মুখা – মনজিৎ

স্নেপশ্বট-১

: আজি কালিৰ মানুহবোৰে আনৰ আগত ভাল দেখুৱাবলৈকে ভাল ভাল কাম কৰাৰ ফটো, ভিডিঅ’ আদি FB Instagram ত আপলোড কৰে, ডাঙৰ ডাঙৰ আৰ্টিকল লিখে৷ অথচ বাস্তৱত চব মুখা পিন্ধা ভণ্ড হয়৷ অকল নিজক যহোৱাৰহে ধান্দা সকলোৰে৷

: কি হ’ল হে শইকীয়ানী? কাক ইমানকে গুৱাল গালি পাৰিছে?

: এহ নকব আৰু বুইছে৷ কালি দীপাৱলী বুলি ঘৰত লগোৱা লাইটৰ ফটো দিলো আৰু আমাৰ সৰুটোৱে বম ফুটোৱা, কলগছ জ্বলোৱা ভিডিঅ’ দুটামানো দিছিলো৷ তাতেই হাজৰিকানীয়ে আহি যি ভাষণ দিবলৈ লাগিল মুৰটোৱেই গৰম হৈ গ’ল৷

: কি ভাষণ দিলে নো?

: তেওঁ কয় বোলে আমি চাইনীজ সামগ্ৰী বৰ্জন কৰিব লাগে৷ বোমা-ফটকাৰ পৰা আতঁৰত থাকিব লাগে৷ মুঠতে দেশভক্তি আৰু প্ৰদুষণৰ ওপৰত পুৰা দীঘলীয়া লেকচাৰ৷ এনে লাগিল যেন মোৰ বাবেই দেশ ৰসাতলে আৰু প্ৰদুষিত হৈ পৰিছে৷ ইফালে নিজে আপদেট কমেণ্ট দিছে ভিভ’ মোবাইলৰ পৰা৷ প্ৰদুষণৰ কথা কব আহে, অথচ নিজৰ গৰমে ঠাণ্ডাই এচি অন থাকিবই লাগিব৷ গিৰিয়েকৰ সেই কৌটি-কলীয়া গাড়ীখনৰ পৰা ক’লা ধোৱাৰ বাহিৰে বেলেগ নোলায়েই৷ মোক লেকচাৰ দিব আহে! হুহ!

– কথাবোৰ কৈ কৈ শইকীয়ানী ক্ৰমান্বয়ে খঙত উত্তেজিত হৈ গৈ থাকিল৷

: এ, হ’ব হ’ব৷ ইমান খং কৰি প্ৰেছাৰ হাই কৰিব নেলাগে দিয়ক৷ পিছে কালি আপুনি ফেচবুকৰ মহিলা গোটত পোষ্ট কৰা ‘স্বচ্ছ ভাৰত’ৰ ওপৰত লিখাটো কিন্তু ৰাইজে খুব ভাল পাইছে হে! আমাৰ এৱো কৈ আছে, বোলো লগতে থাকা, শইকিয়ানীৰ পৰা কিবা এটা শিকা৷ কিমান ধুনীয়াকৈ লিখে কথাবোৰ পঢ়িয়েই ভাল লাগে৷ বহু কিবা কিবি শিকিবলৈও পোৱা যায়৷ মই লাজেই পাই গৈছো জানে৷
: এহ, কি যে কয় নহয় আপুনি! মোৰ লাজেই লাগি গৈছে৷ সঁচাই ভাল পাইছে নে? —অলপ আগলৈকে খঙত জ্বলি পকি থকা শইকিয়ানী প্ৰশংসাৰ দুটোপাল বৰষুণতে শান্ত হৈ পৰিল৷ কৰকৰিয়া মাতটোও নিমিষতে কোমল হৈ পৰিল৷

: ও, খুব ভাল হৈছে৷ আপোনাৰ লিখাটো আমাৰ মাইনাইও পঢ়িলে৷ তায়ো ভাল পাইছে৷ তাই মোক কি কৈছে জানে?

: কি কৈছে? কি কৈছে কওকচোন? —শইকিয়ানীৰ মাতত ভাল লগা উৎকণ্ঠা

: তাই কৈছে শইকিয়ানী খুড়ী সলনি হৈ গ’ল ন’! মই বোলো কিয় ক’লা তেনেকৈ৷ তাই বোলে নহয় মানে শইকীয়ানী খুড়ীৰ লগত মই এবাৰ গাড়ীৰে যাওঁতে খিড়িকিৰে পানী বটল পেলোৱা দেখিছো৷ পুৱা প্ৰায়ে দেখো ডাষ্টবিনৰ ওচৰ পায়ো জাৱৰৰ পেকেটটো ডাষ্টবিনত নেপেলাই কাষতে থৈ আহে৷ এবাৰ চিনেমা চাব যাওঁতে তাহাতৰ সৰুটোৱে চিনেমাহলত চিপচ, পপকৰ্ণ খাই পেকেটবোৰ পকেটত ভৰাই লব খোজোতে শইকিয়ানী খুড়ীয়ে পকেটৰ পৰা উলিয়াই তাতেই পেলাই দিয়া দেখিছো৷ অথচ এই লিখনিটোত দেখোন সেইবোৰ খুব বেয়া অভ্যাস, তেনে কাম কৰিব নেলাগে বুলিহে কৈছে দেখোন৷ সেয়ে সলনি হৈছে বুলি ভাবিছো আৰু৷ মই তাইৰ প্ৰশ্ন কেইটাৰ উত্তৰেই বিচাৰি নাপালো বুইছেনে শইকিয়ানী৷ – এই বুলি কিবা এটা উত্তৰৰ আশাত শইকিয়ানীলৈ চালে৷

পিছে শইকিয়ানীৰ কি হ’ল জানো৷ প্ৰেচাৰেই উঠিল নেকি! কথাকেইষাৰ শুনি শেষৰ ফালে বগী মানুহজনী ৰঙা-চঙা পৰি গ’ল৷ ফুটা-নুফুটা মাতেৰে ‘মোৰ কাম এটা আছে’ বুলি খৰধৰকৈ সেই ঠাইৰ পৰা আঁতৰি গুচি গ’ল৷ ‘স্বচ্ছ ভাৰত’ৰ কথাটো ভাঙিপাতিও কৈ নগ’ল৷

☆☆

স্নেপশ্বট- ২

: বুইছে বৰুৱা, বঙালীবোৰৰ প্ৰতি বেয়া ভাব এটা মোৰ সেই ভাষা আন্দোলনৰ সময়ৰ পৰাই সোমাই আছে৷ মুখেৰে নকও যদিও সদায় ক্ষোভ এটা আছে ৷ সিহঁতি চাল্লা অসমতে বছৰ বছৰ থাকিও অসমীয়া ভাষা কবলে টান পায়৷ ইমান এটা ডাঙৰ আন্দোলনৰ পাছতো সিহঁত অকণো সলনি নহল৷ আপুনি চাবচোন অসমৰ প্ৰতিখন জিলাতেই বাংলা মাধ্যমৰ স্কুল আছে৷ তাতে চৰকাৰেও আকৌ হিন্দু বাংলাদেশীৰ নামত লাখে লাখে বঙালী মানুহ আনি সংস্থাপনৰ আইন বনাব ধৰিছে৷ কথাবোৰ বৰ চিন্তা লগা হৈছে৷ নিউজত অসমীয়া ভাষা কোৱা লিখা মানুহ কমি গৈছে বুলি কৈ আছে এইকেইদিন৷ সঁচাই সংকটত আমাৰ ভাষা, আমাৰ সংস্কৃতি৷ এই ভাষা-সংস্কৃতিৰ যে কি অৱস্থা হবগৈ চিন্তা কৰি তৎ পোৱা নাই, বুইছে! –

কথাখিনি বৰুৱাক কৈ থাকোতে অসমীয়া বিভাগৰ সদ্য অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক চলিহাৰ মুখত সঁচাই চিন্তিত হোৱাৰ চাপ দেখা গ’ল৷ বৰুৱা পিছে অলপ বেলেগ ধৰণৰ, কোনো কথাতে পটকৈ ৰিয়েক্ট নকৰে৷ হাতত লাষ্ট পেগটো লৈ সামান্য তভক মাৰিলে৷ চিপ এটা মাৰি সুধিলে৷

: আৎসা চলিহা, আপোনাৰ ল’ৰাটো অইলত চাকৰি কৰি থকা নাই জানো৷

: হয় হয় সি অইলৰ এগজিকিউটিভ ইঞ্জিনিয়াৰ৷ দুলীয়াজনতে থাকে৷ নাতি-বোৱাৰীৰে তাৰ মোটামুটি সুখৰ সংসাৰ৷ – চলিহাৰ কথাত পুতেকক লৈ গৌৰৱ জলজল পটপটকৈ জিলিকিছে৷

: অ’ মই খবৰ পাই থাকো৷ ফেচবুকত সি মোৰ ফ্ৰেণ্ডলিষ্টতো আছে৷ তাৰ আপদেটবোৰ প্ৰায়েই পঢ়ো৷ বৰ ধুনীয়াকৈ লিখে৷ ধুনীয়া বাক্য-গাঁথনি আৰু ভাষাটোত তাৰ যথেষ্ট দখল আছে৷ পিছে সুধিম সুধিমকৈ থাকিয়েই যায়৷ সি সকলো আপদেট কেৱল ইংৰাজীতহে দিয়া দেখো৷ অসমীয়াত লিখা এদিনো দেখা নাই পোৱা৷ লগ পালেও যথেষ্ট ইংৰাজী শব্দ ব্যৱহাৰ কৰে, আপুনি কিবা জানে নেকি কাৰণটো?

পেগটোৰ শেহ চিপটো মাৰি বৰুৱাই প্ৰশ্নবাণ এৰিলে৷

: অহ, নাই নাই! আচলতে সি সৰুৰে পৰা ইংৰাজী মিডিয়ামতে পঢ়া যে৷ তাতে অসমীয়াতো ফৰ্থ চাবজেক্ট টাইপহে আৰু, বৰকৈ গুৰুত্ব দিয়া নহল৷ বাকী বোৰ ইম্পৰ্টেণ্ট চাবজেক্টত লাগি থাকোতে অসমীয়া থাকিয়ে গ’ল৷ সেয়ে সি ভালকৈ অসমীয়া লিখিব পঢ়িব নাজানিলেই৷ এতিয়া নাতিটোৰো একেই জানে, ইংলিছ মিডিয়ামত পঢ়িছে যে, সিও ভালকে অসমীয়া পঢ়িব লিখিব নাজানেই৷ সেঃ সেঃ সেঃ – কথাখিনি কৈ কৈ চলিহাৰ মুখত যেন কিবা এক অদ্ভুত গৌৰৱৰ হাঁহি৷

কোনো কথাতে পটকৈ ৰিয়েক্ট নকৰা বৰুৱাই এইবাৰ কিন্তু পটকৈ ৰিয়েক্ট কৰিলে –
: হমমমম… বুইছে বৰুৱা আপুনি অলপ আগত একদম ঠিক কথা কৈছিল৷ মই ১০০% সন্মত আপোনাৰ কথাত৷ সঁচাই সংকটত আমাৰ ভাষা, সংকটত আমাৰ সংস্কৃতি৷ মোৰো বেছ চিন্তা হৈছে বুজিছে৷ পিছে বেছি চিন্তা কৰি ইমান ধুনীয়া নিচা ফলাতকৈ শুই থকাই ভাল বুইছে৷ আপুনিও শুই থাকক যাওক ময়ো যাওঁ৷ শুভৰাত্ৰি!!

এই কৈ বুলি বৰুৱা ঘপহকৈ উঠিল আৰু ঘৰলৈ বুলি ধলংপলংকৈ বাট ল’লে৷ মুখেৰে ভোৰ ভোৰাই গৈ থাকিল –
: …….. সঁচাই সংকটত আমাৰ ভাষা, সংকটত আমাৰ সংস্কৃতি৷ ……… মোৰ বেছ চিন্তা হৈছে চলিহা, মোৰ বেছ চিন্তা হৈছে!

চলিহাই বৰুৱাৰ আকস্মিক প্ৰতিক্ৰিয়াত বুজা নুবুজাৰ দোমাজাত ৰৈ তেওঁ যোৱা ফালে চাই তভক মাৰি ৰ’ল৷

☆☆

স্নেপশ্বট-৩

: ঐ বৰ্চা! বুক ফেয়াৰ ষ্টাৰ্ট হৈছে গম পাইছা নে নাই? এইবাৰ ভাল ভাল কেইখনমান লবই লাগিব বুইছা!

: য়ে হয় নেকি? কেতিয়াৰ পৰা?

: নেক্ট চানডেৰ পৰা৷ ওলাবা হা, বিৰাট ভাল লাগে মোৰ বুক ফেয়াৰ লাষ্ট টাইমৰ দৰে এইবাৰো মস্তি কৰিম দেই৷

: পানী পুৰি খাম, ম’ম’ খাম, আড্ডা দিম, শ্বপিং কৰিম, ফুল অন মস্তি একদম!

: অ! ৱাও আই এম চ’ এক্সাইটেড৷ যোৱাবাৰ বুকফেয়াৰত যে ধেৰ লম ভাবিছিলো পিছে ভাল ভাল কেইখনমান লোৱাই নহল ৰে৷ এইবাৰ মন পচন্দৰ কেইখনমান লমেই আৰু৷

: কছম চে ৰে! আমাৰ লগৰ যে চনজিব, তাৰ অৰগেনাইজিং কমিটিৰ মেম্বাৰ হয়, সি কৈছে এইবাৰ হেনো তাতে খুব ধুনীয়াকৈ চেল্ফি জ’ন এটাও এক্সট্ৰাকৈ বনাইছে৷

: অ’ ৱাও! কিমান যে ভাল খবৰ দিছা নহয়! উমমমমমাআআআহহ..

এইবাৰ মন পচন্দৰ ভালৰো ভাল চেল্ফি কেইখন মান ল’মেই লম আৰু গড প্ৰমিজ ওৱান কে লাইক লৈহে এৰিম৷ অনলি এঞ্জেল তুলতুলিয়েহে পাৰে নেকি? ময়ো দেখাই দিম ময়ো পাৰো বুলি৷ হুহ..

: থিক আছে এতিয়া বাই বাই৷ মই প্ৰিয়াংকা নেইনাহঁতকো খবৰটো দিও দেই….

(বিঃদ্ৰঃ- এনেদৰে গ্ৰন্থমেলাৰ পৰা কেনেকৈ নিজৰ উৎকৰ্ষ সাধন কৰিব তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰি দুই বান্ধৱীয়ে আন আন বান্ধৱী সকলোকো চহৰত গ্ৰন্থমেলা অহাৰ খবৰ বিয়পাই দিলে)■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments