মুনাফা আৰু পুঁজি সঞ্চয়নৰ গৰাহত প্রকৃতি (ময়ূৰ চেতিয়া )

মানৱ সমাজ প্রকৃতিৰে অংশ কিন্তু এক বিশেষ কাৰণবশতঃ ই প্রকৃতিৰ আন অংশসমূহতকৈ সম্পূর্ণভাৱে ভিন্ন। প্রকৃতিৰ আন আন অংশৰ বিপৰীতে, কেৱল মানৱ সমাজেই সজ্ঞানে আৰু ইচ্ছাপূর্বকভাৱে প্রকৃতিৰ বুকুত হস্তক্ষেপ কৰিব পাৰে। এনে হস্তক্ষেপৰ ভিত্তিতেই তাহানিৰে পৰা মানৱ সভ্যতাৰ বিকাশ সাধন হৈছে। সামাজিক উৎপাদন আৰু পুনঃউৎপাদনৰ বিভিন্ন মাধ্যমৰ দ্বাৰাই মানুহে প্রকৃতিৰ লগত খেলা কৰে। জীৱন ধাৰণৰ সুগম পৰিস্থিতি গঢ়াৰ দ্বাৰাই মানুহে প্রকৃতিকো ‘গঢ়ি’ তোলে। সমগ্রৰ এটা অংশই (অন্ততঃ গ্রহৰ স্তৰত) সমগ্রৰ পুনর্গঠনৰ দায়িত্ব গ্রহণ কৰে।

পুঁজিবাদৰ কালত এই প্রক্রিয়াটোৱে চূড়ান্ত তথা অপ্রত্যাশিত গতি লাভ কৰিছে। বিজ্ঞান তথা প্রযুক্তিৰ ৰূপত তথা মানবীয় কার্যকলাপ সংগঠিত কৰা বৃহদাকাৰ তথা অতিশয় জটিল প্রণালী-গাঁঠনি আৰু পদ্ধতিসমূহৰ ৰূপত উৎপাদিকা শক্তিসমূহৰ ভীষণ বিকাশে প্রকৃতিক হুকুম আৰু নিয়ন্ত্রণ কৰিব পৰাকৈ পুঁজিৰ হাতত অদ্ভুত যাদুসদৃশ শক্তি প্রদান কৰিছে। ই প্রকৃতিৰ শক্তিসমূহ কাবু কৰিব পাৰে, প্রাকৃতিক সম্পদসমূহ আত্মসাৎ কৰিব পাৰে আনকি ই প্রকৃতিৰ নিয়ম-প্রক্রিয়াসমূহো সলাই পেলাব পাৰে। সমগ্র মানৱ ইতিহাসতে নজিৰবিহীন এক অভূতপূর্ব হাৰত ই প্রকৃতিৰ কর্মপ্রণালী আৰু কার্যক্ষেত্র হস্তগত কৰিব পাৰে। এইক্ষেত্রত গুৰুত্বপূর্ণ আৰু ভয়ংকৰ দিশটো হৈছে যে – লাভ আৰু পুঁজি আহৰণৰ সীমাহীন খক চৰিতার্থ কৰিবলৈকে প্রকৃতিক কাবু কৰিব পৰা এনে বিৰাট শক্তিসমূহৰ প্রয়োগ হ’ব ধৰিছে। প্রকৃতি আৰু মানুহৰ জীৱন নিয়ন্ত্রণ কৰা এনে প্রচণ্ড শক্তিৰ অধিকাৰী পুঁজিৰ ব্যৱস্থাটোৱে কিন্তু নিজৰে লাভ আৰু আহৰণৰ খক নিয়ন্ত্রণ কৰিব নোৱাৰে। যিকোনো মূল্যৰ বিনিময়ত লাভ আৰু আহৰণৰ পৰিমাণ বৃদ্ধি কৰি যাবলৈ ই অভিশপ্ত। সকলোকে কাবু কৰিব পৰা এই শক্তিয়ে নিজকে কাবু কৰিব নোৱাৰে। সমগ্র মানৱ জাতিক নিয়ন্ত্রিত কৰা এই সত্তাই নিজকে নিয়ন্ত্রণ কৰিব নোৱাৰে। ইয়েই পৃথিবীৰ অস্তিত্বৰ প্রতি অশনি সংকেত কঢ়িয়াই আনিছে। মানৱ জীৱনৰ ভাৰসাম্যৰ প্রতি ভাবুকি সৃষ্টি হোৱাৰ আঁৰত এই বিড়ম্বনাই ক্রিয়া কৰিছে।

পুঁজিবাদী উৎপাদন আৰু উপভোগ শৈলীৰ সামাজিক প্রসাৰ বৃদ্ধি কৰিবলৈ প্রায়েই প্রকৃতিক এক বাহ্যিক তথা প্রাণহীন বস্তুৰূপে চিহ্নিত কৰা হয়। মানুহে খুচী মতেই উপভোগ কৰিব পৰা ই যেন মানৱ সভ্যতাৰ বাহিৰৰ এক সত্তা। এনে স্থলত পুঁজিবাদী উৎপাদন আৰু উপভোগ শৈলীয়ে সৃষ্টি কৰা পৰিবেশমূলক(ecological) ক্ষতিৰ হিচাপ ৰখাৰ প্রয়োজনেই বা কি? এই কৌশলৰ দ্বাৰা পুঁজিবাদে পৰিবেশ বিনষ্টকৰণৰ বাবে কোনো মূল্য নিদিয়াকৈয়ে লাভৰ বিশাল পাহাৰ হস্তগত কৰে। কিন্তু এইদৰে প্রশ্ন তুলিলে পুঁজিবাদে পৰিত্রাণৰ অন্য এক বাট বাছি লোৱা দেখা যায়। মন কৰিবলগীয়া যে এই দ্বিতীয় পথটিও পুঁজিৰ বাবে সমানেই লাভজনক। এফালে যদি পৰিবেশ ধ্বংস কৰি পুঁজিয়ে মুনাফা আদায় কৰে, আনফালে আকৌ সেই বিনষ্ট পৰিবেশ পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰিও ই লাভ আদায় কৰে। যেতিয়া আন্দোলনৰ হেঁচাত পৰিবেশ সম্পর্কীয় নীতি-নিয়ম তৈয়াৰ কৰা হয় আৰু পাৰিস্থিতিক খৰছ-পাতিৰ খতিয়ান লোৱাটো পুঁজিৰ বাবে বাধ্যতামূলক হৈ পৰে, তেনে পৰিস্থিতিত ই জনগণৰ মূৰতে এই খৰছৰ হেঁচা স্থানান্তৰণ কৰাৰ নতুন নতুন বাট উদ্ভাৱন কৰে আৰু সিবিলাকৰ যোগেৰে পুনৰ মুনাফা আদায় কৰে। পুঁজিৰ বাবে এই পথ অতিকৈ সুচল হৈ পৰে যেতিয়া পৰিবেশ সম্পর্কীয় সচেতনতাৰ ফলত বস্তু-বেহানিৰ দাম বাঢ়ে, যেতিয়া পৰিবেশ বিনষ্টকৰণৰ পৰা ৰক্ষা পাবলৈ নতুন প্রযুক্তি আৰু নতুন উৎপাদন প্রণালী উদ্ভাৱন কৰাৰ প্রয়োজনীয়তা আহি পৰে তথা যেতিয়া চৰকাৰী তথা গণ-প্রতিষ্ঠানসমূহে পৰিবেশগত ক্ষয়-ক্ষতিৰ বাবে প্রধানকৈ জগৰীয়া ব্যক্তিগত উদ্যোগ আৰু বজাৰৰ হাততে সিবিলাকক থিতাপি লগাবলৈ দায়িত্ব অর্পণ কৰে।

আজিৰ পুঁজিবাদ এই ক্ষেত্রত আৰু এখোপ আগবাঢ়ি যোৱা যেন দেখা গৈছে। বজাৰত বর্তমান বহুতো পাৰিস্থিতিক পণ্য আৰু সংশ্লিষ্ট বিত্তীয় উপকৰণ দেখিবলৈ পোৱা যায়। গোলকীয় নিগম আৰু ধনী দেশসমূহে ‘কার্বন ক্রেডিট’ ক্রয় কৰি বায়ুমণ্ডল প্রদূষিত কৰাৰ অধিকাৰ হাছিল কৰি লৈছে। আনহাতে দুখীয়া দেশ আৰু গণ-সম্প্রদায়সমূহে তেওঁলোকৰ অৰণ্য আৰু বন্যপ্রাণীসমূহ বিশ্বৰ ধনী দেশসমূহৰ বাবে সংৰক্ষিত কৰাৰ বোজা পালন কৰিছে আৰু বৃক্ষৰোপণৰ কামত ব্যস্ত হৈ পৰিছে। তেওঁলোকে ধনিকহঁতৰ পৰা কিছু ‘কার্বন ক্রেডিট’ লাভ কৰিছে আৰু বায়ুমণ্ডললৈ কার্বন নির্গত কৰাৰ পৰা বিৰত থকাৰ বাবদ কিছু ধন লাভৰ আশা কৰিছে। ঠিক তেনেদৰেই ‘জলাশয় ঋণ(wetland loan)’ৰ যোগেদি তৃতীয় বিশ্বৰ জনগণক জলাশয়সমূহৰ যতন লবলৈ দিয়া হৈছে যাতে পৃথিবীৰ ভাৰসাম্য ৰক্ষা কৰিব পৰাকৈ যথেষ্ঠসংখ্যক জলাশয় বাচি থাকে আৰু ধনিকহঁতৰ স্বার্থ পূৰণ কৰা বিভিন্ন বিকাশমূলক আঁচনিৰ অগ্রগতি তথা সিবিলাকৰ দ্বাৰা সৰহসংখ্যক জলাশয়ৰ ধ্বংসযজ্ঞও অব্যাহত থাকে। দিনক দিনে এনে উদাহৰণসমূহ বাঢ়িব ধৰিছে। আনকি এক নতুন প্রকাৰৰ ‘ফিওচার্চ বজাৰ’(futures market)ৰো উদয় হৈছে য’ত পৰিবেশমূলক পণ্য(ecological commodities)সমূহৰ আনুমানিক ভৱিষ্যত মূল্যৰ ওপৰত আধাৰিত বিত্তীয় দলিল বেচা-কিনা কৰা হয়। দৰিদ্রসকলক দৰিদ্র হৈ থাকিবলৈ এমুঠি ধন দলিয়াই দিয়া হৈছে যাতে ধনিকহঁতৰ বিলাসী জীৱন যাপনত কোনো ব্যাঘাট নজন্মে। এই প্রক্রিয়াৰ মাজেৰে পুঁজিয়ে নতুন নতুন বজাৰ গঢ়ি তুলিছে আৰু অত্যাধিক লাভ আর্জনৰ নব্য নতুন পথ চলাথ কৰিছে।

কিন্তু কেৱল এয়াই নহয়। আজিৰ পুঁজিবাদে প্রকৃতিক হস্তগত আৰু প্রদূষিত কৰিয়েই সন্তুষ্ট হৈ থকা নাই। ই দুখীয়া জনগণৰ মূৰত সিবিলাকৰ পৰিশোধনৰ বোজাও জাপি দিছে। ই প্রাকৃতিক প্রক্রিয়াসমূহৰ কার্যপদ্ধতি শিকি লৈছে আৰু সিবিলাকৰ সাল-সলনি ঘটাবলৈকো আৰম্ভ কৰিছে। আনকি এইক্ষেত্রত ই একাধিকাৰৰো দাবী কৰিছে। বিজ্ঞান আৰু প্রযুক্তিৰ বলত ই জিনীয়ভাবে পৰিবর্তিত (genetically modified) খাদ্য তৈয়াৰ কৰিছে, চমৎকাৰ ড্রাগ প্রস্তুত কৰিছে, ঔদ্যোগিক তথা ঔষধীয় উদ্দেশ্যেৰে স্ব-প্রজননশীল অণু জন্ম দিছে তথা ক্লনিঙৰ সহায়ত মানৱ অংগ সৃষ্টি কৰিছে। ‘বৌদ্ধিক সম্পত্তি অধিকাৰ’ সম্পর্কীয় আইন-কানুনসমূহ দিনক দিনে কঠোৰ হৈ পৰিছে আৰু সিবিলাকৰ বর্ধিত প্রভাৱে এই প্রযুক্তি তথা বজাৰসমূহৰ ওপৰত পুঁজিবাদী নিগমসমূহৰ একাধিপত্য সুনিশ্চিত কৰিছে। নিজা মালিকানাই হৈছে পুঁজিবাদৰ পৰম পবিত্র মন্ত্র আৰু সেয়েহে কেৱল প্রাকৃতিক বস্তু আৰু সম্পদৰ স্বামীত্বই পুঁজিবাদক সন্তোষ দিব নোৱাৰে। ই প্রাকৃতিক নিয়ম তথা প্রক্রিয়াসমূহকো নিয়ন্ত্রণ কৰিব বিচাৰে। ‘চমৎকাৰী অণু’বোৰে বৃহৎ হাৰত জনগণৰ ৰোগ উপশম কৰিবলৈ ব্যক্তিগত গৱেষণাগাৰৰ পৰা নিজে বাহিৰলৈ গৈ অন্য কাৰোবাৰ লেবৰেটৰীত বিকশিত হবগৈ নোৱাৰে। জি.এম.শস্যসমূহে মালিকৰ পথাৰৰ লগতে চুবুৰীয়াৰ পথাৰতো লহপহকৈ বাঢ়িব নোৱাৰে। এইক্ষেত্রত এনে শস্য প্রথমে ক্রয় কৰিব লাগিব। অর্থাৎ নতুন প্রযুক্তিসমূহে সৃষ্টি কৰিব পৰা সম্ভাব্য বিপদৰ ভাগ সমস্ত সমাজখনেই মূৰ পাতি ল’ব লাগিব আনহাতে সিবিলাকে সৃষ্টি কৰা ধন-সম্পদ কেৱল মালিকেই ভোগ কৰিব।

এই সম্পর্কে সন্দেহৰ কোনো থল নাই যে এক সর্বগ্রাসী পৰিবেশমূলক বিপর্যয়ৰ সম্ভাৱনাই সমগ্র পৃথিবীখনকে গ্রাস কৰি পেলাইছে। দীর্ঘকালীন দৃষ্টিৰে চাবলৈ গ’লে সমগ্র মানৱজাতি এক অনিশ্চিত ভৱিষ্যতৰ দিশেৰে অগ্রসৰ হৈছে। হ্রস্বকালীনভাৱে ই ইতিমধ্যেই এক বৃহৎ মূল্য পৰিশোধ কৰিছে। এই সম্পর্কেও কোনো সন্দেহৰ থল থাকিব নালাগে যে পুঁজিবাদেই এই বিপর্যয়সমূহৰ বাবে প্রধানকৈ দায়ী। পৃথিবীৰ কাম-কাজ পৰিচালনা কৰা ইয়াৰ পদ্ধতিসমূহেই এই ভাবুকিসমূহ সৃষ্টি কৰিছে।

যিসকল লোকে পুঁজিবাদৰ বিৰোধিতা নকৰাকৈয়ে পৰিবেশমূলক সামঞ্জস্যতা ৰক্ষা কৰিব পৰা যাব বুলি ভাবিছে তেওঁলোকে প্রকৃততে এই দীর্ঘ লক্ষ্যত উপনীত হ’বলৈ জৰুৰী প্রথম খোজটোকেই ভুলকৈ চিনাক্ত কৰিছে। যিসকল লোকে পুঁজিবাদৰ অন্ত নেপেলোৱাকৈয়ে পুঁজিবাদী উৎপাদন তথা উপভোগ শৈলীৰ অন্ত পেলাব পৰা যাব বুলি ভাবিছে তেওঁলোকে প্রকৃততে মূল কাৰণৰ বিপৰীতে সি সৃষ্টি কৰা ফলাফলসমূহৰহে চিকিৎসা কৰিবলৈ ওলাইছে। যিসকলে ভাবিছে মানব জাতিয়ে পুনৰ পৃথিবীৰ আদিম অৱস্থালৈ ঘূৰি যাব আৰু কুমাৰী প্রকৃতিৰ সেৱাত জীৱন উৎসর্গা কৰিব, তেওঁলোকে প্রকৃততে এখন কল্পনাৰ জগততহে বাস কৰিছে। এক প্রকাৰে তেওঁলোকেও প্রকৃতিক এক বাহ্যিক তথা প্রাণহীন বস্তুৰূপে গণ্য কৰিছে। প্রকৃতিৰ অবিহনে মানব জীৱন কল্পনা কৰিব নোৱাৰি কিন্তু মানুহ তথা মানুহৰ হস্তক্ষেপৰ অবিহনেও প্রকৃতিক কল্পনা কৰাটো এতিয়া সম্ভৱপৰ হৈ থকাগৈ নাই। এই ক্ষেত্রত মূল প্রশ্নটো হৈছে- কেনেধৰণৰ হস্তক্ষেপে প্রকৃতিৰ ভাৰসাম্য তথা মানবীয় প্রগতি সম্ভৱপৰ কৰি তুলিব; কেনেধৰণৰ ব্যৱস্থাই এক সমৃদ্ধিশালী, মুক্ত তথা স্বাধীন সমাজ নির্মাণ কৰিব পাৰিব?

আনহাতে, যিসকল লোকে পুঁজিবাদৰ ভিতৰতে ই সৃষ্টি কৰা পৰিবেশমূলক বিপর্যয়সমূহৰ সমাধান সূত্র লুকাই আছে বুলি বিশ্বাস কৰে, তেওঁলোক প্রকৃততে পুঁজিৰ বিচাৰশক্তি সম্পর্কে শিশুসূলভভাৱে আস্থাবান। দৰাচলতে আহৰণ আৰু লাভৰ সীমাহীন খকে পুঁজিবাদৰ বিচাৰশক্তি প্রথমৰেপৰাই সীমাৱদ্ধ কৰি থৈছে। এই সীমাসমূহ পাৰ হ’বলৈ পুঁজিৰ বিচাৰশক্তিৰ শকতি নাই। যদিও পুঁজিবাদে তাৰ সৃষ্ট কেতবোৰ পাৰিস্থিতিক ভুল সংক্রান্তি মাজে সময়ে শুদ্ধ কৰি লোৱা যেন প্রতীয়মান হৈছে, তেনে ক্ষেত্রতো ই মানব জাতিৰ পৰা এক উচ্চ হাৰৰ তথা বিষমভাৱে বিতৰিত মূল্য আদায় কৰি লৈছে।

অৱশ্যে কেৱল পুঁজিবিৰোধী সংগ্রামৰ দ্বাৰাই পাৰিস্থিতিক সমতা স্থাপন কৰিব নোৱাৰি। যিসকল লোকে সমাজবাদে স্বয়ংক্রিয়ভাৱেই পৰিবেশমূলক সমস্যাসমূহৰ পৰা নিষ্কৃতি দিব পাৰিব বুলি ভাবিছে, তেওঁলোকো প্রকৃততে আন এক প্রকাৰৰ শিশুসূলভ ধাৰণাৰ দ্বাৰা আক্রান্ত। এই ক্ষেত্রত মন কৰিব লগীয়া কথাটো হৈছে যে পুঁজিবাদ সৃষ্ট পৰিস্থিতিৰ পৰাই সমাজবাদে যাত্রা আৰম্ভ কৰে। গতিকেই সমাজবাদ নির্মাণ কৰিব বিচৰা লোকসকলো পুঁজিবাদৰ প্রভাৱৰ পৰা তৎক্ষণাত মুক্ত হৈ পৰিব বুলি ভাবি ল’ব নোৱাৰি। পুঁজিবাদক পৰাস্ত কৰাটোৱেই এটা কঠিন প্রত্যাহবান। এইক্ষেত্রত পুঁজিবাদ সৃষ্ট সমস্ত খেলিমেলি আৰু কুপৰিণামৰ অবসান ঘটোৱাটো তাতোকৈও অধিক প্রত্যাহবানপূর্ণ হ’ব। প্রকৃতিৰ বুকুত মানবীয় হস্তক্ষেপৰ পৰিণাম সম্পর্কে সচেতনতা বৃদ্ধি হোৱাটো পুঁজিবাদৰ স্বার্থৰ বাবে বাঞ্ছনীয় নহয়। আচলতে, বিবেচনাহীন ব্যৱহাৰবাদৰ(unreflective instrumentalism) দ্বাৰা পুঁজিবাদ ইমানেই গভীৰভাৱে আক্রান্ত যে ই বিজ্ঞানৰ স্বাভাৱিক স্ব-বিবেচনাশক্তি(self-reflexivity)কো প্রভাৱিত কৰা দেখা যায়।

প্রকৃতি সম্পর্কীয় জ্ঞানৰ জগতখনত “মানবীয় হস্তক্ষেপে প্রকৃতিৰ বুকুত সৃষ্টি কৰা প্রভাৱ”ৰ বিবেচনা ক্রমান্বয়ে বিৰল হৈ পৰিছে। সমাজখন ক্রমান্বয়ে এক প্রমেথিয়ান(Promethian) মতবাদৰ দ্বাৰা প্রভাৱিত হৈ পৰা যেন দেখা গৈছে; এফালে প্রকৃতিৰ ওপৰত মানৱ শ্রেষ্ঠত্ব প্রমাণিত কৰিব বিচৰা হৈছে, আনফালে ই সৃষ্টি কৰা কু-প্রভাৱসমূহৰ বিষয়টো আওকাণ কৰা হৈছে। পুঁজিবাদক পৰাজিত কৰাৰ তৎক্ষণাত পাছতেই এনে অভ্যাসসমূহ সম্পূর্ণকৈ নাশ কৰি পেলোৱাটো সম্ভৱপৰ নহ’ব। এনে প্রত্যাহবানসমূহ সম্পর্কে বিপ্লৱীসকল সচেতন হোৱা ভাল।

পৰিবেশমূলক ভাৰসাম্য তথা ধাৰণ-ক্ষমতা ৰক্ষা কৰিবলৈ সংগ্রামৰ আৰম্ভণি পুঁজিবাদ বিৰোধিতাৰ পৰাই কৰা যাব যদিও এইখিনিতে সংগ্রামৰ অন্ত নপৰে। মানৱতাই, বিশেষকৈ শ্রমিক শ্রেণীয়ে এই লক্ষ্যসমূহৰ প্রতি উৎসর্গিত এক নব্য ব্যৱস্থা স্থাপন কৰিব পাৰিব লাগিব। তদুপৰি এনে চিন্তা-চর্চাসমূহক মানবীয় প্রগতিৰ অংশবিশেষ কৰি পেলাব লাগিব। প্রকৃতিৰ বুকুত হস্তক্ষেপ নকৰাকৈ তথা এনে হস্তক্ষেপৰ নিত্য নতুন পদ্ধতি বিকশিত নকৰাকৈ মানৱ জীৱন সম্ভৱ নহয়। প্রকৃতিৰ দীর্ঘ অস্তিত্ব তথা ভাৰসাম্য ৰক্ষা কৰিবলৈ প্রয়োজনীয় জ্ঞান আৰু স্ব-বিবেচনাশক্তি এনে হস্তক্ষেপসমূহে আহৰণ কৰিব পাৰিব লাগিব। প্রকৃতিৰ ভাৰসাম্যতা স্বয়ংক্রিয়ভাৱেই ৰক্ষা কৰিব পৰা এনে কোনো ধ্রুপদী সমাজবাদ আজিলৈকে অস্তিত্বমান হোৱা নাই। সিবিলাকৰ বিপৰীতে এনে প্রকৃতিবাদী চিন্তাচর্চা তথা লক্ষ্যসমূহ অন্তর্ভূক্ত কৰিব পৰাকৈ সমাজবাদৰ নতুনকৈ আর্হি তৈয়াৰ কৰাটো প্রয়োজনীয় হৈ পৰিছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments