মুখাৰ আঁৰৰ মুখ – তৃপ্তি বৰা

 

সন্ধিয়াৰ পৰা একেকেইটা বাতৰিকে উৰাই ঘূৰাই দি থকা নিউজ চেনেল কেইটা চাই ৰমাকান্ত বৰুৱাৰ আমনি লগাত টিভিটো অফ কৰি থ’লে৷ ওচৰতে বহি মহিলা আলোচনী এখন পঢ়ি থকা পত্নী সৰলালৈ এনেয়ে এবাৰ চালে৷ কি হ’ল! আজি দেখোন এই পৰলৈ শ্ৰীমতী পাকঘৰলৈ যোৱা নাই! সুধিবলৈও ভয় নহয়৷ এনেকুৱা সময়ত সৰলাক কিবা সুধিলে তাৰ ফলাফল জ্বলি থকা জুইকুৰাত পেট্ৰল এবটল ঢালি দিয়াৰ দৰেই হয়গৈ৷ তথাপিও পেটৰ কলমলনিটোক শান্ত্বনা দিবই লাগিব৷
:হেৰা ভাত ৰান্ধিবলৈ যোৱাই নাই দেখোন আজি, কেতিয়া ৰান্ধিবানো? ..বৰুৱাই লাহেকৈ সুধিলে
:কিয়? মই বহি থকাটো তোমাৰ সহ্য নহ’ল নে? ..এই সৰলাজনীও কোনোবা পৰত বৰ জটিল হৈ পৰে দেখোন! কোনখিনিত কেৰোণ লাগে আঁত বিচাৰিয়েই পোৱা নাযায়৷
:এই বাবাটোনো ৰাতিখন ক’লৈ বা গ’ল ইমান দেৰিলৈ..মনতে কথাখিনি সামৰি থৈ বৰুৱাই পৰিবেশটো পাতল কৰিবলৈ বুলিয়েই এনেয়ে নিজকে কোৱাদি কথাষাৰ ক’লে৷
:ক’লৈনো যাব..গ’ল চাগৈ আড্ডা দিবলৈ৷ লোকৰ ল’ৰা ইঞ্জিনিয়াৰ বাহিৰত থাকে আৰু আমাৰজনৰ টিউচন কৰিয়েই জীৱনটো পাৰ হ’ব কিজানি..ভাবিছিলো কি আৰু পালোগৈ কি! ..উমি উমি জ্বলি থকা জুইকুৰাত কেৰাচিন অকণ ঢালি জুইশলা কাঠিডাল মাৰি দিলে ফাউচকৈ জ্বলাদি সৰলা বৰুৱাও জ্বলি উঠিল৷ অ’ তাৰমানে কথাৰ গুৰি সেইটোহে৷
:আজি কলিতানী আহিছিল নেকি? নে তুমি গৈছিলা তেওঁলোকৰ ঘৰলৈ?
:হেৰা খোঁচ মাৰি কথা নক’বা দেই..বৰুৱাৰ প্ৰশ্নটোৱে যেন বন্ধ হৈ থকা ইঞ্জিনটো ষ্টাৰ্টহে কৰি দিলে৷ কথাষাৰ কৈয়েই মানুহজনী একেচাবে বহাৰ পৰা উঠি চিধা পাকঘৰ পালেগৈ৷
:সেইজনীৰ ঘৰলৈ যাবলৈ মোৰ গৰজ হে পৰিছে৷ তাইৰহে পুতেকে বাহিৰত থাকি চাকৰি কৰিছে৷ অনবৰতে পুতেক বোৱাৰীয়েকৰ গুণ কিমান শুনিবা…
উঠি যাওঁতে কথাকেইটা মুখৰ ভিতৰতে ভোৰভোৰাই বকি গ’ল…অ’ তাৰমানে কথাৰ গুৰি সেইটোহে৷ এতিয়াহে জটিল অংকটো বৰুৱাৰ চকুত সৰল হৈ পৰিল৷ এৰা খং উঠিবৰে কথা৷ তাহানিৰে পৰা এতিয়ালৈকে নিজকে চুবুৰীটোৰ ভিতৰত একচ্ছত্ৰী সম্ৰাজ্ঞী বুলি ভাবি থকা সৰলা বৰুৱাৰ সন্মুখত যেতিয়া তেওঁৰেই একমাত্ৰ প্ৰতিদ্বন্দ্ব্বী বুলি ভৱা কলিতানীয়ে নিজৰ ইঞ্জিনীয়াৰ পুত্ৰৰ গুণ বখানি থাকিলে, নিজৰ এম.এ পাছ কৰি জুনিয়ৰ কলেজত কৰ্মৰত, ওচৰৰে মেট্ৰিকৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীখিনিক নিজৰ ভাই-ভনী বুলি এটকাও নোলোৱাকৈ পঢ়োৱা পুত্ৰক অকমৰ্ণ্য যেন লগাটোৱেই সৰলাৰ বাবে স্বাভাৱিক৷
কথাবোৰ বৰুৱাই বুজি পায়৷ সৌ তাহানিতে অঞ্চলটোৰ প্ৰথম টিভিটো কিনি আনি যেতিয়া চুবুৰীৰ আটাইকেইগৰাকীৰ আগত গৌৰৱ কৰিছিল, তাৰ দুদিনমানৰ পাছতেই কলিতানীয়ে তাতোকৈ ডাঙৰ টিভি এটা কিনি আনি বৰুৱানীক চাহ-মিঠাই খাবলৈ মতা দিনটোৰ কথা বৰুৱাৰ আজিও মনত আছে৷ নতুনকৈ গাড়ীখন কিনি অনাৰ দিনা কলিতানীক মিঠাই খাবলৈ মাতোতে “অ’ এইখন গাড়ী আমাৰ এওঁৰ ভনীয়েকৰো আছে, উঠিবলৈ যে ইম্মান বেয়া৷ লং জাৰ্ণি কৰিলে মানুহ কঁকালৰ বিষতে মৰিব৷“ ..কলিতানীৰ মুখৰ পৰা এইষাৰ কথা শুনাৰ পাছত সেইদিনা যে গাড়ী লোৱাৰ আনন্দত ৰন্ধা মাংসৰ ভাতসাঁজো সৰলাৰ ডিঙিৰ পৰা পেটলৈ ঠেলিব পৰা নাছিল, বৰুৱাই ঠিকেই অনুমান কৰিছিল৷ তাৰ কেইমাহমানৰ পাছতেই নতুনকৈ কিনা গাড়ীখন বিক্ৰী কৰি লেটেষ্ট মডেলৰ দামী গাড়ীখন লোৱাৰ দিনাহে সৰলাই ভাতসাঁজ পৰম সন্তোষেৰে খাবলৈ পাৰিছিল৷ নতুনকৈ কিনা পাটৰ কাপোৰযোৰ বা গহনাৰ চে’টটো আনি দুই বান্ধৱীয়ে ৱালখনৰ কাষতেই ৰৈ ৰিঙিয়াই মাতি ইজনীয়ে আনজনীক দেখুৱাবলৈ(জ্বলাবলৈ! ) নাপালে দুয়োৰে দেহ মন যে শাঁতেই নপৰে…তেওঁলোকৰ এইধৰণৰ মৰম চেনেহবোৰ লাহে লাহে সন্তানকেইটিৰ পঢ়া শুনা আৰু পাৰ্চেণ্টেজলৈকে সোঁচৰিছিল৷ কোনোবাটোৱে যদি আনটোৰ তুলনাত এক নম্বৰো কমকৈ পায়, তেনেহ’লে সুখবৰটো ইগৰাকীয়ে আনগৰাকীক নজনোৱাকৈনো থাকিব পাৰেনে? অতীজৰে পৰা নিজৰ অঘোষিত প্ৰতিদ্বন্দ্ব্বী বুলি ভৱা কলিতানীৰ মুখত অসমৰ বাহিৰত থকা পুত্ৰই দিয়া দামী দামী উপহাৰৰ কথা শুনিও মনে মনে থাকিবলগা হয়, সেয়া তেনেহ’লে কিমান কষ্টকৰ হ’ব পাৰে বৰুৱাই বুজি পায়৷
হ’ল বুলিয়েই ইমানো শুনি থাকিব নোৱাৰি আৰু দেই৷ বোৱাৰীয়ে যোৱাবাৰ যাওঁতে দিয়া ডাইমণ্ডৰ টপৰ কথা, ল’ৰাই দি পঠোৱা ব্ৰেণ্ডেড্ বেগ, পাৰফিউমৰ কথা..উস্! …পাচলি কাটি কাটি মনতে কথাবোৰ পাগুলি থাকিল সৰলা বৰুৱাই৷ আজিকালিটো মেল মিটিংবোৰতো কলিতানীৰ কথাৰ প্ৰতাপত কাষত মানুহ টিকিবই নোৱাৰা হৈছে…হাঁহিটো মাৰি পুতেকৰ কথা আৰম্ভ কৰিলেই সৰলাৰ টিঙিচকৈ খং উঠি আহে৷ আজিকালি কলিতানীৰ হাঁহিটো দেখিলেই কিয় জানো সৰলাৰ খঙে মুৰৰ চুলিৰ আগ পাইগৈ৷
: ইমান সময় তোমাৰ ফোনটো বাজি আছে, তুমি গমেই পোৱা নাইনে মা?
বাবাৰ মাততহে সৰলা নিজৰ পৃথিৱীলৈ ঘূৰি আহিল৷
: অ’ তই কেতিয়া আহিলি?
: কলিতানী খুৰীয়ে ফোন কৰি আছিল, তুমি নুঠোৱা দেখি মোলৈ কৰিছে৷ কলিতা খুৰাৰ গাটো অকস্মাৎ বেয়া কৰিছে বোলে৷ মই তেওঁলোকৰ লগত হস্পিতাল যাওঁ৷ তোমালোক আহি থাকিবা৷ …কথা কেইটা কৈয়েই বাবা লৰালৰিকৈ ওলাই গ’ল৷
বাবাৰ পাছে পাছে বৰুৱা-বৰুৱানীও গ’ল৷ কলিতাৰ অৱস্থা বৰ ভাল নহয়৷ ডাক্তৰে লগে লগেই আই চি ইউত ভৰ্তি কৰিছে৷ কলিতানী কান্দি কাটি বাউলীৰ দৰে হৈ পৰিছে৷ সৰলাই বুজাই বহাই সামৰিব পৰা নাই৷
: ল’ৰাটোলৈ ফোন কৰিলেনে? …বৰুৱাৰ প্ৰশ্নতহে কলিতানীৰ সম্বিত আহিল৷ এৰা হুলস্থূলৰ মাজত ল’ৰাটোলৈ খবৰেই দিয়া হোৱা নাই৷ কলিতানীয়ে লৰালৰিকৈ একমাত্ৰ পুত্ৰলৈ ফোন লগালে..
: হেল্ল’..সিফালৰ পৰা ভাঁহি আহিল৷
: সোণ, দেউতাৰৰ গা খুবেই বেয়া৷ তই কাইলৈকে বোৱাৰীক লৈ আহিব পাৰিবিনে?
: অ’হ মা, বোৱাৰী যাব নোৱাৰে অফিচ আছে৷ ময়ো নোৱাৰিম এই কেইদিনত আৰু কিছুমান কথা তোমালোকে নিজেই মেনেজ কৰিবাচোন৷ সকলো কথা মোক নজনালেও হয় ..লৰালৰিতে লাউড্‌স্পীকাৰত লগা ফোনটোৰ সিটো মুৰৰ পৰা ভাঁহি অহা কথাকেইটা বৰুৱানীহঁতে ঠিকেই শুনিলে৷ ফোনৰ সংযোগ বিচ্ছিন্ন কৰি চকুৰ পানীখিনি সামৰি লৈ কলিতানীয়ে কৈ উঠিল..
: দেউতাকৰ অসুখ বোলাত সি একেবাৰে চিন্তিত হৈ পৰিছে৷ এইকেইদিনত তাৰ এৰিব নোৱাৰা ব্যস্ততাৰ কাৰণে আহিব নোৱাৰে৷ মোক বৰকৈ কৈছে দেউতাকৰ কেয়াৰ ল’বলৈ৷ …কথাকেইটা কৈ তেওঁ কাষতে থকা সৰলাৰ মুখলৈ চাই উদাস হাঁহি এটা মাৰিলে৷ কলিতানীৰ ওঁঠৰ শুকান হাঁহিটো দেখি আজি সৰলাৰ খং নুঠিল৷ বৰং কিবা এক অচিন দুখে মনত খুন্দা মাৰি ধৰিলে৷ বিধ্বস্ত হৈ পৰা মানুহজনীক সৰলাই বুকুৰ মাজত সাৱটি ধৰিলে৷ কলিতানীৰ ওঁঠৰ শুকান হাঁহিটো ক্ৰমান্বয়ে উচুপনি আৰু তাৰ পাছত হুক্‌হুকনিলৈ পৰিণত হৈ পৰিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments