মুখ (নীলোৎপল শৰ্মা)

(১)
উলুবাৰী বাছষ্টপেজত ৰৈ আছোঁ, বেলতলালৈ যোৱা চিটিবাছৰ অপেক্ষাত। বহুত সময় হ’ল এনেকৈ ৰৈ থকাৰ, কিছু অস্বস্তিও অনুভৱ কৰিছোঁ, তাৰ মাজতে খানাপাৰা, খানাপাৰা চিঞৰি বাছ এখন ৰ’লহি। দুই এজন মানুহ নামিছে, দুই এজন উঠিছে আৰু ঠিক তেতিয়াই মই দেখিলো সেই মুখ। ওঠৰ-উনৈছ বছৰীয়া এজনী ছোৱালী। খোলা খিৰিকিখনেৰে তাই এক মায়াময় নান্দনিকতাৰে মোৰ পিনেই চাই আছে। এক মুহূৰ্তৰ বাবে মোৰ চকুৱেও তাইৰ সেই চাৱনিক উদাৰতাৰে সম্ভাষণ জনাইছে। আকৌ পিছমুহূৰ্ততে ইফালে-সিফালে চকু ঘুৰাব চেষ্টা এটা চলাইছো, কিন্তু বাৰে বাৰে সেই মুখখনলৈ মোৰ চকু উভতি আহিছে। ‘খানাপাৰা-পল্টনবজাৰ-কাছাৰী’ লিখা চিটিবাছখনৰ য’ত ‘পল্টনবজাৰ’ শব্দটো আছে, তাৰ ঠিক ওপৰতে থকা খিৰিকীখনতেই যেন এই মুহূৰ্তত জগতৰ সমস্ত উজ্জ্বলতা আৰু প্ৰতিশ্ৰুতিময় সপোনবোৰে ঠাহ খাইছে। কোনো মানুহ ইমান সৌন্দৰ্যময় কেনেকৈ হ’ব পাৰে। ইমান ধুনীয়া মানুহ আছেনে সঁচাকৈ এই পৃথিৱীত !! মই মন কৰিছিলোঁ মোৰ যেন চকু আৰু বুকুৰ আকুলতা লাহে লাহে বহু ৰঙীন কেনভাছত বিলীন হৈ গৈছে। লগে লগে চাট মাৰি এটা ভয়ে মোক বিহ্বল কৰি তুলিছে, মোৰ বোধ হ’ল সেই মুখ আঁতৰি গ’লেই যেন শেষ হৈ যাব সকলো, হেৰাই যাব মোৰ জীৱনৰ সকলো ৰং, সুখী হ’ব পৰা সকলো উপাদান। হেণ্ডিমেনে ঢপ ঢপ কৈ গাড়ীখনত দুটা ঢকা মাৰিছিল। মই সন্ত্ৰস্ত হৈ পৰিছিলোঁ। বাছৰ চকা ঘড়ী কাটাৰ ওলোটা দিশত লাহে লাহে চলিবলৈ আৰম্ভ কৰিছিল। পল্টনবজাৰ শব্দটো চকুৰ আগৰ পৰা লাহে লাহে দূৰলৈ গুছি গৈছিল, লগে লগে সেই খিৰিকিখনো…
এয়া আছিল কেইবাবছৰৰো আগৰ কথা। যোৱা সময়চোৱাত মোৰ জীৱনৰ বহু কথা পাহৰণিৰ গৰ্ভত সোমাল, কিমান চিনাকীজনো অচিনাকী হ’ল, কিমান আপোন বুলি ভবাজনৰো হয়তো নাম-চেহেৰা মোৰ মনৰ পৰা ওলাই গ’ল, কিন্তু আজিও মোৰ মনৰ মাজত নিগাজিকৈ আৰু স্পষ্টকৈ ৰৈ গ’ল সেই ওঠৰ-উনৈছ বছৰীয়া মুখ, জীৱনত যাক মই দ্বিতীয়বাৰৰ বাবে নেদেখিলোঁ।

(২)
সাতবছৰ আগতে মাজুলীলৈ গৈছিলোঁ। নিমাতীঘাটৰ পৰা কুঁৱলীফালি নদী পাৰহৈ বাটকুৰি বাই উপস্থিত হ’লো মাজুলীত। সকলো চাই মেলি মোৰ ভ্ৰমণৰ সামৰণি কৰিলো আউনীআটী সত্ৰত। তাতে দেখিলো কিছুমান সৰু সৰু সেমেকা কোঠা য’ত ভকত সকল থাকে, সম্ভৱতঃ সেই কোঠাবোৰকে ‘বহা’ বুলি কয়। খালী ভৰিৰে খোজ দিলেই সেই সেমেকা পৰিবেশত আমাৰ গা সিৰসিৰাই যায়, অথচ দেখিলোঁ বিভিন্ন বয়সৰ ভকতসকলে শীতৰ সেমেকা পৰিবেশত উদং গাৰে তেওঁলোকৰ নিজ নিজ কৰ্মত ব্যস্ত হৈ থকা। কোনোৱে অতিথিক সোধা-পোছা কৰিছে, কোনোৱে খোৱা-লোৱাৰ ব্যৱস্থা কৰিছে। তেওঁলোকৰ পৰাই গম পাইছিলোঁ তেওঁলোকৰ যে আছে নিজৰেই এখন বিচিত্ৰ পৃথিৱী। য’ত কেৱল ভক্তিৰসতে নিজকে বিলীন কৰাই পাৰ কৰে ওৰেতো জীৱন। বিয়া-বাৰু নকৰাই আঁতৰি থাকে সংসাৰৰ মায়ামোহৰ পৰা। এওঁলোক কেৱলীয়া ভকত। বহুতেই এওঁলোকক কোনো ৰক্ষণশীল সমাজৰ প্ৰতিনিধি বুলি আখ্যা দিব, কিন্তু কিমান ত্যাগ আৰু বলিদানৰ অন্তত বানে থেকেছি শেষ কৰিব খোজা সত্ৰৰ প্ৰতিটো সম্পদৰ সুৰক্ষাৰ প্ৰতি এওঁলোক যে এইদৰে অংগীকাৰবদ্ধ সেই কথা হয়তো বহুত কমে মানুহেহহে অনুধাৱন কৰিব। এইসকল ভকতে গোটেই জীৱন পাৰ কৰে বৈৰাগ্য আৰু উদাসীনতাত। তথাপি কি প্ৰফুল্লিত মন, প্ৰশান্তিময় মুখ। যেন কাৰো প্ৰতি কোনো অক্ষেপ নাই, কোনো অভিযোগ নাই। সকলো ভকতৰে মুখত দেখিছিলো এক অদ্ভুত উজ্জ্বলতা, ভোগবাদৰ জীৱন দৌৰত এওঁলোক স্থিতপ্ৰজ্ঞ কেৱল সত্ৰৰ প্ৰতি, ভক্তিৰ প্ৰতি। কিন্তু এইবোৰ ভকতৰ মাজতে দেখিছিলোঁ এখন মুখ- ক্ষীণকায় শৰীৰ, পিন্ধনত চুৰিয়া, উৰ্ধ্বাংগত এখন মাথোঁ গামোচা, দীঘল চুলিখিনি পিছফালে খোপা বন্ধা। মোৰ পিনে থৰহৈ চাই ৰৈছিল। কেইবাবাৰো মোৰ চকুৱে চকুৱে পৰিছিল। মই কিছু ইতস্ততঃ অনুভৱো কৰিছিলোঁ। না তেওঁ মোক কিবা কৈছিল, বা সুধিছিল না মই তেওঁক কিবা সুধিছিলো। মাথো মোলৈ থৰহৈ এক অদ্ভুত চাৱনিৰে চাইছিল।

পাছদিনা মই মাজুলীৰ পৰা ওভতি আহিম। আগদিনা ৰাতি খাই বৈ শুবলৈ গ’লোঁ। মাজনিশা দুৱাৰত টোকৰ পৰিল। মই সন্তৰ্পণে উঠি আহি দুৱাৰখন খুলি দিলোম। সন্মুখত সেইজন ভকতেই থিয় হৈ আছে। মই কিছু আচৰিত হ’লোঁ, বাহিৰত তেতিয়া ঘিটমিটীয়া আন্ধাৰ। তেওঁৰ হাতত এটা সৰু টৰ্ছ। মোক এইদৰে ইমান কাষৰ পৰা দেখি তেওঁ যেন কিছু বিমূঢ় হৈ ৰৈছে। বহু সময় ধৰি তেওঁ তেনেকৈয়ে একো নোকোৱাকৈ থৰ হৈ মোলৈ চাই থাকিল। হাতত তেওঁৰ টৰ্চটো জ্বলিয়েই আছে, মোৰ মোবাইলত থকা টৰ্চৰ পোহৰত জিলিকি উঠিছে তেওঁৰ মুখ। ম্লান হাঁহি এটাৰে সৈতে এখন শেতা মুখ অথচ চকুত সাগৰ সদৃশ গভীৰতা। মৌন হৈ দুয়ো কিছুপৰ থিয় হৈ থাকিলোঁ। তাৰ পিছত ময়েই ক’লো- “কওক, কিবা ক’ব ?”
“হাহ্…”
তেওঁ উচপ খাই উঠিছিল মোৰ মাতত। তাৰ পিছত সৰু মাতেৰে এক অজান ভীতিৰে ক’লে- কালিলৈ পুৱা খুব সোনকালে বালিচাপৰিত বেলি উদয় হোৱা চাবলৈ যাম দিয়ক, যাবনে?
মই কিছুপৰ তধা লাগি চাই ৰৈছিলোঁ তেওঁলৈ। এই কথাটো তেওঁ মোক দিনে পোহৰেওতো ক’ব পাৰিলেহেতেঁন, মাজনিশা এনেকৈ টোপনিৰ পৰা জগাই…

কথাবোৰ মোৰ মনৰ মাজত খাপ নাখালে। তথাপিও তেওঁক যাম বলি কৈ বিদায় লৈ পুনৰ বিচনালৈ আহিলোঁ। সোনকালে উঠিম বুলিয়ে নেকি চাগে বেছিকৈ একো নাভাবি শুই থাকিলোঁ। কিন্তু পিছদিনা বেলি উদয়তো হ’ল, কিন্তু তাক চাবলৈ বালিচাপৰিলৈ লগ ধৰা সেই ভকতজনক কিন্তু মই নেদেখিলোঁ। যথাসময়ত মই মাজুলী এৰি গুচি আহিলোঁ, বহুবাৰ ভাবিলোঁ পাৰহৈ যোৱা ৰাতিটোৰ কথা, কিন্তু কোনো উত্তৰ নাপালোঁ। ইয়াৰ পিছতো মই যোৱা সময়চোৱাত বিভিন্ন লগ বন্ধুৰ লগত তিনিবাৰ মাজুলীলৈ গৈছোঁ, কিন্তু আউনীআটী সত্ৰৰ সেই ভকতজনৰ মুখখন মই আৰু কোনো দিনেই তাত দেখা নাই। কাৰোবাক সুধিবলৈ তেওঁৰতো নামটোও মই নাজানিলোঁ। এতিয়া মাথো মাজে মাজে ভাবোঁ- কি কথা বা ক’বলৈ আহিছিল সেইদিনা! কবলৈ নোৱাৰিলে বা কিয় ! মাজনিশা টোপনিৰ পৰা জগাই সঁচাকৈয়ে বেলি উদয় হোৱা চাবলৈ লগ ধৰিব আহিছিল নে তেওঁ! নে সেইদিনাৰ বেলি উদয় হোৱা কথাষাৰৰ আছিল নেকি কোনো অন্য অৰ্থ !! যদি একমুহূৰ্তৰ বাবে ধৰি লওঁ তেওঁৰ বৈৰাগ্য জীৱনটো এটা অন্ধকাৰ ৰাতি, তেন্তে সংসাৰৰ মায়া হ’ব পাৰে নেকি এক নতুন সূৰ্যোদয়। ক’ব নোৱাৰোঁ। এয়া কেৱল মাথো মোৰ ধাৰণাহে। যেতিয়া কোনো কথাৰ কোনো উত্তৰ বিচাৰি পোৱা নাযায়, তেতিয়াই মানুহে ধাৰণাৰ বতাহজাকত নিজকে এৰি দিয়ে। অন্ততঃ মন জুৰ পৰিবলৈকে। মইও তাকেইহে কৰি চাওঁ কেতিয়াবা। উপায়তো নাই, সেই মুখ যে হেৰাই গ’ল কৰবাত। বিচাৰিবলৈ, সেই কথাবোৰৰ উত্তৰ পাবলৈ মোৰ ওচৰতযে তেওঁৰ কোনো পৰিচয়ো নাই…আছে মাথোঁ টৰ্চৰ পোহৰত জিলিকি ৰোৱা মুখৰ স্মৃতি… ক্ষীণকায় শৰীৰ, পিন্ধনত চুৰিয়া, দীঘল চুলিখিনিৰ পিছফালে খোপা। চাৱনিত তেওঁৰ সাগৰ সদৃশ গভীৰতা…।

(৩)
পুৰণিখন বেছি নতুন বাইকখন লোৱা এমাহো হোৱা নাই। গুৱাহাটীৰ পৰা সন্ধিয়া ঘৰলৈ আহি আছো, যোৰাবাট পাৰ হৈ সোণাপুৰৰ ওচৰ পাওঁতেই হঠাৎ ক’ৰ পৰা জানো গৰু এটা তীব্ৰ জোৰত মোৰ বাইকৰ আগেদি দৌৰ মাৰিলে মই একো ততেই ধৰিব নোৱাৰিলোঁ। মৰণকে সৰণ দি জোৰেৰে ব্ৰেকডাল মাৰিলোঁ, গৰুৰ গাত নালাগক বুলি ঘাইপথৰ কাষলৈ বাইকখন পাৰে মানে চপাইও নিলোঁ, তথাপি নোৱাৰিলো। গৰুটোৰ গাত নালাগিল যদিও পথৰ কাষৰ বালিত পিছলি মই পৰি গ’লোঁ। পিছে পিছে আহি থকা গাড়ী এখন ৰৈ গ’ল। মোৰ এটা ভৰি তেতিয়া বাইকৰ তলত সোমাই আছিল আৰু মই উলিয়াই আনিবলৈ যত্ন কৰি আছিলোঁ, মোৰ সেই অসহায় অৱস্থাটো দেখি গাড়ীখনৰ পৰা এজন ষাঠিৰোৰ্দ্ধ ব্যক্তি নামি আহিল। আঠুটো বালিত চুঁচৰি ছাল গৈছিল, কিন্তু তাৰ বাহিৰে সিমান এটা কষ্ট নাপালোঁ। পেণ্টটো আঁঠুটোৰ ওচৰতে এডোখৰ ফাটি ওলমি আছিল। ব্যক্তিজনে মোৰ ওচৰতে বহি লৈ মোৰ ভৰিখন নিজৰ আঁঠুৰ ওপৰ অংশত উঠাই ল’লে। নিজৰ ৰুমালখনৰে মোৰ আঠুটোৰ তেজ বিৰিঙি থকা ঠাই টুকুৰা মেৰিয়াই দিলে, গাড়ীৰ পৰা কঁপাহ অলপ আনি তাৰ আগতে আঁঠুটো চাফা কৰিও দিলে। সকলো ঠিক-ঠাকেৰে হৈ গ’ল। মোৰ আৰু একো অসুবিধা নাই বুলি আস্বস্ত হোৱাৰ পাছত তেওঁ যাবলৈ ওলাল, মই তেতিয়াও কিছু পৰিমাণে দুৰ্ঘটনাটোৰ পৰা বাহিৰ ওলাবই পৰা নাছিলোঁ। “এতিয়া লাহে লাহে গৈ থকা, কাইলৈ পাৰিলে টিটেনাছ এটা লৈ ল’বা” বুলি কৈ মানুহজনো নিজৰ গাড়ীত বহিল, মই একেঠাইতে থৰ হৈ ৰৈ থাকিলোঁ, গাড়ীখন মোৰ কাষেৰে পাৰহৈ যোৱাৰ সময়ত মানুহজনে খিৰিকিৰে মূৰ ওলিয়াই আকৌ এবাৰ সুধিলে- “পাৰিবা নহয় যাবলৈ ?” মই সামান্য মূৰ দুপিয়ালোঁ। মানুহজন গ’ল গৈ। মোৰ কাষেৰে পাৰহৈ গাড়ীখন চকুৰ আগতেই ক্ৰমাৎ অদৃশ্য হৈ পৰিল। ইয়াৰ পিছত বিগত পাঁচটা বছৰে সন্ধিয়াৰ সেই কানিমুনি পোহৰত দেখা বয়োজেষ্ঠ মুখখন মই আৰু কোনোদিনেই দেখা নাপালোঁ। অথচ এই বাটেৰেই মই কতবাৰ অহা-যোৱা কৰিছোঁ, কত মানুহক দেখিছোঁ, কিন্তু ইমানবোৰ মানুহৰ ভিৰৰ মাজতো সেই মানুহজনৰ মুখখন নাই। আছে কেৱল তেওঁ মোক আঁঠুত মেৰিয়াই দিয়া ৰুমালখন। তেওঁ কোন আছিল মই নাজানো, তেওঁৰ নামো মই নাজানো, কিন্তু আজিও মই প্ৰায়েই ভাবোঁ মই আচলতে তেওঁক সেই সময়ত অন্ততঃ এটা ধন্যবাদ দিব পাৰিব লাগিছিল। তাকো মই নোৱাৰিলোঁ….।

এইদৰেই জীৱনৰ পৰা অজানিতে হেৰাই যায় বহু মুখ। যাক হয়তো দ্বিতীয়বাৰ চাবলৈ, কৰবাত বিচাৰি যাবলৈ ব্যস্তময় জীৱনত আমাৰ তিলমানো আহৰি নাই। অথচ অনাবিল সুখময় স্মৃতি জড়িত আছে এই মুখবোৰৰ সৈতে। এয়াই হয়তো জীৱন, এয়াই হয়তো জীৱনৰ নান্দনিকতা।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments