মুখা : উদয় সেনাপতি

মুখা (আধা মিনিটৰ গল্প)
– উদয় সেনাপতি

বজাৰখনত সোমায়ে প্রথমে, অভ্যাসবশতঃ, ‘পিয়ন’জন সদায় এইখিনি সময়ত ৰৈ থকা ঠাইডোখৰলৈ চালোঁ। কিবা নতুন খবৰ আছেই বা…! নাই ! তাৰ পিছত কালি বিক্ৰী কৰা বস্তুবোৰৰ সম্পৰ্কে কোনোবাই কিবা কৈছে নেকি জানিবলে চেষ্টা কৰিলোঁ। নাই কোৱা (ছেহ্… কাৰো ক’ব লগা নাইনে !)। আজি অৱশ্যে বিক্ৰী কৰিবলৈ একো নাই। কিন্তু এইখিনি সময়ত বজাৰত পাক এটা নামাৰিলেও, কিবা উকা-উকা লাগেচোন। তদুপৰি ঘৰত বহি থাকিবলৈও মন নাযায়। সেয়ে ওলাই আহোঁ। কৰিবলৈ একো নাছিল, তথাপি এনেয়ে ইফালে-সিফালে পায়চাৰি কৰি থাকিলোঁ। দুই এজনক দূৰৰ পৰাই হাঁহি মাৰি দেখুৱালোঁ (অৱশ্যে মোকো কেতিয়াবা হাঁহি মাৰি দেখুৱায়।) তাৰে দুজনমান চিনাকি, কিন্তু সৰহসংখ্যকেই অচিনাকি। হ’লেও ‘হাঁহি’ৰ মাজেৰেই এটা সম্পৰ্ক জীয়াই ৰাখিছোঁ।
দুই-এজনক বাটত মাত এষাৰ দি গৈছোঁ। ক’ৰবাত ক’ৰবাত মানুহবোৰে জুম বান্ধি আড্ডা দিছে, ভাগ-ভাগকৈ। বয়স আৰু ৰুচিৰ ভিন্নতা অনুযায়ী আড্ডাৰ বিষয়ো ভিন্ন। ক’ৰবাত দেশৰ ৰাজনীতিৰ আলোচনা, ক’ৰবাত আকৌ ক্ৰিকেট; ক’ৰবাত যদি দুজনমানে হাঁহিৰে খলকনি তুলিছে, ক’ৰবাত দুজনমানে ডিঙিৰ শিৰ ফুলাই যুক্তি-তৰ্ক কৰিছে ‘বিলাহী’ ফল নে পাচলি সেই বিষয়ে ! এফালৰ পৰা চাই গৈ আছোঁ। মাজে-মাজে কোনো আড্ডাত মূৰটো সুমুৱাই এষাৰ মাত দিছোঁ, তাৰপিছত মনে মনে লক্ষ্য কৰিছোঁ কোনোবাই মোক সমৰ্থন কৰিছেনে নাই !
কেতিয়াবা এনে লাগে যেন এই বজাৰৰ প্ৰতিখন মুখেই আচলতে একোখন ‘মুখা’। দৈনিক যিবোৰ মানুহ লগ পাওঁ, কথা পাতোঁ, ধেমালি কৰোঁ, হাঁহোঁ, সেইবোৰ যেন মাত্ৰ ‘মুখা’। ধুৰ…, এই বিলাক ভাবি কি লাভ ? মুখেই হওক বা মুখা, মোৰ কি আহে-যায় !! ‘টাইম পাচ’ কৰিবলৈ হে বজাৰলৈ যাওঁ।
ঘৰলৈ ঘূৰি আহি নিজৰ ‘মুখা’খন বেৰত সযতনে ওলমাই থ’লোঁ। কাইলৈ আকৌ লাগিবতো ‘ফে’চবুক বজাৰত’।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments