতে তাই গমেই নাপালে তাইৰ নিজৰ মানুহজন কেতিয়ানো অচিনাকি এজনলৈ পৰিবৰ্তন হ’ল! তাৰ কথা, কাপোৰ পিন্ধাৰ ধৰণ-কৰণ…সকলো যেন সলনি হ’ল৷ কথা নহয় যেন অহংকাৰৰ ফুলজাৰি! তাৰ চৰিত্ৰও সলনি হ’ল!

তাইৰ মাজে মাজে এতিয়াও বিশ্বাস নহয় তাইৰ বাহিৰে সি কেনেকৈ বেলেগ একোজনী ছোৱালীৰ শৰীৰত হাত দিব পাৰিছিল? কামৰ বাহানা কৰি কলেজীয়া সস্তীয়া ছোৱালী কিছুমান কাষত বহুৱাই ছিলং/ সোণাপুৰ যোৱাটো কেতিয়াৰ পৰা সাধাৰণ কথা হৈ পৰিল? তাইক ভাল পাই কাৰণেই, তাইক হেৰুৱাব নোখোজে বাবেই সি তাইৰ পৰা কথাবোৰ লুকুৱাই ৰাখিছিল হেনো! যেতিয়া গম পাইছিল তেতিয়া বহু দেৰি হৈ গৈছিল৷ ইমানদিনে সি পিন্ধি থকা প্ৰেমৰ মুখাখন প্ৰবঞ্চনাৰ জুইত জ্বলি ছাঁই হৈ গৈছিল৷ হিংস্ৰ হৈ পৰিছিল সি!

…………………

পৰীৰ বহল চেপেতা ম’বাইলটোত চৰাই এটাই কলকলাই উঠিল৷ তাই মেনিকিউৰ কৰা আঙুলিটো বোলাই বোলাই ম’বাইলটো চাই থাকোঁতে ঈষৎ হাঁহিৰে সৈতে গুলাপী আভা এচাটিয়ে মুখখনত ভিৰ কৰিলেহি৷

“কোনে মেচেজ দিছে অ’? জোতিৰ্ময় নেকি? “

“নহয়! ! ক’ত সময় আছে জোতিৰ্ময়ৰ মোক মেচেজ দিবলৈ? কামৰ পৰাই সময় নাই বেচেৰাৰ! “

অকণমান হাঁহি পৰীয়ে ক’লে “জোতিৰ্ময়ৰ বচে দিছে…“

“ জোতিৰ্ময়ৰ বচে আকৌ তোক কি মেচেজ দিছে যে পঢ়ি তই একদম পিংকি পিংকি হৈ গ’লি? “

“হু নিজে চাই ল’ “

ম’বাইলটো লৈ তাই চালে

“hi beautiful. ..hw r u..missing you heart emoticon “

আৰ্শ্বয্যচকিত ৰিমিক ক’লে পৰীয়ে

“ভেবা লাগিলি দেখুন তই? আজিকালি এইবোৰ সৰু কথা…“

“ জোতিৰ্ময়ৰ বচে বিয়া পতা নাই নেকি? “

“পাতিছে, ৱাইফ দেলহীত থাকে…দুইটা ল’ৰাছোৱালী তাতে ক’লেজত পঢ়ে৷ “

“কলেজত পঢ়া ল’ৰা ছোৱালী থকাৰ পাছতো বুঢ়াটো ইমান ’হেৰি’ নে? “

“থ’! অকলে থাকে মানুহজন ইয়াত…কেতিয়াবা মেচেজ, কথা হয় আৰু৷ লগ চগ নধৰো নহয়, এদিনেই মাত্ৰ লান্স কৰিছিলোঁ…অবশ্যে বুঢ়াই চান্স নিবিচৰা নহয় লগ ধৰিবলৈ… মই বাহানা দেখুৱা ই পিছুৱাই থাকোঁ! “

“তাৰ ঘৈণীয়েকে আহি কাণতলীয়া দিবহি ৰ’…গম পাবি“

শেঁতা হাঁহি এটা তাইৰ ওঁঠেৰে বাগৰি গ’ল৷

…………

“তয়ো ব’য়ফ্ৰেণ্ড এটা গোটাই ল’ “

“কিয়? “

“কিয় তাকো ক’ব লাগিব নেকি? কিমান অকলে থাকিবি আৰু? “

“এই বয়সত ব’য়ফ্ৰেণ্ড বিচাৰি কাৰোবাৰ ঘৰ ভাঙিলেহে হ’ব মই৷ প্ৰশান্তৰ লগত ঘূৰিফুৰা ছোৱালীবোৰ আৰু মই একেই হৈ যাম দেখুন? “

“থ’ তোৰ বেছি সব কথাতে৷ “

প্ৰশান্তই সিহঁতক এৰি সেই প্ৰাইভেট হোষ্টেলত থকা ছোৱালীজনীৰ লগত লিভ-ইন কৰাৰে পৰা তাইৰ সৰু সৰু ল’ৰাছোৱালী কেইটাই দেউতাকৰ কথা মনত পেলাই, দেউতাকক বিচাৰি কিমান দিন কান্দিছে সেয়া মনত পৰিলে তাইৰ কেনেকুৱা লাগে সেয়া যেন পৃথিৱীত কোনেও নুবুজিব৷ “দে’তা আহিলে ভাত খাম“ বুলি উচুপি উচুপি লঘোণে টোপনি যোৱা কণমানি পুত্ৰৰ মুখখন মনত পৰিলে তাইৰ নিজকে পাগল হৈ যাম যেন লাগে৷ সন্তান দুটা তাইৰ সপোনৰ ঘৰখনলৈ অহা দেৱদূতহে আছিল যেন৷ কাৰো সন্তানে যেন তেনে দুখ নাপাওক বা কোনো মাতৃয়ে সন্তানৰ তেনে দুখ চাবলৈ নাপাওক!

………………

পৰীৰ ঘৰলৈ ৰিমিৰ তেনেকৈ অহা নহয়৷ তাইৰহে ৰিমিৰ ঘৰৰ আগেদি গ’লেই এপাক মাৰি যোৱাটো অভ্যাস হৈ গৈছে৷ কিন্তু আজি ৰিমি পৰীৰ ঘৰলৈ আহিছে৷ যোৱাৰাতি তাই বাথৰুমত পিচল খাই পৰি ভৰিত ফ্ৰেক্চাৰ হৈছে৷ তাৰে খবৰ ল’বলৈ আহিছে৷ স্কুলৰ পৰা আহিয়েই ভাত কেইটামান নাকে কাণে গুজি অ’টো এখন লৈ ওলাই অাহিছে তাই৷ বেমাৰীৰ খবৰ ল’বলৈ সুদাহাতে যাবলৈ ভাল নালাগে কাৰণে অ’টোত উঠাৰ আগতে অটোষ্টেণ্ডৰ বিপৰীতফালে থকা ডাঙৰ ডিপাৰ্টমেণ্টেল ষ্ট’ৰখনলৈ বুলি ৰাস্তাটোৰ এফাল পাৰ হওঁতেই বহুসময় লাগিল৷ ডিভাইডাৰৰ সিফালে আৰু গাড়ীৰ ভিৰ৷ তাই উপায় নাপায় ডিভাইডাৰৰ ওপৰতে থিয় হৈ দিলে…প্ৰচণ্ড ট্ৰেফিক জাম৷ ৰাস্তাত ভৰি দিবলৈ ঠাই নাই৷ তাইৰ সন্মুখতে ক’লা স্কৰপিঅ’ এখন …চিনাকি চিনাকি যেন লাগিছে৷ চালকৰ আসনত থকাজনক চালে৷ জ্যোতিৰ্ময় …তাই ধুনীয়াকৈ হাঁহি এটা মাৰি তাৰ মুখলৈ চালে৷ কিন্তু সি একেবাৰে অচিনাকিৰ দৰে মুখখন ঘূৰাই দিলে৷ আচৰিত হৈ ৰিমিয়ে বহুদেৰি তাৰফালে চাই থাকিল৷ সি মাজতে আকৌ এবাৰ চালে তাইৰ ফালে…একেবাৰে অচিনাকিৰ দৰে৷ আবেলিৰ ৰ’দ শেষ হোৱাৰ পাছতো সি চানগ্লাছ পিন্ধি আছে৷ তাই খুউব দোধোৰ-মোধোৰত পৰিল৷ হয়নে নহয়! নহয় চাগৈ! ন’হলে প্ৰিয় পত্নীৰ প্ৰিয় বান্ধৱীক চিনি নাপাইনে? সন্মুখৰ সিটো চিটত বেলেগ এজনী ছোৱালীও বহি আছে৷ ……………

“কেনেকৈ পৰিলিনো? “

পৰীৰ বিছনাত ভৰি উঠাই বহি ৰিমিয়ে সুধিলে৷

“ জ্যোতিৰ্ময়ৰ বছৰ ঘৰত পাৰ্টী এটা আছিল৷ তাতে কালি দুপেগ বেছি হ’ল বুইছ৷ বাথৰুমৰ মজিয়াখন যে অলপ ওখ গম পোৱা নাছিলোঁ …উজুটি খালোঁ…বেচিনটোত ধৰিলো বুলিহে বাচিলোঁ …নহ’লে কালিয়েই মই চেটেপ্! “ তাই হাঁহি হাঁহি ক’লে৷

ৰিমিৰ খং উঠিছে পৰীৰ কথা শুনি৷ সেয়ে মনে মনে থাকিল৷ সদায় মানা কৰে তাই এই বেয়া স্বভাৱবোৰ এৰি দিবলৈ …নোৱাৰে তাই! ৰিমিৰ দৰে কথাবোৰ নাভাবে তাই৷ নৈতিকতাক ধৰি থকাতকৈ জীৱনটোক যিকোনো ধৰণে উপভোগ কৰাটোক বেছি সমীচীন বুলি ভাবে৷ তথাপি তাই পৰীক এৰিব নোৱাৰে যেনেকৈ তাইৰ ঠাইত নিজৰ ভনীয়েক এজনী হ’লে এৰিব নোৱাৰিলেহেঁতেন!

“ জ্যোতিৰ্ময়লৈ মোৰ খুউব বেয়া লাগিছে জান৷ বেচেৰা কালি আহিছিলহে বাহিৰৰ পৰা৷ কালি ৰাতিৰ পৰা মোৰ লগতে লাগি আছে৷ খুব আৰ্জেণ্ট মিটিং এখন আছে কাৰণে মই জোৰকৈ পঠিয়াই দিছোঁ৷ সিতো যাবই খোজা নাছিল৷ মই ইমান চঞ্চল …তথাপি সি মোক ইমান ট’লাৰেট কৰে! চব মতা মানুহ প্ৰশান্ত নহয় জান? জ্যোতিৰ্ময় দুনীয়াখন ঘূৰি ফুৰিলেও মোকেই কেৱল ভাল পাই জান? “

“তোৰ ভাগ্য ভাল দে“ কথাটো সলাবলৈ তাই কৈ উঠিল৷ প্ৰশান্তৰ কথা পাতি পুৰণা ঘাঁ খুচৰিব নোখোজে তাই!

ৰিমিৰ ক’লা স্কৰপিঅ’খনলৈ পুনৰ মনত পৰিল৷ সেয়া জ্যোতিৰ্ময় নাছিল যদি কোন আছিল? নাই জোতিৰ্ময় কেনেকৈ হ’ব? তাইক চিনি নাপাব নে সি? পত্নীৰ প্ৰিয় বান্ধৱীক দেখিলে নমতাকৈ নাথাকে নিশ্চয় সি! কথা পাতোঁতে পাতোঁতে তিনিঘণ্টা কেনেকৈ গ’ল ৰিমিয়ে গমেই নাপালে৷ যাবলৈ ওলাওঁতেই জ্যোতিৰ্ময় আহি ওলাল৷ তাইৰ লগত বেচ হাঁহি হাঁহি কথা পাতিলে৷ তাইক বহুদিন দেখা নাই সেয়া ক’লে সি…তাই যে আগতকৈ অলপ শকত হৈছে সেয়াও ক’লে৷ অৱশেষত পৰীক সময় দিব লাগে কাৰনে যে তাইক ড্ৰপ কৰিব যাব নোৱাৰিলে তাৰ বাবে অন্তৰৰ পৰা দুখ প্ৰকাশ কৰি সি বাথৰুমত সোমাল৷ ড্ৰাইভাৰৰ লগত স্কৰপিঅ’খনত বহি ঘৰলৈ আহি থাকোঁতেও তাই আগৰ ছিটটোলৈ চাই থাকিল৷

……………

অকলশৰীয়া মাতৃৰ জীৱন কিমান সংঘৰ্ষৰে ভৰপূৰ সেয়া ৰিমিৰ দৰে ভূক্তভোগীয়েহে জানে! পূৱা চকু মেলাৰ পৰা ৰাতি চকু মুদ খোৱালৈ! তথাপি অাত্মগৌৰৱ, আত্মসন্তুষ্টি আৰু আত্মসন্মানেৰে ভৰপূৰ এইজীৱন! কোনো মিছাৰ লগত সহবাস কৰিবলগা হোৱা নাই অন্তত: ৷

ক’ণমানিদুটিক মাক দেউতাক দুয়োৰে মৰম দিয়া, সিহঁতৰ সকলো দায়িত্ব অকলে পালন কৰা! টকা পইচাৰ জোৰা মাৰা, এটা ভাল উন্নত জীবনশৈলী দিয়া! তাইৰ যুক্তি তথা সাহসী দৃঢ় মনটোৰ আগত তিস্থিব নোৱাৰি প্ৰশান্ত নিজেই ওলাই গ’ল সিহঁতৰ ফ্লেটটোৰ পৰা৷ তাক মুক্ত আধুনিক জীৱন লাগে! প্ৰায়েই তাৰ গাত দীঘল চুলি, লেডীজ পাৰ্ফিউমৰ গোন্ধ, গাড়ীত ছোৱালীৰ কাণফুলিয়ে সিহঁতৰ কথা বতৰাক উতপ্ত তৰ্ক বিতৰ্কলৈ ৰূপান্তৰিত কৰিব ধৰিছিল৷ তাইক অত্যন্ত সন্দেহবাদী বুলি, চাকৰি এৰি ঘৰত সোমাই সোমাই তাই পাগল হ’ল বুলি, তাইৰ লগত ’’ভাল’’ মানুহ তিস্থিব নোৱাৰে বুলি সমাজক জনাই সি আন এটা ফ্লেট ভাৰাতলৈ থাকিবলৈ লোৱা আজি চাৰিবছৰ হ’ল৷ নিজে হাতেৰে সজোৱা ঘৰখনতে খোপনি পুতি থাকিল তাই! দুকোঠোলীৰ ভাৰাঘৰৰ পৰা এইবিলাসী ফ্লেটলৈ যাত্ৰাটোত তাইৰ বহুত আশা, বহুত সপোন জলান্জলি দিছে৷ ঘৰটোৰ প্ৰতিটো অংশত তাইৰ ঘাম সোমাই আছে যেন৷ এইঘৰ তাৰ যিমান তাইৰো সিমান, অবুজ শিশুদুটিৰ নিৰাপদ ঠিকনা এয়া! এতিয়া নিজৰ মাককো লগত ৰাখিছে তাই৷ নিজৰ মতত প্ৰশান্তৰ লগত বিয়া হোৱাৰ সিদ্ধান্তত অটল হৈ থকাৰ সময়ত এইমাকেই কৈছিল ’অচিন কাঠৰ থোৰা নলগাবি ’৷ সেই মাকেই চাকৰিলৈ ওলাই গ’লে ঘৰখন অাৰু কণমানি দুটিৰ প্ৰহৰী হৈ থাকে আজিকালি! সেয়ে নিচিন্ত হৈ পঞ্চাশ কিলোমিটাৰ দূৰৰ বিদ্যালয়ত শিক্ষয়িত্ৰী হ’ব পাৰিছে৷

প্ৰশান্তই মাহে মাহে কিছু টকা পইচা ভৰাই দিয়ে তাইৰ একাউণ্টত৷ এয়া তাৰ বোলে তাৰ “ফিউচাৰ লিগেল প্ৰবলেমচ্ এভইদ্ কৰাৰ কৌশল“ …সি নিজ মুখেৰে কোৱা কথা৷ নহ’লে এই পোৱালিবোৰে খাব পাইছে বা নাপাইছে সেই লৈ সি কনচাৰ্ণ নহয়…পাগলীৰ পোৱালী পাগলেই হ’বগৈ! কথাটো মনত পৰি তাইৰ আকৌ তাৰ মুখত থুৱাবলৈ মন গ’ল৷

……………………

দেওবাৰে সোনকালে উঠিবলৈ একদম ভাল নাপায় ৰিমিয়ে৷ সপ্তাহৰ আনবোৰ দিনত ৰাতিপুৱা যেন উশাহ ল’বলৈও সময় নাই৷

দেওবাৰৰ দিনটোত চাৰে পাঁচবজাতে কলিংবেলৰ শব্দত তাই উঠিবলৈ বাধ্য হ’ল৷ দুৱাৰমুখত নমিতাক দেখি ৰিমিৰ মুখৰ বিৰক্তি অাশ্বৰ্য্যলৈ পৰিবৰ্তিত হ’ল৷ ৰিমিক ঠেলা মাৰি ভিতৰ সোমাই নমিতাই দুৱাৰখন নিজে জপাই দিলে৷

বিধ্ধস্ত অাউল বাউল ৰূপ তাইৰ!

“বাইদেউ, মই তাত নাথাকো আৰু…মোক আপুনি ঘৰত থৈ আহক“

’কিয়’ বুলি সোধা প্ৰশ্নৰ উত্তৰত তাই যিখিনি ক’লে ৰিমি থৰ লাগিল শুনি৷ ভয়, শংকা নিদ্ৰাহীনতাত বিধ্ধস্ত নমিতা বোলা সোতৰ বছৰীয়া ছোৱালীজনী৷ যথেষ্ট শান্তনা দিয়াৰ পাছত তাই অলপ সুস্থিৰ হ’ল৷ মাকৰ কোঠাত থকা আনখন বিছনাত তাইক শুবলৈ দিলে৷

ৰিমিয়ে প্ৰাত: কৰ্ম কৰি পৰীক ফোন লগালে৷

“এতিয়াই মোৰ ঘৰলৈ আহ! “

ফোনটো কাটি চাহ একাপ বনাবলৈ পাকঘৰ নৌপাওঁতেই পৰীয়ে কলিংবেল বজালেহি৷

“তই ফোন কৰাৰ আগতেই মই ওলায় আহিছিলো তোৰ ঘৰলৈ বুলি………

“প্লিজ, কথাটো কাকো নকবি৷ মই জ্যোতিৰ্ময়ক খুব ভাল পাওঁ অ’৷ মই তোৰ দৰে ষ্ট্ৰং নহয়৷ তোৰ দৰে মোৰ নিজৰ ইনকাম ও নাই৷ প্লিজ মোক মাফ কৰি দে৷ জ্যোতিৰ্ময়ে মোক এৰি দিলে মই মানুহক কি মুখ দেখুৱাম ক’ছোন৷ মই কেনেকৈ চলিম? চানীৰ কি হ’ব? …প্লিজ, তই নমিতাক বুজা “

“তাৰমানে তই জানিছিলি সকলোবোৰ? তথাপি চকুমুদি তাইক তই এৰি দিছিলি তাৰ ওচৰত? “

“মই কি কৰিম কছোন? তাই কৈ আছিল কেইবাদিনৰ পৰা৷ মই কথাটো ইগ্ন’ৰ কৰি আছিলোঁ জানিবুজি৷ “

“কিয়? “

“মই তাক একো কথাত প্ৰ’টেষ্ট কৰিব নোৱাৰোঁ “

“কিয়? ? “

“সি মোক যি লাইফ দিছে সেয়া এৰি মই তোৰ দৰে কষ্ট কৰিব নোৱাৰোঁ “

তাই পাবলগা দৰমহা আৰু অতিৰিক্ত কেইহাজাৰ মান হাতত গুজি দি পৰী ঘৰলৈ গুছি গ’ল৷

……………

চোতালতে বহি নমিতাৰ মাকে নাৰিকল গছৰ পাতৰ পৰা বাঢ়নী চাঁচি আছিল৷ দেউতাকে কাঁহি কাঁহি কাষতে ভঙামূঢ়া এটাত জুপুকা মাৰি বহি আছিল৷ জৰাজীৰ্ণ ঘৰটোৰ নঙলাখুলি সোমাই যোৱা ৰিমিহঁতক দেখি আচৰিত হৈ পৰিল দুয়ো৷ নমিতাই মাকৰ ডিঙিত ধৰি ভালকৈয়ে কান্দিলে৷ মাকেও এসোঁতা কান্দিলে৷

………অহাৰ সময়ত ৰিমিয়ে দেউতাকক, তাই স্কুলৰ চকিদাৰজনৰ ককায়েকক হাতযোৰ কৰি ক’লে “ খুৰা, মোক ক্ষমা কৰিব৷ এতিয়া আপোনালোকে যি সিদ্ধান্ত ল’য় তাতেই মই আপোনালোকৰ লগত অাছোঁ৷ আপোনাৰ ছোৱালী আপোনাক গতালোঁ৷ ক’ৰ্ট কাছাৰীলৈ যাব লাগে যদিও যাম “ নমিতাক আহোঁতে হাতত পইচা বেছিকৈ দিয়াৰ কথাটো কওঁতে উজলি উঠা পোহৰ ছাটি দেউতাকৰ মুখত দুপকৈ নুমাই যোৱা তাই মন কৰিলে৷

পৰীৰ ঘৰত কাম কৰিবলৈ দৰিদ্ৰ, ৰুগীয়া এই পিতৃৰ গাভৰু কন্যাক তাই লৈ গৈছিল নিজৰ দ্বায়িত্বত……

ঘৰলৈ উভটনি যাত্ৰাত বাছত বহি চিলিমিলি টোপনিত তাই সপোন এটা দেখিলে…… ধোঁৱাময় ৰাস্তা এটাৰে ক’লা স্কৰ্পিঅ’ এখনত জ্যোতিৰ্ময় বহি গৈছে৷ কাষত নমিতা৷ পৰীৰ দৰে সুন্দৰ পোছাকত৷ লাহে লাহে জ্যোতিৰ্ময়ৰ শিং দুডাল গজিছে…দাঁতবোৰ নখবোৰ ওলায় আহিছে…আৰু …৷ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments