মুখা (ৰক্তিম গোস্বামী)

(নিজকে তাৰ স্থিতিত থৈ কথাবোৰ ভাবিব ধৰিলো। এটা উঠি অহা ল’ৰাৰ বাবে এয়া এক মাৰাত্মক দুঃসময়। তাৰ অট’ৰ কাষেদিয়েই যে প্রতিদিনে পাৰ হয় নামি-দামী বাইকত সপোন কুঁৱৰীয়ে সজোৰে সাবটি ধৰা তাৰ সমনীয়াৰ পিঠিৰ উমৰ সুবাস। সি বা কি ভাবে তেতিয়া?…)

 

মুখা

 

ৰক্তিম গোস্বামী


অট’ অট’…

ইল্লি ছাৰ?

লে আউট

ছাৰ, 50 ৰুপিজ এক্সট্রা কুৰি ।

ধেই…

অট’ অট’…

ইল্লি ছাৰ?

লে আউট

ছাৰ, ৱান এণ্ড হাফ কুৰি ছাৰ….

অট’ ছালকৰ লগত কথা পতাই ভুল। কথা পতা মানেই মগজুটো গৰম কৰা। মিটাৰত কোনেও যাব নিবিচাৰে। অন্ততঃ ১০ টকা হ’লেও বেছি লাগিবই আৰু নিদিও বুলিলে মুখখনৰ এনে এটা ভাঁজ দিব যেন মই পৃথিৱীৰ আটাইতকৈ চিকতা মানুহটো। খোজ কাঢ়ি অলপ আগুৱাই গ’লো। এনেতে প্রায় ২২ বছৰীয়া এজন যুৱক আগবাঢ়ি আহি সুধিলে –

Sir, You need auto?
মই ক’লো- Yes
সি সুধিলে- where do you want to go?
মই ক’লো- Layout

সি ক’লে- Sure Sir,no problem. Please get in.
মনটো ভাল লাগিল। ল’ৰাজন শিক্ষিত আৰু ভদ্র বুলি সহজে বুজি উঠিলোঁ। মিটাৰতকৈ অধিক পইচা দাবী নকৰাকৈ ভদ্রভাৱে আৰু ইংৰাজী ভাষাৰে এজন পথচাৰীক অট’লৈ এনেকৈ আগুৱাই লৈ যোৱাটো সাধাৰণতে বাংগালুৰুত এক বিৰল ঘটনা। যাত্রা আৰম্ভ কৰিলো। কিছুদূৰ গৈ প্রথম ছিগনেলটোত অট’খন ৰখিল। অট’চালকে কাৰোবালৈ ফোন কৰি ইংৰাজীতে কথা পাতিলে। কথা শেষ কৰি মোৰ ফালে ঘূৰি চাই ইংৰাজীতে সুধিলে-

-ছাৰ কথা এটা সোধোনে?
—কোৱা

– ইংৰাজী ভাষাত মোৰ দখল কেনেকুৱা বাৰু? মই ইংৰাজীত কোৱা কথাবোৰ আপুনি স্পষ্টকৈ বুজিছে নে?
এটা অনাকাংক্ষিত অথচ অমায়িক প্রশ্ন। মোৰ ওঁঠ দুটাত ক’ৰবাৰ পৰা এটি মিচিকিয়া হাঁহিয়ে আহি জিৰণি ল’লেহি। তাক ক’লো— ভাল, তোমাৰ দখল ভাল। উচ্চাৰণ স্পষ্ট। কিন্তু আৰু ভাল হোৱাৰ থল আছে।
সেউজীয়া লাইটটো জ্বলি উঠাত সি অট’খন চলাই আগবাঢ়িল আৰু লগতে সুধিলে

– কেনেকৈ ভাল কৰিব পাৰি ছাৰ? কিবা উপায় দিয়কচোন?
সাধাৰণতে অট’চালক বা বাহিৰে ওলাই গ’লে অচিনাকী মানুহৰ লগত বেছি কথা পাতি ভাল নাপাওঁ। তথাপিও এই অট’চালকটোৰ কথাটো যেন অলপ বেলেগ। মই ক’লো—‘যিমান শুনিবা, যিমান ক’বা, সিমানেই শিকিবা। এইটো এটা দৈনন্দিন প্রক্রিয়া। ইয়াৰ কোনো বিশেষ ফৰ্মূলা নাই।’

মোৰ কথাখিনি তাৰ মুখখন যেন উজলি উঠিছিল। তাৰ কথা পতাৰ আগ্রহ, সমল আৰু ইচ্ছা সকলো আছে বুলি মই ভালকৈ বুজি উঠিলোঁ। মইয়ে সেয়ে তাক সুধি পেলালো—‘তোমাৰ শিক্ষা?’

-ছাৰ, মই বি কম চূড়ান্ত বৰ্ষৰ ছাত্র। সদায় কলেজলৈ যাব নোৱাৰো। বন্ধৰ দিন আৰু মাজে-মাজে কলেজলৈ নগৈ অট’ চলাও আৰু ৰাতি এটা সময়লৈকে চাইকেলত চাহ, বিস্কুত আৰু চিগাৰেট বিক্রী কৰোঁ।

কথাখিনি শুনি প্রথমে মনটো কুমলিছিল। মনলৈ আহিল এই কথাখিনি—‘সঁচা কথাটো হ’ল যে প্রত্যেকৰ জীৱনত সমস্যা আছে আৰু আজীৱন আহি থাকিব। ইয়াৰ লগত যুঁজ দিয়াৰ শকতি মানুহে নিজেই আৰ্জিব লাগিব, স্বাধীনভাৱে।’ সহানুভূতিয়ে মানুহ দুৰ্বল কৰে। মই ল’ৰাজনৰ কথাখিনিত অলপ আৱেগ দেখুৱাই কেৱল ক’লো—‘তোমাৰ কথা জানি ভাল লাগিল। তুমি সততাৰে আৰু কষ্টৰে জীৱনত আগুৱাইছা। ইয়াৰ উচিত ফল তুমি পাবাই।’

আন এটা ছিগনেলত ৰঙা লাইটোৱে তাৰ ডাঙৰ চকুটিৰে আমাক ৰখিবলৈ পুনৰবাৰ কাঢ়া নিৰ্দেশ দিলে। অট’খন ৰ’ল। সি অলপ সেমেকা মাত এটাৰে ভাবুক হৈ ক’লে-‘ছাৰ, কথাবোৰ ইমান সহজ হোৱা হ’লে ভাল আছিল। কথাবোৰ মোৰ মাজতে শেষ নহয়। মই গোটেই ঘৰখনৰ দায়িত্ব ল’ব লাগে।’…অলপ পৰ ৰৈ সি পুনৰ কৈ গ’ল—

: মই মাহে ৮ হাজাৰ টকা সুত দিব লাগে। সুত ১তাৰিখে নিদিলে পিছদিনা পুৱা ৬ টা বজাতে মানুহ আহি ঘৰত অশান্তি কৰে। দেউতাই বহুত টকা সুতত লৈছিল আৰু তাৰে কিছুদিন পিছতে ষ্ট্র’ক হৈ দেউতা ঢুকাই থাকিল। সকলো দায়িত্ব পলকতে মোৰ গালৈ আহিল। মোৰ জীৱনটো সলনি হৈ গ’ল। মা-ভনীৰ লগতে দেউতাৰ ধাৰৰ বোজাই মোক কোঙা কৰি পেলাইছে।

…অট’খন লাহে লাহে পুনৰ আগবাঢ়িল…মই কথাবোৰ শুনি অলপ স্তম্ভিত হ’লো। নিজকে তাৰ স্থিতিত থৈ কথাবোৰ ভাবিব ধৰিলো। এটা উঠি অহা ল’ৰাৰ বাবে এয়া এক মাৰাত্মক দুঃসময়। তাৰ অট’ৰ কাষেদিয়েই যে প্রতিদিনে পাৰ হয় নামি-দামী বাইকত সপোন কুঁৱৰীয়ে সজোৰে সাবটি ধৰা তাৰ সমনীয়াৰ পিঠিৰ উমৰ সুবাস। সি বা কি ভাবে তেতিয়া?

: ছাৰ…

তাৰ মাতত সম্বিৎ ঘূৰাই পালোঁ।

: কোৱা…

: মই কিয় আপোনাক ইংৰাজীৰ কথা সুধিছিলো জানে?

: কোৱাচোন তুমিয়েই।

: মই কল চেন্টাৰত কাম কৰিব বিচাৰোঁ। এটা ইণ্টাৰভিউ দিছিলোঁ কিন্তু চাকৰি নাপালোঁ। আকৌ দিম। কল চেন্টাৰত চাকৰি পালে মোৰ সকলো সমস্যা দূৰ হৈ যাব। আপুনি কোৱা কথাবোৰ মনত ৰাখিম।

কথাৰ মাজতে ল’ৰাটোলৈ ফোন আহিল।

এইবাৰ ল’ৰাজনলৈ মোৰ মৰম লাগিল। ইতিমধ্যে ঘৰ পাবৰ হ’ল। সি কথা পাতি আছে। তাৰ কথাবোৰ শুনিবলৈ মন গ’ল। আধা উৰ্দু আৰু মাজে মাজে কানাড়াত খুউব লাহে লাহে পতা কথাবোৰ বুজিবলৈ মোৰ বৰ বেছি অসুবিধা হোৱা নাছিল।

অ’ কিন্তু এইয়া কি? সি দেখোন মোৰ কথাই পাতি আছে।

: নাই ৰ’ আজি এটা কাষ্টমাৰ পাইছো, বাহিৰৰ। দেখিয়েই গম পাইছো টুপি পিন্ধাব পাৰিম বুলি। ফুল ট্রেজেডিৰ কাহিনী এটা শুনাই আছোঁ। আগতে এটাই কাহিনী শুনি ৫০ টকা এটা বেছি দিছিল..এইটোৱেও দিব যে খাটাং। কিমান খুজি খুজি ল’বি আৰু।….ঠিক আছে এতিয়া ৰাখো, কাষ্টমাৰৰ ডাউট হ’লে বেয়া হ’ব। ৰাতি আড্ডাত লগ পাম।…
কিয় নাজানো বেছি হতাশ নহ’লো। হয়তো ‘মানুহ’ বোলা জীৱটোক লাহে লাহে সঠিককৈ বুজিব আৰম্ভ কৰিছো। পলকতে যাত্রাৰ আৰম্ভণিৰ পৰা শেষলৈকে কথাবোৰ মনত এখন ছবিৰ দৰে আহি গুচি গ’ল। মোৰ মুখত আহি পুনৰ এটি মিচিকিয়া হাঁহি আহি জিৰণি ল’লেহি।

: অকে, ইয়াতে ৰখোৱা।

: ১১০ টকা ছাৰ।

১২০ টকা তাৰ হাতৰ মুঠিত গুজি দি গুচি আহিলোঁ। ১০ টকা বেছিকৈ কিয় দিলো মই এতিয়াও নাজানো।

হয়তো এক বিনা-আমনিদায়ক যাত্রা উপহাৰ দিয়াৰ বাবে। হয়তো এক নতুন কাহিনীৰ বাবে। হয়তো মানুহৰ এক নতুন স্বৰূপ উদাই দিয়াৰ বাবে।

সেই ল’ৰাজনৰ ৰূপত এখন অদৃশ্য মুখা চিৰকাল মোৰ দুচকুত সজীৱ হৈ থাকিব।
—————————————————————————————————————————

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক